Thursday, October 5, 2023

ক’লামেঘ - কবিতা

 ক’লামেঘ


শেহৰাতি আমি কবিতা ৰচিছিলো

সাতখন সাগৰৰ বুকুৰ ঢৌক সাক্ষী কৰি৷ 

সাগৰতো ইমান পানী নাছিল

যিমান শব্দই ৰাতিটো আবেগ সানিছিল৷


মোক নৈপৰীয়াৰ সাধু শুনাইছিলা৷

পাহাৰৰ টিঙত হেৰাব বিচৰা মেঘত

লমালমে আবেগ উলমি

সিহঁতক তেনেই গধুৰ কৰিছিল৷


ক’লামেঘ গধুৰ

বহুত দুখ লৈ ফুৰে সিহঁতি

সেয়ে ক’লা মেঘ মোৰ আকাশলে আহিলে কষ্ট পাওঁ৷


শুকুলা মেঘলৈ ৰ’বা, কলীয়া মেঘলৈ নহয়

শুকুলা মেঘে সানিব তোমাক উষ্ম আদৰণি

আনিব ৰ’দৰ বাতৰি!!

ক’লামেঘবোৰ নানিবা, সিহঁতেই আবেগ, বৰষুণ৷

তোমাকতো বৰষুণ নালাগে


যদি মেঘবোৰ তোমাৰ আবেগ 

তেনেহ’ল তুমিচোন চিৰদিন অপেক্ষাতে কটাব লাগিব

সেই উৱঁলি যোৱা ছাতিটোৰ শপত৷ 

No comments:

Post a Comment