Thursday, November 7, 2024

দোকমোক

 


দোকমোক


আজিচোন প্ৰতিটো গীতেই একোটি অণুগল্প

ৰতোৱাল বিধৌত পশ্চিমৰ দিগবলয়ত সুৰৰ পানচৈ!

নাৱৰীয়াৰ ভাটিয়ালী ৰাগৰ সুৰত ৰসমগ্ন!

ঘৰমুৱা বিহগীৰ দিশত ধাৱমান জীৱনৰ উদ্দেশ্য

উজাগৰী আঁতৰাই আনিছে সুখনিদ্ৰাৰ বাতৰি 

কাইলৈ আকৌ নতুন পুৱা বেলিয়ে  কথা

লুইতৰ লহৰত ৰচা সপোনে পাখি মেলিব

সুৰে পোখাবসংগীতেও তাতে খাবহি ৰজিতা 

এটি বহুদিনীয়া সপোন অৱশেষত বাস্তৱ 


  • নীলাঞ্জনা মহন্তনৱেম্বৰ ২০২৪

Tuesday, November 5, 2024

সুধা

 

সুধা

জীৱন এটি সুৰীয়া গানশুনিবলৈ মিঠা!

প্ৰতিটো পলত থাকে তাল আৰু মান

পৰিচালকে গাবলৈ কোৱাৰ দৰেই গাওঁ

পাকলগা সুৰবোৰে কেতিয়াবা কন্দুৱাইও দিয়ে৷

কষ্টৰে শিকা সুৰ আৰু ছন্দবোৰ

সঠিক ঠাইত সংগীতেৰে যেতিয়া ভৰপূৰ

জীৱনটো হৈ পৰে এটি মিঠা গান!

প্ৰতিটো মিঠা গীতৰ আঁৰত থাকে বহু সাধনা

আৰুহৃদয় ধুই অনা দৰদী মনৰ চকুলো

আমি সেইবোৰ গান ভাল পাওঁ শুনি!

নেপথ্যৰ ৰামায়ণ খন পঢ়োয়ে বা নপঢ়োঁ

সুধাকণ্ঠ হেনো এটি গানৰ নাম আছিল

আমি গুণগুণাই ভালপোৱা এটি গান৷ 

  • নীলাঞ্জনা মহন্ত নৱেম্বৰ২০২৪৷



Sunday, March 31, 2024

আঁচবোৰঃ

 আঁচবোৰঃ

আঁচে কাহিনী কয় - কপালৰচকুৰডিঙিৰো

আঁচৰ সমান্তৰালত কিমান যে নৈ বয়।

ডুবাইত সাতবছৰ কটাই অহা যুৱকজন

এতিয়া চান ফ্ৰান্সিস্কোৰ পদপথৰ ভিখাৰী।

কষ্টোপাৰ্জিত এটি আঙুঠিৰে ফিৰিছিল ঘৰ।

সাতবছৰে মচ নোযোৱা গালৰ চুমাটো!

নিমিষতেই এটুকুৰা শিল হৈছিল

তাইৰ কোঁচত আৰু আঙুলিত ধৰি

যেতিয়া দুটি দেৱশিশুয়ে হাঁহিছিল। 

টেছলা ফালকনৰ দুৱাৰ দুখন উঠাই

চালকজনে কৈছিলে ‘আজি বৰ সুন্দৰ দিন’!

আৰুমই আজিকালি ইয়াত আঁচ দেখা পাওঁ

কভিদৰ পিছত মুখা পিন্ধি বা খুলি ওলাই অহা 

বহুতৰে মুখত আঁচেই আঁচ।

  • নীলাঞ্জনা মহন্ত

“পপীয়া তৰা”

 “পপীয়া তৰা”

মুখাখন খুলি এবাৰলৈ আইনাত চোৱাচোন?

কভিদতকিছুমান মুখাৰ আঁৰতচিনাকিও অচিনাকি!

আচল পৰিচয় লুকুৱাই আত্মহাৰা হয় ভিতৰৰ অসুৰ!!

লকডাউন আহিল কষ্ট কৰাৰ এলাহ

এন্ধাৰৰ আঁৰৰ অসুৰৰ বিয়াগোম লাৰূপ

সামাজিক মাধ্যমত মুখাৰ পিছৰ মুখ বিচৰাৰ,

সেই মুখ উদঙোৱাৰ ব্যৱসায় সেই এন্ধাৰৰ।

“Business target”, নিৰীহমনৰ চকুপানীৰে!

অচিনাকিও  যেন যুগযুগৰ আত্মীয়!

ক্ৰমে বাঢ়ে বিষবাষ্পবোৰঅসুৰে দাঁত নিকটায়!

মুখাহীনক বান্ধৱীয়ে কয়তুমি Angel নহবা।

আৰু এতিয়াযে মুখাপিন্ধা বা নিপিন্ধা বহুতেই 

একোজন নীলকণ্ঠ অথবা মুখাপিন্ধা ভদ্ৰ ব্যক্তি। 

  • নীলাঞ্জনা মহন্ত

অভিমানৰ বকুলপাহ

 অভিমানৰ বকুলপাহ


হেৰাই যোৱা সাধনাৰ সুপবিত্ৰ বকুলপাহ!

ঘূৰি আহিছিল দুপৰ নিশা জোনাক হৈ।

তলসৰা শুভ্ৰ তৰাৱলীৰ আকাশৰ মিচিকি সুবাস

অম্লান জোনৰ নৈত যেন স্বৰগমৰ পানচৈ

নাসাৰন্ধ্ৰৰ সুৰঙ্গৰে বহ্নিমান দিগন্ত জুৰি

জীপাল কৰিলে সুৰভিপিয়াসী ক্লান্ত মনপ্ৰাণ

বকুলে আঁকি যোৱা পথেৰে বাট বুটলি

উলটি আহিছিলে এজাক সপোনহাঁহি হৈ। 

কিছুমান সপোনে তথাপি দিঠক  নোখোজে,

বাৰিষাৰ ধলৰ দৰে দিকবিদিক বিচাৰি ফুৰে। 

  • নীলাঞ্জনা মহন্ত

নোটবুক

 নোটবুক


কালিলৈকে আমি অপৰিচিত কোনোবা

আজি হৃদয়ৰ অলিন্দত ঘৰ পাতিলাহি

সেই নাম নজনা সৰু চৰাইজনীৰ দৰে

পিছফালৰ বাৰাণ্ডালৈ কুটা কঢ়িয়াইছে

বিশ্বাসৰ এখনি সৰু ঘৰ সাজিবলৈ মন!

 কেৱল শান্তি আৰু সুখে স্থিতি ব।


জীৱনৰ প্ৰতিটো কথাই যিদৰে অস্থায়ী 

বিশ্বাসেই দিব সাহসহাঁহিবলৈ অনুৰাগ।

কালধুমুহাৰ নিদিবাচোন এতিয়াই জাননী

আৰু বহু হেপাহৰ বাট একেলগে বুটলিম

সুখৰ বাট যদি চমু আছিল

দুখৰ ৰাতিও পুৱাব অচিৰে। 

=====