Friday, March 6, 2026

Good morning song

 Good morning song

Rise with rays in your eyes,

Let every stress go away.

Every sunrise brings a new day 

Today will be a beautiful day.

How do you depict your morning?

I paint it by humming and singing.

Tears dry up, sorrows fade

Ears awaken, smiles spread. 




প্ৰবীণ কবিৰ ৰাগমালিতা

125

সপোনৰ দুৱাৰ (The Door of Dreams)


নীলা খামৰ চিঠিখন আজিও খোলা নহ,

আবেলিৰ দজাক তোমাৰ পদূলিতেই ল।

সপোনৰ দুৱাৰদলিত থিয় হৈ মাথোঁ চালোঁ

তুমি যেন এটি কবিতাযাক মই শব্দৰে আঁকিলোঁ।

বুকুৰ কোনোবা এটা কোণত আজিও তুমি থাকা,

মোৰ মৌনতাৰ মাজত তোমাৰ হাঁহিটি অঁকা।

স্মৃতিৰ সুবাসে যেতিয়া আমনি কৰি যায়,

উশাহবোৰে যেন তোমাৰ চহৰৰ ঠিকনা বিচাৰি পায়।

নকলেও বুজি পোৱা কথাবোৰ চোন ভাল,

তুমি মোৰ আকাশৰ এটি তৰামই তোমাৰ জোনাকৰ ঢাল।

আহিবানে কেতিয়াবা সেই একেই বাটেৰে ঘূৰি?

 আমি ৰৈ আছিলোঁ সপোনবোৰ আজুৰি।


*```ভীৰৰ মাজত তুমি মোৰ আপোন*```


তোমাৰ চকুৰ সেই গভীৰতাত,

মই বিচাৰি পাওঁ মোৰ ঠিকনা।

যেন এক নিৰৱে বৈ যোৱা জানুৱাৰীৰ কুঁৱলী,

যিয়ে আলফুলে চুই যায় মোৰ দুখৰ সীমানা।

তুমি মোৰ পদূলিৰ এপাহি তগৰ,

যাৰ সুবাসত আমোলমোল হয় মোৰ নিশা:

বুকুৰ কোণত তুমি এটি গোপন সুৰ,

যিয়ে মচি দিয়ে মোৰ জীৱনৰ সকলো তৃষ্ণা।

হাতৰ মুঠিত যদি হাত থোৱা তুমি,

আকাশৰ তৰাবোৰেও যেন জোকাৰি দিব হাহিঁ।

নদীৰ দৰেই বৈ যাম আমি একেলগে,

কেতিয়াবা যদি আকৌ মেঘে আৱৰে বুকু,

 জিলিকি উঠিব তোমাৰ সেই হাঁহিৰ দ।

পৃথিৱীৰ ভিৰৰ মাজত তুমি মোৰ আপোনমোৰ ঠিকনা ..

মোৰ প্ৰেমৰ একমাত্ৰ সুকোমল শব্দ।


1/14/26


মোৰ পৃথিৱীৰ তুমি


তুমি মানেই মোৰ বাবে এজাক সতেজ বতাহ,

দুচকুৰ হেঁপাহ আৰু জীয়াই থকাৰ সাহ।

তোমাৰ হাঁহিটিত বিচাৰি পাওঁ হেৰুৱা সুৰবোৰ,

তুমি কাষত থাকিলে আঁতৰি যায় সকলো দুখৰ ঘোৰ।

কেতিয়াবা নিৰৱতাৰ মাজতকেতিয়াবা কথাৰ লমত,

তোমাৰ নামটোৱেই বাজি থাকে মোৰ প্ৰতিটো পলত।

মৰমৰ এই এনাজৰী ডাল যেন সঘনাই টান হয়,

তুমি মোৰ লে পৃথিৱীৰ একোৰে নাই ভয়।

সদায় এনেকৈয়ে কাষত থাকিবা,

মোৰ মৌনতাবোৰ নিজৰ কৰি বা।

ভালপাওঁ তোমাকমই শব্দৰে বুজাব নোৱাৰাকৈ

থাকিম তোমাৰ হৈআকাশৰ তৰা জিলিকুৱাকৈ।


The New Light


​The world feels different, reimagined and new,

Like a secret I’ve found in the middle of you.

It’s the tilt of your laugh, the gold in your eyes,

A sudden, sweet shift in the afternoon skies.

​We’re a book just opened, a story unspun,

A thousand small journeys that start with just one.

I don’t know where the path goes, or how far it bends,

I just know I’m glad that’s where my searching ends.


for you

Sunday, January 25, 2026

ভীৰৰ মাজত আমি সকলো (কবিতা)

ভীৰৰ মাজত নেদেখিলাই কিবা বলৈ

হাঁহিৰ মঞ্চত কি আছিল সংলাপ মোৰ?

আপোনাআপুনি ওলাই আহে জীয়াঢল হৈ

শব্দবোৰ চকুলো হৈ উপজেআপোনবিভোৰ


ভীৰৰ মাজত আঁত হেৰুৱাইছা তুমি

লা চশমাৰ সিপিনে কৃষ্ণ চকুহালি,

বাৰেবাৰে যেন কয় তুমি বুকুতে আছাহি

যদিওভীৰৰ উত্তাপত উমাল মৌচুমী

ধূলি আৰু বতাহ (কবিতা)

 


ধূলি আৰু বতাহঃ নীলাঞ্জনা মহন্ত


নিতাল নিশামনে উচুপিছে চাদৰ তিয়াই,

এৰি অহা দিনবোৰে হাতবাউলি দি যায়।

একেলগে কত গান গালোঁকথাহাঁহি-ধেমালি,

পৰেনে মনত তোমাৰ একেলগে খোজ কঢ়া,

পথৰ কাষৰ সৰলগছবোৰে এতিয়াও তোমাৰ খবৰ  সোধে।

সময় সলনি আজি বেলেগ-বেলেগ যেন,

স্মৃতিবোৰো ধূসৰ  খোজেহিয়াফুলো মৰহিছে

নিজকে সুগন্ধি এজুপি তগৰ বুলি ভাবিছিলোঁ

আছিলোঁ তোমাৰ বিশাল ৰাজ্যৰ এদাল দুবৰিহে৷

সময়ৰ গচকত জহি খহি মৰিছোঁৰংবোৰ আৰু নাই৷

আজি উচুপিছোঁপিছলৈ ঘূৰি যাব নোৱাৰোঁ জানিও,

জীৱনযুঁজত সকলো হেৰুৱাই বিফল মনটোয়ে মোৰ

বুজিও নুবুজে

সকলোয়ে কয় মই হেনো হাঁহিমুখীয়া

সময়ে কয় এহ বাদ দেসব পাহৰি যা৷ 

মনটোয়েচোন আকুল হৈ কয় —

আহআকৌ এবাৰ সেই দিনবোৰৰ হওকচোন আগমন।