Tuesday, February 17, 2015

মিচন শৃংগলৈ আৰোহন

আমি থকা ঘৰৰ পৰা মাথো ডেৰমাইল দূৰৈতে আৰম্ভ হয় মিছন শৃংগলৈ যোৱা হাইকিঙৰ ৰাস্তাটো৷ কেলিফৰ্ণিয়ালৈ অহা আমাৰ তিনিবছৰ হৈ গ'ল৷ আগতে মিনিয়াপলিছত আছিলো তাত তেনেকৈ পাহাৰ নাছিল৷ মিনিয়াপলিচ আছিল বছৰটোৰ আধাতকৈ বেছি দিন বৰফেৰে ঢাক খাই থকা এখন সৰু চহৰ৷  চহৰৰ মাজমজিয়াতে মিছিছিপিৰ পাৰে পাৰে আৰম্ভণিতে প্ৰায়ে  চাইকেল চলাইছিলো মই আৰু মোৰ স্বামীয়ে৷ তাৰ পিছত পৰিয়াল বহল হোৱাৰ পিছৰে পৰা মিছিচিপিৰ পাৰলৈ দুনাই আৰু যোৱা নহ'ল৷ কিন্তু চাইকেল চলাই, খোজ কাঢ়ি আমি দুয়ো খুব ভাল পাইছিলো বাবে আশা পুহি ৰাখিছিলো কেতিয়াবা পাহাৰৰ ওচৰত বা নদীৰ কাষত আকৌ বিচৰণ কৰিম৷ ঠিক তেনেতে এখেতে কেলিফৰ্ণিয়াত নতুন চাকৰি এটা পালে৷ আমি আহিছিলো ফেব্ৰুৱাৰী মাহৰ আগভাগত৷ মিনিয়াপলিছৰ মাহ মাহ ধৰি চৌপাশে ঢাকি ৰখা বৰফৰ শুভ্ৰ চাদৰে সেইসময়তে মনবোৰ বিষাদগ্ৰস্ত কৰি ৰখাৰ পৰিবৰ্তে কেলিফৰ্ণিয়াই আমাক আদৰিছিল সেউজ পাহাৰ আৰু ৰ'দৰ জিলিঙনি, প্ৰশান্ত মহাসাগৰৰ নীলাভ জলৰাশিৰ অপৰূপ সৌন্দৰ্যৰে৷ অবশ্যে বতৰৰ দামো আমি ঠিকেই দিব লগীয়া হৈছিল৷ মিনিয়াপলিচৰ তুলনাত কেলিফৰ্ণিয়াত থকা খৰচ আছিল আকাশলংঘা৷ বহুত লোকচান কৰি মিনিয়াপলিচৰ ঘৰটো শেহত বিক্ৰী কৰিব পাৰিছিলো যদিও ইয়াত আহি সৰু ঘৰ এটাৰ বাবে তাৰ পাঁচগুণ দাম ভৰি ঘৰ লৈছিলো৷ কাৰণ পৰিয়াল আছে, সেইবছৰৰ পৰা ডাঙৰ ছোৱালী পঢ়াশালিলৈ যাব৷ প্ৰথমে আহিয়েই যেতিয়া সদায় সেউজীয়া পাহাৰ কেইটাৰ কাষেৰে ইহঁতক বিদ্যালয়লৈ অনা নিয়া কৰিবলৈ ধৰিছিলো, ৰাস্তাৰে আহোঁতে মন্ত্ৰমুগ্ধ হৈ ৰৈ ৰৈ চাই গৈছিলো পাহাৰৰ লানিবোৰ৷ ৰাস্তাৰ কাষতেই পাহাৰৰ লানি নিছিগা শিৰ! তাত পাহাৰৰ তলৰ সমতলকণৰ পৰাই জাকে জাকে হৰিণ, টাৰ্কী (ডাঙৰ আকৃতিৰ কুকুৰাৰ দৰে চৰাই), ক'লা বৰণীয়া গৰু, কিছুমান ঘোঁৰা চৰি ফুৰে মুকলিমেনেৰে৷ চায়েই ভাল লাগিছিল৷ ৰাস্তাৰ পৰাই দেখিছিলো জীৱ জন্তুবোৰৰ যাতে কোনো অসুবিধা নহয়, খোজ কাঢ়িবলৈ পথ  নিৰ্মাণ কৰা আছে আৰু মাজে মাজে ফলক আছে মানুহে ট্ৰেইলৰ পৰা ওলাই নেযাবলৈ৷ নতুন ঠাই্লৈ আহি নতুন বন্ধু বান্ধবীও গোটালো লাহে লাহে৷ তেনেতে আমাৰ কলেজতে পঢ়ি অহা এগৰাকীৰ লগত এঘৰত পৰিচয় হ'লো৷ তাইও মাজে মাজে পাহাৰ বগাবলৈ যায় বুলি শুনি উৎফুল্লিত হৈ উঠিছিলো লগে লগে তাইক সুধিয়েই পেলালো, কোনফালেদিনো যায়, কিমান সময় লাগে, নিয়ম বোৰ কি কি ইত্যাদি৷ তাইৰ এটা গোট আছিল কেইবাগৰাকীও লগ হৈ সপ্তাহটোৰ প্ৰতি শনিবাৰে ৰাতিপুৱা পাঁচ বজাতেই মিচন শৃংগলৈ যায় সিহঁতে৷ শৃংগলৈ উঠা ৰাস্তাটোৰ কাষত পাৰ্কিং পোৱা খুবেই দিগদাৰি, ভীৰ অনুপাতে সিমান খিনি গাড়ী ৰাখিব নোৱাৰি বাবে সিহঁতে একেলগে যায় একেখন গাড়ীতে, পাল পাতি পাতি একোজনীয়ে গাড়ী চলায়৷ এইবাৰ ময়ো লগ ল'লো৷ কথামতেই কাম৷ শনিবাৰৰ ৰাতিপুৱাই কাঁটাই কাঁটাই পাঁচ বজাত সিহঁতে মোৰ ঘৰৰ আগত ৰ'লহি৷ জুলাই মাহৰ ৰাতিপুৱা৷ দিনত গৰম কিন্তু ব্ৰক্ষ্ম ৰাতিপুৱাখন ঠিকেই ঠাণ্ডা লাগিছিল বাবে জেকেট এটা, মূৰত টুপী, চানগ্লাচ, সৰু টাৱেল এখন, পানীৰ দুটা বটল লৈ লৈছিলো৷ তেতিয়াও অলপ আন্ধাৰ হৈ থকা বাবে সৰু ফ্লাচ লাইট এটাও লগত ল'লো৷ আগদিনাখন এখেতে হাইকিং কৰা লাখুটি দুডাল আনি থৈছিল কিন্তু নল'লো কাৰণ লগৰ জনীয়ে কৈছিল তাৰ দৰকাৰ নহ'ব পাৰে৷
ৰাতিপুৱাই পালোগৈ পাহাৰৰ তল য'ৰ পৰাই অভিযান আৰম্ভ কৰিম৷ মিছন শৃংগৰ উচ্চতা ২৫১৭ ফুট আৰু তলৰ পৰা ওপৰলৈ অহা-যোৱা দুইটা মিলালে প্ৰায় ৭ মাইলমান খোজকঢ়া হয়৷ সাধাৰণ গতিত গৈ থাকিলে অহা-যোৱা তিনিঘণ্টাৰ ভিতৰত হৈ যায়৷ ওপৰলৈ উঠা পথটো পূবমুখী বাবে পুৱা মুখতে ৰ'দ পৰে৷ সেইকাৰণেই ৰাতিপুৱা পাঁচবজাতেই উঠি যাত্ৰা আৰম্ভ কৰা হয় কাৰণ পিছত পাৰ্কিং পোৱাৰো দিগদাৰ লগতে ৰ'দটো ওলোৱাৰ আগেয়েই পৰ্বতৰ টিঙত উঠিব পাৰি৷ তেতিয়া ভাগৰ কম লাগে আৰু যাত্ৰাটো বেছি উপভোগ্য হয়৷
প্ৰথমদিন হিচাবে মোৰ যাত্ৰা সেইদিনা ভালেৰেই গ'ল৷ দুখনমান ফটোও তুলিলো চৰি থকা গৰু জাকৰ, টাৰ্কীও দেখিলো দৌৰি আৰু চৰি ফুৰা, নীলা-বেঙুনীয়া বনৰীয়া ফুলো দেখিলো মাজে মাজে দুই এঠাইত৷ নীলা নীলা কিবা এবিধ পৰিভ্ৰমী চৰায়ে জিৰণি লৈ থকা দেখা পাইছিলো মাজতে এডাল গছত৷ হাতত থকা পানীৰ বটল দুয়োটায়ে শেষ হৈ গৈছিল ওপৰলৈ উঠোতে৷ পৰ্বতৰ টিং পোৱালৈকে মাজে মাজে নিয়মীয়া ব্যবধানত একোখনকৈ মুঠ চাৰিখন বেঞ্চ আছে তাতে বহি ভাগৰ মাৰিবৰ কাৰণে৷ বেঞ্চ কেইখনৰ পৰা তলৰ প্ৰাকৃতিক দৃশ্য, দূৰৰ হ্ৰদ, উপসাগৰখন, দলং দুখনমান, ঘৰ-অট্টালিকা, কাষৰীয়া অন্য পাহাৰ-পৰ্বতবোৰ সুন্দৰকৈ উপভোগ কৰিব পাৰি৷ উপসাগৰীয় অঞ্চলটোৰ সোঁৱে বাঁৱে দুইফালেই যথেষ্টখিনি দেখা পোৱা যায়৷ মাজতে দুবাৰমান বহি প্ৰাকৃতিক সুধা পান কৰিলো৷
পৰ্বতৰ টিং পোৱাৰ ঠিক আগে আগে শেষৰ দুটা জাবৰ পেলোৱা বিন দেখা পোৱা যায়৷ এটাত সাধাৰণ জাবৰ-জোথৰ আৰু আনটো ৰিচাইকল বিন- প্লাষ্টিকৰ বটল, টেমা (কেন) কাগজ-পত্ৰ আদি পেলোৱাৰ বাবে৷ গোটেই যাত্ৰাটোত বহুত লোকক পাহৰ বগাবলৈ যোৱা দেখা পালো৷ সৰু ল'ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি পৰিয়াল, বন্ধু-বান্ধবৰ দল, ডেকা-ডেকেৰী, বুঢ়া-মেথা, অকলশৰীয়া পৰ্বতাৰোহী সকলোধৰণৰ লোক৷ তাৰ মাজতে এবাৰ দেখিলো  প্ৰকাণ্ড মেটমৰা দুটা জাবৰৰ থৈলা লৈ এজন আদময়সীয়া লোক তললৈ নামি আহি আছে৷ আৰু তেখেতে ৰাস্তাটোত যাৰেই চকুৱে চকুৱে পৰিছে তেওঁকেই হাঁহি মাৰি সুপ্ৰভাত জনাইছে৷ মই পিছৰ আন এটি যাত্ৰাতহে গম পাইছিলো যে পাহাৰৰ ওপৰৰ পৰা জাবৰ তললৈ কঢ়িয়াই অনা পঞ্চাশ-ষাঠি বছৰ বয়সীয়াযেন লগা মানুহ কেইজন আচলতে স্বেচ্ছাসেবীহে আছিল৷ অৰ্থাৎ বিনা পাৰিশ্ৰমিকেৰে তেওঁলোকে পাহাৰটো যাতে পৰিষ্কাৰ হৈ থাকে তাৰ কাৰণে ওপৰৰ পৰা পাল পাতি জাবৰবোৰ তললৈ কঢ়িয়াই আনি উপযুক্ত ঠাইত আনি পেলাইহি৷ গোটেই পাহাৰটোত যিমানদিনেই গৈছো কোনোদিন এটাও কুটা এগছ জাবৰ বা ভঙা বটল আদি পৰি থকা নেদেখিলো৷ কেতিয়াবা ৰেঞ্জাৰ একোজনক লগ পাওঁ বাটত, হুইছেল মাৰি দিয়ে হঠাতে, কোনোবাই যদি চৰ্টকাট মাৰি পূৰ্বতে নিৰ্ণয় কৰি দি থোৱা পথৰ পৰা ওলাই ঘাঁহ বা পাহাৰৰ অন ঠাইত খোজ দিয়ে তেতিয়া সতৰ্ক কৰি দিয়ে৷ মাজে মাজে ফলকত লিখি থোৱা আছে যে নিৰ্ধাৰিত পথৰ পৰা বাহিৰত ওলাই খোজ কাঢ়িলে জৰিমনা ভৰিব লগা হ'ব পাৰে৷
প্ৰথমবাৰ বান্ধবীৰ সৈতে যোৱাৰ পিছত পিছত লাহে লাহে মন গ'লেই অকলেই যাব পৰা হ'লো পাহাৰ বগাবলৈ৷ আনকি আন কেইবাজনী বান্ধবীকো চিনাকি কৰাই দিলো ৰাস্তাটো৷ প্ৰতিবাৰতেই ভাল লাগি গৈ আছিল৷ এবাৰ বসন্তকালৰ কোনোবা এটি পুৱা পাহাৰ বগাবলৈ গৈ অভূতপূৰ্ব অভিজ্ঞতা হৈছীল৷ ডাৱৰে আধা ঢাকি ৰখা পাহাৰৰ কাণে কাণে গৈ থাকোতে এক স্বৰ্গীয় অনুভূতি যেন হৈছিল৷ টিঙৰ পৰা তললৈ সেইদিন একোৱে দেখা পোৱা নাছিলো, এখন বিশাল বগা কম্বলৰ বাদে৷ বেলিৰ পোহৰত কৃত্ৰিম ৰামধেনু সৃষ্টি হৈছিল টিঙৰ ঠিক তলতেই৷ অকণো ভাগৰ লগা নাছিল সেইদিনা৷ মন-প্ৰাণ বৰং বেছিকৈ জীপাল হৈহে উঠিছিল৷
আন এদিনৰ কথা৷ অকলে গৈছিলো সেইদিনা৷ অকণমান পোহৰ হৈছে তেতিয়া আৰু মাজে মাজে ৰ'দ পৰে মুখত৷ চানগ্লাচ আনিবলৈও পাহৰিলো সেইদিনা গতিকে মাজে মাজে মূৰ ঘূৰোৱা যেনো লাগিছিল৷ মাজে মাজে এনেকুৱা লাগিছিল আজি ওপৰলৈকে যাব পাৰিম জানো? কিন্তু একেবাৰে ওপৰলৈ যদি নেযাওঁ মোৰ সদায়ে কিবা এটা নিৰাশবোধ হয় মনত৷ গতিকে ঠিক কৰিছিলো যেতিয়াই নাহোঁ কিয় ওপৰলৈ যামেই লাহে ধীৰে হ'লেও৷ পানীৰ বটল ইতিমধ্যে দুটা শেষ হৈছিল৷ তেতিয়াও প্ৰায় এক পঞ্চমাংশ বাকী টিং পাবলৈ৷ তেনেকুৱাতে লগ পাইছিলো এজন বয়সীয়া লোকক৷ প্ৰায় মোৰ সমানে সমানেই আহি আছে৷ তেখেতেই প্ৰথমে সম্ভাষণ জনালে৷ প্ৰতি সম্ভাষণ জনাই সুধিলো আগতে তেখেতে আহিছেনে নাই৷ মোৰ আচৰিত হোৱাৰ পাল পৰিল যেতিয়া তেখেতে ক'লে তেখেতে হেনো এবাৰ ওপৰৰ পৰা আহিলগৈ কাহিলীপুৱাতে৷ এইবাৰ দ্বিতীয়বাৰৰ বাবে  গৈ আছে৷ প্ৰতিদিনেই তেওঁ আহে আৰু এবাৰ ওপৰলৈকে যায়৷ শনিবাৰবোৰত ৰাতিপুৱাই দুবাৰ অহা-যোৱা কৰে৷ "আপুনি ইমান শক্তি ক'ৰপৰা পায়?" এনেই ধেমালিৰ চলেৰে সুধিলো, কাৰণ মোৰ নিজৰ ভাগৰত অৱস্থা নাই সেইদিনা৷ উত্তৰত তেখেতে ক'লে যে বহুবছৰৰ পৰাই তেওঁ এই পাহাৰটোলৈ নিয়মীয়া আহি আছে৷ ব্যতিক্ৰম তেনেকৈ হোৱাই নাই৷ আৰু আচৰিত হ'লো তেতিয়া যেতিয়া তেখেতে ক'লে তেখেতৰ বয়স সত্তৰৰ ওপৰ হৈছে অলপতে৷ মোৰ অৱস্থা দেখি ক'লে,  "একেদিনাই ফলাফলৰ বাবে আশা কৰিব নেলাগে৷ আজি ঘৰলৈ গৈয়ে আইনাত নিজকে চালে হয়তো ভাগৰুৱা, বুৃঢ়ী ৰুগীয়া যেন লগা মানুহজনীকহে দেখিবাগৈ৷ লগৰ বান্ধবীহঁতৰ সৈতে নিজকে আজি ৰিজাই চালে কোনো লাভ নাই৷ কিন্তু এয়াযে অকলে হ'লেও আহিছা, এৰি নিদিবা, আহি থাকিবা যেতিয়াই পাৰা, যিমান নিয়মীয়াকৈ পাৰা৷ তাৰ পাছত দহবছৰৰ পিছত চাবা নিজকে আইনাত, একে বয়সৰ, কোনো শাৰীৰিক ব্যায়াম নকৰা বান্ধবীৰ সৈতে ৰিজাই চাবা নিজকে, তেতিয়া দেখিবা পাৰ্থক্যখিনি৷ আৰু সেইযে দেখিছা ক্ষীণকায় বগা জেকেট পিন্ধালোক জন আমাৰ আগে আগে গৈ আছে? তেওঁৰ বয়স কিমান জানা? মোতকৈ চাৰিবছৰ বেছি৷ সদায়েই তেওঁক মই লগ পাওঁ৷ নামি আহোঁতে তেওঁ সদায় দৌৰি দৌৰি নামে৷ আৰু আজিলৈকে তেখেততকৈ মই বেছি বেগত খোজকাঢ়িব বা তেখেতক চেৰ পেলাব পৰা নাই৷ মই সদায় একেটা সময়তে আহোঁ, আৰু তেখেতক মোতকৈ আগতে গৈ থকাকে লগ পাওঁ৷ বাৰু এতিয়া মই তেখেতে দৌৰি দৌৰি নমাৰ আগতেই টিঙত গৈ লগ পাব লাগে, গতিকে তুমি আহি থাকা৷ লাগি থাকা, এৰি নিদিবা৷ শুভেচ্ছা থাকিল দেই" ৷ এই বুলি তেখেতে বেগ দিলে৷ মই হতভম্ব হৈ পৰিলো৷ কিন্তু তেখেতে যি কেইষাৰ কথা ক'লে কিজানি তাৰ অনুপ্ৰেৰণাতেই কেইবাবাৰো তাৰ পিছত টিঙলৈকে বগাইছো৷ তেখেতক তাৰ পিছতো দুবাৰমান লগ পাইছো তাত৷ তেখেতে সম্ভাষণ জনায়, মোকেই নহয়, সকলোকে, যাৰ যাৰ চকুৱে চকুৱে পৰে৷ শেহতীয়াভাবে অলপ বেমাৰ আজাৰ আৰু আন অসুবিধাৰ কাৰণে এবছৰমান যোৱাই নহ'ল৷ আৰু হঠাৎ এদিন যাবলৈ ওলাই আধালৈকেও যাব নোৱাৰিলো সেইবাৰ৷ ইমান ভাগৰ লাগিল! এৰি দিলে তেনেকুৱাই হয় কিজানি৷ আঠুঁৰ বিষ, মূৰৰ বিষ এইবোৰে উক দিব ধৰিছে আজিকালি সঘনাই৷ অলপতে ভাগৰো লাগে৷ বুঢ়ীয়েই হ'লো৷ তথাপি সত্তৰোৰ্ধ পৰ্বতাৰোহীগৰাকীৰ কথা মনত পৰিলে আকৌ যাবলৈ মন যায়৷ হয়, সোনকালেই আকৌ যাম৷ পাহৰ বগাম৷ আমাৰ ঘৰৰ পৰা বৰ বেছি দূৰো নহয় পাহাৰৰ তলিলৈ য'ৰ পৰা গলিটো আৰম্ভ হৈছে৷ ইহঁতক স্কুললৈ অনা-নিয়া কৰোতে সদায়ে দেখো গহীন পাহাৰলানি৷ শৃংগটোৱে হাত বাউল দি মাতি থাকে৷ অলপ সময় উলিয়াই এদিন আকৌ যাব লাগিব৷ তাৰ পিছত আৰু এদিন, আৰু এদিন.....

No comments:

Post a Comment