Thursday, January 6, 2022

কনটিলৌ - অলপমান লিমাৰিকৰ চেষ্টা

৯/২১/২১


কনটিলৌ

=====

(১)

কনটিলৌ বৰ চোকা ল’ৰা,

বহুত শিকিব পাৰি তাৰপৰা,

ৰুইছে আপেল,

ঘটিবই নোবেল,

পোছাকী নাম তাৰ নিউটন বৰা৷


(২)

গাঁৱৰে বদন তাৰ বন্ধু ভাল,

চলায়ো একেখন দৰঙী জাল,

পুৱাতে দিহিং নৈ,

কোবতে পাৰ হৈ,

মাছৰ বেপাৰতো নাই আহুকাল৷


(৩)

বদনৰ বাৰীত এজুপি নাৰিকল,

লমালমে ভৰি আছে য’ত ফল,

তললৈ যোৱা মানা,

পিন্ধি হেলমেট বিনা,

আপেলতকৈ বেছি নাৰিকলৰ বল!!


(৪)

এদিন কনটিলৌ হঠাতে হেৰাল

বদনে লগালে চৌদিশ তালফাল

নাৰিকলৰ তলত

নিউটনৰ শপত

অপদাৰ্থবিজ্ঞানে পেলাইছিলেই জাল৷ 


(৫)

আপেল পৰিলত আহিল মাধ্যাকৰ্ষণ সূত্ৰ,

কনটিলৌয়ে বোলে সি গবেষণাৰ ছাত্ৰ,

কনটিলৌৰ যুক্তি,

নাৰিকলৰ শক্তি,

এইবাৰ আহিব জকাইচুকত নোবেলৰ পত্ৰ৷


(আগলৈ চাগলৈ নাই এনেই মাজে মাজে কিবা কিবি লিখি থাকিব লাগে৷ তেতিয়া আখৰ ভাল হয় বুলি কয় মানুহে৷ তথাপি কনটিলৌয়ে মূৰত নাৰিকল পেলাই নোবেল পালেগৈ নাই জানিবলৈ হ’লে আমি ৰ’ব লাগিব কেইদিনমান৷ ধন্যবাদ)

No comments:

Post a Comment