Saturday, November 22, 2025

সোণালী জয়ন্তী উপলক্ষে বিশেষ লেখা

সোণালী জয়ন্তী উপলক্ষেঃ


এখন মহাসাগৰৰ মাজত এটি সেউজীয়া দ্বীপ বা এখন মৰুভূমিৰ মাজত দুটামান জুপুৰীৰে সৈতে এখনি সতেজ মৰুদ্যানৰ দৰেইসোণসেৰীয়া স্মৃতি এয়া! তুলনা কৰিবলৈ মই অসমৰ্থ স্মৃতিৰ সঁফুৰাত কিমান যে অকুণ্ঠ সুগন্ধি মলঙি আছে! 

পঞ্চম শ্ৰেণীৰ পৰা নৱমলৈকে জীৱনৰ সোণালী সময়চোৱাত মই লগ পোৱা প্ৰতিজন বন্ধুবান্ধৱীলৈ অকৃত্ৰিম মৰম আৰুশিক্ষাগুৰুলৈ আন্তৰিক শ্ৰদ্ধাসহ কৃতজ্ঞতাৰে এয়া বুটলিছোঁ আজি বাখৰুৱা স্মৃতিকণা কেইটিমান, জীৱনৰ আদবাটত এয়াইতোসমল, চাগে পঞ্চভূতৰ ইন্ধন৷ 

পঞ্চম শ্ৰেণীত সোমাইছোঁহিহে তেতিয়া৷ দেখাত চুটি চাপৰ আছিলোঁ বাবে ওচৰ চুবুৰীয়াৰ চেমনীয়া দুই এটাই স্কুললৈ যোৱা ৰাস্তাতটিকিৰি বুলি জোকায়৷ খং উঠিলেও লাভ নাই৷ স্কুল আছিল ঘৰৰ সমুখতে! ইচ্ছা কৰিলে খৰালি ৰাস্তাৰ সিপাৰে থকা আধাশুকান গৰাটো পাৰ হৈ খেলপথাৰখন পাৰ হৈ চমু কৰিব পাৰি৷ কিন্তু তেনে কৰিলে বেয়া দেখিব পাৰে, বেলেগ মানুহে নাভাবিবজানোঁ এই স্কুলৰ নিয়ম কানুন নাই নেকি বুলি৷ সেয়ে প্ৰধান ৰাস্তাটোৰে পোনাইয়েই গৈছিলোঁ প্ৰায়েই৷ কোনোবাই জোকাব বুলিকাকো নামাতোঁ, কেনিও নাচাওঁ৷ কেনে ভাল ছোৱালী আছিলোঁ নহয়নে? হাঃ হাঃ! মূৰ তল কৰি গঁড়টোৰ দৰে চিধাচিধিশ্ৰেণীকোঠাত সোমাওঁগৈ আৰু বেল পৰাৰ লগে লগে প্ৰাৰ্থনাৰ বাবে ওলাই আহোঁ লগৰবোৰৰ লগত৷ পিছে শৈশৱ আৰুকৈশোৰকালত মূৰত আৰু মনত কচুপাতে কাকনো নখজুৱায়? এবাৰ আমাৰ শ্ৰীযুত পৰেশ গোস্বামী চাৰৰ বিজ্ঞানৰ ক্লাচআছিল৷ তাৰ আগতে সম্ভৱ হিন্দীৰ ক্লাচ আছিল আৰু কোনো বিশেষ কাৰণত  সেইদিনা হিন্দীৰ ক্লাচটো হোৱা নাছিল৷ আমাৰকোঠাত এটা শামুক সোমাইছিল ক’ৰবাৰ পৰা৷ সকলোয়ে উৎপাত কৰি আছিলোঁ শামুকতো কোনে পেলাবগৈ বুলি৷ ঘৰতহোৱাহ’লে এনে সৰু সৰু শামুক পেলাবলৈ কোৰ এখনৰ যাদুকৰী স্পৰ্শই যথেষ্ট৷ ক্লাচ কেপ্তেইন আছিলোঁ কিজানি মই তেতিয়া৷বহুতে মোলৈ চালে আৰু ক’লে শামুকক গতি লগাব লাগে মই৷ অঁকৰা মৈত উঠিল৷ বীৰদৰ্পে শামুকলৈ কুটিল হাঁহি মাৰিআগবাঢ়িলোঁ ইফালে অস্ত্ৰ শস্ত্ৰ হাতত একোটি নাই৷ তেনেতে শুনিলো ’ঐ চাৰ আহিছে, চাৰ আহিছে’৷ ভয় খাই দৌৰ মাৰি গৈনিজৰ ঠাইত বহিলোঁগৈ৷ ক্ৰেচ কৈ শব্দ কৰি শামুক মোৰ গৰ্বিত বাটা ছেণ্ডেলৰ গচকত গুড়া হ’ল! সকলোৰে ফিচিঙা ফিচিঙি৷ চাৰেআহি পাই সুধিলে কি হৈছে৷ কোনোবাই কৈ দিলে চাৰ, নীলাঞ্জনাই শামুক এটা গচকি ভাঙি থৈছে৷ কোনোবাই বিশ্বাস কৰিবনে সেইমূহুৰ্তটো মোৰ স্কুলীয়া জীৱনৰ আটাইতকৈ লাজৰ আছিল বুলি!  চাৰে গালি দি লগে লগে চাফা কৰিবলৈ কঠোৰভাবে আদেশদিলে৷ আন দুজনমানৰ সহযোগত চাফা কৰিলোঁ চাগৈ৷ পিছে লাজটো আজিলৈকে পাহৰিব পৰা নাই আঢ়ৈকুৰিয়ে চুলেহি বয়সেএতিয়া! 

স্কুলৰ বছৰেকীয়া অধিবেশনৰ সময় পাইছিলেহি৷ বোধহয় ষষ্ঠশ্ৰেণীত তেতিয়া৷ ঘৰত মাহঁতে সদায় সকলোতে ভাগ ল’বলৈ উৎসাহযোগায়৷ সেয়েহে সাংস্কৃতিক বিভাগ, খেল-ধেমালি, নাটক সকলোতে অংশগ্ৰহণ কৰিলোঁ বাপ্পেকে! কোৰাচ শিকাইছিল আমাতকৈকেইবছৰমানৰ ডাঙৰ সুকণ্ঠী গায়িকা ছাত্ৰী বৰষা শইকীয়া বাইদেৱে৷ বৰষাবাই মোৰ বাইদেউহঁতকো কোৰাচ শিকাইছিল৷ সিহঁতেতিনিজনী মিলি গালে “আমি অকণি, অকণিৰ দল, মনত আমাৰ বৰ বল৷ মা দেউতাৰ কথামতে দিনৰ কাম কৰোঁ, শিক্ষকৰবাধ্য হৈ পঢ়াশালিত পঢ়োঁ...“৷ ভাল হৈছিল তিনিও সুন্দৰকৈ মুখস্থ কৰিও আহি গাইছে৷ আমাক শিকালে “অ ৰে’ল চলে ৰে’লচলে, দূৰ দূৰণিৰ কোন ফালে, গামাপা মাপাধা পাধানি ধানিসাৰে“৷ আমাৰ দলৰ প্ৰস্তুতিৰ নামত এটা প্ৰকাণ্ড আলুগুটিহেআছিল৷ তথাপি শেষমূহুৰ্তত টানি আজুৰি ’মই গাম নহয় তহঁতি লগত থাকি মাত্ৰ গাই যাবি আহ“ বুলি প্ৰতিযোগিতাৰ দিনামঞ্চত পাঁচজনী উঠিলোঁগৈ৷ ঠিয়দঙাৰে একমিনিট মান গ’ল৷ গগৈছাৰে আকৌ এবাৰ ঘোষণা কৰি দিলে৷ মোতকৈ এবছৰ সৰুশিখামণিয়ে তেতিয়া গান শিকি আছে৷ তাইক খাতিৰ কৰি হাৰমনিয়ামো বজাবলৈ লগাইছোঁ৷ সা-পা-সা বজাই তাই আমালে’ চাইআছে৷ সুগায়িকা, প্ৰতিভাশালী শিখামনি সদায়ে সক্ৰিয় সাংস্কৃতিক বিভাগত সৰুৰে পৰাই৷ কিন্তু আমিহে আৰম্ভ কৰাই নাই৷ কিহ’ব এতিয়া? সকলোয়ে চাই আছে ইফালে৷ দিলোঁ অৱশেষত ময়ে আৰু টেটু ফালি— অ’ ৰে’ল চলে...৷ গম পালোঁ অকল মোৰমাতটোয়েইহে তাকো বেসুৰাকৈ ওলাইছে অৰ্থাৎ লগৰকিজনীয়ে অকল  ওঁঠহে লৰালে৷ নে নলৰালে তেতিয়াৰ দিনতটো ভিডিঅৰেকৰ্ডিং নাই আকৌ ঘূৰাই চাবলৈ৷ বাইদেউহঁতে দ্বিতীয় পুৰষ্কাৰ পাইছিল চাগৈ আৰু আমি একো নাপালোঁ৷ তথাপি বাকীআধুনিক গীত নৃত্য আবৃত্তি ইংৰাজী, অসমীয়া একো এৰাত নাই৷ আবৃত্তিত কিবাকিবি পুৰস্কাৰ পাইছিলোঁ সম্ভৱ৷

খেলপথাৰত এইবাৰ৷ শ্বটপুট থ্ৰো৷ জেভলিন মাৰিলোঁ আগদিনা৷ এক ৰাউণ্ডৰ পিছত কুৱালিফাই নহ’লোঁ পৰবৰ্তী ৰাউণ্ডলৈ৷দলিয়ালেও খোঁচেই নেখায়চোন৷ এইবেলি শ্বটপুট মাৰিলোঁ৷ ভৰিৰ ওচৰতে পৰিল৷ মোৰ মৰসাহ দেখি আক এবাৰ মাৰি চাবলৈদিলে৷ এক ইঞ্চিমান আগুৱালে সম্ভৱ, লগত যিটো জোৰ দিছিলোঁ ওচৰত থকা সকলোয়ে ভাবিছিলে চাগে পেটৰ ভিতৰৰ পৰানাড়ীভুৰু মখাই ভয় খাই শ্বটপুটতকৈ আগতেহে পৰিবহি৷ বাকী সকলোৰে দুইমিটাৰ মান আগত থ্ৰ’ হয়৷ শেষৰ ৰাউণ্ডত মইতেতিয়াও খেলপথাৰৰ পৰা আঁতৰি নোযোৱা দেখি চাৰে সুধিলে, ’তই মাৰিবি জানো?’ মই ক’লো ’হয় চাৰ, এইবাৰ পাৰিম৷’ পিছেআগতকৈও ওচৰতহে পৰিল শ্বটপুট নামৰ ভেলেকিটো৷ ’যা পাৰিছ, অহাবাৰ আকৌ মাৰিবি’৷ গুচি আহিলোঁ বাৰু, পিছে পাৰিছোঁবোলা দেখি পিছত পুৰষ্কাৰ ঘোষণা কৰাৰ সয়ত কাণ উনাই আছিলোঁ কিজানি নিচুকনি বঁটা জাতীয় কিবা দিছে নেকি বুলি৷ নাইবাৰু৷ 

ষষ্ঠ শ্ৰেণীত ওপৰৰ শ্ৰেণীৰ দাদা বাইদেউ কেইগৰাকীমানে এবাৰ সুধিলেহি নাটক কৰিম নেকি! ঘৰত নোসোধাকৈয়ে ক’লোকৰিমতো! ’এটুপি চকুলো বহুতো বেদনা’ আছিল সম্ভৱ নাটখনিৰ নাম৷ মামনি বাইদেউহঁতৰ আছিলে চাগৈ৷ মোক সৰুছোৱালীৰভাও এটা দিছিল৷ চুটিমুটি আছিলোঁ যিহেতু৷ একে একে দুই একে দুয়ে তিনি বুলি মাজে মাজে নেওঁতা গাবলে দিলে৷ গালোঁ মস্তমাতেৰে৷ উৱা, মানুহে দেখোন বৰ ৰস পালে! শ্ৰেষ্ঠা শিশু অভিনেত্ৰী আৰু দ্বিতীয় শ্ৰেষ্ঠা অভিনেত্ৰী পালোঁ নহয়! কি ফুৰ্তিলাগিছিল সেইবাৰ! অষ্টম শ্ৰেণীত জঁক উঠিল, আমাৰ ঘৰৰ ওচৰৰৰ ভনীবাইদেউৰ ঘৰত উৰ্বীজা বুলি আলোচনী এখনত বুঢ়ীগংগাৰ ঘাট নামেৰে একাঙ্কিকা নাট এখন পাই একপি নকল ৰাখি থ’লো, তিনিটা চৰিত্ৰহে মাতৰ, যোগাৰ হৈ গ’ল৷ মোৰ সখীউৎপলাই চাই ক’লে ভালকে কৰিবি তহঁতি এইখন খুব ভাল হব জান৷ পৰিচালিকাৰ ভাৰ তাইকে দিলোঁ৷ লগৰ ভাস্কৰ, মৃদুল, ধৰণীহঁতে বুঢ়ীদিহিঙৰ পাৰৰ পৰা ঝাউবন আৰু বালি লৈ আহিল৷ ঘৰত পুৰণা তাঁতশালৰ পৰা কাটি থোৱা বৈ অঁটোৱা তাঁতৰশেষৰ বগা সূতাৰ থোকৰ পৰা দাঢ়ি এখিনি আনি চিলালোঁ৷ দেউতাৰ পুৰণা কুৰ্তা এটা আছিল বগা৷ লুঙীখন কোনোবাই জোগাৰকৰি দিলে ক’ৰবাৰ পৰা আনি৷ মূৰত পিন্ধিবলৈ মৌলবীৰ টুপীসদৃশ এটা চিলায়ো ল’লোঁ৷ 

সংলাপ সকলো মুখস্থ৷ 

উৎপলা আছিল প্ৰধান সাহস মোৰ সকলোবোৰ ভাল কামতে৷ লগৰ অঞ্জুমনি, ৰূপা, দীপিকাই সুচাৰুৰূপে নাটখনিত সহযোগকৰিলে৷ ভাষ্কৰহঁতক ক’বহে লাগে সকলো যোগাৰ কৰি দিয়ে খুঁত নৰখাকৈ৷ 

হেডচাৰ শ্ৰীযুত সৰ্বানন্দ সিং চাৰে সামৰণি অনুষ্ঠানত আমাৰ নাটখনৰ ভুৰি ভুৰি প্ৰশংসা কৰিলে৷ মঞ্চসজ্জাৰ পৰা বেশভূষা, পৰিচালনা সকলোবোৰ! বহুত ফুলি গ’লোঁ! শ্ৰেষ্ঠ নাট, শ্ৰেষ্ঠা অভিনেত্ৰী, মানে বাকী নাছিল আৰু৷ সেইবছৰৰৰ স্কুলৰসৎচৰিত্ৰবান ছাত্ৰীৰ পুৰস্কাৰটো উৎপলাই পাইছিল৷ আমাৰ খুব ভাল লাগিছিল যিহেতু আমি দুয়োজনীৰ ভিতৰত তাই যদিওশান্ত আৰু মই দুষ্ট আমাৰ বন্ধুত্বক লৈ মই আজিও গৰ্বিত৷ 

সপ্তমশ্ৰেণীলৈ ঘূৰি গৈছোঁ, অংকৰ ছমহীয়া পৰীক্ষা হৈ গৈছে মাত্ৰ৷ নম্বৰ দি আজৰি হোৱা বহীবোৰ ঘূৰাই দিবলে আহি শ্ৰীযুতগিৰিশ বৰুৱাচাৰে বৰ দুখ কৰি আছিলেহি এদিন ক্লাচত৷ কাৰণ আমি সকলোয়ে সেইবাৰ বৰ কম নম্বৰ পাইছিলোঁ৷ কোনোকাৰণত আমাৰ পঢ়াত ৰাপ কমি গৈছিল৷ এশৰ ভিতৰত মই ৩৩ পাইছিলোঁ, আৰু মোৰ পিছৰ গৰাকীয়ে ২৭৷ চাৰে আহি বৰদুখেৰে বহীবোৰ ঘূৰাই দিওঁতে কৈছিলে তহঁতক ইমান মৰম কৰি পঢ়াওঁ, কেলেইনো ইমান কম নম্বৰ পালি সবেই? পঢ়া নাছিলিনেকি?

দুখ লাগিল৷ সঁচাকৈয়ে, এজন শিক্ষকৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে বিষয়বস্তু এটা আয়ত্ত কৰিব নোৱাৰা কথাটো সঁচাই হতাশাজনক হ’বপাৰে৷ লাহে লাহে অংকৰ কিতাপখন ঘৰত গৈ মেলিবলৈ ধৰিলোঁ৷ তাৰ পিছৰবছৰৰ কথা৷ শ্ৰদ্ধাৰ ৰবীন গগৈচাৰে অংক পঢ়ায়আমাক তেতিয়া৷ সেইবছৰৰ সাধাৰণ গণিতত বীজগণিতত এটা অংক আছিল এনে ধৰণৰঃ বজাৰলৈ গৈ থাকোতে বাটত বন্ধুকলগেভাগে লগ পালোঁ, সুধিলোঁ ’তোমালোক কিমানজন আহিছা’? উত্তৰ আহিল, ’আহিছোঁ যিমান, আহিব সিমান৷ তাৰ পাছতআহিব তাৰে আধা৷ তাৰ পিছত সেই আধাৰ আধা৷ তোমাৰে সৈতে এশ হ’ম’৷ কি সুন্দৰ অংক নহয়নে? আমেৰিকাত আহি মোৰসন্তানক চতুৰ্থ শ্ৰেণীত অংকৰ অলিম্পিয়াডৰ বাবে পঢ়ুৱাওঁতে এদিন এই অংকটো কিতাপত দেখা পাই পুলকিত হৈ পৰিছিলোঁ৷যিকি নহওক এটা কথা ঠিক অংক ’ইনটাৰেস্টিং’ নহয় বুলি ভবা বা কোৱালোকৰ বাবে এই ধৰণৰ অংকবোৰ আচলতে একোএকোটা ব্ৰহ্মচিকুট! ৰবীন গগৈচাৰে বহীবোৰ ঘূৰাই দিবলে আহোঁতে বৰ ভয় খাই আছিলোঁ৷ চাৰ ক্লাচলৈ আহি আকৌ ওলাই গ’লকোনোবাই মাতি নিলে অফিচৰুমলৈ কিবা কাৰণত৷ চাৰে বহীখিনি টেবুলত থৈ গ’ল৷ কচুগুটি ভাষ্কৰ, মৃদুলহঁতে চাৰ ওলোৱাৰলগেলগে বহীবোৰ দুখনমান ঘূৰাই লুটিয়াই চাই আহিল৷ তেনেতে চাৰ আহি আকৌ শ্ৰেণীকোঠাত সোমালহি৷ আমি সকলোয়েআচলতে ভাল কৰিছিলোঁ সেইবাৰ পৰীক্ষা৷ এশৰ ভিতৰত নব্বৈৰ ওপৰত পোৱা যিহেতু ভালেই বুলিব লাগিব৷ সেইদিনা গগৈচাৰৰমুখত আনন্দ ফুটি উঠিছিল৷ মোৰ আগৰ বছৰৰ তেনে সময়ৰে বৰুৱাচাৰৰ শেঁতামুখখন ভাঁহি আহিছিল মনলৈ বাৰে বাৰে৷আমাৰ বাবে শিক্ষাগুৰুসকলে ইমান কষ্ট কৰে, আমাৰ অকমান নিয়মীয়া অধ্যয়নে তেওঁলোককো চাগে পৰোক্ষভাবে উৎসাহ দিয়েকৰি থকা কামটো ভালদৰে কৰি যাবলৈ৷ 

অষ্টমশ্ৰেণীৰ পৰীক্ষাৰ সময়৷ আমি পৰীক্ষা দি আছোঁ৷ 

কিছু ছাত্ৰছাত্ৰীয়ে হৈ যোৱাত সোনকালে বহী জমা দি গৈছে৷ মই সাধাৰণতে পৰীক্ষাৰ বহীত ডাঙৰ আখৰেৰে বহুত পাত খুজি খুজিএডৰা এডৰা লিখি ভাল পাওঁ আৰু তিনিঘণ্টা পুৰা উচুল কৰি লিখোঁ৷ হাত বিষাই যোৱাকে, প্ৰায়ে৷ মোৰ অতি প্ৰিয়মায়াশ্ৰীবাইদেউ আৰু মাইনুবাইদেউ আছিল নিৰীক্ষকৰ দায়িত্বত৷ মোৰ ’চিট’ টো পিছফালৰ বেঞ্চ এখনত আছিল৷ আমাৰদিনত শ্ৰেণীত নিজৰ নিজৰ জেগা আছিল আৰু মই সদায়ে একেবাৰে সমুখত চাৰবাইদেউসকলৰ ওচৰত বহি পাঠ লৈ ভালপাইছিলোঁ৷ মনোযোগ থাকে তেতিয়া৷ পৰীক্ষাহলত উপায় নাপাই পিছত বহিলেও মোৰ সমুখৰ বেঞ্চখন খালি হোৱাৰ লগে লগেতাত বহিলোহি বহীকলমসোপা লৈ আহি৷ আচলতে তেনেকে যে পৰীক্ষাহলত বগাই ফুৰিব লাগে নেজানিছিলোঁ৷ অলপ পিছতএকেবাৰে সমুখৰ বেঞ্চখন খালি হ’ল তাত বহি থকা ছাত্ৰছাত্ৰীবোৰৰ সোনকালে শেষ হোৱাত গুচি গ’ল৷ মই চোঁ মাৰি আহিআগত বহিলোহি, দহ-পোন্ধৰমিনিটমান বাকী আছিলগৈ পৰীক্ষাৰ শেষৰ বেল পৰিবলৈ৷ মোক বগাই ফুৰা দেখি মায়াশ্ৰীবাইদেৱেসুধিলে ’কি হ’ল বুলি’৷ মোৰ মুখেদি ওলাল ডলাৰ বগৰী বুলি৷ দুইগৰাকী বাইদেউ জোৰকৈ হাঁহিবও নোৱাৰে পৰীক্ষাহলত, ফুচফুচাই হাঁহি ৰখাব পৰা নাছিল৷ মই কিবাকে লিখা কৰ্ম চলাই থাকিলোঁ ফাইনেলবেল নপৰালৈকে৷ 

মায়াশ্ৰীবাইদেউয়ে খুব ভাল গান গাইছিল৷ “বনৰীয়া ফুল আমি বনেই আমাৰ ঘৰ...“ এই গীতটি দুবাৰমান গাই শুনাইছিলআমাক৷ মাইনুবাইদেউৰ আঁঠুলৈকে বৈ পৰা দীঘল চুলিটাৰী মোৰ এতিয়াও মনত পৰে৷ তেখেতৰ মই ইমানেই অনুৰাগী আছিলোঁযে তেখেতৰ হাতৰ আখৰ, কথাকোৱাৰ ধৰণ আৰু কণ্ঠ সকলো নকল কৰি লগৰবিলাকৰ, উৎপলা, উষাহঁতৰ আগত ভাওদিছিলোঁ সময়ে অসময়ে৷ এই দুয়োগৰাকী বাইদেউৰ ফুলৰ সুন্দৰ বাগিছা একোখন আছিল ঘৰত৷ বান্ধবী শিখামনিৰ সৈতে প্ৰায়েফুল চাবলৈ, পুলি খুজিবলৈ মানুহৰ বাৰীয়ে পিৰালিয়ে পিটপিটাই ফুৰাৰ কথা মনত পৰে খুব৷ 

আৰু বহুতো মধুৰ স্মৃতি আছে এম ই বৃত্তি পৰীক্ষা, ভাষ্কৰ থিয়েটাৰ, চাচনী মৌজাভিত্তিক সাংস্কৃতিক সমাৰোহ, জিলাসাহিত্যসভাৰ অধিবেশন, আমাৰ স্কুলৰ খেলপথাৰত এন চি চি ৰ কেম্প, শ্ৰদ্ধাৰ হেম গগৈচাৰৰ সমাজ অধ্যয়ন ক্লাচত মই গালিখোৱা, প্ৰান্তিকত চিঠিপ্ৰকাশক লৈ বিতৰ্ক, বৰলৰ কামোৰ, আলোচনী সম্পাদিকাৰ মনোনয়নত কিবা এটা লিখি দিয়াতমনোনয়নপত্ৰ বাতিল যদিও আকৌ মনোনীত চাৰসকলৰ দ্বাৰা, পানীখোৱাচুটিত দলেবলে মাজুলীত বগৰী খাবলৈ গৈ ঘূৰি আহিৰূপামনিক ঘৰত গালি খুওৱা, অষ্টমশ্ৰেণীত উচ্চগণিতৰ শিক্ষক নথকাত বছৰেকীয়া পৰীক্ষাত হঠাৎ বুৰঞ্জী পৰীক্ষা দিআশ্বৰ্যজনকভাবে সৰ্বোচ্চ নম্বৰ পোৱা, শ্ৰীযুত প্ৰদীপ গগৈ চাৰৰ চাইকেলত উঠি গাভৰু দলঙেৰে কঠালগুৰি হৈ দুলীয়াজানলৈসপ্তমশ্ৰেণীৰ কিবা বিজ্ঞান আৰু গণিতৰ পৰীক্ষা এটা দিবলৈ যাত্ৰা.... কতযে সোণোৱালী স্মৃতি! 

চমুকৈ লিখিবলৈ গৈ দীঘলীয়া কৰিলোঁ তথাপি শেষেই নহ’ল৷ বহুকথা থাকিয়ে গ’ল৷ কেতিয়াবা লগ পালে, গৈ ওলাওঁ যদি জীয়াইথকা কেইদিনতে বহুত মন আছে চাৰবাইদেউসকলক লগ কৰিম, সেৱা একোটি জনাম৷ মৰমৰ স্কুলখনিৰ ইমূৰৰ পৰা সিমূৰলৈআগৰ মইজনী হৈ দৌৰ দুটামান দিম! শিপাৰ সন্ধান কৰিবলৈ মোক সময়ে নিশ্চয় সুযোগ এটি আকৌ এবাৰ দিব!

মোৰ মৰমৰ বান্ধৱী উৎপলা আৰু শিখামনিলৈ এই লেখাটি উচৰ্গা কৰিছোঁ৷ ভাতৃ জয়ন্ত গগৈলৈ ধন্যবাদেৰে আৰু মোৰ সকলোশিক্ষাগুৰুলৈ শ্ৰদ্ধাৰে, তথা শিক্ষানুষ্ঠানখনিৰ লগত জড়িত সকলোলৈ আন্তৰিক শুভেচ্ছাৰে,

নীলাঞ্জনা মহন্ত৷ 

জয় আই অসম৷

ৰৈ ৰৈ বিনালে চাই হোৱা অনুভৱ

 নৱেম্বৰৰ আঠ তাৰিখে আমাৰ ইয়াত, ফ্ৰিমণ্টৰ চিনে লাউঞ্জত ৰৈ ৰৈ বিনালে চালোঁগৈ৷



মৰমৰ জুবিনদা, 


আপোনাৰ নতুন চিনেমা ’ৰৈ ৰৈ বিনালে’ আজি চালোঁ দেই৷ লগেভাগে প্ৰায় দুশ মানুহে একেলগে বহি এখন অসমীয়া ছবি আমেৰিকাত চাইছোঁ আজি... হাউচফুল, গম পাইছেনে..! প্ৰথমৰ পৰাই ভাবি লৈ বহি লৈছিলোঁ, আপুনি মানুহজন আছে৷ হ’লেও.. ’মোৰ মন দুচকুত অসহায় অকলশৰে...’ৰ হাই নোটচত যেতিয়া চিৰচিনাকি প্ৰিয়কণ্ঠনদীৰ উত্তাল সুৰৰ জালে পূৰ্ণতাৰ ডেউকা মেলিলে, চকুপানী ৰখাব নোৱাৰিলোঁ...তাতে আকৌ কি দুৰ্দান্ত, অভাৱনীয় অভিনয় আপোনাৰ!  আৰু সেই যে সংলাপটো— “I’m not blind, I’m an artist”…যেন বহুকথাই কৈ দিলে! শিল্পী একোজনে অন্ধ হৈ থাকিব লগীয়া হয়... কুৰাজনীতি আৰু ঠগনৰ খেলবোৰ দেখিও যেন নেদেখাৰ দৰে থাকিব লগা হয় অনেক সময়ত! অন্ধ শিল্পীৰ চৰিত্ৰৰে এক প্ৰতীকী সত্তাৰ যোগেদি সুন্দৰ চিত্ৰনাট্যৰে সৈতে কিযে অনুপম ছবি! জোন জ্বলে কিন্তু শেষ হ’ব কেনেকৈ, একো একোটি পলেৰে বুকু বিদাৰি ৰওঁ কেনেকৈ ... আগতেই ইমান দি গৈছে আমাক, শেষ বুলিলেইতো শেষ নহয় বুলি আৰু দেখোন দিয়েই আছে সদায়ে নতুন কিবা! তাৰমানে আছে আপুনি৷ কিয় নাথাকিবনো, অসমীয়াৰ মনত ঘৰ বান্ধিছেযে৷ 

ছবিঘৰৰ পৰা উঠি আহিব পৰা নাছিলোঁ ৰূপালী পৰ্দা এন্ধাৰ হৈ যোৱাৰ পিছতো৷ বাস্তৱলৈ ঘূৰি আহিলোঁ যদিও অনুভৱ হ’ল, আপোনাৰ ভাষাৰেই যেন ক্ৰন্দন বৰষিত... আগত সূৰুযৰ দিবাস্বপ্ন! যেনেকৈ নিশাবোৰে ৰৈ ৰৈ বিনায় কেতিয়ানো ৰাতিপুৱাব বুলি!


 আমাক ছবিখন চাবলৈ সুবিধাকণ দিয়াৰ বাবে উদ্যোক্তাসকলোকে, উকা অভিধানেৰে ধন্যবাদ জনাওঁ কিদৰে ধৰিবকে পৰা নাই৷


প্ৰীতিৰ সুবাসেৰে, 

এগৰাকী অসমীয়া৷


 



পিছলৈ কি হ’বগৈ আমি নাজানোঁ৷ প্ৰযুক্তিবিদ্যাৰ বিপ্লৱত আমাৰ প্ৰজন্মই টিভিৰ পৰা আৰম্ভ কৰি স্মাৰ্টফোনলৈ কৰা যাত্ৰা নিজচকুৰে দেখা পালোঁ৷ 

এতিয়া দেখি আছোঁ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ বিভিন্ন ক্ষেত্ৰত৷ সামাজিক মাধ্যমত আমাৰ নিজৰ কেনভাচখনত যি মন যায় তাকেই লিখিব পাৰোঁ৷ মোৰ মাতৃভাষাত ভাব প্ৰকাশ কৰিবলৈ মই আটাইতকৈ সুবিধা পাওঁ, কিন্তু মোৰ কেনভাচত আঁকবাক কৰা সৰল ৰেখা এদালক যেতিয়া বৰ্তমানৰ অপৈণত কৃত্ৰিম বুদ্ধিমত্তাই নমতা আলহীৰ ৰূপত আহি অনুবাদ কৰি ৰেখাদালৰ সৰলতাক ’আঁচোৰ’ বুলি কৈ সামৰে, অৰ্থ দূৰৰে কথা ভাষাটোৰ যিকণ শুৱলা ঠাঁচৰ গৰ্বৰে উপস্থাপনৰ ধৃষ্টতা কৰিছিলোঁ সেয়াই নাথাকেগৈ৷ 

কৃত্ৰিম বুদ্ধিমত্তাই নিঃসন্দেহে সময় বচায়, কিন্তু সৃষ্টিশীলতা আৰু মৌলিকতাৰ ক্ষেত্ৰত অন্ততঃ সময় লাগিব৷ ভৱিষ্যতৰ কথা নাজানোঁ এতিয়াৰ কথা কৈছোঁ৷ 


ধৰি লওক আপুনি অসমীয়াত কিবা এটা লিখিবলৈ মন কৰিছে, বিষয়টো ভাবি থৈছে কিন্তু আপুনি কৰ্মসূত্ৰে আৰু অনভ্যাসৰ কবলত কেকোঁজেকোঁ হৈ মনৰ পৰা অহা কথাকেইটা লিখিবলৈ সাহসী নোহোৱাই নহয় আচলতে বানান, সাহিত্য ব্যাকৰণ সকলো দিশৰ পৰাই কিছু অপাৰগ যিটো কথা আপুনি নিজেই ভালদৰে জানে৷ গতিকে ইংৰাজীত কৃত্ৰিম বুদ্ধিমত্তাৰ সঁজুলিৰে সাহিত্য উৎপাদন কৰাৰ (বদ?)অভ্যাসটো এই ক্ষেত্ৰতো লগাই দিলে৷ মিনিটত আপোনাৰ লেখা সাজু! কিন্তু বিধিৰ বিপাক যে অসমীয়াত এনে মিনিটত সাজু কৰা লেখাবোৰ এতিয়াও অপৈণত৷ যিসকল লোকে মগজুৰ কচৰৎ কৰি অসমীয়াত লিখামেলা কৰি আছে তেওঁলোকৰ বাবে এনে কেঁচা সাহিত্যৰ আৰু আধা বাংলাৰ প্ৰভাৱ পৰা মিনিটতে সাজু কৰা  লেখা যে মৌলিক নহয় সেয়া চিনাক্ত কৰাটো তেনেই সহজ!


ইংৰাজী ধনী ভাষা৷ বিশ্বত শুদ্ধ ইংৰাজী কোৱা আৰু লিখা মানুহেই চাগে বেছি৷ মোৰ মাতৃভাষা অসমীয়াত লিখামেলা কৰা মানু হকম আৰু আনকি অসমৰ পৰা অহা জন্ম হৈ অসমীয়া কোৱা বহুতেই অসমীয়া ক’বলৈ বা লিখিবলৈ লাজ কৰে৷ আৰু আজিকালি কিছুমানে লিখে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়েৰে৷ কিন্তু অমুকীৰ ভাৱ, কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত অসমীয়া সাহিত্যৰ সৃষ্টি কৰিব পৰা এতিয়াও হোৱাগৈ নাই৷ কিছু অনা-অসমীয়া,  কিছুমান অস্পষ্ট আৰু অদ্ভূত অসমীয়া শব্দ বহুতো ব্যাকৰণ আৰু বানানৰ খেলিমেলিৰে সৈতে কিবা এটা ’অনন্য’ লেখা হ’ব পাৰে কিন্তু তাত খাটি শুৱলা ঠাঁচৰ অভাৱ পৰিলক্ষিত হৈছে৷ গতিকে নিজৰ মনলৈ যি আহে যেনেকে আহে লিখিব লাগে বুলি ভাবোঁ, কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় নোলোৱাকৈ৷

আৰু আমি যিমানেই authentic লিখিম কৃত্ৰিম বুদ্ধিমত্তাৰ ইঞ্জিনবোৰে সিমানেই শিকিব ভাষাটোৰ ঠাঁচ৷ আহক আমি প্ৰাকৃতিকভাৱে মগজুৰে শুদ্ধ অসমীয়া লিখোঁ য’ত নিখুঁত নহ’লেও বানান আৰু ব্যাকৰণৰ যৎপৰোনাস্তি সঠিক উপস্থাপন হয়৷ 


জয় আই অসম৷

 

I don’t know what auto translation will show here, so that is a concern. In rare social media posts I wrote in Assamese before, most were added with an automatic translated contents, which didn’t really reflect what I wanted to say. AI helps in automating processes however as far as translation from Assamese to English or vice versa goes, I do not think AI is matured enough to do so, yet, specially for Assamese content generation. Maybe in near future it will, and hope so. At present, the creativity and uniqueness along with beauty of a writeup in Assamese is not preserved in software generated version. I have seen many AI generated Assamese contents in social media are unpolished, with lots of grammatical and spelling mistakes in addition to non-Assamese verbiage added. The traditional Assamese literature has a unique pattern and style like all other native languages sounding to a person listening to mother tongue.

So those who are willing to write in Assamese but hesitated and trying to use AI tools for this purpose, hopefully will practice writing good Assamese. We need more of these authentic writeups then AI generated contents. The AI models will retrain themselves again and again based on these contents. So better we provide good quality datasets!

Tuesday, September 16, 2025

উপহাৰ


উপহাৰ


হৃদয়ত থাকে যদি আন্তৰিকতা

মৰমত থাকে যদি সত্যতা

সৃজনী নৈ বয় আপোনপাহৰা হৈ

গান বা ছবি, নহ’লে কবিতা৷


সেই উপহাৰ যাৰ অপেক্ষা 

কেতিয়াও নহয় কৰা, নুসুধিবা৷

সেই উপহাৰ আহে বৈ 

বিশ্বাসৰ এক নদী হৈ৷ 


সুৰ তোমাৰ, কথাও তোমাৰ৷ 

সংগীতো তোমাৰ, কণ্ঠও তোমাৰেই৷

প্ৰকাশ মাথো সময়ৰ৷ 

দাবী আছে বিশ্বাসৰ৷

সেই বিশ্বাসৰ, 

মই সাজো ঘৰ৷


Sunday, February 16, 2025

ভেলেন্টাইন ২৫

একো সলনি হোৱা নাই
তেওঁচোন একেই আছে

জীৱননৌকাৰ গুৰিবঠা ধৰি৷

সময়ো ৰৈ গৈছে ক’ৰবাত

এইয়ো সেই আজলীজনীয়েই৷


নিভাঁজ মৰমত অভিনয় নাথাকে

অগাধ বিশ্বাসত প্ৰতিশোধ নাথাকে

অভিমানবোৰ হয় হেমন্তৰ সৰাপাত৷

জুখি নাথাকিবা বাৰে বাৰে

চকুত মৌচুমী শুকাল বাবেইতো

মলঙি থাকে চিকমিক ৰ’দালি৷


ক্ৰোধ আৰু সহচৰ ৰিপুবোৰ

এলাহ আৰু আনুসঙ্গিক দূৰ্বলতাবোৰ

হেঁচি ধৰা সিহঁতৰ জাক পতা প্ৰাবল্যবোৰ

হয়তো এদিন ফুলনিত জিৰাব

সমাধিৰ শিলত কটা চাই হাঁহিব

কিন্তু জীৱনৰ পঁজা এইপাৰেই যে


— নীলাঞ্জনা, ফেব্ৰুৱাৰী ২০২৫

Thursday, November 7, 2024

দোকমোক

 


দোকমোক


আজিচোন প্ৰতিটো গীতেই একোটি অণুগল্প

ৰতোৱাল বিধৌত পশ্চিমৰ দিগবলয়ত সুৰৰ পানচৈ!

নাৱৰীয়াৰ ভাটিয়ালী ৰাগৰ সুৰত ৰসমগ্ন!

ঘৰমুৱা বিহগীৰ দিশত ধাৱমান জীৱনৰ উদ্দেশ্য

উজাগৰী আঁতৰাই আনিছে সুখনিদ্ৰাৰ বাতৰি 

কাইলৈ আকৌ নতুন পুৱা হ’ব, বেলিয়ে ক’ব কথা

লুইতৰ লহৰত ৰচা সপোনে পাখি মেলিব

সুৰে পোখাব, সংগীতেও তাতে খাবহি ৰজিতা 

এটি বহুদিনীয়া সপোন অৱশেষত বাস্তৱ হ’ব! 


  • নীলাঞ্জনা মহন্ত, নৱেম্বৰ ৭, ২০২৪