Tuesday, September 16, 2025

উপহাৰ


উপহাৰ


হৃদয়ত থাকে যদি আন্তৰিকতা

মৰমত থাকে যদি সত্যতা

সৃজনী নৈ বয় আপোনপাহৰা হৈ

গান বা ছবিনহলে কবিতা৷


সেই উপহাৰ যাৰ অপেক্ষা 

কেতিয়াও নহয় কৰানুসুধিবা৷

সেই উপহাৰ আহে বৈ 

বিশ্বাসৰ এক নদী হৈ৷ 


সুৰ তোমাৰকথাও তোমাৰ৷ 

সংগীতো তোমাৰকণ্ঠও তোমাৰেই৷

প্ৰকাশ মাথো সময়ৰ৷ 

দাবী আছে বিশ্বাসৰ৷

সেই বিশ্বাসৰ

মই সাজো ঘৰ৷


Sunday, February 16, 2025

ভেলেন্টাইন ২৫

একো সলনি হোৱা নাই
তেওঁচোন একেই আছে

জীৱননৌকাৰ গুৰিবঠা ধৰি৷

সময়ো ৰৈ গৈছে ৰবাত

এইয়ো সেই আজলীজনীয়েই৷


নিভাঁজ মৰমত অভিনয় নাথাকে

অগাধ বিশ্বাসত প্ৰতিশোধ নাথাকে

অভিমানবোৰ হয় হেমন্তৰ সৰাপাত৷

জুখি নাথাকিবা বাৰে বাৰে

চকুত মৌচুমী শুকাল বাবেইতো

মলঙি থাকে চিকমিক দালি৷


ক্ৰোধ আৰু সহচৰ ৰিপুবোৰ

এলাহ আৰু আনুসঙ্গিক দূৰ্বলতাবোৰ

হেঁচি ধৰা সিহঁতৰ জাক পতা প্ৰাবল্যবোৰ

হয়তো এদিন ফুলনিত জিৰাব

সমাধিৰ শিলত কটা চাই হাঁহিব

কিন্তু জীৱনৰ পঁজা এইপাৰেই যে


— নীলাঞ্জনা, ফেব্ৰুৱাৰী ২০২৫