Wednesday, June 15, 2022

 https://fotadhol.com/?p=16973


ডেমকেয়াৰণীৰ প্ৰেমত-নীলাঞ্জনা মহন্ত


হোষ্টেলৰ ডাঙৰ গে’টখনৰ সিপাৰে ছোৱালীবোৰে পাৰ্টি কৰি আছিল৷ ইপাৰে ৰাতি বাৰ বজাৰ লগে লগে ল’ৰাৰ হোষ্টেলবোৰৰ পৰা কেইটামান সৰু সৰু জাকৰ লাহে লাহে আগমন হ’বলৈ ধৰিলে৷ তাৰ ভিতৰত বিজয়ো আছে৷ এইবছৰ কলেজত তাৰ শেষ ছেমিষ্টাৰ৷ গতিকে লগৰবোৰে জোকাই থকা দুবছৰ জুনিয়ৰ ডেমকেয়াৰণী ভন্টিজনীক মনৰ কথা আৰু পিছত কোৱাৰ সুযোগ নাপাব সি৷ লগৰকেইটাৰ জেক খাই বিজয়ে সিহঁতৰ হোষ্টেলৰ বাগিচাত আন্ধাৰে-মুন্ধাৰে গোলাপ নে নাৰ্জিফুল যি পালে দুপাহমান ছিঙি ছাৰ্টৰ তলত লুকুৱাই আনিছে৷ গোলাপ নহয় চাগে, থকা হ’লে বুকুত কাঁইটে বিন্ধিলেহেঁতেন কিজানি! বিজয়ৰ অন্তৰখন কোমল বুলি মাকহঁতে সকলোকেই কয়চোন? যি কি নহওক, এইবোৰ কামত গোলাপে পৰম্পৰাৰ সিংহাসনত বহি আছে আদিম যুগৰে পৰাই৷ তাৰ অলপ চিন্তা হৈছিল গোলাপ নহৈ নাৰ্জি হোৱাৰ বাবে কামটো চেটেপ হ’বগৈ নেকি?
বিজয়ৰ মনৰ কথাৰ উমান পাই ‘মে হুঁ না’ বুলি কৈ বন্ধু অজয়ে তাক বুজালে—

‘চিন্তা নকৰিবি, বিন্দাচ দিবি৷ আৰু কথা এষাৰ আছে নহয় ‘ইফ য়ু লভ চামৱান চেট ইট ফ্ৰি ইফ ইট ইজ ইয়ৰ্চ ইট উইল কামবেক, ইফ ইট ৱাজ নট ইট উইল নট’৷ তায়ো কিজানি আশা পালি আছে তই আজিয়ে কবি বুলি৷ নাৰ্জি হ’লেও যে কিবা আনিছ সেইটোহে ডাঙৰ কথা৷ তাইৰ অন্তৰখন ভাল হ’লে বুজি পাব৷’

গে’টৰ সিপাৰে বহুত ছোৱালী৷ নিউ ইয়েৰ ইভ! গান বাজনা, নাচ চলিয়েই আছে৷ বাৰ বাজিলনে বুলি বিজয়ে নিশা দহ বজাৰ পৰাই অজয়ক বাৰে বাৰে সুধি আছিল৷ কাৰণ প্লেন আছিল বাৰ বজাৰ লগে লগেই সিহঁতদুটা ছোৱালী হোষ্টেলৰ পিনে আহিব কামটো কৰিবৰ বাবে৷ বিজয়ৰ ঘড়ীটোৰ আকৌ কালি ফিটাডাল ছিগি থাকিল৷ সময়বোৰৰ উৱাদিহ নোপোৱা হৈছে সি৷ বাৰে বাৰে বাৰ বাজিল নেকি বুলি সুধি থকা দেখি লগৰ আন এজনে কৈয়েই দিছিল— ‘কিহে কাৰোবাৰ বাৰ বজোৱাৰ ধাণ্ডা কৰি আছ নেকি বুলি আমি দেখোন সুধিছিলোঁৱেই৷’ বিজয়ৰ একো লুকঢাক নাই,  দিলখোলা ল’ৰা৷ কৈয়ে দিলে কিয় সুধি আছে৷ নতুন বছৰৰ পাৰ্টি বুলি মনটোও ৰঙীন হৈ আছে সকলোৰে৷ আচলতে ৰঙীন হৈ থাকিলে দিলৰ জপনাখনত এনেয়েও লকডাউন বুলি কনচেপ্ট এটা নাথাকে৷ মুখাও খোলা থাকে৷ দিলত কিবা ৰন্ধন চলিলে পেট নাপায়গৈ, উজাই আহি জিভাতহে নটৰাজৰ মূৰ্তি ধৰি থাকেহি৷ গতিকে কথাটো বাৰ বাজেগৈ মানে বিজয়ৰ লগৰ প্ৰায় গোটেইবোৰেই গম পালে৷ এটাই বাহিৰত উম লৈ থকা জুইকুৰাৰ পৰা জ্বলা খৰি এডাল বিজয়ৰ মূৰৰ চাৰিওপিনে ঘূৰাই অগ্নিপৰীক্ষাও কৰি কনফাৰ্ম কৰিলে যে বিজয়ৰ সঁচাকৈয়ে মন আছে তাইলৈ৷ গতিকে খাচ বন্ধু হিচাপে তাক সকলোইে সহায় কৰিবই লাগিব৷ সৰু সুৰা সমদল কৰি দলটোয়ে ছোৱালী হোষ্টেলমুখে গৈ থাকোঁতে ‘হম হোংগে কামিয়াব তুম হোংগী হাম কী লাভ’ বুলিও মাজতে কোৰাছো জুৰিলে দুটামানে৷ ‘ঐ মোৰ দেখোন প্লাম্বিংটো বাঢ়ি গৈছে?’ — বিজয়ে পাম্পিংটো প্লাম্বিং বুলিয়ে কয়৷ লগৰবোৰে জানে৷ গতিকে ছিৰিয়াচ কথা বুলি জানি কোনেও হঁহা নাই বা শুধৰাইও দিয়া নাই৷

‘একো নাই মে হুঁ না মানে আমি হুঁ না৷ আজি হয় ৰঙামাটি নহয় ৰঙামাটি৷’— অজয়ে ক’লে৷ অজয় ল’ৰাটো সঁচাকৈয়ে ভাল, আপোন যেন লাগে৷ বিজয়ৰ মাত নোলালে সিয়ে কণ্ঠদান কৰিব বুলিও কৈ থৈছে৷ কথাবোৰ হৈ গ’লে মনে মনে অজয়কে দৰাধৰাও পাতিব বুলি বিজয়ে লগে লগে মনতে খাটাঙেই কৰি পেলালে৷ মন তাৰ উগুল থুগুল৷  মাকক কথাটো পুৱাই হেপী নিউ ইয়েৰ উইচ কৰোঁতেই কৈ দিব৷ লুকুৱাবলৈ কি আছে? মাক তাৰ বন্ধুৰ দৰে৷ ককায়েক এডাল আছে, পিছে সিহে কি কৰে ধৰিব নোৱাৰি৷ কিতাপৰ পোক, আজিলেকে তাৰ নিজৰ বুলিবলৈ এজনী নাই৷ তাকে কৈ মানুহৰ আগত আকৌ গৌৰৱ কৰে৷ পৰীক্ষাত নম্বৰবোৰ বাৰু তাতকৈ দুগুণমান বেছিকে পায়৷ হ’লে কি হ’ব? মাকে কয় নহয় বিজয়ৰ অন্তৰখনহে বহল বুলি৷ পঢ়াশুনা হৈছে মোহ মায়া, আচল হৈছে এই অন্তৰখন৷ প্লাম্বিং কৰি থকালৈকে মানুহটো আছে, নহ’লে ডিগ্ৰীৰ চাৰ্টিফিকেটসোপা কিনো? ৰত্নাকৰৰ হাঁফলুৰহে খাদ্য!

দূৰৰ পৰাই সি হালধীয়া কাপোৰ এযোৰ নাচি থকা দেখিলে আন বহুত কিবা কিবি ৰং-বিৰঙৰ মাজত৷ সি জনাত ডেমকেয়াৰণী আইদেৱে খুব হালধীয়া ৰঙৰ কাপোৰ পিন্ধে৷ তিনি চাৰিযোৰমান আছে কিজানি! ধনীঘৰৰে হ’ব চাগৈ তাই! যৌতুক নেলাগে বুলিয়ে ক’ব সি৷ তথাপি চাগৈ কাপোৰ কানি এসোপামান লৈ আহিব লগত৷ হ’ব বাৰু৷ নিজৰ ইচ্ছাত আনিলে সি না নকৰে৷

মাজনিশা মুগাবৰণীয়া দেহাটোত হালধীয়া কাপোৰযোৰেৰে নাচি থকা দৃশ্যটো তাৰ বাবে দুপৰীয়াৰ বেলিৰ দৰেই উজ্জ্বল আৰু দৃঢ় আশাৰ ৰেঙণিস্বৰূপ হৈ উঠিল৷

ছোৱালীৰ হোষ্টেলত মাজনিশা, তাকো ল’ৰাৰ জাক? স্বাভাৱিকতে সোমোৱাৰ কোনো কথাই নাই৷ দুখন ডাঙৰ গে’ট৷ এখনৰ পৰা আনখনলৈ প্ৰায় পঞ্চাশফুটৰ দূৰত্ব৷ প্ৰথমখন গে’ট দিনত খোলা থাকে৷ দুখন গে’টৰ মাজত এটা অপেক্ষাগৃহ৷ কোনোবা ভিজিটৰ আহিলে তাতেই ৰয় আৰু যাক বিচাৰি যায় নাম কৈ পঠালে ছাত্ৰীগৰাকী তালৈ আহে৷ মহিলা ভিজিটৰ হ’লে ভিতৰলৈকে প্ৰৱেশ কৰিব পাৰে৷ দ্বিতীয় গে’টখন সদায়ে বন্ধ থাকে৷ দিনত তলা লগোৱা নাথাকে যদিও খুলি থোৱাৰ নিয়ম নাই৷ বিজয়ে এবাৰ এইটো হোষ্টেলৰ ওপৰ মহলাৰ পানীৰ পাইপৰ কিবা কামত ঠিকাদাৰ লগোৱা বুলি গম পাই তেল মাৰি হাজিৰা কৰা ল’ৰা হৈ হোষ্টেলৰ ভিতৰত সোমাই গৈছিল৷ সি তেতিয়া চতুৰ্থ ছেমিষ্টাৰত আছিল৷ পিছত এটা ব্ৰেকিং নিউজৰ খলনায়ক হৈ পৰিছিল বিজয়৷ বয়জ হোষ্টেলৰ ল’ৰা আহি কেনেকৈ ছোৱালীৰ হোষ্টেলত সোমালহি বুলি বিতৰ্কও হৈছিল৷ সি তাৰ লগৰ দুজনীমানৰ ৰূমৰ আগেদি যাওঁতে সিহঁত আছিল বাৰাণ্ডাত আড্ডা মাৰি৷ হঠাৎ তাক পাৰ হৈ যোৱা দেখা পাই সিহঁতৰ আড্ডা থমকি ৰৈছিল৷ বিজয়ে সিহঁতক যেন চিনিয়ে নাপায় তেনেদৰেই কাষেৰে মাত নিদিয়াকৈ পাৰ হৈ গৈছিল৷ কিন্তু বিজয়ক সিহঁতে চিনি পাইছিল৷ এটা কথা কিন্তু বিজয়ৰ চকুয়ে ভাল ধৰা পেলাইছিল৷ লগৰ কৰবী বোলাজনী বৰ ধুনীয়া বুলি সকলোৱে কয়৷ ঠোঁট ৰঙা, মুখত একো দাগ নথকা বগীকৈ ডাঠ চেলাউৰিৰ ছোৱালীজনী বুলি এই কৰবীৰ বাবে ল’ৰা হোষ্টেলত ৰাতি ৰাতি কিমানখন গীটাৰৰ যে তাঁৰ ছিঙিছিল! সেই কৰবীৰ দেখোন মুখত গোটেই দাগেই দাগ! আৰু চেলাউৰিৰ নামত এন্দুৰৰ গাত থকা নোম এডালো নাই৷ হৰি হৰি! ঠোঁটটোও চিগাৰেট খোৱা দুই নম্বৰ হোষ্টেলৰ বদনৰ ওঁঠৰ দৰে ক’লা! সি চিনিয়ে নাপালেহেঁতেন যদিহে লগত কথা পাতি থকা পৰীয়ে ‘বুইছ কৰবী’ বুলি কিবা এটা কৈ থকা নুশুনিলেহেঁতেন৷

যি কি নহওক, বৃহৎ গে’ট দুইখনেই বন্ধ৷ প্ৰথম গে’টত ধৰি ল’ৰাবোৰে দূৰৰপৰাই উইচ কৰিছে, ছোৱালী কিছুমানে অৱশ্যে সিখন গে’টৰ পৰা আগুৱাই আহিছে যেন লাগিছে৷ হয়তো নিউ ইয়েৰ বুলি অলপ ৰেহাই পাইছে আজি৷ বাকীবোৰ হোষ্টেলৰ পৰাও বহুত ল’ৰা আহিছে৷ ছোৱালীবোৰ আজি বৰ ধুনীয়াকে সাজি-কাচি আছে দেখোন৷ অজয়ক লাহেকৈ খোঁচ এটা মাৰি সি ক’লে— ‘ঐ তয়ো চা বুইছ? কপাল ফুলেই বা তোৰো!’

‘ঐ তাই চাইছে এইফালে মাত মাত’ — এনেতে লগৰ কোনোবা এটাই কৈ উঠিল৷ বিজয়ে মাতিব খুজিও ৰৈ গ’ল, কাৰণ তাইৰ চকুয়ে চকুয়ে পৰিছে তাৰ৷

‘নামাত কিয় ঐ?’— আকৌ বন্ধুৰ তাগিদা৷

কোনোমতে সেপ গিলি সি উত্তৰ দিলে — ‘তামাম প্লাম্বিং হৈছে ৰহ৷

অজয়ে বুজালে তাক— ‘চা নাৰ্ভাচ নহ’বি, আমি আছোঁ নহয় তোৰ লগত? আজি হেস্ত-নেস্ত কৰিহে যাম৷ তাই নিজেই আহিছে এইফালে৷ ফুলপাহ উলিয়াই ল৷ আৰু দায়লগ কেইটা মনত আছে নহয়? কি আছিল দায়লগ কেইটা আকৌ এবাৰ কৈ দেচোন?’

বিজয়ৰ ‘প্লাম্বিঙ’ৰ শব্দ সঁচাই  লাউড স্পীকাৰত বাজি থকা জুবিনৰ ‘য়া আলি…’ গানটোতকৈয়ো বেছি উচ্চস্বৰত যেন বাজিছে তাৰ তেনেকুৱা লাগিল৷

‘হৌৰা শুনাচোন, হেপী নিউ ইয়েৰ৷’— সি একো নোকোৱা দেখি অজয়েই আৰম্ভণিটো কৰি অলপ সহজ কৰি দিলে৷

 সঁচাই দেই দৰাধৰাৰ বাবটো তাৰ বাবে খাটাং হৈ পৰিল আকৌ এবাৰ৷ তদুপৰি আতৈৰ কোলাত পিছলৈ উমলিব যেতিয়া ইহঁতে কম সুখ পাবনে? ইমান মৰমীয়াল হ’ব আতৈটো?

তাই হাঁহি এটা মাৰি প্ৰত্যুত্তৰ দিছে, শুভেচ্ছা দিছে৷

‘দায়লগ মাত৷’— কাণত মহে কুনকুণোৱাৰ দৰে যেন বহুকেইটা দিশৰ পৰা নিৰ্দেশ আহিল৷

কঁপা কঁপা হাতেৰে ছাৰ্টৰ তলৰ পৰা ফুল দুপাহ উলিয়াই আনিলে বিজয়ে৷

‘হেপী নিউ ইয়েৰ মোৰ ফালৰ পৰা৷’—এইবুলি ফুল দুপাহ আগবঢ়াই দিলে বিজয়ে৷

‘কি এয়া?’ — হালধীয়া আইদেৱে কৈ উঠিল৷

সি চাই দেখে যে তাৰ ‘প্লাম্বিঙ’ৰ কোবতে নে কিহৰ বাবে ক’ব নোৱাৰি, ফুল দুপাহত পাহি এটাও নাছিল তেতিয়ালৈ৷

অজয়ে আকৌ পৰিস্থিতি চম্ভালি হালধীয়া আইদেউক ক’লে— ‘মানে ই ফুল দুপাহ আনিছিল৷ বহুত সময় হ’ল যে, বাটত পাহিবোৰ চিঙি পৰিল কিজানি!’

‘হয় নেকি? চ’ নাইচ অব য়ু দাদা৷’

‘মানে হেপী নিউ ইয়েৰ দেই৷ আৰু আৰু…?’— পিছৰ দায়লগটোত বিজয় ৰৈ গ’ল৷ তাইৰ নামটো কি আছিল? ডেমকেয়াৰণী বুলিহে সিহঁত সকলোয়ে কথা পাতি থাকে আচল নামটো কি আছিল তাইৰ?

‘ফুল দুপাহৰ বাবে ধন্যবাদ দেই৷’— আইদেউৰ প্ৰতি সম্ভাষণ৷

তাইৰ হাঁহিটো যে ঐ! মাজৰাতিখন তলসৰা সোণাৰুফুলৰ মাজত কাউৰীৰ বগা বগা পেৰেকবোৰৰ দৰে জিলিকিছে৷’

‘আৰু আৰু…৷’— বিজয়ৰ কণ্ঠৰথ আগবঢ়া নাই৷

‘কি আৰু আৰু কৈ আছে? কওক দাদা কি ক’ব খুজিছে?’

‘ঐ কৈ দে কৈ দে৷’ — লগৰকেইটাই অলপ দূৰলৈ আঁতৰি বিজয়ক সুবিধা কৰি দিলে৷

বিজয়ৰ হেড অফিচ আৰু দাটা চেন্টাৰ চক্ৰাকাৰে ঘূৰিবলৈ ধৰিলে৷ ইহঁতকেইটাইও চকুয়ে চকুয়ে নোচোৱা হ’ল৷ কোনে এতিয়া তাক সহায় কৰে? বিজয়ে নিজকে প্ৰশ্ন কৰিলে— ‘এইৰ নামটো কি আছিল? ডেমকেয়াৰণীৰ নামটোহে মনত নপৰেহে নপৰে চোন? কি কৰা যায় এতিয়া?’

উপায় নাপাই তাৰ প্লাম্বিঙৰ শব্দতকৈয়ো ডাঙৰকৈ সি তাইকে সুধি দিলে— ‘ডেমকেয়াৰণী, তোমাৰ আচল নামটো কি আছিলনো?’

‘কি…ই?’— তাই ইমান জোৰকৈ সুধিলে যে বিজয় উজুটি খাই পৰো পৰো হ’ল৷ সি ঘূৰি চাই দেখে যে এভাৰেষ্ট বিজয় কৰিবলৈ লগত লৈ অনা ‘শ্বেৰ্পা’কেইটাইও ইতিমধ্যেই ফৰিংছিটিকা দিছেই৷ উপায়বিহীন হৈ বিজয়েও নিজৰ হোষ্টেললৈ পৃষ্ঠভংগ দিলে৷

☆ ★ ☆ ★ ☆

Monday, May 2, 2022

জোনাকৰে ৰাতি

 ’জোনাকৰে ৰাতি’

চুটিগল্প, ©নীলাঞ্জনা মহন্ত৷ 

°°°°°°°°°°°°°°°°°°°°°°°°


টিং...

দত্তই হোৱাটচআপৰ নটিফিকেচনটোৰ শব্দ শুনি আচৰিত হ’ল৷ ৰাতি বাৰ বাজিছে হয়তো, এতিয়াও কোন সাৰে আছে? তেওঁৰসকলো নটিফিকেচন অফ মাত্ৰ কলেজৰ গ্ৰুপটোৰ বাদে৷ তাত প্ৰবাসী কোনো নাই আজিকালি৷ সকলোৰে ঘড়ীৰ কাঁটাবোৰ একাকাৰ হৈ পৰিছে কেতিয়াবাতে৷ এসময়ত দেৰশ সহপাঠীৰে ভৰি থকা গ্ৰুপটোৰ তেওঁ ফাউণ্ডাৰ আৰু হেড এদমিন আছিল৷ কোনোবাই ঠেঁহ পাতি গ্ৰুপ এৰি গ’ল যদি হেড এদমিনে ফুচুলাই আকৌ গ্ৰুপত ভৰ্তি কৰায়হি৷ সেয়ে তেওঁক গ্ৰুপত হেডমিন বুলিও কয় লগৰবোৰে ধেমালিতে৷ হাঁহি ধেমালিৰ পৰা নিজৰ ল’ৰাছোৱালীৰ জন্মৰ ফটো, ভেকেচনত বিচ্চত গৈ পেট ওলাই থকা ফটো, ক্ৰমান্বয়ে ৰং কৰা দুদালমান চুলিও নোহোৱা হৈ তপা হৈ অহা মূৰ ঢাকিবলৈ যত্ন নকৰা ফটোবোৰ, উহ কিমান যে বাৰ্তা৷ বৈদ্যুতিন মাধ্যমৰ আড্ডাৰে জমি থকা পৰিয়াল এটা যেন!

ফুৰ্তিভৰা মেচেজৰ মাজতে এদিন দুদিনকৈ মাজে মাজে তাত বিষাদৰ খবৰবোৰো দুই এটা আহিবলৈ আৰম্ভ কৰিলে এদিন৷ লগৰ এজন দুজনকৈ নোহোৱা হ’বলৈ ধৰিলে - কোনোবা যদি অসুখত, কোনোবা দূৰ্ঘটনাত সিপুৰীলৈ গতি কৰিছে৷ দহবছৰীয়া গেট টুগেদাৰৰ পৰা বিশ, পঁচিশ, তাৰ পৰা পঞ্চাশবছৰীয়া গেট টুগেদাৰত সহপাঠীৰ উপস্থিতি এশৰ পৰা এঘাৰজনলৈ কমিল৷ গ্ৰুপটো বাৰুকৈয়ে চেঁচা পৰিল৷ ইয়াৰ পিছত গেট টুগেদাৰ হ’লে সিপুৰীতহে বেছি গোট খাব বুলি ধেমালিও নকৰা নহয় দত্তহঁতে৷ 

গ্ৰুপৰ পৰা দত্তই কাৰোৰে নম্বৰবোৰ গুচোৱা নাই৷ সেই নম্বৰবোৰত আজিও প্ৰফাইল পিকচাৰত হাঁহিমুখেৰে “চ্চাল“ দি থকা লগৰ কঁঠাল, উৰহী, দীঘলী, হাঁহিচম্পা, বেলনা, আলু, কবি, বেংচতা প্ৰমুখ্যে সকলো আছে আৰু যেন এতিয়াই কোনোবাই মেচেজ দি ক’ব ’কি হ’ল বৰফ পৰিছে নেকি’... বা ’ৰঙালী বিহুৰ ওলগ জনালোঁ’৷ কেইবছৰৰনো আগৰ কথা সেয়া৷ এৰা!


এই সকলোবোৰৰে আচল নাম কি আছিল দত্তৰ মনত নাই৷ তেওঁলোকক কলেজত পঢ়ি থাকোতে যি নামত মতা হৈছিল তাৰেই’চেভ’ কৰা আছে তেওঁৰ ’কনটেক্ট লিষ্ট’ত৷ গ্ৰুপত বহুত মেছেজ প্ৰায়বোৰৰে পৰা ’আনচিন’ হৈয়ে ৰয় লাহে লাহে৷ সেই সকলে নাচায় যিসকলে লৰালৰি কৰি গুচি গৈছে এজন দুজনকৈ৷

যোৱা দুমাহত গ্ৰুপটো নিজম পৰি আছিল সম্পূৰ্ণ৷ দত্তৰ একালৰ সহপাঠী ৰহেদৈ (আচল নাম কি বা আছিল!) আৰু দত্তৰ বাদে বাকীবোৰ নোহোৱা হৈছিল৷ কোনোবাই যদি ধৰাখনেই এৰি গ’ল কোনোবাই ফোন ব্যৱহাৰ কৰিবলৈ এৰিলে৷ কোনোবাই হয়তো চকুৰে একেবাৰেই নেদেখে বাবে ফোন থাকিলেও কথা এটা দুটা পাতিবলেহে তাকো নাতিপুতিয়ে ফোন ওচৰলৈ আনি দিব লাগিব৷ কোন ক’ত আছে নে নাই লাহে লাহে সেয়াও খবৰ নোহোৱা হ’ল৷ 

এইবছৰ দত্তহঁতৰ পয়সত্তৰ বছৰ হ’লহেঁতেন কলেজৰ পৰা ওলোৱা৷ ৰহেদৈয়ে মেচেজ চাইছিল এমাহ দুমাহৰ বাদ দি কিন্তু একো নিলিখে তাই৷ পিছে তায়ে চায় নে আন কোনোবাই চাই দিয়ে তাইৰ হৈ দত্তৰ জানিবৰ উপায়ো নাই৷ এসময়ত দত্তই তাইলৈ পাঁচপৃষ্ঠাৰ চিঠি লিখিছিল৷ উত্তৰত তাই দহপৃষ্ঠাৰ মনেসজা কাহিনী এসোপা লিখি দি পঠাইছিল৷ কলেজত লগ পালে এটাইও আনটোক নামাতে৷ কিন্তু চিঠিৰ যোগেদি দুয়োৰে ভাল সাহিত্যচৰ্চা চলি আছিল শেষৰ দুবছৰ৷ দুয়ো বিয়াও নাপাতিলে নিজা নিজা কাৰণত৷ গ্ৰুপত দুয়ো এনেকৈ থাকে যেন পৰিয়াল এটা চলাবলৈ থকা দুজন গহীন পিতৃমাতৃহে৷ সকলোৰে খা খবৰ লয় কিন্তু ইজনে সিজনক কেতিয়াও একো মেচেজো নিদিয়ে আৰু একো নকয়ো৷ এইদৰেই দুয়োযেন আগৰপৰাই বুজি পাইছিল মনৰ ভাব৷সেয়া বাৰু প্ৰেম আছিল নেকি? নে অভিমানভৰা বন্ধুত্ব? সেই সম্পৰ্কৰ কোনো নাম দিয়া নহ’ল, তেওঁলোকেও নাম দিয়াৰ আগ্ৰহ নেদেখুৱালে কাহানিও৷ যেন যেনেকৈ চলি আছিল তেনেকৈয়ে দুয়ো সুখী৷ থাকক৷ কিছুমান সম্পৰ্কক একোটা প্ৰচলিত নাম দি যোগ্যতা দিব নোৱাৰি কিজানি৷ হয়তো সেই সম্পৰ্কত কোনো গভীৰতাও নাছিল, আচলতে দুয়োযেন সাহিত্যৰ ফ্ৰি ক্লাচহে কৰিছিল!


পঁচিশবছৰীয়া গেট টুগেদাৰত দুয়োৰে সাঁচি থোৱা চিঠি দুটোপোলাৰ কথা জনাজনি হৈ গৈছিল৷ দুয়োৰে দুটা টোপোলাৰ যিখিনি উদ্ধাৰ হ’ল, একেলগ কৰি আয়োজক কমিটিয়ে এখন কিতাপ প্ৰকাশ কৰিলে৷ সাধুকথা কিছু, সৰুসুৰা জোকোৱা কথা, নিভাঁজ তথা অবুজ অভিমানী মনৰ কথাসাহিত্য, আধালিখা কবিতাৰ অন্তাক্ষৰী আৰু কত কি! প্ৰায় দুশ পৃষ্ঠাজোৰা আচৰিত নে অনন্য সেই কিতাপখন গেট টুগেদাৰৰ মুখ্য অতিথি তেওঁলোকৰ কলেজৰ সেই সময়ৰ প্ৰিন্সিপাল ডাঙৰীয়াই উদ্বোধন কৰেহি৷ 


“জোনাকী নৈৰ ৰূপালী ঢৌ“ - কিতাপৰ শিৰোনাম৷ 


হস্পিটেলৰ বিচনাৰ পৰাই শুনা টিং শব্দটোয়ে আমনি কৰি আছে দত্তক৷ নাৰ্চগৰাকীও ক’ত গ’ল জানো! তেখেতৰ নাকে মুখেকিবা এসোপা পাইপ লগোৱা আছে লৰচৰো কৰিব নোৱাৰে বেছি৷ ফোনটো চাবলৈ মন গ’ল৷ ৰহেদৈয়ে দিছে নেকি কিবা৷ নে কোনোবা সুপ্ত বন্ধুয়ে সাৰ পালে নেকি বাৰু? তেওঁৰ ফোনত বাকী সকলো এপৰ নটিফিকেচন অফ আছে৷ 

যেনেতেনে ৰঙা বুটামটো তেওঁ টিপি নাৰ্চক মাতিলে৷

নব্বৈ গৰকা দেহটো কোনোমতে বিচনাত বহুৱাই লৈ নাৰ্চৰ পৰা ফোন আৰু চচমা লৈ চাই তেওঁৰ মুখত হাঁহি বিৰিঙি উঠিল৷ 


“হেপী ডায়মণ্ড জুবিলি টু অল“ 


ৰহদৈৰে মেচেজ৷ কিন্তু এয়া দেখোন পৰহিয়ে দিয়া মেচেজ৷ আজিহে বাজিলে যে নটিফিকেচনটো? যি কি নহওক সাঁথৰ যিহেতু বহুত৷ কিমান ভাঙিব আৰু বেছি নভবাই ভাল৷

অট’ ৰিপ্লাই দিলে তেওঁ, “থেংক ইউ, চেম টু ইউ“৷

হয়তো, এইবছৰত সোমোৱাৰ লগে লগে তেওঁলোকৰ কলেজ এৰি অহা পয়সত্তৰ বছৰত সোমাল!! সময়বোৰ যেন পাখি লগাকাঁড়!


হাঁহি এটা অলপ শব্দ কৰি ওলাই আহিল তেওঁৰ মুখেদি৷ চৰচৰনি খালে তেওঁ৷ পাইপবোৰ নাকে মুখে যেনিতেনি আছে দিগদাৰ কৰিছে৷ টানি যেন এতিয়াই এৰুৱাই দিব এইসোপা আৰু দৌৰ মাৰি গৈ কলেজৰ চৌহদত গৈ পাব! আঠবজাৰ বাছখন যোৱা শব্দৰ লগে লগে ৰুমমেটক উঠাই ক’ব ’ঐ দাঢ়িয়া, উঠ উঠ আজি পৰীক্ষা আছে নহয়৷’ 

কাহ এটাও উঠিব খুজিছে তেওঁৰ৷ নাৰ্চগৰাকী এইবাৰ দৌৰি আহিছে, চকুযোৰ মেলিবলৈ কষ্ট হৈছে দত্তৰ৷ জোৰেৰে কাহটো উলিয়াই দিহে শান্তি পালে যেন তেওঁ৷ কোনোবাই তেওঁৰ সোঁহাতৰ পালচ চাইছে৷ ওচৰৰ মেচিন এটাত হঠাতে টিঁইইই... কৈ বজা ডাঙৰ শব্দ এটাই বৰ কামোৰ দিছে দেই৷ 


টিং টিং টিং টিং...

হঠাতে বহুত কেইটা নটিফিকেচনৰ শব্দত দত্তৰ জ্ঞান পুনৰ ঘূৰি আহিল৷ মিচিকি হাঁহি এটা খেলাই গ’ল তেওঁৰ মুখত৷ আ-হা! বহুতবোৰ মেচেজ আছে৷ ফোনটো দাঙি লৈ চালে নিজেই তেওঁ৷ একো অসুবিধা নহ’ল৷ সকলোয়ে মেচেজ দিছেচোন৷ এইসোপা ক’ত মৰি আছিলি ঐ ইমানদিনে? নেলু, কঁঠাল, উৰহী সব আহিছে অনলাইন! 

সকলোয়ে ডায়মণ্ড জুবিলিৰ শুভেচ্ছা দিয়াৰ লগতে ৰহেদৈৰ এই মেচেজটোও দত্তই পঢ়িলেঃ ’জোনাকী নৈৰ আনটো পাৰলৈ স্বাগতম’৷


°°°°....°°°°°°°°....°°°°°.....°°°°°

#অসমীয়া #Assamese