Sunday, December 19, 2021

মই আৰু গোবৰকণ

“মই আৰু গোবৰকণ“

====================

চুটিগল্পঃ নীলাঞ্জনা মহন্ত৷ (জানুৱাৰী, ২০২২ৰ ’ফটাঢোল’ আলোচনীত প্ৰকাশিত)

====================

মাইকটো হেলো হেলো বুলি কৈ ঠিক কৰি ল’লো৷ দেশ বিদেশৰ বিভিন্ন চহৰে নগৰে বক্তৃতা দি দি আজি উপজা গাওঁখনৰ ওচৰতে এই সভাত কথা দুআষাৰ ক’বলৈ সুবিধাকণ পাইছো৷ বহুদিন হ’ল উপজা মাটিৰ গোন্ধকণ ল’বলৈ আহিব পৰা নাই৷ মনে মনে হিচাব এটা কৰিলোঁ আঠত্ৰিশ বছৰ পাৰ হৈ গ’ল৷ ডিগ্ৰী ল’বলৈ বিদেশলৈ ঢপলিয়াইছিলোঁ৷ ল’লো, চাকৰি কৰিলোঁ৷ পৰীযেন লগা দেখিবলৈ ধুনীয়া বগা মেম এজনী বিয়াও কৰিলোঁ৷ কোম্পানী এটা খুলিলোঁ৷ দিনে ৰাতিয়ে কষ্ট কৰি কোম্পানীটো গঢ় দিলোঁ, মোৰ ল’ৰাছোৱালীহাল জন্মৰে পৰাই কেনেকৈ ডাঙৰ হৈ এদিন কলেজলৈ গুচি গ’ল পাখিলগা সময়ে মোক বুজিবলৈ সুবিধা নিদিলে৷ মোৰ কোম্পানীটো এদিন মোৰ আন্তৰ্জাতিক পৰিচয় হৈ পৰিছিল৷ প্ৰায় দুহেজাৰ কৰ্মী থকা প্ৰযুক্তিবিদ্যাৰ কোম্পানীটোৰ উত্তৰোত্তৰ উন্নতি দেখি এপল, মাইক্ৰচফট আৰু গুগলে বাৰম্বাৰ ’অফাৰ’ দিছিল কিনিবলৈ বিলিয়ন ডলাৰৰ বিনিময়ত! তাৰে এটা অফাৰ গ্ৰহণ কৰি মই বিনিয়োগকাৰী আৰু স্টক বজাৰত খেলিবলৈ আৰম্ভ কৰি দিলোঁ৷ 


এই গোটেই সময়চোৱাতে মোক বহুবাৰ ফোন কৰি কৰি আমনি কৰিবলৈ এৰি দিছিল এসময়ত মোৰ গাৱঁত থকা নলেগলে লগা ভাইটিটোয়ে৷ এল পি স্কুলৰ শিক্ষকতাৰ চাকৰিটোৰে মা দেউতাৰ পোহপালৰ লগতে খেতিবাতি চাওঁতে তাৰ বাৰ বাজি গৈছিল৷ মোৰ পৰিবাৰে পাঁচবছৰমানৰ মূৰত একোবাৰ ঘৰলৈ গৈ মোৰ হৈ দায়িত্ব পালন কৰি আহে৷ তাই তালৈ যাওঁতে মোৰ সন্তানকেইটাৰ চোৱাচিতা ইয়াত থকা মোৰ শাহুগৰাকীয়ে কৰে৷ আৰু মই সদায়ে ব্যস্ত থাকো যদি কেতিয়াবা লাচ ভেগাচত বিজনেচ মিটিঙত, কেতিয়াবা পেৰিচত সপ্তাহজোৰা কনফাৰেন্সত৷ 


দেউতা ঢুকোৱা খবৰটোও মই তিনিদিনৰ পিছতহে পাইছিলোঁ৷ মই আছিলো নিউ ইয়ৰ্কত বিজনেচৰ কামত, ভাইটিটোয়ে মোৰ পাৰ্চনেল ফোন অফ থকা পাই পৰিবাৰক মেচেজ দিছিল যদিও তাই অসমীয়াত দিয়া ভাইটিৰ মেছেজটো পঢ়িব নাজানি কিবা ফৰৱাৰ্ড কৰা যি টি মেচেজ বুলি একো প্ৰতিক্ৰিয়া নকৰিলে৷ ঘৰলৈ অহাৰ ফ্লাইটত উঠি মই ভাইটিক তাৰ ৰাতি দুই বজাত ফোন কৰিছিলোঁ তাৰ মিচকল দেখি৷ মই ফোন কৰিলে তাৰ সময় কিমান বাজিছে কোনোদিন নাচাওঁ৷ কিন্তু সি চায়৷ মই যে ব্যস্ত মানুহ সি জানে৷ মোৰ মাজৰাতিত মোক আমনি নিদিয়ে সি৷ মই প্ৰায়ে টিভি নিউজত ওলাই থাকো৷ তথাপি মোৰ কোনো আক্ষেপ নাছিল, ভাইটিয়ে বুজে, সি কৈছিল, দেউতাই দুখ কৰি যোৱা নাই দাদা, জানে তোৰ সময়ৰ অভাৱ৷ 


এৰা, মোৰ সময় নাছিল৷


গলখেকাৰি মাৰি কি ক’ম জুকিয়াই লওঁ বুলি এবাৰ সভাগৃহৰ চাৰিওফালে চকু ফুৰালোঁ৷ কাকো চিনি নাপাওঁ৷ অথচ এই সকলোয়ে মোক চিনি পায়৷ স্কুলত থাকোতে শ্ৰেণীত মই তৃতীয় বা চতুৰ্থ হোৱাৰ বিপৰীতে সদায় প্ৰথম হোৱা ৰামেশ্বৰ পেচাত এজন কৃষক৷ মোক  মঞ্চত আহি নমস্কাৰ দি গামোচা পিন্ধাই গ’লহি৷ তাৰ মূৰত চুলি নায়েইচোন৷ চিনিয়ে পোৱা নাছিলো৷ গামোচাখন ডিঙি পাতি লৈ মই “খুৰা, আপোনাৰ নামটো“ বুলি সুধিছিলোঁ, সি কৈছিল “মই ৰামে, বগৰীতলৰ“... বিজুলীৰ দৰে ৰামেশ্বৰে মোক সেইখন পৃথিবীলৈ লৈ গৈছিল য’ত মই হেৰাই গৈছিলোঁ খন্তেকৰ বাবে৷ সি মোক কেলকুলাচ বুজাত সহায় কৰিছিল এসময়ত৷ তাৰ বাবেই মই অংকত হায়াৰচেকেণ্ডাৰীত লেটাৰ পাইছিলোঁ আৰু ইঞ্জিনিয়াৰিঙত সোমাইছিলোঁ৷ কিন্তু মাকৰ জ্বৰ উঠাৰ বাবে সিযে হায়াৰচেকেণ্ডাৰী পৰীক্ষাই দিব পৰা নাছিল সেইদিনা৷ আৰু পিছত নপঢ়িলেই সি কাৰণ মাক বাপেক নোহোৱা ঘৰখনৰ চাৰিটা ভাইভনীৰ দায়িত্বই তাৰ কান্ধত বহি লৈছিলহি৷


অংকৰ চাৰে এদিন মোক কৈছিল মোৰ মূৰত গোবৰ আছে৷ কিন্তু ৰামেশ্বৰে আশ্বাস দিছিল, “মই আছোঁ নহয়, তোক সব বুজাই দিম, একো টান নহয়৷ মই পাৰিছো যদি তয়ো পাৰিবি“


সি মোক পানী পানীকে চাইন-কোচাইনৰ ধৰ্মবোৰ বুজাইছিল৷ “ৱান অভাৰ কচ চি“ মানে কি বুলি অংকক ইতিকিং কৰা মইটোয়ে অংকত পচাঁশী শতাংশ পোৱাৰ গুৰিতে আছিল ই ৰামেশ্বৰ৷ 


বিদেশত মাস্টাৰ্চ পঢ়িবলৈ আহি তাৰ লগত সংযোগ ৰাখিছিলো দুবছৰমান৷ তাৰ পিছত কি জানো সময়েই নোপোৱা হ’লোচোন৷ সৰু চাকৰি এটা, পঢ়াৰ বোজা, ধাৰবোৰ মিলাওঁতে বিদেশত মোৰ প্ৰথম কেইবছৰ খুব কষ্টকৰ হৈ পৰিছিল৷ মই সম্পৰ্কবোৰ হেৰুৱাই পেলালো জীৱনযুঁজত অৱতীৰ্ণ হৈ৷


এদিন বিয়াও কৰিলো গীৰ্জা এটাত৷ ঘৰৰ কোনো নাছিল লগত৷


এদিন ভাইটিয়েও বিয়া পাতিলে তাৰ মনে মিলা কাৰোবাৰ লগত৷  বুজাইছিলে সি সেই ছোৱালীজনী যে ৰেডিঅত মাজে মাজে গান গায়, সেই যে বিহু নচা গাঁৱৰে গগৈচাৰৰ সৰু জীয়েকজনী ইত্যাদি ইত্যাদি৷ মোৰ কোনোপধ্যেই সময় নাছিল অতীত খুচৰিবলে কেনেকুৱানো আছিল গগৈ চাৰ দেখিবলৈ, কি পঢ়াইছিল, কেইজনী জীয়েক আছিল..! মই নগ’লো তাৰ বিয়াত৷ কিন্তু সৰহকৈ টকা পইচা পঠাই পাল মাৰিলো মোৰ দায়িত্ব৷ বিয়াখন সেই পইচাৰে সি ভালদৰেই পাতিলে বুলি কৈছিল পিছত৷ আমি চাগৈ সকলোয়ে সুখী আছিলো জীৱনৰ অংক মিলোৱাত৷


“শ্ৰদ্ধেয় ৰাইজ“


অলপ ৰ’লো আকৌ৷ কি ক’ম মই এই মানুহখিনিক আজি?

উদ্যোগপতি, এনট্ৰপ্ৰেনাৰ, বুদ্ধিজীৱী, দেশৰ গৌৰব, অমুকবঁটা, তমুকবঁটাপ্ৰাপ্ত মই!!… মোৰ সমজুৱাকৈ কথা কওঁতে কোনোদিন অসুবিধা হোৱা নাছিল দেশে বিদেশে৷ সলসলীয়া প্ৰফেচনেল ইংৰাজীৰ লগতে স্পেনীয় আৰু ফৰাচীতো মই বক্তৃতা দি পাইছোঁ, প্ৰেজেন্টেচন দিছোঁ বহুতো৷ আৰু আজি মাতৃভাষাটোত যেন শব্দৰ অভাৱ অনুভৱ কৰিছোঁ৷ ডেৰকুৰি বছৰৰ পিছত অসমীয়া ক’বলগীয়া হোৱাত পাহৰিছোঁ শব্দবোৰ বা মনত থকাকেইটাও জোঁটাব পৰা নাই ভয় হৈছে সঠিক শব্দ আৰু ব্যাকৰণৰ মিলন হৈছে বা নাই! 

ৰাইজে শান্তভাৱে মোৰ ফালে চাই আছে৷ গাড়ীত আহি থাকোতে গাড়ীচালকজনে ইফালে সিফালে দেখুৱাইছিল বহুত সলনি হ’ল সকলোবোৰ৷ মই পঢ়ি অহা স্কুলদুখন প্ৰকাণ্ড পকী বিল্ডিং হ’ল৷ চালকজনে তাৰবাবে মোক ধন্যবাদ দিলে৷ গাৱঁৰ নামঘৰটো, অদূৰৰ মচজিদটো তথা স্কুলদুখনৰ বিজ্ঞানসন্মত উত্তৰণৰ লগতে ডেকাজীয়ৰীহঁতৰ বাবে দুটাকৈ এন জি অ আৰু খেতিৰ ট্ৰেক্টৰ ব্যৱহাৰলৈকে ভাইটিয়ে যিমান লাগিব বুলিছিল মই মুক্তমনে তাৰ দহগুণমান টকাপইচা পঠাই দিছিলোঁ৷ কিন্তু টকাপইচা কিহত খৰচ হ’ব বা হৈছে কাহানিও খবৰ লোৱাৰ প্ৰয়োজন অনুভৱ কৰা নাছিলোঁ৷ সকলোয়ে জানিছিল মোৰ সময়ৰ অভাৱ৷ আনকি ভাইটিয়ে পঠোৱা ফটোবোৰো মই চাম বুলি আজিলৈকে চাবলৈ নহ’ল৷ যোৱাৰাতিও মই ব্যস্ত আছিলো পৰহিলৈ দিল্লীত হ’বলগীয়া মিটিং এখনৰ প্ৰেজেন্টেচনৰ কামত৷ 


এৰা মই বৰ ব্যস্ত৷


এই মানুহখিনিক মই কাকো চিনি পোৱা নাই অথচ সিহঁতৰ মাজত কোনোবাজন যদি মোৰ লগত পঢ়া, কোনোবা আছিল একেলগে নদীত সাঁতুৰি ডাঙৰ হোৱা৷ কোনোবাজনৰ লগত সৰুতে থিয়েটাৰ হ’লে একেলগে বুটৰ দোকান দিয়া৷ সিহঁতে মোৰ খবৰ সকলো ৰাখিছে৷ মোৰ বাবে দৌৰি আহিছে আজি৷ সকলোৰে চকুত কিবা এটা গদগদ ভাৱ৷ 


মোৰ মূৰৰ গোবৰকণত শব্দ খেপিয়ায়েই আছোঁ৷ আচলতে মই সিহঁতক কি দিলোঁ?


একেলগৰ ৰামেক মই চিনি নাপাই খুৰা বুলি সম্বোধন কৰিছিলোঁ৷  কোনোদিন ফোন এটা কৰি খবৰ নল’লো কোন আছে কোন নাই৷


নিজৰ পিতৃমাতৃ ঢুকাওঁতেও ঘৰলৈ নাহিলোঁ৷


ভাইবোৱাৰী আৰু তাৰ ল’ৰাছোৱালীহালক মই চিনিয়ে নাপাওঁ৷ সিহঁত যদি বৰ্তমান এইখিনিতে ঘূৰি ফুৰিছে মই সিহঁতৰ নামকেইটাও নাজানো৷ 


কাৰণ মোৰ মূৰৰ গোবৰত সকলো সময়তে টকা নামৰ পোকটোয়ে কিলবিলাই আছিল৷ টকা আৰু প্ৰতিপত্তিৰ পিছত দৌৰিছিলোঁ মই৷ 


মই কথা কোৱাৰ পাল পৰাৰ আগতেই মোৰ বিষয়ে গুণকীৰ্তনখন এঘণ্টামান ধৰি কেইজনমানে বখানি বখানি কৈয়ে থৈছে৷ মোক লৈ গাওঁখন অতিশয় গৰ্বিত৷ মোৰ দৰে সুযোগ্য সন্তান যেন ঘৰে ঘৰে হওক বুলিও কোনোবাই কৈ যোৱা যেন পালোঁ৷


“দাদা কিবা এটা ক’৷ তোৰ চাগে ভাগৰ লাগিছে বহুত কষ্ট কৰিছ তই৷“ - ভাইটিয়ে কাণে কাণে কৈ গৈছেহি৷ অৰ্থাৎ মই একো নক’লেও মানুহে মোক বেয়া নাপায়৷ কাৰণ সকলোয়ে বুজে মোক৷ 


“ৰাইজ, আজি আঠত্ৰিশ বছৰৰ মূৰত আহি সকলোকে দেখি মোৰ ভাল লাগিছে৷ “


আৰম্ভ কৰিলো কিবা এষাৰ৷ আৰু কি কওঁ? ইতিমধ্যে হাতচাপৰি পৰিলেই৷


“মোক ক্ষমা কৰিব“


সভাগৃহত মৃদু গুণগুণনি৷ কিহৰ ক্ষমা আকৌ? মোৰ কষ্টোপাৰ্জিত টকাৰে গাওঁখনৰ বহুত উন্নতি হৈছে৷ আশী শতাংশ লোকৰ সংস্থাপন পৰ্যন্ত! 


“মই আপোনালোকৰ মাজলৈ বৰ দেৰিকৈ আহিলোঁ“


ভাইটিয়ে দুপৰীয়াৰ ভাত খাই থাকোতে কৈছিল “তই সৰুতে মোৱামাছ বৰ ভাল পাইছিলি৷ সোণপাহিয়ে নিজে জকাই বাই তোৰ বাবে মাছ আনিছে পথাৰৰ পৰা৷ টাটকা মাছ৷ আৰু ঔটেঙাৰ মাটিদাইলকণ নবই ৰাতিপুৱা দি যোৱা টেঙাৰে ৰন্ধা৷ সৰুতে ঔটেঙা বেচিছিলোঁগৈ যে মঙলবৰীয়া বজাৰত তই চাগে পাহৰিলি“


মই মোৱামাছৰ সোৱাদ পাহৰিছিলোঁ৷


স্কুলত থাকোঁতে ঔটেঙা পাৰি আনি ৰহিমলাক মনে মনে দিছিলোঁহি, তাই দীঘল চুলিকোচা ধোৱে তাৰ বীজেৰে৷ তাইৰ চুলিকোচাক লৈ মোৰ গোবৰে ঢুকি পোৱা লেভেলৰ কবিতাও লিখিছিলোঁ আৰু তাইক পঢ়ি শুনাইছিলোঁ সেইবোৰ৷ তাই বাৰু ক’ত এতিয়া? হঠাতে ৰহিমলালৈ মনত পৰি ভাইটিক সুধিছিলোঁ তাইৰ কথা৷


“দাদা তাইক ঘৰৰ পৰা বলেৰে বিয়া দিছিল ওচৰৰ গাৱঁৰ মহেনৰ লগত৷ মহেনক চাগে মনত নাই তোৰ৷ মদ খায় খুব৷ এতিয়া বেমাৰী সি৷ ঘৰতে থাকে৷“


এপলক ৰৈ সি কৈ গ’ল, “ৰহিমলাই বিয়াৰ তিনিমাহৰ পিছতে আত্মহত্যা কৰিছিল নদীত জাপ দি৷ কাৰণটো কোনেও গম নাপালে“৷


মোৰ খোৱা হৈ গৈছিল তেতিয়ালৈ, পিজ্জা আৰু বাৰ্গাৰ খাই খহটা হোৱা জিভাৰে আৰু মূৰৰ গোবৰৰ অনুধাৱনেৰে মই অপাৰগ আছিলোঁ সেই নিভাঁজ মৰমসনা ভাতসাজৰ উপযুক্ত মূল্যায়ন কৰিবলৈ৷


ৰহিমলা হেৰাই গৈছিল কেতিয়াবাই৷ 


... মই মাজে মাজে হেৰাই গৈছো গোবৰখিনি এৰুৱাই মোৰ মজিয়াখনত আচলতে কি আছিল চাব বিচাৰি৷ 

বক্তৃতা দিবলৈ আহিছো মই কিবা এষাৰ ক’ব লাগিব ৰাইজক৷ আজি মোৰ পৰীক্ষাৰ দিন৷ কিয় ভাব হৈছে মই যেন একো কৰা নাই, একো পোৱা নাই অথচ সকলোয়েচোন গদগদ মোৰ প্ৰতি৷ কাৰো নাই আক্ষেপ মই কিয় অহা নাছিলোঁ৷ কোনেও সোধা নাই মোক অতবছৰ মাদেউতাৰ খবৰ ল’বলৈ হ’লেও কিয় অহা নাছিলোঁ৷ অৰ্থাৎ মই পঠোৱা টকাখিনিয়েই মোৰ স্থান লোৱাত সফল হৈছিল নেকি?


“ৰাইজ মই হয়তো ঘৰলৈ ঘূৰি আহিব লাগিছিল বা ঘৰৰ ল’ৰা ঘৰতেই থাকিব লাগিছিল৷ মোৰ এই ভুলৰ বাবে মোক ক্ষমা কৰিব৷“


“নাই নাই ভুল নাই কৰা একো“ - মানুহবোৰে সমস্বৰে কৈছে মোৰ ভুল নাই হোৱা ক’তো৷


তেন্তে? 


হয়তো মোক ইয়াত দৰকাৰ নাই৷ 


“মোৰ উপজা ঠাইখন বহু সলনি হ’ল ভাল লাগিছে দেখি৷ আপোনালোক সকলোয়ে ভালে থাকিব“


মোৰ মাতটো থোকাথুকি হৈ আহিল৷


কোনোবা এজন আগবাঢ়ি আহি মোৰ পৰা মাইকটো লাহেকৈ লৈ গ’ল৷


“ৰাইজ, দাদাৰ বহুত ভাগৰ লাগিছে৷ আজি জিৰাওক নেকি৷ কাৰণ ৰাতিপুৱাই দিল্লীলৈ দাদাৰ ফ্লাইট আছে“


সকলোয়ে সন্মতি দিছে কথাটোত৷ মই ইনটাৰনেচনেল ফ্লাইটত প্ৰায়ে ’ৰেড আই’ লওঁ, ভাগৰ বুজিকে নেপাইছিলোঁ৷ বাহিৰে বাহিৰে কনফাৰেন্স, হোটেল এফালৰ পৰা সামৰি যাওঁ আৰু নতুনকৈ এপইন্টমেন্ট যোগ হৈ গৈ থাকে৷ বিজনেচ লান্স দিনাৰ আৰু প্ৰেজেন্টেচনেই মোৰ জীৱনী৷ 


“আপোনালোকৰ কাৰ কাৰ বিত্তীয় অনুৰোধ আছে বৰুৱা বাইদেৱে এখন তালিকা কৰিছে তাতে নামবোৰ, বেংক একাউন্ট আৰু অনুদানৰ পৰিমাণটো লিখি জমা দিব আজিৰ ভিতৰত৷ দাদাই আজিয়ে চেকখন দি যাব যিহেতু৷“


“ব’ল দাদা ঘৰত জিৰণি ল’বি পাঁচ বাজিলেই৷ ৰাতিপুৱা সোনকালে উঠিব লাগিব আমি ডিব্ৰুগড়লৈ পুৱা চাৰি বজাতে পোৱাকে যাব লাগিব নহয়৷“


মোৰ বুকুত কোনোবা এখিনিত কিহবাই হেঁচা মাৰি ধৰা যেন লাগিল৷


স্কুলৰ খেলপথাৰত সিহঁতে ৰভা দি মিটিংখন পাতিছিল মোক সম্বৰ্ধনা জনাবলৈ৷ ডিঙিত মোৰ চাৰি পাঁচখনমান ফুলাম গামোচা৷ মূৰত ডাঙৰ জাপি এটা৷


সভাৰ শেষত জাতীয় সংগীত পৰিবেশন কৰা হ’ল৷ গোবৰপিচলা স্মৃতিৰ পৰা উদ্ধাৰ হোৱা শব্দ দুটামানেৰে কোনোমতে শেষৰ শাৰীত ময়ো সহযোগ কৰিলোঁঃ

“....চাই লওঁ এবাৰ মুখনি তোমাৰ হেপাহ মোৰ পলোৱা নাই“

......

মঞ্চৰ পৰা নামি অহা খটখটী পাৰহৈয়ে গোবৰেই গচকিলোঁ নে কি জানো বুকুত হাত দি মই হঠাৎ বাগৰি পৰিলোঁ৷ 

*****

(ধন্যবাদ)

Thursday, September 16, 2021

সমীকৰণ - চুটিগল্প

 সমীকৰণ

==========

চুটি গল্প৷ ©নীলাঞ্জনা মহন্ত৷ 

==========

“কি হ’ল চালেনে, সব ঠিকে আছেনে?“

“নিৰোগী, কৰ্মপটু, সুগায়ক..., পঁচিশৰ পৰা পয়ত্ৰিশৰ ভিতৰত বিবাহ...“

চচমাখন মুচি মুচি একেখিনি কথাকে দত্তই দুবাৰ পঢ়িলে৷

“বোলো চলিবনে?“ 

“হাঁ?“ - টাইপিস্ট কনকে তেওঁৰ কাণতে চিঞৰি কোৱা কথাষাৰত তেওঁৰ হুঁচ আহিল৷ 

“এই.. মানে বাকপটু, সুবক্তা, সাহসী, বুদ্ধিদীপ্ত, এইকেইটা থাকিলে ভাল আছিল“

“হৈ যাব৷ গাইপতি বাইশ টকাকে দিয়ক ভৰাই দিম“

“দিম বাৰু“

দত্ত মানুহজনে বৰ জুখিমাখিহে কথা কয়৷ ভাল চাকৰিয়ে কৰে৷ পিছে কথা কম কয় আৰু ক’ব লগীয়া সময়তো মনে মনেই থাকেবেছিভাগ, সেয়েহে যিটো বাবত চাকৰিটো ঘটিছিল, তাতেই আছে, এবাৰো পদোন্নতি হোৱা নাই৷ কলেজত পঢ়ি থকা দিনৰ পৰাচাকৰিকালৰ কৰ্মচাৰীৰ মেলে মিটিঙলৈকে নাইবা ঘৈণীয়েকৰ লগতেই হওক আজিলৈকে একেলগতে হয়তো মুঠ পাঁচটাতকৈঅধিক শব্দ একেবাৰতে কৈয়েই পোৱা নাই৷

এনেকুৱা নহয় যে দত্তই কথা ক’ব নাজানে৷ বা ক’বলৈ নিশিকিলে বা নকৈছিলে৷ সৰু থাকোঁতে বহুত কথা কৈছিলে হেনো তেওঁ৷নবছৰ বয়সতে স্কুলত হোৱা তৰ্ক প্ৰতিযোগিতাত ভাগ লৈছিল৷ পুৰষ্কাৰো পাইছিল৷ হিন্দী চিনেমাৰ নানা পাটেকাৰৰ দায়লগসলসলীয়াকৈ মাতি শুনাব পাৰিছিল৷ তেনেতে খুব ভাল গণনা কৰিব জনা লোক এজনৰ তেওঁলোকৰ গাঁৱলৈ বদলি হৈ আহে৷দত্তৰ মাকৰ পুৰণা চিনাকি৷ তেওঁ হেনো ভাল সোঁৱৰণী অৰ্থাৎ জন্মপত্ৰিকা লিখিব জানে৷ সেয়ে অঞ্চলৰ সকলোয়ে কোনোবা জন্মহ’লে, সকাম বা পূজা পাৰ্বণ থাকিলে, নাইবা বিয়াবাৰু আনকি গৰু এজনী হেৰালেও তেওঁৰ ওচৰলৈ গৈ মঙল চোৱা আৰম্ভকৰিলে৷ দত্তৰ বাবেও এখন সোঁৱৰণী লিখি দিছিল, তেতিয়া তেওঁৰ বয়স দহবছৰমান হ’ব৷ নিজৰ সোঁৱৰণী হেনো নিজে চাবনেপায়৷ কিন্তু তেওঁৰ কৌতূহলী মনৰ জোৰত দেউতাকৰ গডৰেজত সামৰি থোৱা সোঁৱৰণীখন মনে মনে গৈ গোগ্ৰাসে পঢ়িলে৷ পঢ়িকি বুজিলে তেওঁহে জানে৷ তাত লিখা এটা কথাই তেওঁক বৰ আচৰিত কৰিছিল, তেওঁ হেনো এসময়ত মিতভাষী আৰু শান্তিপ্ৰিয়লোক হ’বগৈ আৰু ফলত সকলোৰে প্ৰিয় হ’ব৷ আচৰিত, কাৰণ মাকদেউতাকে তেওঁক কথা বেছি কোৱাৰ কাৰণে কেইবাদিনোকৈছেহে চাইচিতি চলিবি বুলি৷ কোষ্ঠীৰ কথাটো তেখেতৰ কুমলীয়া মনটোত ইমানেই মূৰত সোমাল যে তেখেতে সেইদিনাৰ পৰাইমিতভাষিতাৰ অভ্যাস কৰিবলৈ আৰম্ভ কৰি দিলে৷ সকলোয়ে আচৰিত হৈছিল তেওঁৰ এই পৰিবৰ্তনত৷ ইমান অঘাইটং ল’ৰাটোয়েকিয় কথা কমাই কোৱা হ’ল! ইফালে দেউতাক-মাকৰ সোঁৱৰণীখনৰ প্ৰতি, গণকজনৰ প্ৰতি শ্ৰদ্ধা দুগুণ হৈছিল যিহেতু তাত থকাকথা ফলিয়াইছিল৷ 

আৰু এদিন কলেজ যোৱাৰ পৰলৈ দত্ত মানুহজন সঁচাকে বৰ শান্তশিষ্ট হৈ পৰিল৷ 

দত্তৰ লগতে ঘৰৰ মানুহৰ গভীৰ বিশ্বাস কোষ্ঠীত যি লিখা থাকে তাকে ফলিয়ায়৷


কিন্তু দত্তৰ অনুভৱ তেওঁৰ কোষ্ঠীখনত সুতাৰ্কিক বুলি লিখা থকাহেঁতেন কিজানি তেওঁ এজন সুবক্তাই হ’লহেঁতেন আজি? যোৱাবছৰ আশাকৰা প্ৰমোচনটো বচে এইবাৰলে নহ’ব বোলোতে একো মাত নমতাকৈয়ে তেওঁ কিজানি ঘূৰি নাহিলহেঁতেন? কোম্পানীৰ কোটিটকীয়া প্ৰকল্পটোত তেওঁ দিনেৰাতিয়ে কিমান লাগি দিছিল ফাইলবোৰ চালেই ওলাই পৰিবচোন! দহবছৰৰআগতে আই এ এচৰ সকলো পৰীক্ষা পাৰ হৈ ভাইভাত কথা এটা ক’ব নোৱাৰি দিপ্ৰেচনত ভোগা মানুহ দত্ত৷ প্ৰথম প্ৰেমত সময়তকথা ক’ব নাজানি বা নকৈ যেতিয়া মনৰ প্ৰেয়সীগৰাকী লগৰে এজনলৈ বিয়া হৈ গ’ল, ঘৰৰ মত অনুসৰি ছোৱালীক এদিনো লগনকৰাকৈ বিয়া পতা সুপুত্ৰ হ’ল এই দত্ত৷


দত্তৰ ল’ৰাটোৰ এবছৰৰ জন্মদিনত সেইদিনা আইতাকে কথাটো উনুকিয়ালেই, ল’ৰাটোৰো কোষ্ঠীখন কৰাব লাগে সোনকালে৷কোনো কথা নকৈ যোৱা দুমাহৰ আগেয়ে ওচৰৰ শৰ্মাৰ তাতেই আহি কৰাইছেহি সেয়ে কণমানিটোৰ জনমপত্ৰিকাখনো৷ 


অঞ্চলটোত শৰ্মাৰ গণনাৰ নাম আছে৷ সেই দত্তৰ সোঁৱৰণী লিখা গণকজনৰ দৰেই৷ শৰ্মাৰ ব্যৱসায় ভাল৷ বহুত গ্ৰাহক৷আজিকালি বহুতে কোন কলেজত ল’ৰাক এদমিচন দিব, চায়েন্স নে কমাৰ্চ পঢ়িব, দিনবাৰ চোৱাবলেও শৰ্মাৰ তালৈ আহে৷আঙুঠিও পোৱা যায় বিভিন্ন৷ দত্তই নিজেই আঠটা আঙুঠি পিন্ধি আছে বহুদিনৰে পৰা, তাৰে চাৰিটা শৰ্মাই দিয়া৷ ব্যৱসায়ৰ লগেলগে শৰ্মাই আধুনিক প্ৰযুক্তিৰো ব্যৱহাৰ কৰিছে৷ 

শৰ্মাৰ কোষ্ঠীবোৰ আজিকালি ইলেক্ট্ৰনিক৷ টাইপিস্ট কনকেও চাই মেলি দিব জনা হ’ল কি ৰঙৰ কাপোৰ কাৰ কাৰণে ভাল৷ কনককদত্তই আগৰেপৰাই চিনি পায়৷ আজি সি ফাইনেল কপিটো লৈ যাবলে মাতোতে ৰাস্তাৰ পৰাই দত্তই প্ৰাৰ্থনা কৰি আহিছে তেওঁৰল’ৰাটোৰ কোষ্ঠীত ভাল ভাল কথা লিখা থাকে যেন৷ কনকেও কৈছে চাই দিব বুলি আৰু কৈছে কথা পাতিব৷ 


কামখিনি হৈছেগৈ৷ কনকেও বেছি সময় লোৱা নাই৷ কাৰণ আৰু গ্ৰাহক ৰৈ আছে৷ বহুত ব্যস্ত সি৷

অৱশেষত ফাইনেল কপিটো প্ৰিণ্ট কৰি শৰ্মাৰ চহীৰে সৈতে ধুনীয়াকৈ আনি দত্তৰ হাতত দিলেহি৷ দত্তই পইচাটো দি ওলাই অহাৰআগতে এবাৰ চকু ফুৰাই চালে৷ কনকে তেওঁ কোৱাৰ দৰেই এইখিনি কথা ভৰাই দিছেঃ ’...বাকপটু, সুবক্তা...’৷ এটা মিচিকিয়া হাঁহিতেওঁৰ মুখত বিৰিঙি উঠিল৷ 

====

Sunday, February 21, 2021

 সন্মান আৰু সম্বোধন

============
দেউতাই সৰুতে শিকাইছিল মানুহক জাতি বৰ্ণ নিৰ্বিশেষে সন্মান কৰিবলৈ৷ কলেজৰ কেন্টিনত কিশোৰজনক চাহচিঙাৰাৰ বাবে আপুনি বুলি সম্বোধন কৰোঁতে ওচৰত থকা চিনিয়ৰ দাদা দুজনমানে গিৰ্জনি মাৰি হাঁহিছিল- ’এই পোৱালিটোক আপুনি বুলি কৈছ?’ লগৰ এজনীয়ে এবাৰ চিনিয়ৰ কিন্তু দেখাত সৰু যেন লগা দাদা এজনক ’ইঃ ইমান পোৱালি লাগে’ বুলি হাঁহোতে দাদাজনে মাৰ্জিতভাবে গালি দি বুজাইছিল৷ কলেজবাছত আদহীয়া কণ্ডাক্টৰজনে পইছা খোজোতে ’ল’বা’ বুলি নকৈ ’লওক’ বুলি কওঁতে লগৰ এজনীয়ে কৈছিল ইমান সন্মান নিদিবা চল পাব! আচৰিত হৈছিলোঁ, ভাবিছিলোঁ দেউতাই বাৰু ভুল শিকালে নেকি, পদে পদে মানুহে (যিবোৰে কয় তেওঁলোকচোন দেখাত প্ৰতিষ্ঠিত ঘৰৰ মানুহেই, তুলনামূলকভাৱে আমি পিছে বৰ সাধাৰণ ঘৰৰ মানুহ আছিলোঁ) যে মোক কয় কোন শুদ্ধ আচলতে?
আন এটি জীয়াকাহিনীত এগৰাকী সত্তৰোৰ্ধ মহিলাক যদি নাতিয়েকে বাৰম্বাৰ পাগলী বুলি সম্বোধন কৰে তেখেতৰ দুখ লগাতো স্বাভাবিক৷ নাতিয়েকে ক’ৰ পৰা শিকি কৈছে সেইটো ডাঙৰ কথা নহয় কিন্তু নাতিয়েকৰ ভুলটো দেখুৱাই দিব পৰাকৈ পিতৃ মাতৃ যদি শিক্ষিত (বিশ্ববিদ্যালয়ৰ চাৰ্টিফিকেটৰ কথা কোৱা নাই) বা প্ৰকৃতাৰ্থত দীক্ষিত নহয় সেইটো সঁচাই চিন্তনীয়৷ ডাঙৰ হৈ নাতিয়েকৰ প্ৰজন্মই উলোটাই যেতিয়া নিজৰ পিতৃমাতৃকো তেনে আচৰণ কৰিব বা তাৰো পৰবৰ্তী প্ৰজন্মক সেই শিক্ষাই দিব মানবীয়তাৰ মৰণ তাতেই৷ মহিলাগৰাকীক এদিন হয়তো ভাবিবলৈ বাধ্য কৰিবলৈ আৰম্ভ কৰিব তেখেত সঁচাকৈয়ে পাগলেই নেকি আৰু এইদৰেই হয়তো ঘৰে ঘৰে জন্ম হয় একোটি কৰুণ কাহিনীৰ৷ আমি পাহৰি কিয় যাওঁ জীৱনবৃত্তত এঘৰ সম্ভ্ৰান্ত লোকৰ ঘৰত জন্ম পোৱাতো বা চাকৰ নাকৰ লৈ ডাঙৰ হোৱাতো আমাৰ নিজৰ উপাৰ্জন নহয় বুলি৷ কিয় পাহৰি যাওঁ “মই“ বুলি মই যাক ভাবো সেয়া ছোমালিয়াতো বা গলিত পতিত ৰেলৰ চিৰিৰ সিপাৰে লেতেৰা বুটলি খাই জীয়াই থকা কোনোবাওতো হ’ব পাৰোঁ! জীৱনবৃত্তত জাত পাত ধনী দুখীয়া নিৰ্বিচাৰে আমি এদিন সকলোয়ে বৃদ্ধ হ’ম৷ শেষ সদায় মাটিৰ চাৰিফুট তলত৷ লগত একো নিব নোৱাৰোঁ৷ কিয় সকলোয়ে আমি জীয়াই থকা কেইদিনত প্ৰাপ্য সন্মান ব্যক্তি নিৰ্বিশেষে দিব নোৱাৰোঁ নাজানো৷ কি যায় পকেটৰ পৰা!
ঘৰৰ সৰু কেঁচুৱা এটিৰ উলংগ ফটো এখন সামাজিক মাধ্যমত দি দিওঁতে আমি বহুতেই নাভাবো সৰু কেঁচুৱাটিও এজন ব্যক্তি আৰু বুজাব নোৱাৰিলেও ব্যক্তিবিশেষ সন্মানৰ প্ৰাপ্য৷ পাশ্চাত্য সংস্কৃতি আমি সহজেই বহুতো অনুসৰণ কৰোঁ৷ কিন্তু মোৰ নিজা অভিজ্ঞতাৰ পৰা কৈছোঁ, মোৰ প্ৰথম ছোৱালীজনী সৰু হৈ থাকোঁতে নিয়মীয়া চেকআপৰ সময়ত চিকিৎসক গৰাকীয়ে দায়েপাৰটো খোলোঁতে তাইক কৈ লৈছিল চৰি এতিয়া মই চেক আপৰ বাবে দায়েপাৰটো খুলি লৈছো, আশাকৰো বেয়া নাপায় যেন৷ কেঁচুৱাই কি বুজিলে সেয়া পিছৰ কথা৷ কিন্তু মই কিবা শিকিলোঁ যে সেইটো ঠিক৷ সন্মান দিয়াতো আমাৰ কৰ্তব্য৷ বয়স, লিংগ, জাতপাত নিৰ্বিশেষে৷
বয়সত বহুত সৰু বহুতেই মোক তুমি বুলি সম্বোধন কৰে, প্ৰথমে অপ্ৰস্তুত হৈছিলো যদিও বুজিছিলো আজিকালি তুমিহে চলে বেছি, যেতিয়া গম পোৱা যায় যে মৰম আৰু শ্ৰদ্ধা নিহিত হৈ আছে সেই সম্বোধনটো ভাল লাগে৷ তই বা তুমিত হয়তো কাৰো কোনো আক্ষেপ নাথাকিব যদিহে অন্তৰ্নিহিত মৰম বা শ্ৰদ্ধা তাত প্ৰতিফলিত হয়৷ আমাৰ অগ্ৰজ সকল আমাৰ অনুপ্ৰেৰণা; সদায় শ্ৰদ্ধাৰ পাত্ৰ৷ বহুতেই পাহৰি যাওঁ সেইসকলৰ আশীৰ্বাদ আৰু যত্নৰ ফলতহে আজি আমি আছো য’তেই নাথাকো৷
মনলে আহি আছিল কথাবোৰ বহুদিনৰে পৰা লিখি পেলালোঁ এনেয়ে৷ কোনেও গাত পাতি নলয় যেন৷ ধন্যবাদ৷