জালুকবাৰী
১)
জালুকবাৰীত আজি হুৱাদুৱা লাগিছে
ৰাইজ আহক খবৰ কৰক
প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ দল সদলবলে
আহিছে খোজবোৰ থৰক বৰক
চকী পাৰিলে, বেঞ্চ আনিলে, উলিয়ালে ভঙা
মূঢ়া
লাখুটি লৈ বহি ল’লে গোটেইবোৰ
বুঢ়ী আৰু বুঢ়া
কেণ্টিনলৈ চাই অৰণ্যৰোদন! ৰাইজ খৰ
কৰক, এওঁলোকক ধৰক৷
২)
সুন্দৰবড়ীয়েদি পাৰহৈ যোৱা সবেই
দেখিছে এটি দীঘল ৰাষ্টা
জালুকবাৰীত তেনেতে সোমালেহি পেটত লৈ
পোন্ধৰটা বস্তা
দহবজাৰ এইচি বাছ যি দেখা নাই
তাক বুজাই এইবোৰ একো লাভ নাই
খাদ্যবস্তুবোৰ নাহিলে আপা-আপীহঁতৰ
হোষ্টেলত যে নিমিলিব নাস্তা৷
৩)
বাছৰ পৰা নামিয়েই দেখা পালো এক
সুন্দৰ কেণ্টিন
পৰঠা খালো এনেকৈ যেন খোৱা নাছিলো
কোনোদিন
হাফু-হাফু কৈ ফুৱাই খালো গৰম গৰম
চাহ
গাটো উম লাগি গ’ল কাৰণ ইযে
ডিচেম্বৰ মাহ
চাৰিওফালে এনেই চাই থ’লো আকৌ অহা হ’বনে কোনোদিন?
৪)
ৰাজুক মেছ মেনেজাৰে বজাৰলৈ পঠালে
আনিবলৈ ভেকুৰী
চেকুৰি চেকুৰি কেকুৰিটো পাৰহৈ সি
দেখিলে এক মস্ত মেকুৰী
ভয়তে আহিল ঘূৰি বেচেৰাই ফেকুৰি
ফেকুৰি
একেলৰে ৰাওচি জুৰি হোষ্টেল পালেহি
চিয়ঁৰি
মেনেজাৰক বকিলেহি ভেকুৰী নাই পালো
বেঙেনাহে একুৰি৷
৫)
ব্ৰহ্মপুৱাতে সাৰ পাই ৰাজুয়ে কলগেট
মাজি
গা ধুই ধূপ জ্বলাই সাজু পৰীক্ষা
দিবলৈ আজি
পিছে একো নপৰিলে ‘কমন’
গতিকে চিধা পাণবজাৰ গমন
অশোকাত গৈ বহি থাকিল খাই চিকেন
ভাজি৷
৬)
প্ৰথম ষান্মাসিকতে ৰচনা হৈছিল কলেজৰ
মিঠা কাহিনী
নতুনতে খুব পিন্ধিছিলো মেখেলা-চাদৰ
আমি
তাৰ পাছত আৰু কি হ’ল
পুতুককৈ চাৰি বছৰ গ’ল
মাথো থাকি গ’ল স্মৃতিৰ
উমি উমি জ্বলা এঙাৰখিনি৷
৭)
সুন্দৰবড়ীৰ এজন ‘বুঢ়া-যুৱক’ নাম তেওঁৰ
ইব্ৰাহিম
আশা ৰাখিছো তেওঁৰ লগত এদিন একেলগে
হাঁহিম
ককাই য’তে আছা তুমি
ভালে কুশলে থাকা
দূৰৈৰ পৰাই জনালো আন্তৰিক সদিচ্ছা
লগ পালেই মৰম সনা কাহিনীবোৰ তোমাৰ
পৰা টুকি লৈ আহিম৷
No comments:
Post a Comment