’জোনাকৰে ৰাতি’
চুটিগল্প, ©নীলাঞ্জনা মহন্ত৷
°°°°°°°°°°°°°°°°°°°°°°°°
টিং...
দত্তই হোৱাটচআপৰ নটিফিকেচনটোৰ শব্দ শুনি আচৰিত হ’ল৷ ৰাতি বাৰ বাজিছে হয়তো, এতিয়াও কোন সাৰে আছে? তেওঁৰসকলো নটিফিকেচন অফ মাত্ৰ কলেজৰ গ্ৰুপটোৰ বাদে৷ তাত প্ৰবাসী কোনো নাই আজিকালি৷ সকলোৰে ঘড়ীৰ কাঁটাবোৰ একাকাৰ হৈ পৰিছে কেতিয়াবাতে৷ এসময়ত দেৰশ সহপাঠীৰে ভৰি থকা গ্ৰুপটোৰ তেওঁ ফাউণ্ডাৰ আৰু হেড এদমিন আছিল৷ কোনোবাই ঠেঁহ পাতি গ্ৰুপ এৰি গ’ল যদি হেড এদমিনে ফুচুলাই আকৌ গ্ৰুপত ভৰ্তি কৰায়হি৷ সেয়ে তেওঁক গ্ৰুপত হেডমিন বুলিও কয় লগৰবোৰে ধেমালিতে৷ হাঁহি ধেমালিৰ পৰা নিজৰ ল’ৰাছোৱালীৰ জন্মৰ ফটো, ভেকেচনত বিচ্চত গৈ পেট ওলাই থকা ফটো, ক্ৰমান্বয়ে ৰং কৰা দুদালমান চুলিও নোহোৱা হৈ তপা হৈ অহা মূৰ ঢাকিবলৈ যত্ন নকৰা ফটোবোৰ, উহ কিমান যে বাৰ্তা৷ বৈদ্যুতিন মাধ্যমৰ আড্ডাৰে জমি থকা পৰিয়াল এটা যেন!
ফুৰ্তিভৰা মেচেজৰ মাজতে এদিন দুদিনকৈ মাজে মাজে তাত বিষাদৰ খবৰবোৰো দুই এটা আহিবলৈ আৰম্ভ কৰিলে এদিন৷ লগৰ এজন দুজনকৈ নোহোৱা হ’বলৈ ধৰিলে - কোনোবা যদি অসুখত, কোনোবা দূৰ্ঘটনাত সিপুৰীলৈ গতি কৰিছে৷ দহবছৰীয়া গেট টুগেদাৰৰ পৰা বিশ, পঁচিশ, তাৰ পৰা পঞ্চাশবছৰীয়া গেট টুগেদাৰত সহপাঠীৰ উপস্থিতি এশৰ পৰা এঘাৰজনলৈ কমিল৷ গ্ৰুপটো বাৰুকৈয়ে চেঁচা পৰিল৷ ইয়াৰ পিছত গেট টুগেদাৰ হ’লে সিপুৰীতহে বেছি গোট খাব বুলি ধেমালিও নকৰা নহয় দত্তহঁতে৷
গ্ৰুপৰ পৰা দত্তই কাৰোৰে নম্বৰবোৰ গুচোৱা নাই৷ সেই নম্বৰবোৰত আজিও প্ৰফাইল পিকচাৰত হাঁহিমুখেৰে “চ্চাল“ দি থকা লগৰ কঁঠাল, উৰহী, দীঘলী, হাঁহিচম্পা, বেলনা, আলু, কবি, বেংচতা প্ৰমুখ্যে সকলো আছে আৰু যেন এতিয়াই কোনোবাই মেচেজ দি ক’ব ’কি হ’ল বৰফ পৰিছে নেকি’... বা ’ৰঙালী বিহুৰ ওলগ জনালোঁ’৷ কেইবছৰৰনো আগৰ কথা সেয়া৷ এৰা!
এই সকলোবোৰৰে আচল নাম কি আছিল দত্তৰ মনত নাই৷ তেওঁলোকক কলেজত পঢ়ি থাকোতে যি নামত মতা হৈছিল তাৰেই’চেভ’ কৰা আছে তেওঁৰ ’কনটেক্ট লিষ্ট’ত৷ গ্ৰুপত বহুত মেছেজ প্ৰায়বোৰৰে পৰা ’আনচিন’ হৈয়ে ৰয় লাহে লাহে৷ সেই সকলে নাচায় যিসকলে লৰালৰি কৰি গুচি গৈছে এজন দুজনকৈ৷
যোৱা দুমাহত গ্ৰুপটো নিজম পৰি আছিল সম্পূৰ্ণ৷ দত্তৰ একালৰ সহপাঠী ৰহেদৈ (আচল নাম কি বা আছিল!) আৰু দত্তৰ বাদে বাকীবোৰ নোহোৱা হৈছিল৷ কোনোবাই যদি ধৰাখনেই এৰি গ’ল কোনোবাই ফোন ব্যৱহাৰ কৰিবলৈ এৰিলে৷ কোনোবাই হয়তো চকুৰে একেবাৰেই নেদেখে বাবে ফোন থাকিলেও কথা এটা দুটা পাতিবলেহে তাকো নাতিপুতিয়ে ফোন ওচৰলৈ আনি দিব লাগিব৷ কোন ক’ত আছে নে নাই লাহে লাহে সেয়াও খবৰ নোহোৱা হ’ল৷
এইবছৰ দত্তহঁতৰ পয়সত্তৰ বছৰ হ’লহেঁতেন কলেজৰ পৰা ওলোৱা৷ ৰহেদৈয়ে মেচেজ চাইছিল এমাহ দুমাহৰ বাদ দি কিন্তু একো নিলিখে তাই৷ পিছে তায়ে চায় নে আন কোনোবাই চাই দিয়ে তাইৰ হৈ দত্তৰ জানিবৰ উপায়ো নাই৷ এসময়ত দত্তই তাইলৈ পাঁচপৃষ্ঠাৰ চিঠি লিখিছিল৷ উত্তৰত তাই দহপৃষ্ঠাৰ মনেসজা কাহিনী এসোপা লিখি দি পঠাইছিল৷ কলেজত লগ পালে এটাইও আনটোক নামাতে৷ কিন্তু চিঠিৰ যোগেদি দুয়োৰে ভাল সাহিত্যচৰ্চা চলি আছিল শেষৰ দুবছৰ৷ দুয়ো বিয়াও নাপাতিলে নিজা নিজা কাৰণত৷ গ্ৰুপত দুয়ো এনেকৈ থাকে যেন পৰিয়াল এটা চলাবলৈ থকা দুজন গহীন পিতৃমাতৃহে৷ সকলোৰে খা খবৰ লয় কিন্তু ইজনে সিজনক কেতিয়াও একো মেচেজো নিদিয়ে আৰু একো নকয়ো৷ এইদৰেই দুয়োযেন আগৰপৰাই বুজি পাইছিল মনৰ ভাব৷সেয়া বাৰু প্ৰেম আছিল নেকি? নে অভিমানভৰা বন্ধুত্ব? সেই সম্পৰ্কৰ কোনো নাম দিয়া নহ’ল, তেওঁলোকেও নাম দিয়াৰ আগ্ৰহ নেদেখুৱালে কাহানিও৷ যেন যেনেকৈ চলি আছিল তেনেকৈয়ে দুয়ো সুখী৷ থাকক৷ কিছুমান সম্পৰ্কক একোটা প্ৰচলিত নাম দি যোগ্যতা দিব নোৱাৰি কিজানি৷ হয়তো সেই সম্পৰ্কত কোনো গভীৰতাও নাছিল, আচলতে দুয়োযেন সাহিত্যৰ ফ্ৰি ক্লাচহে কৰিছিল!
পঁচিশবছৰীয়া গেট টুগেদাৰত দুয়োৰে সাঁচি থোৱা চিঠি দুটোপোলাৰ কথা জনাজনি হৈ গৈছিল৷ দুয়োৰে দুটা টোপোলাৰ যিখিনি উদ্ধাৰ হ’ল, একেলগ কৰি আয়োজক কমিটিয়ে এখন কিতাপ প্ৰকাশ কৰিলে৷ সাধুকথা কিছু, সৰুসুৰা জোকোৱা কথা, নিভাঁজ তথা অবুজ অভিমানী মনৰ কথাসাহিত্য, আধালিখা কবিতাৰ অন্তাক্ষৰী আৰু কত কি! প্ৰায় দুশ পৃষ্ঠাজোৰা আচৰিত নে অনন্য সেই কিতাপখন গেট টুগেদাৰৰ মুখ্য অতিথি তেওঁলোকৰ কলেজৰ সেই সময়ৰ প্ৰিন্সিপাল ডাঙৰীয়াই উদ্বোধন কৰেহি৷
“জোনাকী নৈৰ ৰূপালী ঢৌ“ - কিতাপৰ শিৰোনাম৷
হস্পিটেলৰ বিচনাৰ পৰাই শুনা টিং শব্দটোয়ে আমনি কৰি আছে দত্তক৷ নাৰ্চগৰাকীও ক’ত গ’ল জানো! তেখেতৰ নাকে মুখেকিবা এসোপা পাইপ লগোৱা আছে লৰচৰো কৰিব নোৱাৰে বেছি৷ ফোনটো চাবলৈ মন গ’ল৷ ৰহেদৈয়ে দিছে নেকি কিবা৷ নে কোনোবা সুপ্ত বন্ধুয়ে সাৰ পালে নেকি বাৰু? তেওঁৰ ফোনত বাকী সকলো এপৰ নটিফিকেচন অফ আছে৷
যেনেতেনে ৰঙা বুটামটো তেওঁ টিপি নাৰ্চক মাতিলে৷
নব্বৈ গৰকা দেহটো কোনোমতে বিচনাত বহুৱাই লৈ নাৰ্চৰ পৰা ফোন আৰু চচমা লৈ চাই তেওঁৰ মুখত হাঁহি বিৰিঙি উঠিল৷
“হেপী ডায়মণ্ড জুবিলি টু অল“
ৰহদৈৰে মেচেজ৷ কিন্তু এয়া দেখোন পৰহিয়ে দিয়া মেচেজ৷ আজিহে বাজিলে যে নটিফিকেচনটো? যি কি নহওক সাঁথৰ যিহেতু বহুত৷ কিমান ভাঙিব আৰু বেছি নভবাই ভাল৷
অট’ ৰিপ্লাই দিলে তেওঁ, “থেংক ইউ, চেম টু ইউ“৷
হয়তো, এইবছৰত সোমোৱাৰ লগে লগে তেওঁলোকৰ কলেজ এৰি অহা পয়সত্তৰ বছৰত সোমাল!! সময়বোৰ যেন পাখি লগাকাঁড়!
হাঁহি এটা অলপ শব্দ কৰি ওলাই আহিল তেওঁৰ মুখেদি৷ চৰচৰনি খালে তেওঁ৷ পাইপবোৰ নাকে মুখে যেনিতেনি আছে দিগদাৰ কৰিছে৷ টানি যেন এতিয়াই এৰুৱাই দিব এইসোপা আৰু দৌৰ মাৰি গৈ কলেজৰ চৌহদত গৈ পাব! আঠবজাৰ বাছখন যোৱা শব্দৰ লগে লগে ৰুমমেটক উঠাই ক’ব ’ঐ দাঢ়িয়া, উঠ উঠ আজি পৰীক্ষা আছে নহয়৷’
কাহ এটাও উঠিব খুজিছে তেওঁৰ৷ নাৰ্চগৰাকী এইবাৰ দৌৰি আহিছে, চকুযোৰ মেলিবলৈ কষ্ট হৈছে দত্তৰ৷ জোৰেৰে কাহটো উলিয়াই দিহে শান্তি পালে যেন তেওঁ৷ কোনোবাই তেওঁৰ সোঁহাতৰ পালচ চাইছে৷ ওচৰৰ মেচিন এটাত হঠাতে টিঁইইই... কৈ বজা ডাঙৰ শব্দ এটাই বৰ কামোৰ দিছে দেই৷
টিং টিং টিং টিং...
হঠাতে বহুত কেইটা নটিফিকেচনৰ শব্দত দত্তৰ জ্ঞান পুনৰ ঘূৰি আহিল৷ মিচিকি হাঁহি এটা খেলাই গ’ল তেওঁৰ মুখত৷ আ-হা! বহুতবোৰ মেচেজ আছে৷ ফোনটো দাঙি লৈ চালে নিজেই তেওঁ৷ একো অসুবিধা নহ’ল৷ সকলোয়ে মেচেজ দিছেচোন৷ এইসোপা ক’ত মৰি আছিলি ঐ ইমানদিনে? নেলু, কঁঠাল, উৰহী সব আহিছে অনলাইন!
সকলোয়ে ডায়মণ্ড জুবিলিৰ শুভেচ্ছা দিয়াৰ লগতে ৰহেদৈৰ এই মেচেজটোও দত্তই পঢ়িলেঃ ’জোনাকী নৈৰ আনটো পাৰলৈ স্বাগতম’৷
°°°°....°°°°°°°°....°°°°°.....°°°°°
#অসমীয়া #Assamese
No comments:
Post a Comment