উভতগোৰ
=========
ক ক ক ক কককক্ক্...
ডাক দিলেই ছাগলীজনীয়ে
কুকুৰটোয়েও বোলে মিয়াওঁ
বৰুৱাই বোলে আজি দেওবাৰ
ৰহচোন এবেলা জিৰাওঁ৷
হেম্বে.....
কুকুৰাটোয়ে হ’বলা পাৰিছে কণী
পুৱাই পাৰিছে আটাহ,
বৰুৱানীয়ে বৰুৱাক লাহেকৈ হেঁচুকে
কেতিয়াকে দিবানো চাহ?
ঔম জয় জগদীশ হৰি....
বি বি চিৰ ৰেডিঅ’ত হিন্দী ভজন
পুৱাই শুনা বৰুৱানীৰ কাম,
সেই সময়তে বৰুৱাৰ গমন
বোলে, গা পা ধুই ৰুটিভাজি খুৱাম৷
ওৱাক থু....
বৰুৱানীৰ মুখ ধুই হয়গৈ মানে
বৰুৱাৰো চাহৰ যোগাৰ হয়,
দাইনিং টেবুললৈ আদৰি মাতে
চাহ, লুচি, ভাজি সজাই থয়৷
চেহ....
বৰুৱানীয়ে খবৰকাকত মন দি পঢ়ে
চাহৰ পিয়লাত চুমুক দি,
বৰুৱাই উৰণি লৈ ঘৰচোতাল সাৰে
সোধে বেয়া খবৰ আছে নেকি?
চেটেপ চেটেপ....
খাই বৈ উঠি আমাৰ বৰুৱানীয়ে
বাথৰুমলৈ বুলি যায়,
মচি থোৱা মজিয়াৰ ওপৰেৰে
চেণ্ডেল চোঁচৰাই চোঁচৰাই৷
বৰুৱাই আকৌ মচি মচি কয়
বোলো গৰম পানী হোৱাই নাই,
বাথৰুমত টাৱেল কাপোৰো
দিবলৈ সময় পোৱা নাই৷
বৰুৱানীয়ে ঘেংকৈ গোজৰি উঠে
সেইকাৰণে সোনকালে উঠিব লাগে!
শৰ্মাক চাবা চাৰিটাতে উঠে
শৰ্মানীয়ে অফিচত জহাই থাকে৷
বৰুৱাই বোলে, হ’ব দিয়া
এইবছৰ মোক ফুৰাবলৈকে নিনিলা
শৰ্মাহঁতৰ নাই নুফুৰা জেগা
তুমিহে অফিচ-অফিচকে থাকিলা৷
বৰুৱানীৰ হ’ল একো নাই খঙত
অঁ মই যে মাৰিয়ে আছো বিয়াৰ ধাৰ?
শৰ্মাই অনা নাই কি যৌতুকত
আকৌ বুজাব লাগিব সেইষাৰ?
ঘেটলেং ঠেং ঠেং দেনেনেনেনেনেহহহ্...
বৰুৱানীৰ হাতৰ ওচৰতে থকাৰ ফল
প্লেট এখনৰ তাণ্ডৱ নৃত্য পৰিবেশন
বৰুৱাই নীৰবে মাথো চাই ৰ’ল
বৰুৱানীৰ লগত পলাই অহাৰ ফল৷
কেচে কেচে কেচে ঘ্ৰাংংং....
গাড়ীৰ মাতত হুঁচ আহিল বৰুৱাৰ
আছে এসোপামান ঘৰুৱা কাম
শান্তি নাই বুলি বন্ধবাৰ
তিৰি হৈ জন্ম নোলোৱাৰ পৰিণাম৷
বৰুৱানীয়ে পিছে ওলাই গ’ল
হয়তো বজাৰলৈকে যাব
ঘৰত কি কি নাই ক’বলৈকে নহ’ল
মেচেজ দিয়ে লিস্টখন জনাব৷
যৌতুকত বৰুৱাই মাথো আনিছিল
এখন নে দুখন গামোচা
সৰু থাকোতেই বাপেকে শিকাইছিল
তাঁতশাল আৰু ঘৰ সৰা মোচা৷
আইনাত চালেগৈ বৰুৱাই নিজকে
একো হোৱা নাই, বুজালে নিজকে নিজে
চুলি-মোচ ফণিয়াই উঠিলে লাহেকে
টিভিত শহুৰ-জোঁৱাই চিৰিয়েল চলিছে৷
=========