Friday, April 26, 2013

পদ্য-৪

লেবেল আৰু ভেবেল - ১
লেবেল আৰু ভেবেল গধূলিখন বজাৰলৈ যায়
কিজানি কোনোবাখন দোকান হয়তো খোলাই পায়
লেবেলে বোলে কৰিম কিবা এটা
হাতত হ'লে নাই ফুটাকড়িও এটা
অসম বন্ধ বুলিয়েই জানো নোখোৱাকে থাকিব পায়?

ভেবেলে বোলে, পালোৱেই যেনিবা এখন খোলা দোকান
বাকীত খুজি ফুৰিবলৈ নাই জানো আত্ম-সন্মান
বহুত হ'ল এই হাজিৰাগিৰিৰ কাম
ঘৰৰ ল'ৰা ঘৰলৈ মুঠতে ঘূৰি যাম
খেতি বাতি কৰি খাম, কাইলৈকে চহৰৰ পৰা কৰিম প্ৰস্থান ৷

লেবেলৰ লাগিল দুখ, নেযাবি ফটকৈ এনেকৈ এৰি
কেইটাই খাইছে আজিৰ দিনত খেতি-খোলাখন কৰি
এশঘণ্টীয়া অসম বন্ধ আছে চলি
বাছো নাই চলা এই বন্ধডালকে বুলি
ভাল দিন আহিবই, চোৱা যাওকচোন দুদিনমান চিন্তা কৰি৷

হওঁতে লেবেল আৰু ভেবেল দুয়োজন এম, এ, পাছ
একেলগে জালুকবাৰীত নিয়মিত কৰিছিলে ক্লাচ
নিতৌ দেখিছিল সোণালী সপোন
নিষ্ঠাৰেই কৰিব জীৱনক আপোন
কিনো হ'ল বাৰু যদি হ'ল দুবছৰ নোখোৱা চিতল মাছ৷

ভেবেলৰ মনত পৰে সেই সোণোৱালী দিনৰ কথা
লেবেলৰ ভনীয়েকে দিছিলে চুৱেটাৰ হাতেৰে গোঠা
কম কম বুলি নহ'লযে তাইক কোৱা
এবছৰেই হ'ল তাইৰ বিয়া হৈ যোৱা
ৰৈ গ'ল অন্তৰৰ কোঠাত এটি আশা চিৰদিনলৈ হৈ গোমোঠা৷

লেবেলৰ ঘৰ চহৰত যদিও মাটি-বাৰী হ'লে নাই
পিছে আছে এগালমান তাৰ নিবনুৱা ককাই-ভাই৷
পঢ়া-শুনা কৰি সাং
আকাশত পাতি চাং
গোটেইকেইজন ওলাই যায় ইণ্টাৰভিউ দিবলৈ ব্ৰহ্মপুৱাই৷

ভনীজনীৰ বিয়াত খৰচ কৰিয়ে বাপেক হ'ল লাওলোৱা
আকাৰে ইংগিতে পুতেকহঁতক কয় পাৰিলে নিজে ঘটি খোৱা
এইবছৰতে ল'ব অৱসৰ
এৰিব চহৰ আৰু ভাড়াঘৰ
তেতিয়ালৈকে সংস্থাপন নহ'লে লেবেলৰ লাগিব যোৱাথোৱা৷

শেষত দুয়ো কৰিলে ঠিক বহুতো ভাবি-গুণি
ভেবেলৰ গাৱঁলৈকে যাবগৈ এদিন দিনবাৰ গণি
কৰিব খেতি দুয়ো বিজ্ঞানসন্মত
পলসুৱা মাটি, ফচল হ'বই উন্নত
দিহিং-পৰীয়া সপোন এটিয়ে যেন মনত কৰিছে আমনি৷

Tuesday, April 9, 2013

বিশ্ব অভিলেখ -চুটি গল্প



বিশ্ব অভিলেখ
অৱশেষত আদাক দেখি উঠিল গা, কেতুৰীয়ে বোলে মোকো খা! কনেঙে দিনটো গৰু চৰাই আহি ঘৰ সোমাই দেখিলে তাৰ অইনাজনী দেখোন মন মাৰি আছে আজি৷ কি বা হ’ল! সোধাত হে উৰহী গছৰ ওৰটো ওলাল ওচৰৰ ঘটিৰাম আৰু বাতিৰামৰ ঘৰলৈ হেনো টিভিৰ মানুহ আহিছিল৷ একেবাৰে কেমেৰালৈ! সিহঁতে যোৱা মাহৰ পৰাই চাঁচি থকা বাঁহৰ কামিবোৰেনো কি কৰিব কোনেও নাজানিছিল কিন্তু হঠাৎ ফেচবুকত ফটো দেখিহে মানুহে গম পালে যে সিহঁতে প্ৰায় আঢ়ৈশ বৰ্গফুটৰ বাহঁৰ বিচনী এখন সাজি উলিয়ালে ভিতৰৰ চোতালত৷ কোনোবাই গীনিজ বুকলৈ খবৰটো দিয়াত আজি ঘটিৰাম বাতিৰাম বিশ্ববিখ্যাত হৈ পৰিল৷ অইনাৰ সেইটোৱে দুখ৷ ঘটিৰাম বাতিৰাম মেট্ৰিক ফেইল ল’ৰা আছিল কিন্তু কনেঙ কলেজ গৰকা ল’ৰা৷ কনেঙে হে বিখ্যাত হ’ব লাগিছিল! দুদিন আগলৈকে দেখোন গীনিজবুক ফেচবুক বুলি কোনো বুকৰে তাই নাম নলৈছিল৷ এতিয়া তাইৰ কথা হ’ল যেনেতেনে কনেঙেও কিবা এটা অভিলেখ কৰিব লাগে৷ বহুত বুজোৱাৰ পিছত মান্তি হ’ল কনেঙ কিন্তু এটা চৰ্ততহে – বিশ্ব অভিলেখ সি অকলে নকৰে, দুয়োটাৰে নাম হোৱা কিবা এটা কৰিব লাগিব৷ অয়নাই ইতিমধ্যে ‘আইডিয়া’ কিছুমান গোটায়েই থৈছিল যেনে এশ মিটাৰ দীঘল তিলপিঠা তৈয়াৰ কৰা, আটাইতকৈ ওখ টঙীঘৰ সাজি উলিওৱা, আটাইতকৈ চুটি এড়ী চাদৰ বৈ উলিওৱা, এহেজাৰ সৰিয়হ গুটিৰ ওপৰত ‘জয় আই অসম’ বুলি লিখা ইত্যাদি৷ কিন্তু আহুকাল হ’ল এই গোটেইবোৰৰ কাৰণে বহুত সা-সঁজুলি, ধৈৰ্য তথা ধন লাগিব কেঁচা সামগ্ৰী কিনিবলৈ! কি কৰা যায়৷ কিবা এটা সহজ হ’লে ভাল আছিল৷ গোটেই ৰাতি ভাবি থাকিল দুয়ো৷
মাজ ৰাতি অইনাই হঠাৎ চিঞৰ মাৰি উঠিল- “উঠচোন উঠ ঐ? পাই গ’লো পাই গ’লো”! কনেঙৰ টোপনি গৈছিল আচলতে৷ খপজপকৈ উঠিল সি৷ কিবা পালে এইজনীয়ে মাজৰাতিখন! “সোনকালে ক’ কাইলৈ বহুত কাম আছে” “থ তোৰ কাম, মই যিটো কৰাৰ কথা ভাবিছো, তেতিয়া আমি আৰু এইবোৰ কাম কৰিব নেলাগে বুইছ৷ ভাল দিন আহিব আমাৰ৷ আমাৰ ঘৰলৈও টিভি আহিব৷ আমাৰ ফটো ল’ব৷ ফেচবুকত, বাতৰিকাকতত, টিভিত ওলাম৷ ফৰেইনৰ পৰা পইচা পঠাব গীনিচে৷ কি ঠিক ফৰেইনলৈ মাতি নিবও পাৰে সিহঁতৰ ফালে ইমান গুণী মানুহ নাইতো৷ আমাৰ জকাইচুক, জংঘল বুলি সকলোৱে হঁহা মুলুকতে যোৱা কেইদিনত দেখা নাই কিমান গুণী লোক ওলাইছে৷ কম কথা নেকি?” চৰকাৰে আমাকো সম্বৰ্ধনা জনাব চাবি৷” “আইডিয়াটোনো কি কচোন আগতে”৷ “তিলপিঠা আকৌ” “তিলপিঠা? মানে এশ মিটাৰ দীঘল...” “নহয় অ’ ডাঙৰকৈয়েই কিবা এটা কৰিব লাগিব বুলিটো কথা নাই৷ সেইকাৰণে ওলোটাতো কৰিম” “কিমান সৰু কৰিবি? এক ইঞ্চি?” “নহয়, এক ইঞ্চি দীঘল তিলপিঠা যিয়ে সিয়ে কৰিব পাৰিব, পিছৰ দিনাই কোনোবাই ৰেকৰ্ডটো ভাঙি পেলাব৷ মই কি ভাবিছো জান?” “কি?” “এটা চাউল, এটা তিল আৰু এটা চেনীৰে তিলপিঠা৷ চাউলটো গুড়ি কৰি সাৱধানেৰে তাত তিলকণ ভৰাই দি কৰিম৷ মই দুদিনমান প্ৰেক্টিচ কৰি ল’ম নহয় চিন্তা নকৰিবি” কনেঙৰ চকু দুটা উজলি উঠিল, তাৰ মানুহজনী ইমান গুণী বুলি সি ভবাই নাছিল পাই! চকুৰ আগত তাৰ ইউৰোপৰ মানচিত্ৰখন ভাঁহি আহিল, বৃটেইনৰ প্ৰাসাদত এক বৃহৎ তিলপিঠাৰ ভোজত যেন ৰাণীয়ে বিহু বুলি নিজৰ হীৰাখচিত আঙুঠি এটা অয়নাক পিন্ধাই দিছে!! বেৰৰ জলঙাইদি অহা পুৱাৰ ৰ’দ কাচলিকণো তাৰ কেমেৰাৰ পোহৰ যেন লাগি চকু জলক তবক লগালেহি৷

Friday, April 5, 2013

এখনি মৰমৰ তিলপিঠা



এখনি মৰমৰ তিলপিঠা

মোৰ জীৱনৰ বৰ্তমান এটাই লক্ষ্য
এখনি তিলপিঠা কিবাকে কৰাই ভক্ষ্য
আইয়ৈ পিঠাৰো থাকে বগা লনি দেহা
ভিতৰে বাহিৰে যাৰ নাই তিতা-কেহাঁ
প্ৰভূ কিমান সহিম আৰু এই পিঠাপনাৰ দুৰ্ভিক্ষ!

ঢোল বজা নাই পাহাৰৰ টিঙত, দিয়া
পেঁপাৰ টিহিটি কি আছিল, এহ বুজাই দিয়া;
চকুমুদা কুলিত গৈ কুলিৰ সংজ্ঞা
ঢেকী জীয়াই থকাৰ কাৰণ নোহোৱা
বৰদৈচিলায়ো আইক কৈছে এইবাৰ নাযাওঁ দিয়া৷

চিঠি লিখাই লিখিছে, মই লিখিছো ইমেইল
আইয়ে বুজি পায় নকৰে ‘ব্লেকমেইল’
কৈছিলে, তিলপিঠা ওলাইছে বজাৰত
পঠাই দিমনেকি হেৰৌ এই সপ্তাহত
জিভাৰ পানী গিলি ক’লো ধৰা পৰিলে তই যাবি জেইল৷

কালি এঘৰলৈ গৈছিলো খাবলৈ এসাজ চাউল
সুধিলো চুচুক-চামাককৈ পিছে লগালো আউল
শাহুৱেকে বোলে আনিছিল দুটামান পিঠা
ঘৰত তৈয়াৰ কৰা বোলে ব-অ-ৰ মিঠা
পিছে হ’লে কি হ’ব, বিমানবন্দৰত ভূতে পাই কৰিলে ‘ফাউল’৷

নাৰিকল পালো, তিলো পালো আৰু গুঁড়ো পালো
পিছে বৰা চাউলটোহে ক’ত পাওঁ কতযে ঘূৰিলো
জেচমিন বুলি এটা ‘স্টিকি ৰাইচ’ পাই
তাকে পৰীক্ষাগাৰত বাপ্পেকে দিলো সুমুৱাই
“এইবোৰ পিঠা নে কি ঔ”, বুলিচোন গালিহে খালো!

কঁকালৰ ৰাম নাম কেতিয়াবাই সত্য যদিও
উৰাই ঘূৰাই বিহু গালো-নাচিলো, ল’লো ভিডিও
দৰ্শক নাই, কাৰণ সকলোৱে মঞ্চত
ঘৰলৈ আহি লাগি গ’লো ফটোশ্বপত
হে: হে:, “আমি বিহু পাতিলো” বুলি দিলো পঠাই বাতৰিও৷

পিছে, নহ’লযে খোৱা তিলপিঠাখনি মৰমৰ
বৰদৈচিলাজনীৱেও ঠেঁহতযেন সোমায় ৰোহঘৰ
পিঠাপনাৰ সপোন থ’লো সামৰি
ব্যস্ত জীৱনে আকৌ পেলালে পাহৰি
বহাগ আকৌ আহিব, সন্ধিয়াৰ বগলীজাকৰ সৈতে অসমীআইলৈ পঠালো হিয়াভৰা খবৰ৷

Tuesday, March 12, 2013

গল্প - প্ৰাচীৰ

খোলো নোখোলোকৈ সীমাই আজি দক্ষিণফালৰ খিড়িকীখন খুলিলে৷ ৰ'দ-বতাহ কাহানিও একোৰে সোৱাদ নোপোৱা খিড়িকীখন খুলিলে কেৱল ৰঙামাটিৰ গৰাটোৰ বাদে একোৱেই দেখা নাযায়৷ অথচ উত্তৰফালৰ খিড়িকীদুখনেদি সিহঁতেযে দীপৰবিলৰ কত মনোমোহা ৰূপ চোৱা নাই যোৱা দুমাহে!
    আকৌ বৰষুণ দিবলৈ আৰম্ভ কৰিছে৷ কি আচৰিত, খিড়িকীখনেদি বৰষুণৰ টোপাল এটাও আহিব পৰা নাই৷ মস্ত শিলাময় পাহাৰটোৰ এইটোফালে মাত্ৰ পাঁচটা ঘৰহে আছে৷ তথাপিও মহানগৰীত দামী ভাড়াঘৰবোৰ তাইৰ পাৰ্টটাইম চাকৰিটোৰে বলে নোৱাৰিব বুলিয়েই গীতিকাৰ সৈতে এইটো ঘৰ ল'লেহি৷ মালিকো থাকে পূবৰ ফালে ৎকা অলপ ভাল কোঠাকেইটাত৷
   সিহঁত দুয়োজনীৰে বেছ ভয় লাগিল৷  কাৰণ সিহঁতৰ ঘৰৰ ওপৰতো বিৰাটাকায় পাহাৰটোৰ মূধচৰ পৰা যথেষ্ট তলত এটা প্ৰকাণ্ড শিলে তাৰ একছত্ৰিতাকে ভৰণপোষণ দি আহিছে সিহঁতে দেখাৰ পৰাই৷ কিন্তু এইটো শিল খহিলে এইফালৰ পাঁচোটা ঘৰটো বাদেই, তলৰো গোটেই এলেকাটোৰ ক্ষতি হ'ব৷ মাজতে এবাৰ আলোচনাও কৰিলে বেলেগ ঘৰ বিচাৰিব নেকি! কিন্তু তেতিয়া সিহঁতৰ অফিচলৈও দূৰ হ'ব, নাইট কলেজলৈও অহাযোৱা কৰিব নোৱাৰিব আৰু তাতোকৈ ডাঙৰ কথা মাহে মাত্ৰ গাইপতি এশ টকা দি দুটাৰুম আৰু ক'তো নেপাব৷ লাইট-পানীৰ সুবিধাখিনিতো আছেই৷ সিহঁতে শুনিছিল মালিকৰ হেনো চহৰৰ কোনোবা এটা দামী এলেকাত ঘৰমাটি সকলো আছে৷ কোনোবা অফিচক ভাড়া দি ৰাখিছে৷ সেইফালেই কিবা চাকৰি পালে ভাল আছিল৷ মালিকজনৰ ব্যৱহাৰপাতি ভাল৷
  যি কি নহওক শিলাখণ্ডটোৱে বোধকৰো সিহঁতৰ প্ৰাৰ্থনা শুনিলে৷ সপ্তাহজোৰা প্ৰৱল বৰষুণতো তাৰ গা নলৰিল৷ ৰাতি শোৱাৰ সময়ত দুইজনীয়ে শিলটোৰ ফালে মূৰ দোৱাঁই প্ৰণাম কৰে৷ আৰু ত্ৰস্তমান হৈয়ে নিদ্ৰাৰ কোলাত ঢলি পৰে দুয়ো৷ ৰাতি পুৱালেই দুয়ো বাহিৰলৈ ওলাই চায়; সি অকনমানো ইফাল-সিফাল হৈছে নেকি৷ সাইকাৰণেই সপ্তাহৰ  মূৰত যেতিয়া বৰষুণ এৰিল দুয়ো বৰ শান্তি পালে৷
  বহুদিনৰ মূৰত দৰ্শন দিয়া বেলিটোৱেও যেন কঢ়িয়াই আনিলে অনাবিল কৰ্মোদ্যম৷ এই উদ্যমৰ মাজতেই গীতিকাই এটা কাণ্ড কৰি পেলালে৷ বাতৰিকাকতৰ কোনোবা এচুকত পাই তাই কিবা ৱাক-ইন-ইণ্টাৰভিউ এটা দি থৈছিল চহৰৰ দক্ষিণফালে৷ আৰু চাকৰিটোও পালে এতিয়া৷ দৰমহা-পাতিও ইয়াতকৈ ভাল৷ অহা সপ্তাহতে যোগ দিবগৈ লাগে৷ নাইট কলেজৰ পঢ়াশুনা গ'ল আৰু৷ এনেয়েও সীমাইহে তাইক জোৰ কৰি বি, এএডমিচন লোৱাইছিল নিজৰ লগ এটা হ'ব বুলি৷ এতিয়া দুয়োজনীয়ে বিপাঙত পৰিল৷ নতুন কৰ্মস্থলীত এটাকৈ হ'লেও ৰুম এটা বিচাৰিব লাগিল৷ ভাড়াঘৰ বিচৰাৰ তিক্ততাখিনি আৰু সীমাৰ চপাই লোৱাৰ ইচ্ছা নাছিল৷ আৰু গীতিকা গুছি গ'লেও সীমাৰ ইয়াৰপৰা যোৱাৰো মন নাই তেনেকে'৷ এশটকীয়া ঘৰ, বি-এৰ ক্লাচ, এইবোৰতো আৰু বতাহত উৰিফুৰা সুবিধা নহয়৷ আকৌ গীতিকাৰো চাকৰিটো হেৰুওৱাৰ ইচ্ছা নাই৷
  অৱশেষত ঠিক হ'লযে গীতিকাই প্ৰথম কেইদিনমান ইয়াৰপৰাই অহাযোৱা কৰিব৷ অন্য এটা ঘৰ ঠিক নোহোৱালৈকে৷ কিন্তু সই ঘৰটো দুয়োজনীৰ বাবে সুবিধাজনক হ'ব লাগিব৷ নহ'লে সীমাই আন কাৰোবাক ইয়ালৈ লৈ আহিব গীতিকা গুছি গ'লে৷ 
  হঠাৎ কিবা এটা জোকাৰণিত সীমা সাৰ পাই গ'ল৷ ভূমিকম্প নেকি? অ' ঘৰটো দেখোন ল'ৰিবলৈ ধৰিছে৷ সেইদিনা ৰাতি সিহঁতে পলমকৈ শুইছিল৷ 'ঐ গীতি, গীতি উঠচোন৷ কিবা এটা হৈছে, উঠ৷' খকমককৈ গীতিকাই সাৰ পায়েই চিঞৰিলে, 'শিলটো খহিছে নেকি বাৰু?'
  গোটেই মানুহবোৰ বাহিৰতে আছিল৷  বৰষুণো দেখোন দি আছে৷ ৰাতিপুৱাৰ উজ্জল ৰ'দচেৰেঙাৰ বিপৰীতে কেতিয়ানো ক'লামেঘে আকাশ চানিলে সিহঁতে গমেই নেপালে৷ ভূমিকম্পই আছিল সেয়া৷ সময় বোধকৰো আঢ়ৈ মান বাজিছিল৷ ওপৰৰ শিলটোলৈ চাই আকৌ সিহঁতে ভগৱানক ধন্যবাদ জনালে৷
  ৰাতিটোৰ বাকীচোৱা আৰু সিহঁতৰ শোৱা নহ'ল৷ নাই, গীতিকা আৰো কোনোপধ্যেই পাহাৰীয়া ঘৰত নাথাকে৷ লাগিলে তাই বেছি ভাড়া দি বেয়াঘৰ এটাই বন্দৱস্ত কৰিব৷ কিন্তু এতিয়াই মৰিব নোখোজে তাই৷ তাইৰ কথা হ'ল, তাই মৰিলে বুঢ়া বাপেকক চাব কোনে? মাহেকৰ মূৰত তাই পঠিওৱা টকাকেইটাৰে বাপেকে গাৱঁৰ ঘৰটোত খেতিখোলা কৰি টুকটাককৈ জীয়াই আছে৷ লগত অন্ধ ভায়েকটোক লৈ৷ সীমাৰ উপায় নোহোৱা হৈছে৷ তাইয়ো যদি গীতিকাই পোৱা ঠাইখিনিতে চাকৰি এটা যোগাৰ কৰি ল'ব পাৰিলেহেঁতেন৷ ধুমুহা বৰষুণৰ মাজেদিয়েই এশ এবুৰি চিন্তা মূৰত লৈ দুইজনীয়ে আকৌ শুবলৈ চেষ্টা কৰিলে৷
  ৰাতিপুৱাই আকৌ দক্ষিণৰ খিড়িকীখনৰ হুককেইটা খুলিলে সীমাই৷ কিন্তু ই কি!! খিড়িকীখন যেন কিহবাই হেঁচা মাৰিহে থৈছে বাহিৰৰ পৰা৷ দৌৰ মাৰি তাই চাবলৈ বাহিৰলৈ গ'ল৷ হয়তো, উভাল খোৱা কিবা গছ এজোপাৰ ডাল এটাই ৰাতি কোন তলকত পথালিকৈ পৰিল খিড়িকী আৰু গৰাটোৰ মাজত খবৰেই নাই সিহঁতৰ৷ তাৰমানে কালি ধুমুহাও ভালদৰেই হৈছিল৷
  ওপৰলৈ চালে তাই৷ শিলটো বাৰু অলপ ইফাল-সিফাল হৈছে নেকি?  আগতকৈ যেন সি অলপ ওচৰলৈ আহিল৷ হয়তো ভ্ৰমো হ'ব পাৰে তাইৰ৷ 'গীতি, ঐ গীতি চাহিচোন, শিলটো নামিছে নেকি?' গীতিয়ে ভিতৰত শুনিয়েই যিটো চিঞৰ মাৰিলে, মালিকৰ ঘৰৰ মানুহো ওলাই আহিল৷ নাই, তেওঁলোকে বিশ্বাস নকৰিলে শিলটো খহিব পাৰে বুলি৷ কিন্তু গীতিকা সম্পূৰ্ণ পতিয়ন গ'ল - শিলটো নিশ্চয় যোৱাৰাতিৰ ভূমিকম্পত অলপ হ'লেও লৰিছে৷ কিন্তু সি যেন এইফালে নপৰি বাওঁফালেহে পৰিব যদি পৰিব লগা হয়৷ কাৰণ সেইফালে পূব৷ হে ভগৱান...বাওঁফালেতো বহুত মানুহৰ ঘৰ! 
  যোৱাৰাতিৰ ভূমিকম্পত বোলে শৰণিয়া পাহাৰৰ ৰঙামাটি খহিল৷ অৰ্থাৎ যোৱাসপ্তাহৰ বৰষুণ কোমল কৰা মাটি দুদিনৰ ৰ'দতো কুমলিয়ে থাকিছিল৷ মানুহ মৰা নাই যদিও দুটা ৰাস্তা বন্ধ হৈ আছে৷ গান্ধীবস্তিতো ৰঙা বোকাপানীৰ নদী বৰ ধৰিছে হেনো৷
  বৰষুণ এৰা নাই৷
  আজি দেওবাৰ৷ সিহঁতে ভাবিছিল, বৰষুণ এৰিলে ঘৰ বিচাৰি যাবই৷ গীতিকাই বৰষুণৰ মাজতো অকলেই যাবলৈ ওলাইছিল৷ মুষলধাৰাৰ বৰষুণপ্ৰকোপত তাই ৰাস্তাৰ পৰাই ঘূৰি আহিলগৈ৷ কাৰণ ৰাস্তাৰ নামত আছিল একাঁঠু মটীয়া ৰঙৰ এখন কোবাল নৈ৷
  এতিয়া কি হ'ব সিহঁতৰ, দুই নাওঁ দুই ভৰি৷ তাতে ভয়ংকৰ বৰষুণ৷ শিলটোৱে যেতিয়ালৈকে কৃপা কৰে তেতিয়ালৈকে সিহঁত জীয়াই থাকিব, ইয়াতে থাকিলে৷
  এই দূৰ্যোগৰ মাজতে মালিকৰ ঘৰৰপৰা তেওঁলোকে দক্ষিণপ্ৰান্তত থকা ঘৰটোলৈ যোৱাৰ সিদ্ধান্তটোৰ বিষয়ে সিহঁতে গম পালে৷ তাকো হেনো এই কেইদিনতেই তেওঁলোক যাব৷ অফিচটো তাতে থাকিব যদিও কাষৰ দুটামান ৰুমত নিজে ভাড়াতীয়াৰ দৰে থাকিবগৈ যেতিয়ালৈকে বলিয়া বাৰিষাৰ ওৰ নপৰে৷ সম্ভৱ সিহঁতৰ আগত শিলটো স্থিৰ বুলি ধৰি লোৱা যেন দেখালে তাৰ শক্তিৰ তেওঁলোকে ভালকৈয়ে অনুমান কৰিব পাৰিছে৷ 
  সীমা আৰু গীতিকা সচাঁই বৰ বিমোৰত পৰিল৷ ক্লাচলৈ যোৱাটোতো বাদেই, এতিয়া কামলৈ যাবলৈও সিহঁতৰ বিপদ হ'ল৷ বৰষুণ এৰে এক দুই ঘণ্টাৰ বাবে, বাকী সময়ত বৰষুণ আৰু কেৱল বৰষুণ৷ ইমানবোৰ পানী কেনেকৈ আকাশত ওলমি আছিল বাৰু?
   এনেকুৱা বতৰতে এদিন কিনকিনীয়া বৰষুণত সিহঁতৰ মালিকে ঘৰটো অস্থায়ীভাৱে তলামাৰি আৱশ্যকীয় বস্তুবাহানিখিনি লৈ সপৰিয়ালে সিটো ঘৰলৈ গ'ল৷ যাবৰ সময়ত তেওঁলোকে সিহঁতকো বেলেগ ক'ৰপালৈ পাৰিলে কেইদিনমানৰ বাবে যাবলৈ কৈ গ'ল৷ পিছে যাবা ক'ত? ঘৰ বিচাৰিবলৈকে সিহঁতে সময় পোৱা নাই৷ যিবোৰ চাইছে এতিয়ালৈকে আটাইকেইটাই সুবিধাজনক নহয়৷ ক'ৰবাত লাইট নাই, ক'ৰবাত পানী পৰে, ক'ৰবাত পানীৰ কাৰণে বা বাথৰুমৰ কাৰণে লাইন কৰিব লাগে, ক'ৰবাত বেৰ ঘূণে খাই খহি পৰো পৰো৷ তথাপি এইটোতকৈ যথেষ্ট দামী আটাইকেইটা৷ অটা পছন্দ হৈছিল সবফালৰ পৰাই৷ কিন্তু যিমানহে ভাড়া ক'লে সিহঁতে আৰু সেইটোৰ নাম ল'বলৈ সাহস কৰা নাই৷ তথাপিও সিহঁতে প্ৰায় তিনিগুণ দামী আৰু প্ৰায় একেখিনি সুবিধা থকা দুটা ৰুম অৱশ্যে পছন্দ কৰিলেগৈ৷ অহা দেওবাৰেই বস্তুবোৰ লৈ যাব৷ াজত তিনিদিনহে বাকী আছে৷ এই তিনিদিনত শিলটোৱে লৰচৰ নকৰিলেই ৰক্ষা৷
  প্ৰায় সত্তৰঘণ্টাৰ মূৰত আকৌ বৰষুণ আৰম্ভ হৈছে৷ এনেদৰে হৈছে যেন বৰুণদেৱতাই আগতে কেতিয়াও বৰষুণ দিবলৈ পোৱাই নাছিল৷ চহৰৰ টকলা পাহাৰকেইটাৰ সম্ভাব্য অৱস্থা, নতুন ঘৰটোৰ সুবিধা-অসুবিধাখিনি আৰু শিলটো আজিও খহিব পাৰে নেকি জাতীয় কথা পাতি পাতি সিহঁতৰ ৰাতি গ'ল৷ পিছদিনা শনিবাৰ, অফিচলৈ দুয়োজনীয়ে নোযোৱাটোকে ঠিক কৰিলে৷ ৰাতিটো ভালেৰে পাৰ হ'লে, যদি কাইলৈ বতৰ ফৰকাল হয় তেনেহ'লে কালিলৈকে দুয়ো বদলি হৈ যোৱাৰ কথা আলচ কৰিলে৷
  ৰাতি খকমককৈ দুয়োজনীয়ে যেন কিবা এটা অদ্ভূত গুমগুমনিত সাৰ পালে৷ ঘৰটো যেন কিছু কঁপিছেও৷ আকৌ ভূমিকম্প নেকি? নে শিলটো....!!! গুমগুমনিটো আৰু জোকাৰণিটো অৱশ্যে অৱশেষত বন্ধ হ'ল৷ কিন্তু ভূমিকম্প হ'লেতো এনেদৰে শব্দ নহয়৷ ভালদৰে পোহৰেই হোৱা নাই, তাৰোপৰি আপদীয়া বৰষুণজাক দিয়েই আছে৷ নহ'লে বাহিৰলৈ ওলাই চাব পৰা গ'লহেঁতেন৷ সিহঁতে ভয়ে ভয়ে পোহৰ হোৱালৈ বাট চালে৷
  ৰাতিপুৱা বাহিৰলৈ ওলাই আহি সিহঁত অবাক হ'ল৷ বৰষুণ কিনকিনিয়াকৈ দি আছে৷ সিহঁতৰ ঘৰৰ আশে পাশে অ'ত ত'ত কিছুমান ওভালখোৱা গছৰ মূঢ়া, মাটিৰ লদা, সৰু শিলৰ টুকুৰা ইত্যাদি৷ মান লেতেৰা পেতেৰা হৈ আছে গোটেইখন! ওপৰলৈ চই দেখে যে শিলটো দেখোন একে ঠাইতে আছে৷ উ: ৰক্ষা! সীমাই এটা স্বস্তিৰ নিশ্বাস এৰিলে৷ 'সীমা চাচোন চা - শিলটোৰ ওপৰত সেইবোৰ কি' ৷ হঠাৎ গীতিকাৰ চিঞৰ শুনি তাই এতিয়াহে মন কৰিলে...ওভাল খোৱা গছগছনি, সৰুবৰ শিলাখণ্ড আৰু পাহাৰটোৰ মূধচৰ পৰা খহি অহা ৰঙামাটিৰ এটা মেটমৰা বোজা সহি শিলটোৱে সিহঁতক যেন কৈছে - "ধৈৰ্য ধৰ আইহঁত, ধৈৰ্য ধৰ...."
  ৰাতিৰ গুমগুমনিৰ অৰ্থটো সিহঁতে এতিয়াহে বুজি পালে৷
ৰচনাকাল - ১৯৯৬