Tuesday, September 16, 2025

উপহাৰ


উপহাৰ


হৃদয়ত থাকে যদি আন্তৰিকতা

মৰমত থাকে যদি সত্যতা

সৃজনী নৈ বয় আপোনপাহৰা হৈ

গান বা ছবি, নহ’লে কবিতা৷


সেই উপহাৰ যাৰ অপেক্ষা 

কেতিয়াও নহয় কৰা, নুসুধিবা৷

সেই উপহাৰ আহে বৈ 

বিশ্বাসৰ এক নদী হৈ৷ 


সুৰ তোমাৰ, কথাও তোমাৰ৷ 

সংগীতো তোমাৰ, কণ্ঠও তোমাৰেই৷

প্ৰকাশ মাথো সময়ৰ৷ 

দাবী আছে বিশ্বাসৰ৷

সেই বিশ্বাসৰ, 

মই সাজো ঘৰ৷