Sunday, January 25, 2026

ভীৰৰ মাজত আমি সকলো (কবিতা)

ভীৰৰ মাজত নেদেখিলাই কিবা বলৈ

হাঁহিৰ মঞ্চত কি আছিল সংলাপ মোৰ?

আপোনাআপুনি ওলাই আহে জীয়াঢল হৈ

শব্দবোৰ চকুলো হৈ উপজেআপোনবিভোৰ


ভীৰৰ মাজত আঁত হেৰুৱাইছা তুমি

লা চশমাৰ সিপিনে কৃষ্ণ চকুহালি,

বাৰেবাৰে যেন কয় তুমি বুকুতে আছাহি

যদিওভীৰৰ উত্তাপত উমাল মৌচুমী

ধূলি আৰু বতাহ (কবিতা)

 


ধূলি আৰু বতাহঃ নীলাঞ্জনা মহন্ত


নিতাল নিশামনে উচুপিছে চাদৰ তিয়াই,

এৰি অহা দিনবোৰে হাতবাউলি দি যায়।

একেলগে কত গান গালোঁকথাহাঁহি-ধেমালি,

পৰেনে মনত তোমাৰ একেলগে খোজ কঢ়া,

পথৰ কাষৰ সৰলগছবোৰে এতিয়াও তোমাৰ খবৰ  সোধে।

সময় সলনি আজি বেলেগ-বেলেগ যেন,

স্মৃতিবোৰো ধূসৰ  খোজেহিয়াফুলো মৰহিছে

নিজকে সুগন্ধি এজুপি তগৰ বুলি ভাবিছিলোঁ

আছিলোঁ তোমাৰ বিশাল ৰাজ্যৰ এদাল দুবৰিহে৷

সময়ৰ গচকত জহি খহি মৰিছোঁৰংবোৰ আৰু নাই৷

আজি উচুপিছোঁপিছলৈ ঘূৰি যাব নোৱাৰোঁ জানিও,

জীৱনযুঁজত সকলো হেৰুৱাই বিফল মনটোয়ে মোৰ

বুজিও নুবুজে

সকলোয়ে কয় মই হেনো হাঁহিমুখীয়া

সময়ে কয় এহ বাদ দেসব পাহৰি যা৷ 

মনটোয়েচোন আকুল হৈ কয় —

আহআকৌ এবাৰ সেই দিনবোৰৰ হওকচোন আগমন।

আকাশৰ ৰং (কবিতা)

 আকাশৰ ৰং

================== 


মোৰ আকাশখন কিয় সলনি  ইমান

ডাৱৰ আৰু ডাৱৰ!

ক্ৰমাৎ ছাঁই বৰণলোৱা মেঘবোৰে

অকল কান্দি থাকিবলৈ কয়

হাঁহি মোৰ ভূষণযৌতুকত আইয়ে দিয়া,

হাঁহি হাঁহি সেয়ে ভিতৰি কান্দো

ওচৰতে থকা বেলিটো আৰু বাৰিষাৰাতিৰ জোনটো

চুই চাবলে মন

চাবলৈ মনএবাৰ নহয় বহুবাৰ

গাজনিৰ শব্দত যিমানবাৰ

ধপধপনিবোৰে তাল-লয়চ্যুত হৈ পৰে অসাৰ৷

বেলি হৈ আকাশৰদেখা দিবা এবাৰ

তোমাৰ ৰাজ্যত মোৰ বাবে নাই নেকি অকণো পোহৰ?

আকাশত আকৌ আঁকিম সপোন হাঁহিৰ তুলিকাৰে

মোৰ ৰংবোৰ মোক দিয়া ঘূৰাই৷ 

আনক নিবিলাবা৷ ইযে অন্যায়৷ 

Friday, January 2, 2026

নতুন বছৰৰ বেবেৰিবাং চিন্তা

 


নৱবৰ্ষৰ অনুভৱঃ


পুৰণা বেলিপুৰণি জোন

নতুন সময়নতুন পঞ্জিকা

মিশ্ৰিত সম্বন্ধসানমিহলি অনুভৱ!


কিছু মানুহ পুৰণা লে 

কিছুমান সম্বন্ধত ফাঁট মেলে

কিছুত নতুন আশাৰ গজালি মেলে৷


সময় নতুন লেই মন নতুন নহ পাৰে

মন নতুন লেও সময় নতুন নহ পাৰে৷ 


কিছু মানুহৰ মন পুৰণা

যি সময়ৰ সতে সলনি নহ পাৰে৷

যিয়ে নৱবৰ্ষত কেক কাটিলেও

মৰোঁতে মুখত পানীটুপি নাপাব পাৰে৷


কিছু মানুহৰ বাবে নতুন সময়ে আনে প্ৰেৰণা

উৱঁলা ফটাকানিতো তাপলি মৰাৰ কৰে যোজা৷

সেই মানুহবোৰৰ মনবোৰ সদায়ে নতুন

সকলোতে বিচাৰে আপোনত্বৰ গোন্ধ

সময়ৰ সতে খোজ দি ভাল পায়

সম্বন্ধবোৰ সম্পদৰ দৰে গঢ়ি যায়

সেই মানুহবোৰ আচলতে একোটুকুৰ মুকুতা

যুগ আৰু সম্বন্ধৰ একোটা বৃহৎ লাইখুটা৷

বহুতেই একোটা খুটা  খোজে সৰুসুৰা

বতাহত যদিও আবেগে প্ৰত্যাহ্বান দিয়াৰ বতৰা৷

পুৰণামনে মুখা খুলি উশাহ লোৱাৰ পৰত

খুটাপ্ৰিয় সকলো চিনাকি মুখৰ সন্ধানৰত৷


সেয়ে আমি নতুন সময়ক নতুনকৈ চাওঁ

পুৰণা আইনাতো আকৌ নতুনকৈ হাহোঁ৷ 



নৱবৰ্ষৰ শুভকামনাৰে,

নীলাঞ্জনা৷