সোণালী জয়ন্তী উপলক্ষেঃ
এখন মহাসাগৰৰ মাজত এটি সেউজীয়া দ্বীপ বা এখন মৰুভূমিৰ মাজত দুটামান জুপুৰীৰে সৈতে এখনি সতেজ মৰুদ্যানৰ দৰেইসোণসেৰীয়া স্মৃতি এয়া! তুলনা কৰিবলৈ মই অসমৰ্থ স্মৃতিৰ সঁফুৰাত কিমান যে অকুণ্ঠ সুগন্ধি মলঙি আছে!
পঞ্চম শ্ৰেণীৰ পৰা নৱমলৈকে জীৱনৰ সোণালী সময়চোৱাত মই লগ পোৱা প্ৰতিজন বন্ধুবান্ধৱীলৈ অকৃত্ৰিম মৰম আৰুশিক্ষাগুৰুলৈ আন্তৰিক শ্ৰদ্ধাসহ কৃতজ্ঞতাৰে এয়া বুটলিছোঁ আজি বাখৰুৱা স্মৃতিকণা কেইটিমান, জীৱনৰ আদবাটত এয়াইতোসমল, চাগে পঞ্চভূতৰ ইন্ধন৷
পঞ্চম শ্ৰেণীত সোমাইছোঁহিহে তেতিয়া৷ দেখাত চুটি চাপৰ আছিলোঁ বাবে ওচৰ চুবুৰীয়াৰ চেমনীয়া দুই এটাই স্কুললৈ যোৱা ৰাস্তাতটিকিৰি বুলি জোকায়৷ খং উঠিলেও লাভ নাই৷ স্কুল আছিল ঘৰৰ সমুখতে! ইচ্ছা কৰিলে খৰালি ৰাস্তাৰ সিপাৰে থকা আধাশুকান গৰাটো পাৰ হৈ খেলপথাৰখন পাৰ হৈ চমু কৰিব পাৰি৷ কিন্তু তেনে কৰিলে বেয়া দেখিব পাৰে, বেলেগ মানুহে নাভাবিবজানোঁ এই স্কুলৰ নিয়ম কানুন নাই নেকি বুলি৷ সেয়ে প্ৰধান ৰাস্তাটোৰে পোনাইয়েই গৈছিলোঁ প্ৰায়েই৷ কোনোবাই জোকাব বুলিকাকো নামাতোঁ, কেনিও নাচাওঁ৷ কেনে ভাল ছোৱালী আছিলোঁ নহয়নে? হাঃ হাঃ! মূৰ তল কৰি গঁড়টোৰ দৰে চিধাচিধিশ্ৰেণীকোঠাত সোমাওঁগৈ আৰু বেল পৰাৰ লগে লগে প্ৰাৰ্থনাৰ বাবে ওলাই আহোঁ লগৰবোৰৰ লগত৷ পিছে শৈশৱ আৰুকৈশোৰকালত মূৰত আৰু মনত কচুপাতে কাকনো নখজুৱায়? এবাৰ আমাৰ শ্ৰীযুত পৰেশ গোস্বামী চাৰৰ বিজ্ঞানৰ ক্লাচআছিল৷ তাৰ আগতে সম্ভৱ হিন্দীৰ ক্লাচ আছিল আৰু কোনো বিশেষ কাৰণত সেইদিনা হিন্দীৰ ক্লাচটো হোৱা নাছিল৷ আমাৰকোঠাত এটা শামুক সোমাইছিল ক’ৰবাৰ পৰা৷ সকলোয়ে উৎপাত কৰি আছিলোঁ শামুকতো কোনে পেলাবগৈ বুলি৷ ঘৰতহোৱাহ’লে এনে সৰু সৰু শামুক পেলাবলৈ কোৰ এখনৰ যাদুকৰী স্পৰ্শই যথেষ্ট৷ ক্লাচ কেপ্তেইন আছিলোঁ কিজানি মই তেতিয়া৷বহুতে মোলৈ চালে আৰু ক’লে শামুকক গতি লগাব লাগে মই৷ অঁকৰা মৈত উঠিল৷ বীৰদৰ্পে শামুকলৈ কুটিল হাঁহি মাৰিআগবাঢ়িলোঁ ইফালে অস্ত্ৰ শস্ত্ৰ হাতত একোটি নাই৷ তেনেতে শুনিলো ’ঐ চাৰ আহিছে, চাৰ আহিছে’৷ ভয় খাই দৌৰ মাৰি গৈনিজৰ ঠাইত বহিলোঁগৈ৷ ক্ৰেচ কৈ শব্দ কৰি শামুক মোৰ গৰ্বিত বাটা ছেণ্ডেলৰ গচকত গুড়া হ’ল! সকলোৰে ফিচিঙা ফিচিঙি৷ চাৰেআহি পাই সুধিলে কি হৈছে৷ কোনোবাই কৈ দিলে চাৰ, নীলাঞ্জনাই শামুক এটা গচকি ভাঙি থৈছে৷ কোনোবাই বিশ্বাস কৰিবনে সেইমূহুৰ্তটো মোৰ স্কুলীয়া জীৱনৰ আটাইতকৈ লাজৰ আছিল বুলি! চাৰে গালি দি লগে লগে চাফা কৰিবলৈ কঠোৰভাবে আদেশদিলে৷ আন দুজনমানৰ সহযোগত চাফা কৰিলোঁ চাগৈ৷ পিছে লাজটো আজিলৈকে পাহৰিব পৰা নাই আঢ়ৈকুৰিয়ে চুলেহি বয়সেএতিয়া!
স্কুলৰ বছৰেকীয়া অধিবেশনৰ সময় পাইছিলেহি৷ বোধহয় ষষ্ঠশ্ৰেণীত তেতিয়া৷ ঘৰত মাহঁতে সদায় সকলোতে ভাগ ল’বলৈ উৎসাহযোগায়৷ সেয়েহে সাংস্কৃতিক বিভাগ, খেল-ধেমালি, নাটক সকলোতে অংশগ্ৰহণ কৰিলোঁ বাপ্পেকে! কোৰাচ শিকাইছিল আমাতকৈকেইবছৰমানৰ ডাঙৰ সুকণ্ঠী গায়িকা ছাত্ৰী বৰষা শইকীয়া বাইদেৱে৷ বৰষাবাই মোৰ বাইদেউহঁতকো কোৰাচ শিকাইছিল৷ সিহঁতেতিনিজনী মিলি গালে “আমি অকণি, অকণিৰ দল, মনত আমাৰ বৰ বল৷ মা দেউতাৰ কথামতে দিনৰ কাম কৰোঁ, শিক্ষকৰবাধ্য হৈ পঢ়াশালিত পঢ়োঁ...“৷ ভাল হৈছিল তিনিও সুন্দৰকৈ মুখস্থ কৰিও আহি গাইছে৷ আমাক শিকালে “অ ৰে’ল চলে ৰে’লচলে, দূৰ দূৰণিৰ কোন ফালে, গামাপা মাপাধা পাধানি ধানিসাৰে“৷ আমাৰ দলৰ প্ৰস্তুতিৰ নামত এটা প্ৰকাণ্ড আলুগুটিহেআছিল৷ তথাপি শেষমূহুৰ্তত টানি আজুৰি ’মই গাম নহয় তহঁতি লগত থাকি মাত্ৰ গাই যাবি আহ“ বুলি প্ৰতিযোগিতাৰ দিনামঞ্চত পাঁচজনী উঠিলোঁগৈ৷ ঠিয়দঙাৰে একমিনিট মান গ’ল৷ গগৈছাৰে আকৌ এবাৰ ঘোষণা কৰি দিলে৷ মোতকৈ এবছৰ সৰুশিখামণিয়ে তেতিয়া গান শিকি আছে৷ তাইক খাতিৰ কৰি হাৰমনিয়ামো বজাবলৈ লগাইছোঁ৷ সা-পা-সা বজাই তাই আমালে’ চাইআছে৷ সুগায়িকা, প্ৰতিভাশালী শিখামনি সদায়ে সক্ৰিয় সাংস্কৃতিক বিভাগত সৰুৰে পৰাই৷ কিন্তু আমিহে আৰম্ভ কৰাই নাই৷ কিহ’ব এতিয়া? সকলোয়ে চাই আছে ইফালে৷ দিলোঁ অৱশেষত ময়ে আৰু টেটু ফালি— অ’ ৰে’ল চলে...৷ গম পালোঁ অকল মোৰমাতটোয়েইহে তাকো বেসুৰাকৈ ওলাইছে অৰ্থাৎ লগৰকিজনীয়ে অকল ওঁঠহে লৰালে৷ নে নলৰালে তেতিয়াৰ দিনতটো ভিডিঅৰেকৰ্ডিং নাই আকৌ ঘূৰাই চাবলৈ৷ বাইদেউহঁতে দ্বিতীয় পুৰষ্কাৰ পাইছিল চাগৈ আৰু আমি একো নাপালোঁ৷ তথাপি বাকীআধুনিক গীত নৃত্য আবৃত্তি ইংৰাজী, অসমীয়া একো এৰাত নাই৷ আবৃত্তিত কিবাকিবি পুৰস্কাৰ পাইছিলোঁ সম্ভৱ৷
খেলপথাৰত এইবাৰ৷ শ্বটপুট থ্ৰো৷ জেভলিন মাৰিলোঁ আগদিনা৷ এক ৰাউণ্ডৰ পিছত কুৱালিফাই নহ’লোঁ পৰবৰ্তী ৰাউণ্ডলৈ৷দলিয়ালেও খোঁচেই নেখায়চোন৷ এইবেলি শ্বটপুট মাৰিলোঁ৷ ভৰিৰ ওচৰতে পৰিল৷ মোৰ মৰসাহ দেখি আক এবাৰ মাৰি চাবলৈদিলে৷ এক ইঞ্চিমান আগুৱালে সম্ভৱ, লগত যিটো জোৰ দিছিলোঁ ওচৰত থকা সকলোয়ে ভাবিছিলে চাগে পেটৰ ভিতৰৰ পৰানাড়ীভুৰু মখাই ভয় খাই শ্বটপুটতকৈ আগতেহে পৰিবহি৷ বাকী সকলোৰে দুইমিটাৰ মান আগত থ্ৰ’ হয়৷ শেষৰ ৰাউণ্ডত মইতেতিয়াও খেলপথাৰৰ পৰা আঁতৰি নোযোৱা দেখি চাৰে সুধিলে, ’তই মাৰিবি জানো?’ মই ক’লো ’হয় চাৰ, এইবাৰ পাৰিম৷’ পিছেআগতকৈও ওচৰতহে পৰিল শ্বটপুট নামৰ ভেলেকিটো৷ ’যা পাৰিছ, অহাবাৰ আকৌ মাৰিবি’৷ গুচি আহিলোঁ বাৰু, পিছে পাৰিছোঁবোলা দেখি পিছত পুৰষ্কাৰ ঘোষণা কৰাৰ সয়ত কাণ উনাই আছিলোঁ কিজানি নিচুকনি বঁটা জাতীয় কিবা দিছে নেকি বুলি৷ নাইবাৰু৷
ষষ্ঠ শ্ৰেণীত ওপৰৰ শ্ৰেণীৰ দাদা বাইদেউ কেইগৰাকীমানে এবাৰ সুধিলেহি নাটক কৰিম নেকি! ঘৰত নোসোধাকৈয়ে ক’লোকৰিমতো! ’এটুপি চকুলো বহুতো বেদনা’ আছিল সম্ভৱ নাটখনিৰ নাম৷ মামনি বাইদেউহঁতৰ আছিলে চাগৈ৷ মোক সৰুছোৱালীৰভাও এটা দিছিল৷ চুটিমুটি আছিলোঁ যিহেতু৷ একে একে দুই একে দুয়ে তিনি বুলি মাজে মাজে নেওঁতা গাবলে দিলে৷ গালোঁ মস্তমাতেৰে৷ উৱা, মানুহে দেখোন বৰ ৰস পালে! শ্ৰেষ্ঠা শিশু অভিনেত্ৰী আৰু দ্বিতীয় শ্ৰেষ্ঠা অভিনেত্ৰী পালোঁ নহয়! কি ফুৰ্তিলাগিছিল সেইবাৰ! অষ্টম শ্ৰেণীত জঁক উঠিল, আমাৰ ঘৰৰ ওচৰৰৰ ভনীবাইদেউৰ ঘৰত উৰ্বীজা বুলি আলোচনী এখনত বুঢ়ীগংগাৰ ঘাট নামেৰে একাঙ্কিকা নাট এখন পাই একপি নকল ৰাখি থ’লো, তিনিটা চৰিত্ৰহে মাতৰ, যোগাৰ হৈ গ’ল৷ মোৰ সখীউৎপলাই চাই ক’লে ভালকে কৰিবি তহঁতি এইখন খুব ভাল হব জান৷ পৰিচালিকাৰ ভাৰ তাইকে দিলোঁ৷ লগৰ ভাস্কৰ, মৃদুল, ধৰণীহঁতে বুঢ়ীদিহিঙৰ পাৰৰ পৰা ঝাউবন আৰু বালি লৈ আহিল৷ ঘৰত পুৰণা তাঁতশালৰ পৰা কাটি থোৱা বৈ অঁটোৱা তাঁতৰশেষৰ বগা সূতাৰ থোকৰ পৰা দাঢ়ি এখিনি আনি চিলালোঁ৷ দেউতাৰ পুৰণা কুৰ্তা এটা আছিল বগা৷ লুঙীখন কোনোবাই জোগাৰকৰি দিলে ক’ৰবাৰ পৰা আনি৷ মূৰত পিন্ধিবলৈ মৌলবীৰ টুপীসদৃশ এটা চিলায়ো ল’লোঁ৷
সংলাপ সকলো মুখস্থ৷
উৎপলা আছিল প্ৰধান সাহস মোৰ সকলোবোৰ ভাল কামতে৷ লগৰ অঞ্জুমনি, ৰূপা, দীপিকাই সুচাৰুৰূপে নাটখনিত সহযোগকৰিলে৷ ভাষ্কৰহঁতক ক’বহে লাগে সকলো যোগাৰ কৰি দিয়ে খুঁত নৰখাকৈ৷
হেডচাৰ শ্ৰীযুত সৰ্বানন্দ সিং চাৰে সামৰণি অনুষ্ঠানত আমাৰ নাটখনৰ ভুৰি ভুৰি প্ৰশংসা কৰিলে৷ মঞ্চসজ্জাৰ পৰা বেশভূষা, পৰিচালনা সকলোবোৰ! বহুত ফুলি গ’লোঁ! শ্ৰেষ্ঠ নাট, শ্ৰেষ্ঠা অভিনেত্ৰী, মানে বাকী নাছিল আৰু৷ সেইবছৰৰৰ স্কুলৰসৎচৰিত্ৰবান ছাত্ৰীৰ পুৰস্কাৰটো উৎপলাই পাইছিল৷ আমাৰ খুব ভাল লাগিছিল যিহেতু আমি দুয়োজনীৰ ভিতৰত তাই যদিওশান্ত আৰু মই দুষ্ট আমাৰ বন্ধুত্বক লৈ মই আজিও গৰ্বিত৷
সপ্তমশ্ৰেণীলৈ ঘূৰি গৈছোঁ, অংকৰ ছমহীয়া পৰীক্ষা হৈ গৈছে মাত্ৰ৷ নম্বৰ দি আজৰি হোৱা বহীবোৰ ঘূৰাই দিবলে আহি শ্ৰীযুতগিৰিশ বৰুৱাচাৰে বৰ দুখ কৰি আছিলেহি এদিন ক্লাচত৷ কাৰণ আমি সকলোয়ে সেইবাৰ বৰ কম নম্বৰ পাইছিলোঁ৷ কোনোকাৰণত আমাৰ পঢ়াত ৰাপ কমি গৈছিল৷ এশৰ ভিতৰত মই ৩৩ পাইছিলোঁ, আৰু মোৰ পিছৰ গৰাকীয়ে ২৭৷ চাৰে আহি বৰদুখেৰে বহীবোৰ ঘূৰাই দিওঁতে কৈছিলে তহঁতক ইমান মৰম কৰি পঢ়াওঁ, কেলেইনো ইমান কম নম্বৰ পালি সবেই? পঢ়া নাছিলিনেকি?
দুখ লাগিল৷ সঁচাকৈয়ে, এজন শিক্ষকৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে বিষয়বস্তু এটা আয়ত্ত কৰিব নোৱাৰা কথাটো সঁচাই হতাশাজনক হ’বপাৰে৷ লাহে লাহে অংকৰ কিতাপখন ঘৰত গৈ মেলিবলৈ ধৰিলোঁ৷ তাৰ পিছৰবছৰৰ কথা৷ শ্ৰদ্ধাৰ ৰবীন গগৈচাৰে অংক পঢ়ায়আমাক তেতিয়া৷ সেইবছৰৰ সাধাৰণ গণিতত বীজগণিতত এটা অংক আছিল এনে ধৰণৰঃ বজাৰলৈ গৈ থাকোতে বাটত বন্ধুকলগেভাগে লগ পালোঁ, সুধিলোঁ ’তোমালোক কিমানজন আহিছা’? উত্তৰ আহিল, ’আহিছোঁ যিমান, আহিব সিমান৷ তাৰ পাছতআহিব তাৰে আধা৷ তাৰ পিছত সেই আধাৰ আধা৷ তোমাৰে সৈতে এশ হ’ম’৷ কি সুন্দৰ অংক নহয়নে? আমেৰিকাত আহি মোৰসন্তানক চতুৰ্থ শ্ৰেণীত অংকৰ অলিম্পিয়াডৰ বাবে পঢ়ুৱাওঁতে এদিন এই অংকটো কিতাপত দেখা পাই পুলকিত হৈ পৰিছিলোঁ৷যিকি নহওক এটা কথা ঠিক অংক ’ইনটাৰেস্টিং’ নহয় বুলি ভবা বা কোৱালোকৰ বাবে এই ধৰণৰ অংকবোৰ আচলতে একোএকোটা ব্ৰহ্মচিকুট! ৰবীন গগৈচাৰে বহীবোৰ ঘূৰাই দিবলে আহোঁতে বৰ ভয় খাই আছিলোঁ৷ চাৰ ক্লাচলৈ আহি আকৌ ওলাই গ’লকোনোবাই মাতি নিলে অফিচৰুমলৈ কিবা কাৰণত৷ চাৰে বহীখিনি টেবুলত থৈ গ’ল৷ কচুগুটি ভাষ্কৰ, মৃদুলহঁতে চাৰ ওলোৱাৰলগেলগে বহীবোৰ দুখনমান ঘূৰাই লুটিয়াই চাই আহিল৷ তেনেতে চাৰ আহি আকৌ শ্ৰেণীকোঠাত সোমালহি৷ আমি সকলোয়েআচলতে ভাল কৰিছিলোঁ সেইবাৰ পৰীক্ষা৷ এশৰ ভিতৰত নব্বৈৰ ওপৰত পোৱা যিহেতু ভালেই বুলিব লাগিব৷ সেইদিনা গগৈচাৰৰমুখত আনন্দ ফুটি উঠিছিল৷ মোৰ আগৰ বছৰৰ তেনে সময়ৰে বৰুৱাচাৰৰ শেঁতামুখখন ভাঁহি আহিছিল মনলৈ বাৰে বাৰে৷আমাৰ বাবে শিক্ষাগুৰুসকলে ইমান কষ্ট কৰে, আমাৰ অকমান নিয়মীয়া অধ্যয়নে তেওঁলোককো চাগে পৰোক্ষভাবে উৎসাহ দিয়েকৰি থকা কামটো ভালদৰে কৰি যাবলৈ৷
অষ্টমশ্ৰেণীৰ পৰীক্ষাৰ সময়৷ আমি পৰীক্ষা দি আছোঁ৷
কিছু ছাত্ৰছাত্ৰীয়ে হৈ যোৱাত সোনকালে বহী জমা দি গৈছে৷ মই সাধাৰণতে পৰীক্ষাৰ বহীত ডাঙৰ আখৰেৰে বহুত পাত খুজি খুজিএডৰা এডৰা লিখি ভাল পাওঁ আৰু তিনিঘণ্টা পুৰা উচুল কৰি লিখোঁ৷ হাত বিষাই যোৱাকে, প্ৰায়ে৷ মোৰ অতি প্ৰিয়মায়াশ্ৰীবাইদেউ আৰু মাইনুবাইদেউ আছিল নিৰীক্ষকৰ দায়িত্বত৷ মোৰ ’চিট’ টো পিছফালৰ বেঞ্চ এখনত আছিল৷ আমাৰদিনত শ্ৰেণীত নিজৰ নিজৰ জেগা আছিল আৰু মই সদায়ে একেবাৰে সমুখত চাৰবাইদেউসকলৰ ওচৰত বহি পাঠ লৈ ভালপাইছিলোঁ৷ মনোযোগ থাকে তেতিয়া৷ পৰীক্ষাহলত উপায় নাপাই পিছত বহিলেও মোৰ সমুখৰ বেঞ্চখন খালি হোৱাৰ লগে লগেতাত বহিলোহি বহীকলমসোপা লৈ আহি৷ আচলতে তেনেকে যে পৰীক্ষাহলত বগাই ফুৰিব লাগে নেজানিছিলোঁ৷ অলপ পিছতএকেবাৰে সমুখৰ বেঞ্চখন খালি হ’ল তাত বহি থকা ছাত্ৰছাত্ৰীবোৰৰ সোনকালে শেষ হোৱাত গুচি গ’ল৷ মই চোঁ মাৰি আহিআগত বহিলোহি, দহ-পোন্ধৰমিনিটমান বাকী আছিলগৈ পৰীক্ষাৰ শেষৰ বেল পৰিবলৈ৷ মোক বগাই ফুৰা দেখি মায়াশ্ৰীবাইদেৱেসুধিলে ’কি হ’ল বুলি’৷ মোৰ মুখেদি ওলাল ডলাৰ বগৰী বুলি৷ দুইগৰাকী বাইদেউ জোৰকৈ হাঁহিবও নোৱাৰে পৰীক্ষাহলত, ফুচফুচাই হাঁহি ৰখাব পৰা নাছিল৷ মই কিবাকে লিখা কৰ্ম চলাই থাকিলোঁ ফাইনেলবেল নপৰালৈকে৷
মায়াশ্ৰীবাইদেউয়ে খুব ভাল গান গাইছিল৷ “বনৰীয়া ফুল আমি বনেই আমাৰ ঘৰ...“ এই গীতটি দুবাৰমান গাই শুনাইছিলআমাক৷ মাইনুবাইদেউৰ আঁঠুলৈকে বৈ পৰা দীঘল চুলিটাৰী মোৰ এতিয়াও মনত পৰে৷ তেখেতৰ মই ইমানেই অনুৰাগী আছিলোঁযে তেখেতৰ হাতৰ আখৰ, কথাকোৱাৰ ধৰণ আৰু কণ্ঠ সকলো নকল কৰি লগৰবিলাকৰ, উৎপলা, উষাহঁতৰ আগত ভাওদিছিলোঁ সময়ে অসময়ে৷ এই দুয়োগৰাকী বাইদেউৰ ফুলৰ সুন্দৰ বাগিছা একোখন আছিল ঘৰত৷ বান্ধবী শিখামনিৰ সৈতে প্ৰায়েফুল চাবলৈ, পুলি খুজিবলৈ মানুহৰ বাৰীয়ে পিৰালিয়ে পিটপিটাই ফুৰাৰ কথা মনত পৰে খুব৷
আৰু বহুতো মধুৰ স্মৃতি আছে এম ই বৃত্তি পৰীক্ষা, ভাষ্কৰ থিয়েটাৰ, চাচনী মৌজাভিত্তিক সাংস্কৃতিক সমাৰোহ, জিলাসাহিত্যসভাৰ অধিবেশন, আমাৰ স্কুলৰ খেলপথাৰত এন চি চি ৰ কেম্প, শ্ৰদ্ধাৰ হেম গগৈচাৰৰ সমাজ অধ্যয়ন ক্লাচত মই গালিখোৱা, প্ৰান্তিকত চিঠিপ্ৰকাশক লৈ বিতৰ্ক, বৰলৰ কামোৰ, আলোচনী সম্পাদিকাৰ মনোনয়নত কিবা এটা লিখি দিয়াতমনোনয়নপত্ৰ বাতিল যদিও আকৌ মনোনীত চাৰসকলৰ দ্বাৰা, পানীখোৱাচুটিত দলেবলে মাজুলীত বগৰী খাবলৈ গৈ ঘূৰি আহিৰূপামনিক ঘৰত গালি খুওৱা, অষ্টমশ্ৰেণীত উচ্চগণিতৰ শিক্ষক নথকাত বছৰেকীয়া পৰীক্ষাত হঠাৎ বুৰঞ্জী পৰীক্ষা দিআশ্বৰ্যজনকভাবে সৰ্বোচ্চ নম্বৰ পোৱা, শ্ৰীযুত প্ৰদীপ গগৈ চাৰৰ চাইকেলত উঠি গাভৰু দলঙেৰে কঠালগুৰি হৈ দুলীয়াজানলৈসপ্তমশ্ৰেণীৰ কিবা বিজ্ঞান আৰু গণিতৰ পৰীক্ষা এটা দিবলৈ যাত্ৰা.... কতযে সোণোৱালী স্মৃতি!
চমুকৈ লিখিবলৈ গৈ দীঘলীয়া কৰিলোঁ তথাপি শেষেই নহ’ল৷ বহুকথা থাকিয়ে গ’ল৷ কেতিয়াবা লগ পালে, গৈ ওলাওঁ যদি জীয়াইথকা কেইদিনতে বহুত মন আছে চাৰবাইদেউসকলক লগ কৰিম, সেৱা একোটি জনাম৷ মৰমৰ স্কুলখনিৰ ইমূৰৰ পৰা সিমূৰলৈআগৰ মইজনী হৈ দৌৰ দুটামান দিম! শিপাৰ সন্ধান কৰিবলৈ মোক সময়ে নিশ্চয় সুযোগ এটি আকৌ এবাৰ দিব!
মোৰ মৰমৰ বান্ধৱী উৎপলা আৰু শিখামনিলৈ এই লেখাটি উচৰ্গা কৰিছোঁ৷ ভাতৃ জয়ন্ত গগৈলৈ ধন্যবাদেৰে আৰু মোৰ সকলোশিক্ষাগুৰুলৈ শ্ৰদ্ধাৰে, তথা শিক্ষানুষ্ঠানখনিৰ লগত জড়িত সকলোলৈ আন্তৰিক শুভেচ্ছাৰে,
নীলাঞ্জনা মহন্ত৷
জয় আই অসম৷