Sunday, March 31, 2024

নোটবুক

 নোটবুক


কালিলৈকে আমি অপৰিচিত কোনোবা

আজি হৃদয়ৰ অলিন্দত ঘৰ পাতিলাহি

সেই নাম নজনা সৰু চৰাইজনীৰ দৰে

পিছফালৰ বাৰাণ্ডালৈ কুটা কঢ়িয়াইছে

বিশ্বাসৰ এখনি সৰু ঘৰ সাজিবলৈ মন!

য’ত কেৱল শান্তি আৰু সুখে স্থিতি ল’ব।


জীৱনৰ প্ৰতিটো কথাই যিদৰে অস্থায়ী 

বিশ্বাসেই দিব সাহস, হাঁহিবলৈ অনুৰাগ।

কালধুমুহাৰ নিদিবাচোন এতিয়াই জাননী

আৰু বহু হেপাহৰ বাট একেলগে বুটলিম

সুখৰ বাট যদি চমু আছিল, 

দুখৰ ৰাতিও পুৱাব অচিৰে। 

=====

No comments:

Post a Comment