দোকমোক
আজিচোন প্ৰতিটো গীতেই একোটি অণুগল্প
ৰতোৱাল বিধৌত পশ্চিমৰ দিগবলয়ত সুৰৰ পানচৈ!
নাৱৰীয়াৰ ভাটিয়ালী ৰাগৰ সুৰত ৰসমগ্ন!
ঘৰমুৱা বিহগীৰ দিশত ধাৱমান জীৱনৰ উদ্দেশ্য
উজাগৰী আঁতৰাই আনিছে সুখনিদ্ৰাৰ বাতৰি
কাইলৈ আকৌ নতুন পুৱা হ’ব, বেলিয়ে ক’ব কথা
লুইতৰ লহৰত ৰচা সপোনে পাখি মেলিব
সুৰে পোখাব, সংগীতেও তাতে খাবহি ৰজিতা
এটি বহুদিনীয়া সপোন অৱশেষত বাস্তৱ হ’ব!
- নীলাঞ্জনা মহন্ত, নৱেম্বৰ ৭, ২০২৪
No comments:
Post a Comment