২০২২ - স্বাগতম!
==========
© নীলাঞ্জনা মহন্ত, ১২/৩১/২০২১
........
কোন নতুন? কোন পুৰণা?
বছৰটো হেনো নতুন, আৰু আমি পুৰণা হৈ গৈ আছোঁ
হেৰুৱাব বিচাৰোঁ মেদবোৰ
কিন্তু হেৰাই যায় স্মৃতি,
আৰু আত্মীয়, আত্মীয়তাবোৰ৷
সাঁচিব বিচাৰোঁ সময়
কিন্তু আহে দুঃসময়৷
আশাত বন্দী নতুন পুৱালৈ,
কেলেণ্ডাৰৰ লগতে কিজানি আহেই?
পেনপেনীয়া বৰষুণ এৰিব,
ৰ’দালিত জিৰাবৰ বৰ মন!
নতুন আশা, দিগন্তত পাখি মেলে৷
আইনাত নাচাওঁ মুখ, চিনি নাপাওঁ তাইক
তাইৰ মনটোক চিনিবলৈ আইনা নালাগে৷
আকাশৰ নীলাতে জিলিকে প্ৰতিবিম্ব৷
No comments:
Post a Comment