সুপ্ৰভাত!
÷÷÷÷÷
প্ৰতি কোমল পুৱাতে উদয় হোৱা তুমি
আকাশৰ সুৰুজটি হৈ
লাহে লাহে পোহৰোৱা মোৰ আকাশ
সেউজী সপোনবোৰ লৈ
ভৰাই দিয়া যেন মোৰ ক্লান্ত দুনয়ন
সজাই হেজাৰ ফুলৰ কলি
হেঙুলী আভা বিলাই গালেমুখে পুনৰ
সন্ধ্যা দি যোৱা একেই প্ৰতিশ্ৰুতি
When the storm in me respire for some calmness...... মনৰ ভিতৰত বলি থকা বৰদৈচিলাজনীয়ে মাজে মাজে ওলাই আহে অলপ উশাহ ল'বলৈ...
সুপ্ৰভাত!
÷÷÷÷÷
প্ৰতি কোমল পুৱাতে উদয় হোৱা তুমি
আকাশৰ সুৰুজটি হৈ
লাহে লাহে পোহৰোৱা মোৰ আকাশ
সেউজী সপোনবোৰ লৈ
ভৰাই দিয়া যেন মোৰ ক্লান্ত দুনয়ন
সজাই হেজাৰ ফুলৰ কলি
হেঙুলী আভা বিলাই গালেমুখে পুনৰ
সন্ধ্যা দি যোৱা একেই প্ৰতিশ্ৰুতি
(১) তুলিকা
কাৰ বাবে গীত গোৱা তুমি?
ওহোঁ, তুমিতো গীত নোগোৱা
তুমি একোখন ছবি আঁকা
প্ৰতিবাৰেই তুমি অঁকা ছবিৰে মই
সপোনৰ পৃথিৱীখনত বাস কৰোঁ
ছবিবোৰৰ আভাই প্ৰকৃতি হৈ ধৰণী শোভায়৷
(২) নিদ্ৰাৱলী
সাৰ পোৱাৰ পৰতে চিলমিলকৈ আহিছিল
গোটেই ৰাতি উজাগৰী, জানা?
ক’ব খুজিলেও নোৱাৰাৰ দুখত
কান্দিব জানিলেও ধৰা পৰাৰ ভয়ত
সৰু কাগজখিলাত শেহৰাতি
এখন মহাভাৰতৰ জন্ম হৈছিল৷
(৩) প্ৰাপ্তি
আমি সুখ কাক বোলোঁ?
দুখৰ বৈপৰীত্যই যদি সুখ বুজায়
তেন্তে, পৃথিৱীৰ আটাইতকৈ সুখী মানৱী মই হ’ম৷
কাৰণ হেৰোৱাৰ শোক পাতলাবলৈ
নোপোৱাৰ দুখ পাহৰিবলৈ
দুখবোৰ হৃদয়ৰ ৰোহঘৰত তলা মাৰি ছাবিকোচা দলিয়াই দিলোঁ৷
ঘূৰি নোচোৱাৰ অঙ্গীকাৰেৰে
জানো দিয়া, তোমাৰ যে মনত নাই৷
(৪) তোমালৈ (কবিঃ প্ৰবীণ বৰা, গুজৰাট)
তোমালৈ মোৰ বৰ হেঁপাহ
বুকুৰ দলিচাত তুমি আছা এপাহি ৰঙাফুল হৈ
জীৱনজোৰা সাধনা মোৰ
মৰহা গোলাপৰ জীৱনতৃষ্ণা তুমি
আপাহতে ৰাখিম তোমাক
মৰমৰ দুবাহুৰে সাৱটি
----
Will you recognize me AEC?
We mingled, we built friendship
We crafted and drafted our dreams
Our ears filled with Ali Haider melodies
Sourced from that evergreen canteen.
The bus would stop for a golden shower
To end the waiting period for the girls.
As our curious minds perceived colors of life
There were smiles all over, colorful and live;
Those were the days, today I tell myself
A trillion moments later as I deep dive.
But.. will I be lost if I go back in time??
Whether my alma mater would ever welcome this version of mine?
Perhaps no vice versa to “I miss those days”
But they remain unfaded in their own ways.
ঘূগনী
====
ভদ্ৰ কলিতাই নাকটো কোঁচ খুৱায় এবাৰ, এবাৰ ঠুতৰিটোকে তললে কৰাৰ দৰে কৰি হাতেৰে নুচুৱাকৈ চশমাযোৰ ওপৰতল কৰিকৰি পঢ়িছে সৰু টোকাবহীখন৷ টোকাবহীমানে কিনো আৰু, যোৱা গৰমবন্ধত চৰকাৰে তেওঁলোকক প্ৰশিক্ষণ দিয়াইছিল তাতেতেওঁ নিজাববীয়াকৈ কৰিলোৱা টোকা কিছুমান৷ গুৱাহাটী আৰু বৰপেটাৰ পৰা প্ৰশিক্ষক আহিছিল তেওঁলোকক এমহীয়াকৈপঢ়াবলৈ৷ বহুত যুঁজ দিছিলে তেওঁ বোলে ৰিটায়াৰ হ’বলৈ আছে দুবছৰ এতিয়া কিহৰ প্ৰশিক্ষণদাল ল’বলৈ আছে হেৰৌ! অতবছৰহাইস্কুলখনত নাইন টেনৰ কতমখাক অংক পঢ়ালে৷ তাৰে কেইবাটাও, হ’লেইবা আঙুলিৰ মূৰত লেখিব লগীয়া সংখ্যা, ভাৰতৰেকি বিদেশৰো মাটিত সুখ্যাতিৰে অভিযন্তা, বিষয়া আদি বাবত কৰ্মৰত হৈ আছেগৈ৷ কিহৰনো দিগদাৰ দাল হৈছে সিহঁতৰ৷
পানীখোৱা চুটিত শৈল্যৰ দোকানৰ ঘূগনীপ্লেট দবাই উঠি শৰ্মাৰ লগত দুশখোজ দিয়াৰ অভ্যাস কলিতাৰ৷ শৰ্মাইও প্ৰশিক্ষণৰপৰা আহিছ একেলগতে৷ শৰ্মাৰ ৰিটায়াৰ হ’ব এই বছৰটোৰ শেহৰফালে৷ বিজ্ঞানৰ নামকৰা মাষ্টৰ বুলি শৰ্মাক সকলোয়ে অঞ্চলতচিনি পায়৷ তেওঁ টিউচন লোৱা ল’ৰাছোৱালীকেইটাক মেট্ৰিকৰ লগতে পিছৰ শ্ৰেণীবোৰৰ বাবেও সাজু কৰি পঠায় শৰ্মাই৷ নম্বৰোপায় মোটা, পিছত কলেজতো গৈ তেওঁৰ শিচে বিজ্ঞান হ’লেই হ’ল কি পদাৰ্থবিজ্ঞান, কি ৰসায়নবিজ্ঞান, ফালি থাকে পুৰা৷ সেইঅনুপাতে তেওঁ স্কুলত পঢ়ুওৱা ছাত্ৰছাত্ৰীবোৰে সাধাৰণতে খুব কমেইহে পৰীক্ষা ভাল কৰে৷ কলিতাৰ কথা বেলেগ৷ স্কুল ঘৰসকলোতে সমানে পঢ়ায়৷ একেখন খাটাই মূৰৰ পৰা ডাউনলোদ কৰি আহিছে বছৰ বছৰ ধৰি৷ কোনো অসুবিধা হোৱা নাই৷কোনেও আপত্তি কৰা নাই, নম্বৰ কম পালো, অসমীয়াত পঢ়ি কলেজত গৈ কম দিগদাৰি হৈছিল নে বুলি এই দুটা বিষয়ত, এইস্কুলৰ পৰা ওলাই গৈ৷
কিন্তু প্ৰশিক্ষণত গৈ সকলোখিনি আনকি পাহৰি যোৱা কঠিনতম অসমীয়া আৰু ইংৰাজী প্ৰতিশব্দবোৰ মুখস্থ কৰিব লগীয়া হ’ল৷শৰ্মাই কথাবোৰ সহজভাৱে লৈছে৷ বুজায় তেওঁ কলিতাক, “বুইছে চৰকাৰে জানিশুনিয়েই এই সিদ্ধান্ত লৈছে৷ আমিহেল’ৰাছোৱালীৰ ভৱিষ্যত ভাবি সিহঁতক সেইমতে সাজু কৰি পঢ়াওঁ৷ সকলোয়ে সেইদৰে নপঢ়ায় নহয়৷ পৰীক্ষাৰ নম্বৰেই সকলোনহয়তো৷ নব্বৈ এশ নম্বৰ পায়ো যদি ভাল কলেজত গৈ মাষ্টৰে কি বুজাইছে বুজি নাপাই ভেবা লৰগি চাওঁতেই বছৰবোৰ পাৰ হয়আমাৰ ল’ৰাছোৱালীবোৰে পিছৰ জীৱনত বাকী পিছ পৰি যাবচোন৷ যি হৈছে ভালৰ বাবেই হৈছে দিয়ক৷ আপোনাৰো অভ্যাস হৈযাব চিন্তা নকৰিব“
“এহ আপোনাৰতো এইকেইমাহ আছে ৰক্ষা পৰিবই৷ মোৰহে নোৱাৰো এই বয়সত এই টান টান শব্দসোপা মনত ৰাখিব আৰুএনেকে অংক কোনে কেতিয়া কৰিছিলে কওকচোন?“
“সেইটো হয় বাৰু“
“তেনেহ’লে দিয়ক আপুনি অংক পঢ়াওক মই বিজ্ঞান পঢ়াওঁগে“
“হেঃ হেঃ বাৰু ব’লক ক্লাচৰ সময় হ’ল“
পুনৰ টোকাবহীখন উলিয়াই কলিতাই এইবাৰ কুৱাদ্ৰেটিক ইকুয়েচনটো বোৰ্ডত লিখিবলৈ গৈ হঠাৎ ৰৈ গ’ল৷ টোকাবহী অৰ্থাৎপ্ৰশিক্ষণত পৈদা কৰা পুৰিয়াবিধ উলিয়াই চালে, “দ্বিঘাত সমীকৰণ“ হে বোলে ইয়াক৷
বোৰ্ডত পুৰীয়া চাই চাই লাহে লাহে লিখিলে তেওঁঃ
দ্বিঘাত সমীকৰণৰ সূত্ৰটোঃ
স= {- খ +/- বৰ্গমূল (খৰ বৰ্গ - ৪XকXগ)}/ (২Xক)
এই সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰাঃ
৩সXস - ৯স+ ৫ = ০
মূৰতো ঘূৰোৱা যেন পাই তেওঁ চকীত বহি চকু মুদি ল’ৰাছোৱালীবোৰক ক’লে নুবুজিলে সুধিবি অ’ বাছাহঁত...
#অসমীয়া
( কোনো সাম্প্ৰতিক বাতৰি, উৰাবাতৰি বা বাস্তৱ চৰিত্ৰক লৈ লিখা নাই, সম্পূৰ্ণ কাল্পনিক৷ কাৰোবাৰ লগত বা কিহবাৰ লগতমিলি গ’লে লেখকৰ দোষ নাই)
☆ ★ ☆ ★ ☆