ধূলি আৰু বতাহঃ নীলাঞ্জনা মহন্ত
নিতাল নিশা, মনে উচুপিছে চাদৰ তিয়াই,
এৰি অহা দিনবোৰে হাতবাউলি দি যায়।
একেলগে কত গান গালোঁ, কথা, হাঁহি-ধেমালি,
পৰেনে মনত তোমাৰ একেলগে খোজ কঢ়া,
পথৰ কাষৰ সৰলগছবোৰে এতিয়াও তোমাৰ খবৰ সোধে।
সময় সলনি হ’ল, আজি বেলেগ-বেলেগ যেন,
স্মৃতিবোৰো ধূসৰ হ’ব খোজে, হিয়াফুলো মৰহিছে
নিজকে সুগন্ধি এজুপি তগৰ বুলি ভাবিছিলোঁ
আছিলোঁ তোমাৰ বিশাল ৰাজ্যৰ এদাল দুবৰিহে৷
সময়ৰ গচকত জহি খহি মৰিছোঁ, ৰংবোৰ আৰু নাই৷
আজি উচুপিছোঁ, পিছলৈ ঘূৰি যাব নোৱাৰোঁ জানিও,
জীৱনযুঁজত সকলো হেৰুৱাই বিফল মনটোয়ে মোৰ
বুজিও নুবুজে!
সকলোয়ে কয় মই হেনো হাঁহিমুখীয়া
সময়ে কয় এহ বাদ দে, সব পাহৰি যা৷
মনটোয়েচোন আকুল হৈ কয় —
আহ, আকৌ এবাৰ সেই দিনবোৰৰ হওকচোন আগমন।
No comments:
Post a Comment