উপহাৰ
হৃদয়ত থাকে যদি আন্তৰিকতা
মৰমত থাকে যদি সত্যতা
সৃজনী নৈ বয় আপোনপাহৰা হৈ
গান বা ছবি, নহ’লে কবিতা৷
সেই উপহাৰ যাৰ অপেক্ষা
কেতিয়াও নহয় কৰা, নুসুধিবা৷
সেই উপহাৰ আহে বৈ
বিশ্বাসৰ এক নদী হৈ৷
সুৰ তোমাৰ, কথাও তোমাৰ৷
সংগীতো তোমাৰ, কণ্ঠও তোমাৰেই৷
প্ৰকাশ মাথো সময়ৰ৷
দাবী আছে বিশ্বাসৰ৷
সেই বিশ্বাসৰ,
মই সাজো ঘৰ৷