Tuesday, February 10, 2015

জোনাকী

১) জোনাকী আৰু ভনীয়েক ৰিণিকি৷  সিহঁতৰ আইতাক বহুত দূৰত থাকে৷ আইতাকৰ লগত ফোনত কথা পাতি দুয়ো বৰ ভাল পায়৷ জোনাকীয়ে তৃতীয় মানত পঢ়ে আৰু ভনীয়েক ৰিণিকিয়ে থুনুক থানাক কৈ কথা ক'বলৈ শিকিছেহে৷ নিতৌ গধূলি আইতাকে সাত সাগৰৰ সিপাৰে ৰৈ থাকে সিহঁতৰ মাত শুনিবলৈ৷ কেতিয়াবা সিহঁতে গান গাই শুনায়৷

২) আইতাকৰ বয়স হৈ আহিছে৷ কালি বৰদেউতাই ফোনত ক'লে বোলে আইতাকে হেনো আজিকালি কাণেৰেও কম শুনে৷

৩) এসপ্তাহ হৈ গ'ল, জোনাকী আৰু ৰিণিকিয়ে আইতাকৰ লগত কথাই পাতিব পৰা নাই৷ আইতাকে হেনো সিহঁতৰ কথা  কৈয়ে আছে কিন্তু ফোনত তেখেতে একোৱে শুনা নেপায়৷ এতিয়া জোনাকীহঁতে কেনেকৈ আইতাকৰ লগত যোগাযোগ ৰাখিব?

৪) "মা, আমি আইতাৰ ঘৰলৈ কেতিয়াকৈ যাম?" - জোনাকীয়ে মাকক সদায় সোধে৷ মাকৰ এটাই উত্তৰ - "এতিয়া তোমালোকৰ স্কুল চলি আছে নহয়? গৰমৰ বন্ধত যাম দেই, তেতিয়া ভালকৈ আইতাৰ লগত কেইদিনমান কটাব পাৰিবা৷"

৫) জোনাকীৰ মনটোৱে উগুলথুগুল কৰি আছে, গৰমৰ বন্ধলৈ কেইবামাহো বাকী৷ ইমানদিন সিহঁতে কেনেকৈ আইতাকৰ লগত কথা নপতাকৈ থাকিব?

৬) জোনাকীহঁতৰ স্কুলত সিহঁতৰ প্ৰত্যেকৰে একোজন 'পাল' মানে বেলেগ ক্লাচৰূমত পঢ়া বান্ধৱী আছে৷ সিহঁতে কেতিয়াবা ইজনীয়ে সিজনীলৈ চিঠি লিখে৷ জোনাকীয়ে ভাবিলে তাই দেখোন আইতাকলৈও চিঠি লিখিব পাৰে৷

৭) "মা মা মই আইতালৈ চিঠি লিখিম৷ আইতালৈ তুমি চিঠিখন পঠাই দিব পাৰিবানে?" - জোনাকীয়ে দৌৰ মাৰি গৈ মাকক সুধিলে৷

"কিয় নোৱাৰিবা৷ বৰ ভাল কথা৷ আইতাই চচমা পিন্ধিলে ভালকৈ পঢ়িব পাৰে৷ যোৱা চিঠি লিখাগৈ, মই আজিয়েই ডাকত পঠাই দিম"৷

৮) জোনাকীয়ে মনত বৰ ৰং পালে৷ তাই লিখিলে -
"মৰমৰ আইতা,

মৰম ল'বা৷ আশাকৰো তোমালোকৰ ভাল৷ আমাৰো ভালেই৷ আমি এইবাৰ বিহুত এখন নাটক কৰিম৷ নাটকৰ নাম "কৰতল কমল"৷ গৰমৰ বন্ধত আমি তোমাৰ ওচৰলৈ যাম আৰু বহুত খেলিম দেই৷

মৰমেৰে,
ইতি,
তোমাৰ নাতিনী
জোনাকী আৰু ৰিণিকি৷"

ৰিণিকিৰ হাতত চিঞাহী অলপ লগাই তাইৰ হাতৰ চাপ দুটাও দিলে৷

৯) জোনাকীৰ মনটো বৰ ফাৰকাল লাগিল৷ আজিৰ পৰা তাই আইতালৈ নিতৌ চিঠি লিখিব৷ চিঠিত বহুত কথা লিখিব৷ আইতাই যে চিঠিখন পালে কিমান ভাল পাব!

2 comments:

  1. এই কণমানি সাধুটো আচলতে আমাৰ স্থানীয় অসমীয়া ভাষা প্ৰশিক্ষণ অনুস্থান এটিৰ পাঠ্যক্ৰমৰ বাবে যুগোতোৱা হৈছিল৷ পঢ়ি ভাল পোৱাৰ বাবে ধন্যবাদ৷

    ReplyDelete