ভীৰৰ মাজত নেদেখিলাই কিবা ক’বলৈ
হাঁহিৰ মঞ্চত কি আছিল সংলাপ মোৰ?
আপোনাআপুনি ওলাই আহে জীয়াঢল হৈ
শব্দবোৰ চকুলো হৈ উপজে, আপোনবিভোৰ
ভীৰৰ মাজত আঁত হেৰুৱাইছা তুমি
ক’লা চশমাৰ সিপিনে কৃষ্ণ চকুহালি,
বাৰেবাৰে যেন কয় তুমি বুকুতে আছাহি
যদিও, ভীৰৰ উত্তাপত উমাল মৌচুমী
No comments:
Post a Comment