ফটা পদ্য- নী.ম. ৪/২১/২০১৮
১)
গাৰু আৰু গিলিপ, চুলি আৰু কিলিপ
ফুল মানে টিউলিপ, আপী মানে দিপলিপ
ইটিয়ে সিটিলৈ ভাবে
মাজত কোনে মাতে
ভাতপানী খাই ফুট গধূলিতে গায় ‘চুইট শ্লিপ’।
২)
চকু আৰু চশমা, আচাৰ আৰু বৰমা,
জিভা আৰু খুৰমা, গান মানে নিৰমা,
ইগিলা বুনিয়া ভূজিয়া
ভৰি আছে এই দুনিয়া
তাকে মিলাই নিমখ নিদিয়া বনালো এভাজি কবিতা।
৩)
আকাশ আৰু পাতাল, সাধু আৰু মাতাল
শুকান আৰু ৰসাল, কেটেঙা আৰু পেটাল
আঠটা ভাই ককাই
আৰু কেওকিছু নাই
দহে ভাবে, এই অষ্টমৰ আছে কিহৰনো আকাল।
No comments:
Post a Comment