Sunday, March 31, 2024

অভিমানৰ বকুলপাহ

 অভিমানৰ বকুলপাহ


হেৰাই যোৱা সাধনাৰ সুপবিত্ৰ বকুলপাহ!

ঘূৰি আহিছিল দুপৰ নিশা জোনাক হৈ।

তলসৰা শুভ্ৰ তৰাৱলীৰ আকাশৰ মিচিকি সুবাস

অম্লান জোনৰ নৈত যেন স্বৰগমৰ পানচৈ

নাসাৰন্ধ্ৰৰ সুৰঙ্গৰে বহ্নিমান দিগন্ত জুৰি

জীপাল কৰিলে সুৰভিপিয়াসী ক্লান্ত মনপ্ৰাণ

বকুলে আঁকি যোৱা পথেৰে বাট বুটলি

উলটি আহিছিলে এজাক সপোনহাঁহি হৈ। 

কিছুমান সপোনে তথাপি দিঠক  নোখোজে,

বাৰিষাৰ ধলৰ দৰে দিকবিদিক বিচাৰি ফুৰে। 

  • নীলাঞ্জনা মহন্ত

নোটবুক

 নোটবুক


কালিলৈকে আমি অপৰিচিত কোনোবা

আজি হৃদয়ৰ অলিন্দত ঘৰ পাতিলাহি

সেই নাম নজনা সৰু চৰাইজনীৰ দৰে

পিছফালৰ বাৰাণ্ডালৈ কুটা কঢ়িয়াইছে

বিশ্বাসৰ এখনি সৰু ঘৰ সাজিবলৈ মন!

 কেৱল শান্তি আৰু সুখে স্থিতি ব।


জীৱনৰ প্ৰতিটো কথাই যিদৰে অস্থায়ী 

বিশ্বাসেই দিব সাহসহাঁহিবলৈ অনুৰাগ।

কালধুমুহাৰ নিদিবাচোন এতিয়াই জাননী

আৰু বহু হেপাহৰ বাট একেলগে বুটলিম

সুখৰ বাট যদি চমু আছিল

দুখৰ ৰাতিও পুৱাব অচিৰে। 

=====

Thursday, October 5, 2023

ক’লামেঘ - কবিতা

 লামেঘ


শেহৰাতি আমি কবিতা ৰচিছিলো

সাতখন সাগৰৰ বুকুৰ ঢৌক সাক্ষী কৰি৷ 

সাগৰতো ইমান পানী নাছিল

যিমান শব্দই ৰাতিটো আবেগ সানিছিল৷


মোক নৈপৰীয়াৰ সাধু শুনাইছিলা৷

পাহাৰৰ টিঙত হেৰাব বিচৰা মেঘত

লমালমে আবেগ উলমি

সিহঁতক তেনেই গধুৰ কৰিছিল৷


লামেঘ গধুৰ

বহুত দুখ লৈ ফুৰে সিহঁতি

সেয়ে লা মেঘ মোৰ আকাশলে আহিলে কষ্ট পাওঁ৷


শুকুলা মেঘলৈ বাকলীয়া মেঘলৈ নহয়

শুকুলা মেঘে সানিব তোমাক উষ্ম আদৰণি

আনিব দৰ বাতৰি!!

লামেঘবোৰ নানিবাসিহঁতেই আবেগবৰষুণ৷

তোমাকতো বৰষুণ নালাগে


যদি মেঘবোৰ তোমাৰ আবেগ 

তেনেহ তুমিচোন চিৰদিন অপেক্ষাতে কটাব লাগিব

সেই উৱঁলি যোৱা ছাতিটোৰ শপত৷ 

বিশ্বাসৰ বেলি — কবিতা

 বিশ্বাসৰ বেলি


সাকাৰ বলে লোৱা স্বপ্নটোয়ে মূৰ দাঙি সুধিলে,

বেলিটো উঠিলনে?

লোইয়াতেইতো আছিল অথনি

আহিব আকৌ উঠি৷

মাৰ যোৱা বেলিটো পুনৰ নাহেহে নাহে

তমসাত বুৰি ঠেটুৱৈত ঠেৰেঙা লগা সপোনটোৰ ভয়,

জানোচা সূৰ্যোদয় আৰু নহয়?

কিদৰে বুজাওঁ?

কিদৰে বিশ্বাস দিওঁ??

যাৰ ভৰষাত ধাৰণ কৰিলোঁ সপোনক মোৰ মনোস্বপ্নগৰ্ভত

অজান দেশত মেঘৰ সতে লুকাভাকু কৰা 

বেলিটোৰ খবৰনো মই কোনসতে দিওঁ!

বিশ্বাস বেলিটোৰ আন এটা নাম আছিল৷ 

Tuesday, September 26, 2023

সুপ্ৰভাতম

 সুপ্ৰভাতম 9/26/23

=============

সাৰে থকা বুলি উমানতে চিকুটি চালোঁ

দুৰ্ঘোৰ ক্লান্তিয়ে হেঁচা বিপ্ৰলব্ধ তুমি৷

চৌদিশ আছিল নিমাওমাও

স্তব্ধ দুৱাৰ-খিৰিকি আৰু বন্ধ সময়৷

ৰূঢ় বাস্তৱত দুৰু দুৰু ৰুগ্ন হৃদয়!

নাছিলনে শান্ত সৌম্য ৰোদনৰ ভয়

ইচোন সুসময় হোৱাৰ কথা আছিল!

সৰাপাতত দুস্ত্যজ লুক্কায়িত অধ্যায়

টোপনিৰ জালত খহিল পুনৰায়

জালিকটা সমবয়স্কী হাস্নাহানা ৰাতি

বতাহত বৈৰাগী গুল্মৰ আধিপত্য

দিঠকো দায়ী, পৰিম্লান প্ৰত্যেক স্বপ্নহৰ্ম্য৷ 

শিকলিৰ শপত, অমজুত কৰি অজুহাত

আজি কিজানি বেলিয়ে মিচিকিয়াব, উঠা বাপু৷

Thursday, March 23, 2023

সজাৰ চৰাই - গীত

 

Karaoke link: https://www.smule.com/song/free-the-bird-সজ-ৰ-চৰ-ই-xojar-sorai-karaoke-lyrics/8755349_8755349/arrangement



***সজাৰ চৰাই Xojar Sorai***


***অসমীয়া আধুনিক গীত****
****
***কথা/Lyrics: নীলাঞ্জনা/Nilanjona***
***সুৰ/সঙ্গীত/music: ৰাহুল/Rahul****
Composed: 2017 
***music****
সজাৰ চৰাই মই সজাতে ওমলি
এখুজি দুখুজি ওপৰ তলেকৰি
সজাৰ চৰাই মই সজাতে ওমলি

এখুজি দুখুজি ওপৰ তলেকৰি

দিন গ’লে আহে ৰাতি
আহে গভীৰ নিশা
দিন গ’লে আহে ৰাতি
আহে গভীৰ নিশা
আশাৰে চাই ৰওঁ ফেহুঁজালি
সজাৰ চৰাই মই সজাতে ওমলি
এখুজি দুখুজি ওপৰ তলেকৰি

***music****
তুমি আহি কৈছিলা

মোহিনী মোৰ চাৱনি
***music****

তুমি আহি কৈছিলা

মোহিনী মোৰ চাৱনি
তুমি আনি দিছিলা
পাহাৰৰে ফুলৰ কলি
আকৌ আহিবা বুলি
ৰওঁ তিমিৰ হেলাৰঙি
তোমাৰ সজাৰ চৰাইজনী
তোমাৰ সজাৰ চৰাইজনী
এখুজি দুখুজি ওপৰ তলেকৰি
সজাৰ চৰাই মই সজাতে ওমলি
এখুজি দুখুজি ওপৰ তলেকৰি
দিন গ’লে আহে ৰাতি
আহে গভীৰ নিশা
দিন গ’লে আহে ৰাতি
আহে গভীৰ নিশা
আশাৰে চাই ৰওঁ ফেহুঁজালি
সজাৰ চৰাই মই সজাতে ওমলি
এখুজি দুখুজি ওপৰ তলেকৰি
****music****

আ-আহাহাআ--আ--আ--আআ---
****music****
মাহৰ পিছত মাহ গ'ল
পাখিগজা গাভৰুজনী
ৰৈ ৰৈ বিনাই দুৱাৰত ৰ'লি
মাহৰ পিছত মাহ গ'ল
পাখিগজা গাভৰুজনী
ৰৈ ৰৈ বিনাই দুৱাৰত ৰ'লি
দিয়া আহাঁ খুলি
বন্দী নীড় মোৰ অশ্ৰুঅঞ্জলি
চাব খোজো এআকাশ মুকলি
দিয়া আহাঁ খুলি
বন্দী নীড় মোৰ অশ্ৰুঅঞ্জলি
চাব খোজো এআকাশ মুকলি
মাহৰ পিছত মাহ গ'ল
পাখিগজা গাভৰুজনী
ৰৈ ৰৈ বিনাই দুৱাৰত ৰ'লি
দিয়া আহাঁ খুলি
বন্দী নীড় মোৰ অশ্ৰুঅঞ্জলি
চাব খোজো এআকাশ মুকলি
সেই সপোন পৰিছিল ভাঙি

সেই সপোন পৰিছিল ভাঙি

সজাৰ চৰাইজনী সজাতেই থাকিল ওমলি৷

Friday, March 10, 2023

তুমি (কবিতা)

 

তুমি - স্তৱক


টোপনি মোৰ এনেয়েও নাছিলে..

সজাত উমলি থকা বিহগীমনে

এটি সৰু সপোন আঁকোৱালিছিলে

তুমি আঁতৰি যোৱাৰে পৰা

সপোননো আৰু কি?

এতিয়া দিঠকেও পিঠি দিলে 😔


দুপৰ নিশা চটফটাই উঠি আহিলোঁ

দস্তাবেজৰ পাতবোৰ সিচঁৰতি হৈ আছিল

সকলোতে তোমাৰ নামতুমি আৰু তুমি৷

অশ্ৰুসিক্ত আখৰবোৰ এটি এটিকৈ মচিলোঁ

আৰু বহুত পাত তুমি আকৌ লাহি লিখি৷

মই নজনাকেই৷ মই নুবুজাকেই৷

কেতিয়ানো কুৰুকি কুৰুকি মোত তুমি সোমালা


আলফুলে ৰাখিছোঁ তোমাক সামৰি

তথাপি যেন শূন্যবোৰে পাতিছেহি মেলা

কাৰণমই শুবলে যোৱাৰ অজুহাতত

মোক মৰমেৰে শুৱাই থৈ কামৰ হেঁচাত

ঘূৰি আৰু তুমি সেইৰাতি নাহিলা৷ 

উকাপাতবোৰে এতিয়া বিদ্ৰূপেৰে মিচিকিয়াইছে

তুমি যদি ভালে থাকামই এবুকু বিষ কিয়

হাজাৰ মৌনতাক স্বীকাৰ কৰিম৷