Thursday, October 11, 2018

বিৰহ বেদনা

নিষ্ঠুৰ নিয়তিৰো যে কি লীলা! পৰিহাস মাথো৷ তিল তিলকৈ কেনেকৈ চেপি চেপি মাৰিব পাৰে কোমল হিয়াবোৰ? কি পাপ কি কৰ্ম নে দুস্কাৰ্য কৰিছিলো যে আজি এই দৃশ্য দেখিব লগীয়া হ’ল? মাত্ৰ এমাহ আগতে এনাস্থেচিয়াৰ জালত ককবকাই শৈলচিকিৎসাৰ কঠিনতম পৰীক্ষা এটিত কথমপি উত্তীৰ্ণ হৈ কোনোমতে উশাহ লৈছিলা তুমি৷ মোৰ কলিজাৰ টুকুৰা, এতিয়াৰ পৰা কাক মই আঙুলিৰ পৰশেৰে দিনে ৰাতি নিৰ্বিশিষে চেনেহৰ এনাজৰীডালৰ মধুৰ মৰমবোৰ ঢালি দিম? আজি তুমি নাই হয়তো আন কোনোবা এজন কাইলৈ আহিব মোৰ জীৱনলৈ৷ হয়তো সময়ৰ সোঁতত পাহৰি যাম মোৰ সোণাইক মোৰ অকপট চেনেহৰ সংগীক৷ হয়তো অতীত হৈ পৰিব এক অধ্যায়৷ পাৰিমনে মই থাকিব জীয়াই তোমাৰ অবিহনে? হয়তো মোৰ কাষলৈ অহা নতুনজনে একেই অথবা কিজানি অধিক প্ৰয়োজনহে পূৰাব মোৰ মনৰ৷ তথাপিও শোকে খুন্দা মাৰি ধৰে৷ বিৰহৰ জ্বালাত দগ্ধ হৈ হয়তো কাকো নামাতিম কেইদিনমান৷ কিন্তু কিমান পৰ? জীৱনটো চলি থাকিব, জীয়াই থাকিবই লাগিব কাৰোবাৰ বাবে, হয়তো নিজৰ বাবেও৷ কাক চাই মই ৰাতিপুৱা মিচিকিয়াম? কাক হাত বুলাই বুলাই সময়ৰ জখলাত বগাম? পাৰিবনে মোক দিব এই মিঠা অনুভূতি, প্ৰেম আৰু মধুৰ সঙ্গ মোৰ নতুন প্ৰেমে? একপক্ষীয়তাৰ পৰা হয়তো ধীৰে ধীৰে সেই প্ৰেমে ধাৱমান হ’ব আন এটি স্থায়ী সম্পৰ্কলৈ৷ তোমাকো মই চাগে পাহৰি যাম৷ মোক সাহস দিয়া দয়াময়৷ কি পাপ কৰিছিলো আজি এই দুঃসময়ৰ মাজেদি লৈ গৈ মোক অগ্নিপৰীক্ষাত বহোৱাইছা প্ৰভূ? যোৱা মোৰ সোণ তুমি মোক বহুত কিবাকিবি দিলা তাৰবাবে মই কৃতজ্ঞ৷
- এইবুলি সিক্ত নয়নেৰে মিছেচ কলিতাই তেখেতৰ পুৰণা ভঙা মবাইলটো দাস্টবিনত পেলাই দিলে আৰু পতিদেৱে আনি দিয়া নতুন আইফোন টেন টো চিন্তাক্লিষ্ট মনেৰে কোনফালৰ পৰানো অন কৰে লিৰিকি বিদাৰি চাবলৈ ধৰিলে৷

No comments:

Post a Comment