(১) তুলিকা
কাৰ বাবে গীত গোৱা তুমি?
ওহোঁ, তুমিতো গীত নোগোৱা
তুমি একোখন ছবি আঁকা
প্ৰতিবাৰেই তুমি অঁকা ছবিৰে মই
সপোনৰ পৃথিৱীখনত বাস কৰোঁ
ছবিবোৰৰ আভাই প্ৰকৃতি হৈ ধৰণী শোভায়৷
(২) নিদ্ৰাৱলী
সাৰ পোৱাৰ পৰতে চিলমিলকৈ আহিছিল
গোটেই ৰাতি উজাগৰী, জানা?
ক’ব খুজিলেও নোৱাৰাৰ দুখত
কান্দিব জানিলেও ধৰা পৰাৰ ভয়ত
সৰু কাগজখিলাত শেহৰাতি
এখন মহাভাৰতৰ জন্ম হৈছিল৷
(৩) প্ৰাপ্তি
আমি সুখ কাক বোলোঁ?
দুখৰ বৈপৰীত্যই যদি সুখ বুজায়
তেন্তে, পৃথিৱীৰ আটাইতকৈ সুখী মানৱী মই হ’ম৷
কাৰণ হেৰোৱাৰ শোক পাতলাবলৈ
নোপোৱাৰ দুখ পাহৰিবলৈ
দুখবোৰ হৃদয়ৰ ৰোহঘৰত তলা মাৰি ছাবিকোচা দলিয়াই দিলোঁ৷
ঘূৰি নোচোৱাৰ অঙ্গীকাৰেৰে
জানো দিয়া, তোমাৰ যে মনত নাই৷
(৪) তোমালৈ (কবিঃ প্ৰবীণ বৰা, গুজৰাট)
তোমালৈ মোৰ বৰ হেঁপাহ
বুকুৰ দলিচাত তুমি আছা এপাহি ৰঙাফুল হৈ
জীৱনজোৰা সাধনা মোৰ
মৰহা গোলাপৰ জীৱনতৃষ্ণা তুমি
আপাহতে ৰাখিম তোমাক
মৰমৰ দুবাহুৰে সাৱটি
----
After a decade.... have seen such touching poems which connects to heart...Please don't stop...keep it up with new ..imaginations and feelings..
ReplyDeleteThanks @Probin Borah. You are a lyricist, talented singer and a poet too, hope to see more from you. Please let the creativity in you keep flowing despite all odds and evens in the journey of life. Will wait.
Delete