Thursday, November 7, 2024

দোকমোক

 


দোকমোক


আজিচোন প্ৰতিটো গীতেই একোটি অণুগল্প

ৰতোৱাল বিধৌত পশ্চিমৰ দিগবলয়ত সুৰৰ পানচৈ!

নাৱৰীয়াৰ ভাটিয়ালী ৰাগৰ সুৰত ৰসমগ্ন!

ঘৰমুৱা বিহগীৰ দিশত ধাৱমান জীৱনৰ উদ্দেশ্য

উজাগৰী আঁতৰাই আনিছে সুখনিদ্ৰাৰ বাতৰি 

কাইলৈ আকৌ নতুন পুৱা বেলিয়ে  কথা

লুইতৰ লহৰত ৰচা সপোনে পাখি মেলিব

সুৰে পোখাবসংগীতেও তাতে খাবহি ৰজিতা 

এটি বহুদিনীয়া সপোন অৱশেষত বাস্তৱ 


  • নীলাঞ্জনা মহন্তনৱেম্বৰ ২০২৪

Tuesday, November 5, 2024

সুধা

 

সুধা

জীৱন এটি সুৰীয়া গানশুনিবলৈ মিঠা!

প্ৰতিটো পলত থাকে তাল আৰু মান

পৰিচালকে গাবলৈ কোৱাৰ দৰেই গাওঁ

পাকলগা সুৰবোৰে কেতিয়াবা কন্দুৱাইও দিয়ে৷

কষ্টৰে শিকা সুৰ আৰু ছন্দবোৰ

সঠিক ঠাইত সংগীতেৰে যেতিয়া ভৰপূৰ

জীৱনটো হৈ পৰে এটি মিঠা গান!

প্ৰতিটো মিঠা গীতৰ আঁৰত থাকে বহু সাধনা

আৰুহৃদয় ধুই অনা দৰদী মনৰ চকুলো

আমি সেইবোৰ গান ভাল পাওঁ শুনি!

নেপথ্যৰ ৰামায়ণ খন পঢ়োয়ে বা নপঢ়োঁ

সুধাকণ্ঠ হেনো এটি গানৰ নাম আছিল

আমি গুণগুণাই ভালপোৱা এটি গান৷ 

  • নীলাঞ্জনা মহন্ত নৱেম্বৰ২০২৪৷