Friday, January 2, 2026

নতুন বছৰৰ বেবেৰিবাং চিন্তা

 


নৱবৰ্ষৰ অনুভৱঃ


পুৰণা বেলি, পুৰণি জোন, 

নতুন সময়, নতুন পঞ্জিকা

মিশ্ৰিত সম্বন্ধ, সানমিহলি অনুভৱ!


কিছু মানুহ পুৰণা হ’লে 

কিছুমান সম্বন্ধত ফাঁট মেলে

কিছুত নতুন আশাৰ গজালি মেলে৷


সময় নতুন হ’লেই মন নতুন নহ’ব পাৰে

মন নতুন হ’লেও সময় নতুন নহ’ব পাৰে৷ 


কিছু মানুহৰ মন পুৰণা

যি সময়ৰ সতে সলনি নহ’ব পাৰে৷

যিয়ে নৱবৰ্ষত কেক কাটিলেও

মৰোঁতে মুখত পানীটুপি নাপাব পাৰে৷


কিছু মানুহৰ বাবে নতুন সময়ে আনে প্ৰেৰণা

উৱঁলা ফটাকানিতো তাপলি মৰাৰ কৰে যোজা৷

সেই মানুহবোৰৰ মনবোৰ সদায়ে নতুন

সকলোতে বিচাৰে আপোনত্বৰ গোন্ধ

সময়ৰ সতে খোজ দি ভাল পায়

সম্বন্ধবোৰ সম্পদৰ দৰে গঢ়ি যায়

সেই মানুহবোৰ আচলতে একোটুকুৰ মুকুতা

যুগ আৰু সম্বন্ধৰ একোটা বৃহৎ লাইখুটা৷

বহুতেই একোটা খুটা হ’ব খোজে সৰুসুৰা

বতাহত যদিও আবেগে প্ৰত্যাহ্বান দিয়াৰ বতৰা৷

পুৰণামনে মুখা খুলি উশাহ লোৱাৰ পৰত

খুটাপ্ৰিয় সকলো চিনাকি মুখৰ সন্ধানৰত৷


সেয়ে আমি নতুন সময়ক নতুনকৈ চাওঁ

পুৰণা আইনাতো আকৌ নতুনকৈ হাহোঁ৷ 



নৱবৰ্ষৰ শুভকামনাৰে,

নীলাঞ্জনা৷

No comments:

Post a Comment