ভগৱান এটি অনুভূতিৰ নাম
~~~~~~~~~~~~~~~~
আপোন কোনোবাজন যেতিয়া হেৰাই যায়
বাঞ্ছিত ন্যায়প্ৰাপ্তিৰ পৰা বঞ্চিতা হৈ
সেই অনুভূতি হেৰুৱায় একোটি অভিমানী মনে।
ভগৱান এটি অনুভূতিৰ নাম
উজাগৰী নিশা হয়তো পুনৰ স্বৰ্গীয় ৰূপ লয়
শুই থকা নিষ্পাপ মুখনি একোখনিৰ আলম লৈ
সপোন আঁকোৱালি যেতিয়া পূজে এটি মাতৃমনে।
ভগৱান কোনো বিতৰ্কৰ মাধ্যম নহয়
বিচাৰিলে আছে, নিবিচাৰিলে নাই
বিশ্বাসৰ ভেজাত উদিত এটি অনুভূতি
যি নামেৰে যেনেকৈ মাতে যাৰ জীৱনে৷
~~~~~~~~~~~~~~~~
আপোন কোনোবাজন যেতিয়া হেৰাই যায়
বাঞ্ছিত ন্যায়প্ৰাপ্তিৰ পৰা বঞ্চিতা হৈ
সেই অনুভূতি হেৰুৱায় একোটি অভিমানী মনে।
ভগৱান এটি অনুভূতিৰ নাম
উজাগৰী নিশা হয়তো পুনৰ স্বৰ্গীয় ৰূপ লয়
শুই থকা নিষ্পাপ মুখনি একোখনিৰ আলম লৈ
সপোন আঁকোৱালি যেতিয়া পূজে এটি মাতৃমনে।
ভগৱান কোনো বিতৰ্কৰ মাধ্যম নহয়
বিচাৰিলে আছে, নিবিচাৰিলে নাই
বিশ্বাসৰ ভেজাত উদিত এটি অনুভূতি
যি নামেৰে যেনেকৈ মাতে যাৰ জীৱনে৷
No comments:
Post a Comment