আকাশৰ ৰং
==================
মোৰ আকাশখন কিয় সলনি হ’ল ইমান
ডাৱৰ আৰু ডাৱৰ!
ক্ৰমাৎ ছাঁই বৰণলোৱা মেঘবোৰে
অকল কান্দি থাকিবলৈ কয়!
হাঁহি মোৰ ভূষণ; যৌতুকত আইয়ে দিয়া,
হাঁহি হাঁহি সেয়ে ভিতৰি কান্দো
ওচৰতে থকা বেলিটো আৰু বাৰিষাৰাতিৰ জোনটো
চুই চাবলে মন
চাবলৈ মন, এবাৰ নহয় বহুবাৰ
গাজনিৰ শব্দত যিমানবাৰ
ধপধপনিবোৰে তাল-লয়চ্যুত হৈ পৰে অসাৰ৷
বেলি হৈ আকাশৰ, দেখা দিবা এবাৰ
তোমাৰ ৰাজ্যত মোৰ বাবে নাই নেকি অকণো পোহৰ?
আকাশত আকৌ আঁকিম সপোন হাঁহিৰ তুলিকাৰে
মোৰ ৰংবোৰ মোক দিয়া ঘূৰাই৷
আনক নিবিলাবা৷ ইযে অন্যায়৷
No comments:
Post a Comment