Friday, March 10, 2023

তুমি (কবিতা)

 

তুমি - স্তৱক


টোপনি মোৰ এনেয়েও নাছিলে..

সজাত উমলি থকা বিহগীমনে

এটি সৰু সপোন আঁকোৱালিছিলে

তুমি আঁতৰি যোৱাৰে পৰা

সপোননো আৰু কি?

এতিয়া দিঠকেও পিঠি দিলে 😔


দুপৰ নিশা চটফটাই উঠি আহিলোঁ

দস্তাবেজৰ পাতবোৰ সিচঁৰতি হৈ আছিল

সকলোতে তোমাৰ নাম, তুমি আৰু তুমি৷

অশ্ৰুসিক্ত আখৰবোৰ এটি এটিকৈ মচিলোঁ

আৰু বহুত পাত তুমি আকৌ গ’লাহি লিখি৷

মই নজনাকেই৷ মই নুবুজাকেই৷

কেতিয়ানো কুৰুকি কুৰুকি মোত তুমি সোমালা


আলফুলে ৰাখিছোঁ তোমাক সামৰি

তথাপি যেন শূন্যবোৰে পাতিছেহি মেলা

কাৰণ, মই শুবলে যোৱাৰ অজুহাতত

মোক মৰমেৰে শুৱাই থৈ কামৰ হেঁচাত

ঘূৰি আৰু তুমি সেইৰাতি নাহিলা৷ 

উকাপাতবোৰে এতিয়া বিদ্ৰূপেৰে মিচিকিয়াইছে

তুমি যদি ভালে থাকা, মই এবুকু বিষ কিয়

হাজাৰ মৌনতাক স্বীকাৰ কৰিম৷




No comments:

Post a Comment