সুপ্ৰভাত!
÷÷÷÷÷
প্ৰতি কোমল পুৱাতে উদয় হোৱা তুমি
আকাশৰ সুৰুজটি হৈ
লাহে লাহে পোহৰোৱা মোৰ আকাশ
সেউজী সপোনবোৰ লৈ
ভৰাই দিয়া যেন মোৰ ক্লান্ত দুনয়ন
সজাই হেজাৰ ফুলৰ কলি
হেঙুলী আভা বিলাই গালেমুখে পুনৰ
সন্ধ্যা দি যোৱা একেই প্ৰতিশ্ৰুতি
When the storm in me respire for some calmness...... মনৰ ভিতৰত বলি থকা বৰদৈচিলাজনীয়ে মাজে মাজে ওলাই আহে অলপ উশাহ ল'বলৈ...
সুপ্ৰভাত!
÷÷÷÷÷
প্ৰতি কোমল পুৱাতে উদয় হোৱা তুমি
আকাশৰ সুৰুজটি হৈ
লাহে লাহে পোহৰোৱা মোৰ আকাশ
সেউজী সপোনবোৰ লৈ
ভৰাই দিয়া যেন মোৰ ক্লান্ত দুনয়ন
সজাই হেজাৰ ফুলৰ কলি
হেঙুলী আভা বিলাই গালেমুখে পুনৰ
সন্ধ্যা দি যোৱা একেই প্ৰতিশ্ৰুতি
(১) তুলিকা
কাৰ বাবে গীত গোৱা তুমি?
ওহোঁ, তুমিতো গীত নোগোৱা
তুমি একোখন ছবি আঁকা
প্ৰতিবাৰেই তুমি অঁকা ছবিৰে মই
সপোনৰ পৃথিৱীখনত বাস কৰোঁ
ছবিবোৰৰ আভাই প্ৰকৃতি হৈ ধৰণী শোভায়৷
(২) নিদ্ৰাৱলী
সাৰ পোৱাৰ পৰতে চিলমিলকৈ আহিছিল
গোটেই ৰাতি উজাগৰী, জানা?
ক’ব খুজিলেও নোৱাৰাৰ দুখত
কান্দিব জানিলেও ধৰা পৰাৰ ভয়ত
সৰু কাগজখিলাত শেহৰাতি
এখন মহাভাৰতৰ জন্ম হৈছিল৷
(৩) প্ৰাপ্তি
আমি সুখ কাক বোলোঁ?
দুখৰ বৈপৰীত্যই যদি সুখ বুজায়
তেন্তে, পৃথিৱীৰ আটাইতকৈ সুখী মানৱী মই হ’ম৷
কাৰণ হেৰোৱাৰ শোক পাতলাবলৈ
নোপোৱাৰ দুখ পাহৰিবলৈ
দুখবোৰ হৃদয়ৰ ৰোহঘৰত তলা মাৰি ছাবিকোচা দলিয়াই দিলোঁ৷
ঘূৰি নোচোৱাৰ অঙ্গীকাৰেৰে
জানো দিয়া, তোমাৰ যে মনত নাই৷
(৪) তোমালৈ (কবিঃ প্ৰবীণ বৰা, গুজৰাট)
তোমালৈ মোৰ বৰ হেঁপাহ
বুকুৰ দলিচাত তুমি আছা এপাহি ৰঙাফুল হৈ
জীৱনজোৰা সাধনা মোৰ
মৰহা গোলাপৰ জীৱনতৃষ্ণা তুমি
আপাহতে ৰাখিম তোমাক
মৰমৰ দুবাহুৰে সাৱটি
----