সুধা
জীৱন এটি সুৰীয়া গান, শুনিবলৈ মিঠা!
প্ৰতিটো পলত থাকে তাল আৰু মান
পৰিচালকে গাবলৈ কোৱাৰ দৰেই গাওঁ
পাকলগা সুৰবোৰে কেতিয়াবা কন্দুৱাইও দিয়ে৷
কষ্টৰে শিকা সুৰ আৰু ছন্দবোৰ
সঠিক ঠাইত সংগীতেৰে যেতিয়া ভৰপূৰ
জীৱনটো হৈ পৰে এটি মিঠা গান!
প্ৰতিটো মিঠা গীতৰ আঁৰত থাকে বহু সাধনা
আৰু, হৃদয় ধুই অনা দৰদী মনৰ চকুলো
আমি সেইবোৰ গান ভাল পাওঁ শুনি!
নেপথ্যৰ ৰামায়ণ খন পঢ়োয়ে বা নপঢ়োঁ
সুধাকণ্ঠ হেনো এটি গানৰ নাম আছিল
আমি গুণগুণাই ভালপোৱা এটি গান৷
- নীলাঞ্জনা মহন্ত, ৫ নৱেম্বৰ, ২০২৪৷
No comments:
Post a Comment