“আকাশৰে নীলাই পৃথিৱী সাবটে“
চুটিগল্পঃ ©নীলাঞ্জনা মহন্ত
====================
“গগৈ, বৰ্তমানৰ সংখ্যাটো কওকচোন?“
“দহজন৷“
“আটাইবোৰ কিশোৰেই নে?“
“হয় শৰ্মা৷“
“তেওঁলোকৰ চকুৰ স্লাইদকেইখন পঠাই দিবচোন৷“
“বৰাই আপলোড কৰিছে লেটেস্ট ৰিপৰ্ট অলপ আগতে৷“
“চাওঁ বাৰু৷ ধন্যবাদ৷“
শৰ্মাই হিমু নামৰ ল’ৰাজনৰ চকুৰ ইমেজবোৰ চালে৷ তাৰ পিছত ৰাজৰ৷ আটাইকেউটা ৰিপৰ্ট তন্ন তন্নকৈ চাই শৰ্মা শিয়ঁৰি উঠিলযেন৷ এসপ্তাহ আগতে এটা কিশোৰৰ দল বুঢ়াপাহাৰৰ সিপাৰে থকা কৌতূহলবশত জয়াল শিল এটাৰ ফাঁকেদি সোমাই গৈছিলবনভোজ খাবলৈ গৈ৷ সকলো ঠিকেই আছিল তথাপি৷ শিলৰ ফাঁকেদি যোৱা পোন্ধৰজন ল’ৰাৰ ভিতৰত ক্ৰমান্বয়ে এতিয়ালৈকেদহজনে সেইদিনা গধূলিৰ পিছত এজন এজনকৈ চকুৰে নেদেখা হোৱা বুলি ৰিপৰ্ট আহিছে৷ সকলোৰে লক্ষণবোৰ একে৷ প্ৰথমেইহিমুয়ে নেদেখা হৈছিল৷ এসপ্তাহৰ ভিতৰত তাৰ চকুৰ গঠনত আণৱিক পৰ্যায়ত যেন কিবা সলনি হৈ আছে প্ৰতিদিনৰ ৰিপৰ্টতকিছু পাৰ্থক্য৷ চকু মেলিলেই সি মানুহৰ হাড়বোৰ দেখে আৰু কেৱল ধাতুহে দেখা পায়৷ তাৰ পিছত ৰাজৰো একেই দুদিনৰ পিছত৷তাৰ পিছত লয়ৰ৷ তাৰ পিছত আন কেইজনৰ..
শিলৰ মাজত সোমাই গৈ এন্ধাৰত খেপিয়াই খেপিয়াই বাট বিচাৰি নেপাই ইজনে সিজনক মাত দি হাতত ধৰি ধৰি দহমিনিটমানৰভিতৰত ল’ৰাকেইজনে শিলৰ মাজৰ পৰা ওলাই আহিছিল৷ ওলাই আহি প্ৰত্যেকেই মূৰটো অলপ ঘূৰোৱা যেন অনুভৱ কৰা বুলিকয়৷ আটাইতকৈ আগত গৈছিল হিমু৷ ওলাই আহি সি মূৰ ঘূৰাই পৰিয়ে গৈছিল প্ৰায়৷ বাছত আহি থাকোতে উভটনি যাত্ৰাত সিমূৰৰ বিষৰ টেবলেট খায়ো শান্তি পোৱা নাছিল৷ ৰাতিপুৱা হোষ্টেলত শুই উঠি ধুৱলি কুঁৱলী দেখি সি চিঞৰ বাখৰ লগালে৷ চকুধুয়ো একো দেখা নাই৷ লগৰ ল’ৰাবোৰে মটৰচাইকেলত উঠাই হস্পিটেললৈ লৈ আহে৷ সকলোয়ে তাৰ চকুত হয়তো কিবা বিষাক্তগছৰ ৰস বা কিবা পৰিল বুলিয়ে ভাবিছিল৷
কিন্তু দৃষ্টিহীনতা বা অতিদৃষ্টিৰ লক্ষণৰ বাদে বাকী সকলোবোৰ কথাই নৰমেল৷ তেজ আৰু চকু বা আন অংগপ্ৰত্যংগত কোনোবিষক্ৰিয়াৰ প্ৰভাৱ পৰীক্ষা কৰিও একো পোৱা নগ’ল৷ সেইদিনাই গধূলিলৈ ৰাজ, গোবিন আৰু চন্দনৰো একেই লক্ষণ৷
তাৰো পিছদিনা আৰু দুজন৷ এইদৰেই আজি দহজন মুঠ ভৰ্তি হৈছেহি হস্পিটেলত একে অভিযোগেৰে৷ চকুৰে নেদেখে! ৰিপৰ্টবোৰৰ আন এটা কথাই পিছে শৰ্মাক চক খুৱাই দিলে...৷
শৰ্মাই হিমুক ভিজিট দিবলৈ আহিল৷ নাইট ডিউটিত থকা দুই এজনৰ বাদে হস্পিটেলৰ সেইটো চৌহদ ৰাতি প্ৰায় জনশূণ্য হৈথাকে৷ হিমু সাৰ পায়েই আছে৷ কাণত হেডফোন লগাই গান শুনি৷
“কি খবৰ হিমু?“
“ভাল“ হিমুয়ে চকু নেমেলাকৈয়ে ক’লে৷
“চকু মেলাচোন“
গাঢ় নীলা কৰ্ণিয়াৰে চকুকেইটা মেলিলে হিমুয়ে৷
“কি দেখিছা সমুখত?“
“আপোনাৰ জঁকাটো“
“মোৰ গুৰিদাঁতকেইটা দেখিছানে“
“আপোনাৰ বাওঁফালে ওপৰৰ গুৰিদাঁত এটাও নাই৷ কেনেকৈ ভাত খায়নো?“
শৰ্মাই তাৰ চকুত এটা বিশেষ লাইট মাৰি পৰীক্ষা কৰি চালে তন্ন তন্নকৈ৷ লাইটটোৰ লগত কানেকচন থকা এয়াৰ দিচপ্লেতভয়ানক ৰিজাল্ট কিছুমান ওলাইছে৷
ৰিপৰ্ট চাই গম পালে তেওঁ যি ভয় কৰিছিলে সেয়াই হৈছে৷ পাৰমাণৱিক পৰ্যায়ত কোনো বিশেষ ৰশ্মি বা পদাৰ্থৰ প্ৰভাৱত তাৰ চকুৰদৃষ্টিশক্তি মানুহে সাধাৰণতে দেখা বিদ্যুৎচুম্বকীয় ৰশ্মিৰ বৰ্ণালীৰ পৰা গৈ অনেকগুণ বেছি কম্পনাংক অৰ্থাৎ ৰঞ্জন ৰশ্মিৰ পৰ্যায়পাইছেগৈ৷ সেয়েহে এক্সৰে (ৰঞ্জন ৰশ্মি) কৰিলে যেনেদৰে হাড় বা ধাতুবোৰহে প্ৰতিবিম্বিত হয় তাৰ চকুয়েও এক্সৰে ভিজিয়ন আয়ত্বকৰিছে৷ তাৰ চকুৰ কৰ্ণিয়াৰ ৰঙো ক্ৰমান্বয়ে গাঢ় নীলা হৈ পৰিছে৷
তিনিদিনমান আগৰ ৰিপৰ্টত চকুকেইটা তাৰ পাতল নীলা আছিল৷ দুদিন আগতে হিমুয়ে মানুহৰ শৰীৰৰ ’আউটলাইন’ দেখাবুলি কৈছিল৷ আজি সেয়াও দেখা নাই৷ অৰ্থাৎ প্ৰতিবিম্বিত ৰশ্মিৰ কম্পনাংক বাঢ়ি গৈ আছে, আৰু বেমাৰ বেয়ালৈ গৈ আছে৷ইয়াৰ পিছত কি হ’বগৈ ক’ব পৰা টান৷ বিদ্যুৎচুম্বকীয় ৰশ্মিৰ এটা আটাইতকৈ উচ্চ কম্পনাংক গামা ৰে৷ এইদৰে থাকিলে এক্সৰেৰপিছত গামা ৰেৰ পৰ্যায় নাপায়গৈতো? তাৰ পিছত কি হ’ব? ইমান উচ্চ কম্পনাংক জুখিব পৰা মেচিনেই নাই গোটেই অসমতে৷চিকিৎসা দূৰৰে কথা৷ ৰাজ্যৰ অতিশয় সাসুবিধাজনক বিশ্ববিদ্যালয়খনৰ পদাৰ্থবিজ্ঞানবিভাগৰ মূৰব্বীজনৰ লগতো কথা পাতিছেআজি তেওঁ৷
এখন অতি উচ্চ পৰ্যায়ৰ জৰুৰী বৈঠক চলিছে মাজনিশা৷ দেশৰ কেইজনমান নামজ্বলা পদাৰ্থবিজ্ঞানী, পাৰমাণৱিক বিজ্ঞানী, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, চিকিৎসাবিজ্ঞানী, নিউৰোচাৰ্জন প্ৰমুখ্যে এটি দলৰ সমুখত ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে অনুষ্ঠিতবৈঠকখনত শৰ্মাই সমস্যাটোৰ গুৰিৰ পৰা লক্ষণ, বিশ্লেষণৰ মূল কথাকেইটা পৰিষ্কাৰকৈ দাঙি ধৰে৷ ইতিমধ্যেই বুঢ়াপাহাৰৰ সেইশিলটোৰ কাষৰ অঞ্চলটো চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছে যাতে কোনেও তালৈ নাযায়৷ কি আছে কোনে জানে তাত! এই বাতৰিওলোৱাৰ পিছতে স্থানীয় ৰাইজে তাত দুবছৰমান আগতে বহুত নীলা চকুৱা বান্দৰ দেখা বুলিও জনাইছে, সেইবোৰ হেনোএসময়ত গাৱঁত ঘূৰি ফুৰিছিল৷ কিন্তু নীলাচকুৱা বান্দৰবোৰ বৰ লেৰেলা আৰু দূৰ্বলী আছিল বোলে আৰু সোনকালে অ’ত ত’তপৰি থাকি গোটেইবোৰ নিজেই মৰা পৰিল৷ আজিকালি নীলাচকুৱা বান্দৰ দেখা নাযায় হেনো৷
পুৱা উঠিয়েই শৰ্মাই চাহৰ লগে লগে আকৌ আগৰাতিৰ আলোচনাবোৰ ফঁহিয়াই চোৱাৰ লগতে হিমুৰ ৰিপৰ্টবোৰ পঢ়ি চালেএবাৰ আকৌ৷
ৰাতি ভালদৰে শুবলৈ নোপোৱাৰ বাবেই নেকি শৰ্মাৰ মূৰটো অলপ ঘূৰোৱা যেনো লাগিল৷ ছুটিয়েই ল’ব নেকি তাকো ভাবিলে৷নাই নাই, ছুটি ল’লে এই ল’ৰাকেইটাৰ কি গতি হ’ব৷ কিবা এটা কৰিবই লাগিব৷
বাংগালোৰৰ বিজ্ঞানী ড° ৰাৱে আজিয়েই ফচফৰ নামৰ এবিধ বিশেষ দ্ৰব্যৰে পৰীক্ষামূলক কৃত্ৰিম কৰ্নিয়া আৰু ৰেটিনা কিছুমানতৈয়াৰ কৰিব৷ সেয়া আহি পাবলৈ কমেও দুদিন৷ আজি কোনোবা দূৰ্ঘটনাত পতিত এজন লোকৰ চকু এহাল পোৱা গৈছে হিমুকতাৰে এটা চকু লগোৱা হ’ব দুঘণ্টাৰ ভিতৰতে৷ যদি সেয়াই কাম কৰে ভালেই৷
লেবৰেটৰীত নিৰ্মিত প্ৰথমটো ফচফৰ আইজৰ ফটো ৰাৱে ইমেইল কৰি পঠাইছে৷ সাধাৰণ মানুহৰ চকু যেনেই লাগিছে দেখাত৷
ব্ৰেকফাস্টৰ পিছতে শৰ্মাই মূৰৰ বিষৰ পিল এটা খাই ল’লে৷ বহুত কাম আছে আজি৷ গা বেয়া হ’লে নহ’ব৷ ল’ৰাকেইটাৰ ৰিভাৰ্চম’ডত কিবা কৰি হ’লেও দৃষ্টিশক্তি ঘূৰাই আনিবই লাগিব৷ চৰকাৰেও সকলো খৰচ আৰু গৱেষণাৰ দায়িত্ব লৈছে যিহেতু ইয়াতআপোচ কৰাৰ কথাই নাহে৷
টিং..
গগৈৰ মেচেজ৷
“অপাৰেচন চাকচেচফুল শৰ্মা৷ অভিনন্দন৷“
“সুন্দৰ৷ বস্তুটো লেবত দিয়া হ’ল নেকি“
“নাই“
“মই গৈ আছো কিবা এটা চাম৷ ৰাখি থ’ব মোৰ টেবুলতে“
“হ’ব পিছে এটা কথা আছিল“
“কওক৷“
“ আমাৰ নাইট চিফটত থকা হিমুহঁতৰ পৰিচৰ্যা কৰা দুগৰাকী নাৰ্চৰ লগতে এটেন্দেন্ট আলিকো আজি পুৱা ভৰ্তি কৰিব লগীয়াহৈছে মূৰৰ বিষ আৰু চকুৰে ভালদৰে নেদেখা হোৱাৰ অভিযোগত“
“কি?“
“হয় শৰ্মা, সাৱধানে থাকিব৷ কিবা এটা হৈছে কিজানি, সোঁচৰিছেই নে কি ধৰিব পৰা নাই৷ কালি ৰাতিৰ মিটিঙৰ পিছত মোৰোআজি মূৰটো বৰকৈ বিষাই আছে“
“...“
আৰু এখন্তেকো নৰৈ শৰ্মা হস্পিটেলত পালেগৈ৷
শিলৰ মাজলৈ ’এডভেঞ্চাৰ’ কৰা পোন্ধৰজন ল’ৰায়েই ইতিমধ্যে হস্পিটেলত ভৰ্তি হৈছেহি৷
আচৰিতজনকভাবে, একেবাৰে শেষত ভৰ্তি হোৱা ঋষি নামৰ ল’ৰাজনৰ ককায়েকো একে ৰোগতে আক্ৰান্ত!
ইমানবোৰ চকু কোনে দান দিব? যদি সংক্ৰমণ হৈছে কেনেদৰে তাক ৰোধ কৰিব পৰা যাব পৰিস্থিতি বেয়ালৈ যোৱাৰ আগতেই? শৰ্মাই কিবা এটা ভাবি লেবৰ পৰা আনি ৰেদিয়েচন প্ৰুফ চচমা এযোৰ পিন্ধি ল’লে হিমুক দেখা কৰিবলৈ যোৱাৰ আগতে৷ তেওঁৰনিজা চচমাযোৰ বহুদিন হ’ল সলোৱা নাই, আজি টিভিত নিউজটো এবাৰ চাওঁতে অলপ ভালদৰে নেদেখা যেনো লাগিছিল৷বহুদিন চেক আপত যোৱা নাই আৰু টিভিও তেনেকৈ চোৱা নহয়েই বাবে কথাটো মন কৰা নাছিল৷ এইবাৰ পাৱাৰ সলাই দিয়েযদি চচমাখন ৰেদিয়েচন প্ৰুফ কৰি ল’ব লাগিব৷ অলপ দাম পৰিব৷ কিন্তু সাৱধান হোৱা ভাল৷ দিনকাল বেয়া৷ তাতে বছৰটোৰশেষত ক’তো যোৱা নহ’ল বাবে মাঘবিহুতে পৰিবাৰে ধলা শদিয়াৰ দলং দেখা নাই তাকে চাবলৈ যাম বুলি কৈ আছে৷ আবেলিকেইপাৰিলে হস্পিটেলতে চকুহাল পৰীক্ষা কৰাব খালি থাকে যদি৷ তেওঁ কাকো কোৱা নাই যদিও মূৰটো বৰকৈ বিষায়েই আছেএতিয়াও৷ হস্পিটেললৈ আহি থাকোতেই কথাবোৰ জুকিয়াই আহিল৷
হিমুৰ অপাৰেচন হৈ গ’ল৷ আজিকালি অপাৰেচনৰ পোন্ধৰমিনিটৰ ভিতৰতে চকু খুলিব পাৰি৷ অলপ বিষ থাকে দুদিনমান কিন্তুৰোগীয়ে চকু মেলি ইটো সিটো চাব পাৰে৷ খালি বেছি পোহৰ চাবলৈ দিয়া নহয় প্ৰথমদিনা৷
ততাতৈয়াকৈ শৰ্মাই তাৰ ৰিপৰ্টবোৰ চালে৷ অপাৰেচনৰ আধাঘণ্টাৰ ভিতৰত হিমুয়ে বৰ্ণালীৰ সাতোটা ৰঙেই চিনাক্ত কৰিবপাৰিছে৷ ভাল কথা৷ আগৰ দৰে মানুহ দেখিলেই জঁকাটোহে দেখা বুলি অভিযোগ কৰা নাই হেনো৷ মনটো অলপ হ’লেও ফৰকালহৈ উঠিল শৰ্মাৰ৷ ইয়াৰ পিছৰ পৰীক্ষাটো হ’ব ফচফৰ আইজ স্থাপনৰ অপাৰেচন, যিটোৰ প্ৰথম দহটা চেম্পোল ড° ৰাৱেবাংগালোৰৰ পৰা কাইলৈ কুৰিয়াৰ কৰিব পাৰিব বুলি আশা দিছেই৷
“হিমু, কেনে আছা?“
“মোৰ ভালেই“
“মূৰৰ বিষ গ’লনে?“
“আজি বিষৰ দৰব নাই দিয়া বুলি কৈছে৷“
“সুন্দৰ, তোমাৰ চকুৰ দুটামান পৰীক্ষা কৰো, চাওঁ বাওঁ চকুটো মেলাচোন“
টৰ্চলাইট এটাৰ দৰে মেচিনটো ঘূৰাই পকাই শৰ্মাই হিমুৰ দুয়োটা চকু তন্ন তন্নকৈ চালে৷ সুন্দৰ৷ সোঁচকুৰ একোণ অলপমান নীলাভযেন দেখা গৈছে কিন্তু খুব নগন্য পৰিমাণত৷ সেয়া যদিও অ-প্ৰাকৃতিক যেন লাগিছে তথাপি ঠিক হৈ যাব বুলি আশা কৰিলে তেওঁ৷কাইলৈ এবাৰ আহি চাব লাগিব আকৌ৷ কি ঠিক প্ৰভাব থাকি যোৱা নাইতো!
ৰিপৰ্ট টোত কিবা কিবি টাইপ কৰি কৰি তেওঁ কৈ গ’ল -
“সকলোবোৰ ঠিকে আছে হিমু৷ তুমি সাহসী ল’ৰা৷ গতিকে তোমাৰ সোনকালে সকলো ঠিক হৈ যাব৷ আমি দুদিনমান তোমাকইয়াত পৰ্যবেক্ষণত ৰাখিম৷ যাতে সম্পূৰ্ণ বিপদমুক্ত বুলি সকলোয়ে মানি ল’ব পাৰো ৰিলিজ দিয়াৰ আগতে, যিহেতু তুমি এইঅচিনৰোগৰ দেশৰ ভিতৰতে কি হয়তো পৃথিবীৰ ভিতৰতে প্ৰথম ৰোগী৷ গতিকে তোমাক আমি ভালদৰে অলপ অবজাৰ্ভেচনতৰাখিহে এৰি দিম বুলি ভাবিছো৷ যদিহে তোমাৰ আপত্তি নাথাকে“
ৰলিং চেয়াৰখনত বহিয়ে হিমুৰ ফালে এইবাৰ ঘূৰি শৰ্মাই ৰেদিয়েচন প্ৰুফ চচমাখন মচি মচি তাৰ ফালে মিচিকিয়াই চাই সুধিলে, “ভাল লাগিছেনে ঘৰলৈ ঘূৰি যাব পাৰিবা বুলি শুনি? এনি কুয়েশ্বন ডেকাল’ৰা?“
এবাৰ শৰ্মাৰ ডিঙিত ওলমি থকা মস্ত আই কাৰ্ডখনৰ ফটোখনলৈ আৰু এবাৰ তেওঁৰ মুখলৈ পিৰিকপাৰাককৈ অগাপিছাকৈ চাইহিমুয়ে ক’লে, “আপোনাৰ চকুকেইটা আগতে ক’লা আছিল নেকি?“
“মানে?“
“আপোনাৰ চকুযোৰচোন আকাশী নীলা“
“.....“
॰॰॰॰॰॰॰॰॰॰॰