Thursday, October 11, 2018

বিৰহ বেদনা

নিষ্ঠুৰ নিয়তিৰো যে কি লীলা! পৰিহাস মাথো৷ তিল তিলকৈ কেনেকৈ চেপি চেপি মাৰিব পাৰে কোমল হিয়াবোৰ? কি পাপ কি কৰ্ম নে দুস্কাৰ্য কৰিছিলো যে আজি এই দৃশ্য দেখিব লগীয়া হ’ল? মাত্ৰ এমাহ আগতে এনাস্থেচিয়াৰ জালত ককবকাই শৈলচিকিৎসাৰ কঠিনতম পৰীক্ষা এটিত কথমপি উত্তীৰ্ণ হৈ কোনোমতে উশাহ লৈছিলা তুমি৷ মোৰ কলিজাৰ টুকুৰা, এতিয়াৰ পৰা কাক মই আঙুলিৰ পৰশেৰে দিনে ৰাতি নিৰ্বিশিষে চেনেহৰ এনাজৰীডালৰ মধুৰ মৰমবোৰ ঢালি দিম? আজি তুমি নাই হয়তো আন কোনোবা এজন কাইলৈ আহিব মোৰ জীৱনলৈ৷ হয়তো সময়ৰ সোঁতত পাহৰি যাম মোৰ সোণাইক মোৰ অকপট চেনেহৰ সংগীক৷ হয়তো অতীত হৈ পৰিব এক অধ্যায়৷ পাৰিমনে মই থাকিব জীয়াই তোমাৰ অবিহনে? হয়তো মোৰ কাষলৈ অহা নতুনজনে একেই অথবা কিজানি অধিক প্ৰয়োজনহে পূৰাব মোৰ মনৰ৷ তথাপিও শোকে খুন্দা মাৰি ধৰে৷ বিৰহৰ জ্বালাত দগ্ধ হৈ হয়তো কাকো নামাতিম কেইদিনমান৷ কিন্তু কিমান পৰ? জীৱনটো চলি থাকিব, জীয়াই থাকিবই লাগিব কাৰোবাৰ বাবে, হয়তো নিজৰ বাবেও৷ কাক চাই মই ৰাতিপুৱা মিচিকিয়াম? কাক হাত বুলাই বুলাই সময়ৰ জখলাত বগাম? পাৰিবনে মোক দিব এই মিঠা অনুভূতি, প্ৰেম আৰু মধুৰ সঙ্গ মোৰ নতুন প্ৰেমে? একপক্ষীয়তাৰ পৰা হয়তো ধীৰে ধীৰে সেই প্ৰেমে ধাৱমান হ’ব আন এটি স্থায়ী সম্পৰ্কলৈ৷ তোমাকো মই চাগে পাহৰি যাম৷ মোক সাহস দিয়া দয়াময়৷ কি পাপ কৰিছিলো আজি এই দুঃসময়ৰ মাজেদি লৈ গৈ মোক অগ্নিপৰীক্ষাত বহোৱাইছা প্ৰভূ? যোৱা মোৰ সোণ তুমি মোক বহুত কিবাকিবি দিলা তাৰবাবে মই কৃতজ্ঞ৷
- এইবুলি সিক্ত নয়নেৰে মিছেচ কলিতাই তেখেতৰ পুৰণা ভঙা মবাইলটো দাস্টবিনত পেলাই দিলে আৰু পতিদেৱে আনি দিয়া নতুন আইফোন টেন টো চিন্তাক্লিষ্ট মনেৰে কোনফালৰ পৰানো অন কৰে লিৰিকি বিদাৰি চাবলৈ ধৰিলে৷

Saturday, April 21, 2018

ফটা পদ্য

ফটা পদ্য- নী.ম. ৪/২১/২০১৮
১)
গাৰু আৰু গিলিপ, চুলি আৰু কিলিপ
ফুল মানে টিউলিপ, আপী মানে দিপলিপ
ইটিয়ে সিটিলৈ ভাবে
মাজত কোনে মাতে
ভাতপানী খাই ফুট গধূলিতে গায় ‘চুইট শ্লিপ’।
২)
চকু আৰু চশমা, আচাৰ আৰু বৰমা,
জিভা আৰু খুৰমা, গান মানে নিৰমা,
ইগিলা বুনিয়া ভূজিয়া
ভৰি আছে এই দুনিয়া
তাকে মিলাই নিমখ নিদিয়া বনালো এভাজি কবিতা।
৩)
আকাশ আৰু পাতাল, সাধু আৰু মাতাল
শুকান আৰু ৰসাল, কেটেঙা আৰু পেটাল
আঠটা ভাই ককাই
আৰু কেওকিছু নাই

দহে ভাবে, এই অষ্টমৰ আছে কিহৰনো আকাল।

Thursday, February 8, 2018

বাৰীৰ জলকীয়াজোপা ঢুকাইছে৷ দুখতে কবিতা ওলাইগ’ল! হুক হুক--
—-/———-////————-
মৃত্যুক আদৰি ল’লাহে বান্ধবী
এৰি থৈ সংসাৰৰ মায়া
তুমিবিনে মৰিব পেটৰে কুমটি
আছিলা কাঁহীৰ জলকীয়া

শীতৰে সেমেকা দোভাগ ৰাতি
তুমি কঁপিছিলা থৰথৰ
একাজলি ৰ’দ, আৰু এটুপি বৃষ্টি
আছিল সপোনৰ সাঁথৰ

মৌনতাৰে একমিনিট আজি
খান্দিছো তোমাৰ কবৰ
খাম সুদা শুকান ৰুটি ভাজি

তুমিহীন দুপৰ কিযে দুখৰ! 

Wednesday, February 7, 2018

ফটা পদ্য

#ফটা-পদ্য
————-
লগালো আপেল লাগিল লাও খালো মাছৰ ভাজি
বিচাৰিলো চাৰ্জাৰ, পালো চাবিপাত, লাগিল ফুৰ্তি আজি৷
পুৱাল ৰাতি, গালো বৰগীত, বাজিল পিছে ফটাঢোল
ঘৰৰ সোপাই যোগ-নখাসনত মৌজ, লাগিল হুলস্থূল৷
গুঠিলো মোজা, ওলাল টুপী, পিন্ধিলো একাণ ঢাকি
আহিল বিহু, আহিল নহা আলহী, পিন্ধাই দিলো টুপী ৷
আছে মধুমেহ, কলেজীয়াকালৰ, নামেই আছিল চেনী
চাহৰ কাপত ধৰে লাগি চামুচ তলতযে ডাঠকৈ চেনী৷
বগালো কলেজ, কৰিলো চাকৰি, থাকিলো বৰলা হৈ
কৰালো গহনা, আনিলো পাটেসাঁজ, কাকেনো পিন্ধাম ঐ!
লোকে ঘূৰে গাড়ীত এফালে ঘৈণী, এপাল পিলিপালা লৈ
মিতিৰ খাই আহিলো গাড়ী ৰখাই কয় ফিচিঙাফিচিং কৈ৷
বৰলাৰ বিয়া চিৰিয়েল চোৱা মাই ঘনাই ঘনাই কয়
ককাঁল পৰিলে মাৰৰ ঐ জধলা দেখিছনে নাই তই৷
সাতপাঁচ গুণি পেপাৰত এদিন দি দিলো এজাহাৰ
কোন চেনীমাই নিমখীয়ামাই আছ কৰহি বৰলাক উদ্ধাৰ৷
(আগলৈ)
#নী.ম. ২/৫/১৮

ফটা যোজনা

ফটা যোজনা--
অচিন কাঠৰ থোৰা নলগাবা: 
ইয়াত বুজোৱা হৈছে প্ৰাচীন কালত অচিন্ত কাকতি বুলি এজন বৰ  শান্তশিষ্ট জীৱ আছিল৷ জন্মৰ পৰাই শান্তস্বভাৱৰ কাৰণে তেখেতৰ মাতৃ দৰাচলতে বৰ চিন্তাত পৰিছিল কাৰণ ল’ৰাবোৰ সাধাৰণতে দুষ্ট হয় বুলি সুবাদ আছে৷ অচিন বেটাক ফটাঢোল এটা কিনি দিয়াৰ লগতে জিএমচিত এজন চিকিৎসকে দীঘে বাণীয়ে কচুৰ থুৰি খুৱাবলৈ উপদেশ দিয়ে৷ ফলত অচিনৰ মাকে কচুৰ থোৰা বিচাৰি হাবি বননি চলাথ কৰিছিল৷ অলপ ডাঙৰ হৈ অচিনে বাপেক মাকৰ কচু থোৰা বিচৰা কষ্ট উপলব্ধি কৰি নিজেই কচুৰ খেতি কৰি ব্যবসায়ৰ মন মেলে৷ অৱশ্যে আচল কচু চিনি নাপাই প্ৰথমে বাঁহ কাঠ জেওঁৰাখুটি ইত্যাদি যি পায় তাকেই আনি ৰুবলৈ ধৰা দেখি বাপেকে সোঁৱৰাই দিব লগাত পৰে, ”অচিন, কাঠৰ থোৰা নলগাবা”৷ তাৰ পাছতো বাৰে বাৰে একেটা ভুলকে কৰাত গাঁৱৰ সকলোৱে অচিনক দেখিলেই কোৱা হ’ল ”অচিন কাঠৰ থোৰা নলগাবা” ৷ মুখ বাগৰি এই আপ্তবাক্যষাৰিয়ে পাছলৈ অসমীয়া ভাষাক বিশ্ব দৰবাৰলৈ লৈ যায় বুলি ফটাশাস্ত্ৰত লিখা আছে৷ আৰু সেই কাকতিয়ে নাম সলাই হেকা বুলি পিছলৈ জনাজাত হয়৷ 
(প্ৰকৃত অৰ্থ:-)
ঢেঁকীৰ থোৰাটো মজবুত হব লাগে, অন্যথা ভাগি গৈ অনিষ্ট কৰিব পাৰে। ঢেঁকীথোৰাৰ কামটো অত্যন্ত গুৰুত্বপূৰ্ণ - ইয়াক আগৰ দিনত চাউল খুন্দাৰপৰা আৰম্ভ কৰি বাৰুদ খুন্দালৈকে বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্য্যত ব্যৱহাৰ কৰা হৈছিল। সেয়ে উপযুক্ত পৰীক্ষা-নিৰীক্ষা নকৰাকৈ এনে কামৰ বাবে যিকোনো কাঠ বাচনি কৰিলে ভাগি গৈ কামত বাধা বা অথন্তৰ কৰিব পাৰে। তেনেদৰে গুৰুত্বপূৰ্ণ কামত অচিনাকী মানুহ বা উপাদান বা আহিলা ব্যৱহাৰ কৰা অনুচিত।

পদ্য


একদিনাখন ব্ৰহ্মপুৱা মিষ্টানন্দ হ’ল ঘৰমুৱা
ঘৈণী মহা এলেহুৱা, জন্মৰ পৰাই আলসুৱা
ৰাতিৰ ডিউটি কৰি, 
কফিৰ কাপটো ধৰি

ঘৈণীক ক’লেহি যোৱা, মোৰ মূৰটোকে খোৱা

AEC nostalgia -4

  1. জুন কা ফুল


মানুহ মাত্ৰেই সকলোৱে নিশ্চয়কৈ সৌন্দৰ্যক প্ৰশংসা কৰে৷ লাগিলে সেই সৌন্দৰ্য এপাহ ফুলৰে হওক, এজনী ধুনীয়া ছোৱালীয়ে হওক, এটি আটোমটোকাৰি ঘৰেই হওক বা এটি পখিলা বা এযোৰ পাটৰ কাপোৰেই হওক৷ বহুতেই যেনেদৰে ঐশ্বৰ্য ৰয়ৰ চকুকেইটা ধুনীয়াদেখে তেনেকৈ আন বহুতে এইচিৰ নতুনকৈ অহা ফাৰ্স্ট চেমিস্টাৰৰ কথা কয়৷ টেন্ডুলকাৰৰ বেটিঙ দেখি জপৰা চুলি সাময়িকভাবে ভাললগা হোৱাৰ দৰে মাজতে জুনিয়ৰ ল’ৰা এজন দেখি লগৰ কিজনীক এদিন কিহে পালে জানো কৈছিলো ঐ চা চা ইমান সৰুফুটীয়া ধুনীয়া ল’ৰাজন, যেন এপাহ ফুলহে! ল’ৰাটো ক্ৰিকেট খেলুৱৈ কেন ৰাডাৰফৰ্ডৰ দৰে ৰঙা বগা আছিল৷ হ’লেই নহয় আৰু য’তেই ল’ৰাটো লগৰবোৰে (ইলেক্ট্ৰিকেল) দেখে ঐ  জুন কা ফুল আহিছে চা চা বুলি মোক খবৰ দিবই আৰু৷ ভাবিলে হাঁহি উঠে কথাবোৰ এতিয়া, সেইযে সৰু সৰু কথাতে উচ্ছলতাৰে ভৰা ছাত্ৰীজীৱনটো...আৰু ঘূৰি নাহে যে কেতিয়াও৷