Wednesday, March 6, 2013

কবিতা...


(১)  তাই নিমাতী নহয়, যন্ত্ৰও নহয়!
--------------
দোভাগ নিশা..উহ আকৌ
নীৰবতাৰ হূলস্থূল...
নি:সংগতাৰ আমনিত
উজাগৰী বুকুৰ ধপধপনিত
দুশাৰী অকবিতা জী উঠিছে৷
শেহনিশা কাম অটাই
শেতেলিত ককাঁল পোনোৱাতকৈ চায়
কাৰোবাৰ আঁঠুৱাত
আছেনেকি ভৰি উলমি?
দিনটোৰ অংকটোযে -
এটা নতুন চোলা পিন্ধা
পুৰণা ৰোগীজনহে৷
এসাজ কাপোৰ, এথালি ভাত, এষাৰি মৰমৰ মাত
কিন্তু নুগুছিল আৰু সেই নিমিলা সমীকৰণটোৰ উৎপাত!
অংক মানে একেই সেই
ঢুকি নোপোৱা চাং
চাবি দিয়া
বেমাৰী ঘড়ীৰ '
দূৰ্বল পুৰণি খোজ৷
জীৱন যদি মুখা পিন্ধা সজুঁলি
মৃত্যু সেয়ে জানো অকাম্য
অকলে তেও বিচাৰে
সমাজিকৰ দুটোপাল "মবিল"....
নীৰবতাৰ উৎপাতে
আকৌ বিন্ধিবহি ৰাতি
নিমাতী তাই, অবিতৰ্কিত তাই৷
অযান্ত্ৰিক মনৰ এই নিলাজ-অকবিতাবোৰ পালেই
সেই নিষ্ঠুৰ অংকটোৱে পাপৰৰ দৰে মুৰুক মুৰুক খাই পেলায়!

No comments:

Post a Comment