Monday, March 4, 2013

পদ্য-১


ফেচবুকিয়ান

এসময়ত এক আছিল ফেচবুকিয়ান
যাৰ বন্ধুৰ সংখ্যাই দুহেজাৰ মান
কমেও দুশমান গোটৰো সভ্য
পুৱা-গধূলি মাৰে শ-শ মন্তব্য
চৌবিশ ঘণ্টাই থাকেদেই নেটত বিৰাজমান৷

ঘৈণীয়ে বুকু ফুলাই কয় “তেখেতৰ বৰ কাম”
কোম্পানীৰ মেনেজাৰ, দুইবজালৈকে নাই আৰাম
কম্পিউটাৰত বহুত লেখা-পঢ়া
কৰাটো নিতৌ জানো কম কথা
কাম কৰে বাবেই সবে চিনি পায় ক’লেই তেওঁৰ নাম”৷

এদিন কৈয়ো চাইছিল তেখেতক
“মোকো দিয়কচোন এটা লেপটপ
ময়ো যদি কৰো এটা চাকৰি
পায়েই কিজানি অলপ আহৰি
টোপনি খতিও তেতিয়া কমিব অলপ”৷

ফেচবুকিয়ানে বোলে “হেৰা নুবুজিবা
কোম্পানীৰ মোৰ ওপৰতে ভৰষা
যোৱা কৰাগৈ একাপ চাহ
আদা দি কৰিবা উঠিছে কাহ৷”
উহ! ভাগ্যে মিনিমাইজ হৈ আছিল ফেচবুকৰ পৃষ্ঠা৷ 
ফেচবুকিয়ানে ভাবিলে সাৱধান হ’বৰ হ’ল
জোলোঙাৰ মেকুৰীটোক চুপচাপ খেদিবৰ হ’ল
কেনেবাকৈ যদি পৰে ওলাই
ঘৰত হ’ব গোটেইখন বিলাই
সেয়ে কৰিলে ফেচবুক-খাটা নিষ্ক্ৰিয় বান্ধি দৃঢ় মনোবল৷

পিচদিনা মনটো কৰে দেখোন উগুল-থুগুল
ঘৈণীয়ে সোধে চাকৰিত হ’লনেকি কিবা ভুল?
মানুহটোৰ মুখত নাই মাত-কথা
পায়চাৰি কৰি আছে ইটো সিটো কোঠা!
কম্পিউটাৰটো বেয়া হৈছে নহ’লে চাকৰিটোয়ে কিজানি গ’ল!

ইফালে আমাৰ ফেচবুকিয়ানৰ টোপনি নহা হ’ল
কোনে বা কি দিছে আপদেট গম নোপোৱা হ’ল
চৌবিশ ঘণ্টাৰো হ’ল ওপৰ
বন্ধুবৰ্গলৈ মনত পৰিছে বৰ
কৰিছে থিৰাং লগিন নকৰো এসপ্তাহলৈ, হোৱাখিনি হৈ গ’ল৷

কানিয়া সপ্তাহটো যেনিবা কোনোমতে গৈ ঢুকাল
কৰিথৈ ঘৰখনৰ সকলোৰে মনবোৰ যেন ফৰকাল
সৰু পোনাটিৰ মুখত হাঁহিৰ কিৰণ
বাপেকৰ সৈতে কৰে নিতৌ সান্ধ্যভ্ৰমণ
শোৱাৰ পৰত সাধু শুনি শুনি দেহি তাৰ টোপনিও হৈছে ভাল৷

প্ৰায় একমাহমানেই হ’ল..
“এনেয়ে” আকৌ মন গ’ল
বহি ল’লে ফুট-গধূলি
কি হৈ আছে চাওঁচোন বুলি
“হে হৰি..ইমানবোৰ পুৰাণ! পঢ়ি পঢ়ি আকৌ পাগল!”

“হাঁয় হাঁয়...কিয় কৰা নাছিলোঁ এই এমাহে লগিন
হেৰুৱালো কত ৰসাল আপডেট চাগে ঐ অতদিন
উপায় নাই আৰু এতিয়া
সংসাৰী প্ৰাণী হ’লো যেতিয়া
অলপ এৰা-ধৰাৰ মাজেৰে যাব আৰু মোৰ দিন৷"

No comments:

Post a Comment