Tuesday, July 2, 2019

চুটি গল্পঃ ফটা সাধনা

ফটা-সাধনা
-----নীলাঞ্জনা মহন্ত----

ববীয়ে সৰুৰে পৰা গান গাই ভাল পায়৷ কলেজত দুটামান কোৰাছত ’লিপচ’ ও দিছিল৷ স্কুলত পঢ়ি থাকোতে মৌজাৰ ভিতৰত এটা লোকগীতৰ প্ৰতিযোগিতাত তৃতীয় হৈছিল৷ প্ৰতিযোগী তিনিজনেই আছিল পিছে হ’লে কি হ’ল তাইকো মঞ্চলৈ মাতি প্ৰমাণপত্ৰ এখন দিছিল যিখন এতিয়াও, ত্ৰিশ বছৰ পিছতো তাই আটোমটোকাৰিকৈ সাঁচি ৰাখিছে৷ 
কলেজত হোস্টেলত থাকোতে তাইৰ ভায়েকে লগৰ ল’ৰাৰ পৰা ধাৰলৈ লৈ অনা ৱাকমেন এটা এসপ্তাহৰ কাৰণে তাই লৈ আহিছিল৷ সেই গোটেই সপ্তাহ তাই কাণত সেইডাল লগায়ে থাকিল৷ বহুত হিন্দী গান শিকিলে চুৰা লিয়াৰ পৰা হাম্মা হাম্মা লৈকে৷ জুবিনৰ গান শুনি শুনি নিজকে মায়াবিনীৰ ৰূপত কল্পনা কৰি চুলি দীঘল কৰিবলৈও ধৰিলে তাই৷ কিজানি কোনোবাই গীটাৰ বজাই বজাই তাইৰ নামত গান গাই প্ৰেমত পৰেই বা বুলি৷ তাইতকে এফুটমান সৰু যেন লগা লগৰ ল’ৰা এটাই তুমি গানো গোৱা নেকি বুলি সুধিছিলে এদিন চিটিবাছত কাণত সেইডাল সহ দেখা পাই, তাৰ বাদে আন কোনো ল’ৰাই তাইক গানৰ গ টো লৈ আনকি (অন্ততঃ) ফিচিঙাফিচিঙো নকৰিলে৷ হ’লেও তাই নিদিলে এৰি৷ কাৰণ এইদৰেই প্ৰতিভাবোৰৰ অকাল মৃত্যু হ’লে সংগীতসমাজৰ বহুত ক্ষতি হ’ব৷দৰকাৰ হ’লে শিকিব তাই কোনো গুৰুৰ ওচৰত৷ পিছে টানিটুনি সংসাৰ চলোৱা চাৰে তিনিটা (চাৰে তিনিটা মানে চাৰিটাৰ ভিতৰত  পেটমোচা ভায়েকক বাপেকে তই মোৰ ল’ৰা হৱ যদি এনেকুৱাহে কৰিলিহেঁতেন ইত্যাদি বুলি মাজে মাজে যে গালি দিয়ে সেই সন্দেহৰ আধাৰত তাই তাক আধা বুলি ধৰিছে সংখ্যাটোত) সন্তানৰ দেউতাকে চিধা কৈ দিছে, গোটেইকেইটা ভো ভো পণ্ডিতক পঢ়াৰ নামত যি খৰচ হৈ আছে আৰু বেলেগ কিবা কৰাৰ ইচ্ছা থাকিলে নিজৰ মাথাৰে যি কৰ কৰিবি৷ গানৰ ক্লাচৰ সপোন তাই অলপ স্থগিত ৰাখিলে৷ কাৰণ তাই যদি কিবা এটা শিকিবলে যায় হিংসাকুৰীয়া বায়েকেও শিকিবলে বিচাৰিব আৰু বাপেকৰ দুগুণ খৰচ হ’ব৷ পিছে বায়েকে তাইতকৈও ভাল বেবায়৷ যিহে গলা ঐ৷ সেইজনীৰ বাকী সব ভাল বিশেষকৈ নাৰিকলৰ লাৰু ভালেই ’বনায়’ কিন্তু গান যে কেতিয়াবা গাব!! না আছে আগ্ৰহ না আছে ঈশ্বৰপ্ৰদত্ত ৰসগোলীয়া গলা৷ ববীৰো বৰ এটা মিঠা নহয় গলাধাৰি, কিন্তু নহয় যদি এটা বিয়াগোম প্ৰশ্ন...কেনেকে তাই সেই লোকগীতত পুৰষ্কাৰ পাইছিলে? নিশ্চয় কিবা এটা আছে তাইৰ৷ গতিকে এৰি নিদিয়ে তাই৷ এই প্ৰতিভাই এদিন বিশেষ পূৰ্ণতা পাব৷ মনতে ভাবিলে গান গোৱা ল’ৰা এটাক পটাই ল’ব কিবা হেপি নিউ ইয়েৰ কাৰ্ড চাৰ্ড দি৷ আছিল তেনেকুৱা কেইবাটাও চৰ্টলিস্টেড৷ কিন্তু সিহঁতে তাইক পাট্টাই নিদিলে চোন কলেজত৷ অৱশ্যে এজন চিনিয়ৰে তাইক পিছফালৰ পৰা শুনাচোন বুলি পিচে কেইবাদিনো মাতিছিল৷ ভাল আছিল ল’ৰাজন৷ খবৰ লৈ গম পাইছিল তেওঁৰ বোলে মেণ্ডোলিন এখন আছে হোস্টেলত৷ কিন্তু নিজে নবজায়,  ৰূমমেটে আৰু হোস্টেলৰ বাকী সবেই সেইখন বজায়৷ দুই এদিন এনেই চা চিনাকি হৈ পিছত সেই ল’ৰাজনে তাইৰ লগৰ এজনীক নেপালে মৰি যাম বুলি তাইক সহায় কৰিবলে কাকুতি কৰিলতহে তাইৰ এনাস্থেচিয়া উৰিল৷ এনেয়েও সি গান গায় নেগায় খাটাং নহয় যেতিয়া তাই বলটো ৱাইদ বল বুলি সান্তনা দিলে, সেইটোও গ’ল তেনেকে৷

এতিয়া তাইৰ বয়স হ’ল, সংসাৰ হ’ল৷ গানগোৱা গিৰিয়েক এটা নহ’ল যদিও তেখেতে আন শিল্পী লোকক উৎসাহ দিয়া দেখিছে তাই৷ তাইকো দিব চাগে, তেখেতে চাগে গমেই নেপায় পত্নীয়ে গানো গায় বুলি৷ কিমানযে ভাল পাব তাইৰ ইমান প্ৰতিভা আছে বুলি গম পালে!  আহ, এখনি শুৱলা জুবিনযেন গোন্ধোৱা সুখী সংসাৰ! ভাবিয়ে মনটো ভাল লাগি যায় পাই! তাইৰ দুয়োজনী জীয়েকে তাইৰ দৰেই গান শুনি ভাল পায়৷ পশ্চিমীয়া ৰক, পপ, ৰেপ, জাজ, হিপ হপ আৰু তেনেকুৱাবোৰেই শুনে সিহঁতে৷ হ’লেও সংগীত অনুৰাগী মন এটা আছে কিজানি৷ তাইৰহে ছোৱালী৷ তাইৰ গানো নিশ্চয় শুনিব সিহঁতে আৰু উৎসাহ পাব৷ মানুহে ক’ব হোৱাট এ নাইচ মিউজিকেল ফেমিলি! বা ক’ব আহাহা, ইমান প্ৰতিভা ক’ত লুকুৱাই ৰাখিছিলা ববী? ফুৰ্তিতে এটা গানৰ এপ তাইৰ ফোনত ইনস্টল কৰি ল’লে৷ অসমীয়া গান দুটামান বিচাৰি বিচাৰি শুনিলে৷ এটা শুনি এবাৰ ভাব হ’ল তাইৰ তাইয়ো পাৰিব৷ দিন গ’ল মাহ গ’ল৷ এইদৰেই বিনদাচ গান শুনিছে তাই৷ নিজেও ডেমকেয়াৰণী টাইপত মহাবেবন জুৰিছে যেতিয়াই ঘৰত অকলে থাকে৷  বহুত গায়ক গায়িকাক ফলো কৰিবলৈ ল’লে, সবেই ইমান ভাল গায়! বৰ ভাল লাগিছে এপটোত সবৰে গানবোৰ শুনি শুনি৷ শিকিছে বহুত তাই৷ মাতটো এই যেন লতা মঙ্গেশকাৰৰ দৰে, কেতিয়াবা অনিমা চৌধুৰীৰ দৰে, কেতিয়াবাচোন উষা উথ্থুপৰ দৰেও হৈ যায় যেন লাগে তাইৰ নিজৰে৷ অৱশ্যে কেতিয়াবা বাৰু দুই চেকেণ্ড শুনিয়ে দিলিট কৰিছে নিজৰ গান৷ লাহে লাহে গান ৰেকৰ্ডিঙৰ সংখ্যা চাৰিশ মান হ’লগৈ চাওঁতে চাওঁতে৷ আত্মবিশ্বাস বাঢ়িল৷ বিশ্বাসেই নহয়, কিজানি কেতিয়াবাই তাই চিৰিয়াচলি, খোলামনেৰে গান গাব লাগিছিল, হয়তো কলেজত থাকোতেই৷ আহ! মন যায় উভটি যাবলে সোণাৰুতলৰ কলেজখনৰ ৰোমান্টিক ৰাস্তাটোৰে খোজ কাঢ়িবলে৷ ক’ৰবাত বাচস্টপৰ বেঞ্চত বহি জুবিন এজন ৰৈ থাকিব গান গুণগুণাই৷ গীটাৰৰ টুংটাং শুনি কাউৰীয়ে লাজ পাব, ৰাস্তাৰ বলদগৰুবোৰ শান্ত হ’ব, হোস্টেলৰ জোনাকী ৰাস্তাত ৰাতি ৰাতি মায়াবিনী বাজিব! আহহ!! বৰ মন যায়হে৷ এই মনদালো কম বস্তু হ’বলা৷ একো নিয়ন্ত্ৰণেই নাই কিবা সেই বলিয়া গৰু টাইপ৷ যাচোন চাওঁ আজি আৰু ক’ত ক’ত যাৱ৷ এইবুলি এৰি দি তাই দুই এদিন দেখিছেও- প্ৰায় দহ বাৰটামান গান গোৱা হৈ যায় দিনটোত৷ স্কুলৰ পৰা ছোৱালীহঁতক আনিবলে দেৰি হৈ যায়, চৌকাত উঠোৱা চাহ পৰি শুকাই কৰ্কৰীয়া মাৰে, বিচনাপত্ৰ নপৰাকৈ থাকি যায়, কোনোবাই ফোন কৰিলে উঠাবলে মন নাযায়, হাতৰ ওপৰেদি মকৰাপোৱালি এটা বগাই গ’লেও ঘৰটোৱে ঝাৰুৰ মুখ দেখি নেপায় ইত্যাদি এশকাণ্ডৰ এখন ৰামায়ন ৰচনা হৈ যায়৷ বেলেগৰ গান শুনি তাই এইবাৰ ’লাইক’ আৰু কমেন্ট মাৰিবলৈ আৰম্ভ কৰিলে৷ ভালটোক ভাল বেয়াটোকো ভাল বোলোতে এপটোত থকা গায়ক গায়িকা বহুতে তাইকো ফলো বা অনুসৰণ কৰিলেহি৷ তাই কমেন্ট লাইক দিয়াবোৰে তাইকো শেন পৰাদি লাইক কমেন্ট দি উৎসাহ দিলে৷ এবাৰ দহটামান লাইক পাই তাইৰ বুকু ফুলি উঠিল৷ আজলী ছোৱালী নানা ফুলে তুলি গানটো চলো গাইছিল৷ ভবা নাছিল যে ইমান সমাদৰ আহিব! তাৰমানে তাইৰ সপোন পূৰ্ণ হোৱাৰ উপক্ৰম! এই গানটোৰ লিংকটো যিমানবোৰ শুভাকাংক্ষী যেন লগা লোক আছিল সকলোলৈকে দিলে পঠাই৷ বহুতেই মন্তব্য দিলে ভালেই হোৱা বুলি৷ বৰ ভাল হৈছে বুলি কোনেও অৱশ্যে কোৱা নাই৷ হিংসাতে চাগে৷ অসমীয়াক এনেই কেকোঁৰাজাতি বুলি নকয়৷ কাৰোবাৰ উন্নতি দেখিলে চকুচৰহা প্ৰবৃত্তিয়ে চোঁচা লয় কিজানি এই জাতিটোৰ৷ যি কি নহওক, এইবাৰ গানটো লাহেকৈ ঘৰৰ মানুহক দিলে দেখা যাওকচোন৷
এঘণ্টা গ’ল৷ তাইৰ শিল্পানুৰাগী অৰ্ধআকাশৰ কোনো সঁহাৰি নাই এতিয়ালৈকে৷ সাধাৰণতে তেখেত অফিচত থাকিলে তাই মেচেজ নিদিয়ে আমনি পাব বুলি৷ তাইৰ গতানুগতিক মেচেজবোৰ হয় এনেকুৱাঃ “বিলাহী, পিয়াঁজ, গাখীৰ...“ কাৰণ তেখেতৰ অফিচৰ পৰা অহা ৰাস্তাতে এখন গেলামালৰ দোকান পায় য’ৰ পৰা লাগতিয়াল কিবা থাকিলে সাউতকৈ আনিব পাৰি৷ 
তেৰা আহি পালে৷ আজি হয় নমাটি নহয় ৰঙামাটি বুলি তাই দুৱাৰমুখতে সুধিলে
:মোৰ মেচেজটো চাইছেনে আজি? 
:কিহৰ মেচেজ?
:লিংক এটা দিছিলো
:স্মুল নে কি সেইটোৰনে?
:ওঁ৷ শুনিবলে সময় পালেনে?
:শুনিলো কেইচেকেণ্ডমান৷
:কেইচেকেণ্ডমান? পুৰা পাঁচমিনিটৰ গান সেইটো
:কাম নাই নেকি মোৰ৷ তাৰমানে এইবোৰ চলি থকাৰ কাৰণেই সদায় পুৰি যোৱা ভাত খাই আছো এইকেইদিন৷ কেতিয়াৰ পৰা এইবোৰ বলিয়ালিত ধৰিলা? তাতকৈ যদি এপাক খোজকাঢ়ি আহিলাহেঁতেন আবেলিপৰত, এই ঢোলযেন পেটটো নহ’লহেঁতেন৷ 
:কিন্তু মই আপুনি ভাল পাব বুলিয়েই গাইছিলো৷ এবাৰটো শুনি চাব পাৰে৷ সবেই ভাল হোৱা বুলি কৈছে
:ঠিক আছে শুনিম দিয়া পিছত৷ এতিয়া চাহ দিয়া৷

হয় কেতিয়াবা এনেকুৱা মানুহজনৰ৷ অফিচত বহুত কামৰ হেঁচা পৰি থাকিলে এনেখন কৰে৷ একো যেন হোৱা নাই এনেভাবতেই তাই ভাতপানী যোগাৰত লাগিলগৈ৷

সন্ধিয়া ভাতৰ সময়ত ফোনটো স্পীকাৰত দি তাইৰে আন এটা গান লগাই দিলে সবেই শুনক বুলি৷ ডাঙৰজনী জীয়েকে আহি ’মা তোমাৰ গান নুশুনো বাকী যি গালি পাৰা পাৰা লাগিলে তাকে শুনিম’ বুলি গানটো পজ মাৰি থৈ গ’ল৷ মন কৰিলে তাই পতিদেৱে জীয়েকক ধন্যবাদ দিছে মুখখন ফিচিঙাফিচিং কৰি৷ হুমমম, বুজিলে কেকোঁৰা ঘৰতে আছ তাইৰ৷ আৰু অলপ সাহসী হ’ব লাগিব৷ এই প্ৰতিভাৰ এদিন প্ৰাপ্য সন্মান নিজে নিজে আহিব৷ বলিউডৰ কাহিনী এটা মনত পৰিল৷ তাত হিৰোৱে গান গায়৷ এদিন কোনো বিখ্যাত প্ৰযোজকে হিৰোক সাধাৰণভাৱে গান গুণগুণাই থকা অৱস্থাত আৱিস্কাৰ কৰে৷ তাৰ পিছত আৰু হিৰোৱে ঘূৰি চাবলগীয়া হোৱা নাই৷ বিখ্যাত হোৱাৰ পিছত হিৰোক এসময়ত না কৰা কলেজৰ আটাইতকৈ ধুনীয়া ছোৱালীজনীয়ে সাধাৰণসাজ পিন্ধি আহি অটোগ্ৰাফ বিচাৰে৷ মনটোৱে কাহিনীটোৰ পৰা পুনৰ বল পালে দুগুণ জোৰত উঠি বহিবলে৷

কিন্তু বিখ্যাত লোকৰ চকুত পৰিবলে হ’লে তাইৰ গানবোৰ চচিয়েল মেডিয়াত দিব লাগিব৷ ফেচবুকত৷ হোৱাটচাপত এই কামফেৰা নহ’ব৷ হয়তো লাইক কমেন্টৰ নটিফিকেচনত তাইৰ ফোন হেং মাৰিব৷ প্ৰায় এহেজাৰমান বন্ধু বান্ধৱী আছে ফেচবুকত৷ তাইৰ প্ৰফাইল ফটোখন সলালেও পাঁচশ মান লাইক আহে, দুশমান কমেন্ট পৰে৷ গান গোৱা বুলি গম পালে হয়তো বহুতেই আচৰিত হৈ যাব৷ আনক তাই এইদৰে গান শ্বেয়াৰ কৰা দেখিছে৷ তাই নিজেই লাইক কমেন্ট কৰিছে বহুতকে৷ সঁচাকে ভাল গায় ইমান সবেই৷ তাই কেতিয়াবা দুই এটা গল্প কবিতাও লিখে ব্লগত বা ফেচবুকৰ ৱালত৷ আহে বহুত লাইক কমেন্ট৷ এবাৰ তিনিহেজাৰ লাইক আহিছিল তাইৰে গল্প এটাত৷ যোৱা দুমাহৰ এখন ই মেগাজিনত তাইৰ লেখা বিচাৰি সম্পাদনা সমিতিয়ে বহুত অনুৰোধ কৰিছিল তাইক৷ হয়তো লিখেও তাই ভাল৷ নহ’লে এনেই ক’বনে আউ? অৱশ্যে লেখা দুটাৰ বিনিময়ত তাই গানৰ লিংক দিনে দুটাকৈ মেচেজ কৰিছিল সম্পাদকজনক লাইক একোটাৰ বাবে কামুৰি৷ সম্পাদকজনে এবাৰ এটা দ্বৈতকণ্ঠৰ গীতত আনজন শিল্পীৰ গান ভাল হৈছে বুলিছিল৷ তাইৰ কথা কোৱা নাছিল  কেতিয়াও একো৷ হয়তো তাইৰ অহংকাৰ হ’ব বুলি৷ ইমান যে শুভচিন্তক! 

ফেচবুকত দিয়া গানৰ লিংকটোত কিমান লাইক আহিব বাৰু? দুচকু তিৰবিৰাই গ’ল৷ সপোনৰাজ্যত মনটোৱে হেপাহ পলুৱাই খেলিলে৷ এইবাৰ তাই বাচি ল’লে জুৰ মলয়া কোন দেশলৈ গানটো৷ আহ ...সুন্দৰ গীতবাচনি৷ বৰ মন দি গালে তাই৷ দাইলখিনি পুৰি গ’ল বেবাই থাকোতে৷ সৰু কথা৷ শিল্পকলাৰ উৰ্ধত একো নহয়৷ প্ৰকৃতিয়ে সকলোকে শিল্পীসুলভ মন এটা দিছে তাৰে কিছুৱে এই মনৰ লীলাখেলাবোৰক সৃষ্টিমূলক কামকাজত লগাইছে৷ তায়ো তেনে হ’ব খোজে৷ গান ৰচি গাব আৰু গোৱাব খোজে৷ এদিন তাই পাৰিবগৈ কিমাননো বয়স হৈছে দুকুৰি গ’ল বাৰু কিনো হ’ল তাতে৷ ইউকেম ফটোশ্বপ বুলি এপ এটা আছে নহয়, মুখখন মিহি কৰি লিপস্টিক সানি কভাৰ ফটো কোনখন লগাব গানটোত সব তাই ভাবিয়ে থৈছে কেতিয়াবাই৷ 

অৱশেষত কৃষ্ণক চিন্তি লিংকটো তাই আপলোড কৰিলে৷ ৰিফ্ৰেচ..চেক... দুটা লাইক....কমেন্ট এটাও নাই এতিয়ালৈকে৷ একো নাই সময় আছে৷ ছোৱালী দুজনীক স্কুলৰ পৰা অনাৰ সময় হ’ল৷ আলহী এজনো অহাৰ কথা আছিল গধূলি৷ ৰন্ধা বঢ়া আদিত লাগোতে ৰাতি বাৰ বজালৈকে সময় নাপালে তাই ফোনটো চেক কৰাৰ৷ শুবলে গৈ চেক কৰিলে আকৌ, তেতিয়ালৈকে পোস্টটো দিয়া এঘাৰঘণ্টাৰ ওপৰ হৈ গৈছিল৷ তেতিয়াও মাত্ৰ দুটাই লাইক৷ আচৰিত হ’ল তাই৷ পোস্টটো চেক কৰি চালে, পাব্লিক কৰাই আছে৷ তাই লিখিও দিছে কাৰোবাৰ ভাল লাগিলে শ্বিয়াৰ কৰিবও পাৰে৷ তদুপৰি তাই যিমান পাৰে সিমানক টেগ কৰিও দিছিল যাতে দেখাই নাই বুলি ক’ব নোৱাৰে৷ সিহঁতৰ অনেককে অনলাইন দেখি আছে তাই, অ’ত তত সিহঁতে লাইক কমেন্ট মাৰিও আছে৷ হেৰৌ গানটো বাৰু শুনিবলে সময় পোৱা নাই লাইকটোতো মাৰি যা বা শুনি আছো দেই বুলি কমেন্ট এটা দি যা! পিছে একো ক’ব নোৱাৰি, কেকোঁৰা এটাৰ ছবি এখন মনলৈ আহি গ’ল৷ 

লাইক দুটাৰ এটা তাইৰ কলেজৰে লগৰ ছোৱালী এজনীৰ৷ বহুদিন দেখাদেখি নাই তাইৰ লগত৷ কিন্তু ববীয়ে তাইৰ প্ৰতিটো পোস্টতে লাইক মাৰে কমেন্ট দিয়ে ধুনীয়া ধুনীয়া৷ তায়োতো কমেন্ট এটা দিব পাৰে! খং উঠি গ’ল.. এফালৰ পৰা যিমান পাৰে আনফ্ৰেণ্ড কৰি দিওঁ নেকি বুলিও ভাবিলে৷ 

আনটো লাইক কাৰ আছিলনো বুলি চাই এইবাৰ চকুপানী ওলাল তাইৰ৷ লাইকটো তাইৰ নিজৰে আছিল৷ একেকোবতে গানৰ এপটো তাই আনইনস্টল কৰিলে৷ লগতে ফেচবুকৰ পোস্টটোও৷ 

এইদৰেই বিশ্বৰ সংগীতক্ষেত্ৰখনে দুখজনকভাৱে এটি বিৰল প্ৰতিভাক অকালতে হেৰুৱালে৷ 
জয় ৰাম বোলা, 
পৰাজয় কাউৰীৰ গলা৷

#### জুলাই ২০১৯ মাহৰ ফটোঢোল আলোচনীত প্ৰকাশিত

Thursday, February 28, 2019

হাঁহি - কবিতা

হাঁহি
====
তাইৰ হাঁহিমুখীয়া ফটোখন
সেইযে চচিয়েল মেডিয়াত জিলিকিছে
তাইক কয়, ইমান হাঁহিব পাৰা?
তাইৰ কোনো নাই নেকি সমস্যা
আনুমানিক পাৰিবাৰিক শান্তিক কৰে হিংসা৷
তাইৰ পাটৰ কাপোৰযোৰ জিলিকিছে
কপালত জিলমিল জোন জলা!
হাতৰ মুঠিখাৰুপাতো সোণখটোৱা!
সপ্তাহান্তিক এখন নতুন ফটো ওলমে
বিৰিয়া গজা দাঁতবোৰ পুনৰ জিলিকে
হাঁহিমুখীয়া ফটোত শতাধিক লাইক পৰে
“ধুনীয়া লাগিছে“
লিখি উঠি সিহঁতে ভাবে,
ইমান সুখী তাই!
ইমান ধুনীয়া তাই!!
হস্পিটেলত কেমো’ দিয়াজনে তাইক কয়
তাইৰ চুলিখিনি হেনো ঈৰ্ষণীয়৷
দুদিনীয়া আলহী চুলিকিদাল লাৰি
তাই এটা মিচিকি হাঁহি মাৰে৷
======


Tuesday, February 12, 2019

আৰু এটি গীত

মই এখনি গাঁৱত থাকো
মোৰ গাঁৱত ফুলে সোণাৰু
মোৰ গাঁৱৰ একাবেঁকা আলিৰে
মোৰ আবেলিবোৰ সামৰোঁ৷


মোৰ পদূলিৰ হাচনাহানা
জাকৰুৱা আকাশীতৰা
তাৰে মাজতে মই ফুৰো
এই মোৰ কল্পনাৰ পঁজা৷ 

মোৰ মনৰ গাওঁখনি
মৃত্যুতকৈয়ো আজি শীতল
মোৰ নীৰসিক্ত নয়নত
আৰু নজ্বলে দাবানল

গাৱঁৰ বাটৰুৱাই কৈছিলে
হাইতাল পিন্ধা মই এটি বেলি
মোৰো পদূলিত আছিলে
এটি মিচিকিয়া গধূলি

হাৰি হাৰি জিকিলে
কেনেকুৱা লাগে নাজানো
গোটেই জীৱন হাৰিলো
মৃত্যুকো জানো জিনিলো? 

আঁউসীটোৱে যেতিয়া মাতিলে
গাৱঁৰ সকলো আছিলে শুই
থৈ আহিলো হিয়াখন মনে মনে
লৈ আহিলো একুৰা উজাগৰী জুই

জুইত পুৰিছো আজি সপোনবোৰ
খালি কৰো আকৌ ভৰে
আকৌ উভটনি ধূসৰ ছাঁইবোৰ
মোক এখন বগা কাপোৰ লাগে
ঢাকি দিয়া মোৰ সপোনবোৰ
শেষযাত্ৰাত মোক তুমি আহি 
দিবানে শেৱালি এপাহি সোণ? 

I AM DONE







Thursday, February 7, 2019

গীত

ৰচনাঃ ফেব্ৰুৱাৰী ৭, ২০১৯

শুচি
===

ফৰকাল আবেলি আহিলি
নিয়ঁৰো নামিল
ধুনীয়া ধৰণী কৰি শুচি
ৰ’দঘাই দিনটি সামৰি
অৱসাদ পেলালি মুচি

হেঙুলীয়া আকাশী মন
ছাঁতে আছিলি লুকাই
সেমেকিল দুবৰি বন
সাৰ পালে অ’ জোনবাই, 
বেলিও লুকালে কুচিমুচি
ধৰণী কৰি শুচি৷

সন্ধ্যাচলৰে বগলীজাকে
কিনো কবিতা ৰচে
মানসী চিনাকি ভাষাৰে
পাহাৰৰ ভাঁজে ভাঁজে,
আকাশেও হাঁহিলে মিচিকি
ধৰণী কৰি শুচি৷

Thursday, December 13, 2018

এক মিনিটৰ গল্প

এক মিনিটৰ গল্পঃ
“তোলনী“
© নীলাঞ্জনা৷

চুবুৰীৰে বৰুৱাৰ ছোৱালীজনী বোলে তোলনী হ’ল৷ কাইলে চাৰিদিনীয়া আৰু দহ তাৰিখে বিয়া পাতিছে৷ ৰভাৰ খুটা পৰিলেই ইয়াৰ পৰাই দেখা পাইছে লভিতাই৷ লভিতাৰো দুজনী ছোৱালী৷ এজনীয়ে মেত্ৰিক আৰু আনজনীয়ে হায়াৰ চেকেণ্ডাৰী দিব এইবাৰ৷ তাই চাকৰি ৰিজাইন দি এই দুবছৰ সিহঁতৰ পঢ়াবোৰকে চাই দিছে৷ বৰুৱানীয়ে জীয়েকৰ চাৰিদিনীয়ালৈ খবৰ দিওঁতে লভিতাই লাহেকৈ কৈছিল আমাৰ দুজনীক এইবোৰ নিয়ম নকৰালো৷ এখেতেও ক’লে ছোৱালী ডাঙৰ হৈছে হ’বই ঢাক ঢোল বজাবলগীয়া কি ঘটিটো হ’ল তাতে৷ বৰুৱানীয়ে কৈছিল মোৰ এজনীয়ে ছোৱালী৷ সমাজখনৰ লগত মিলি থাকিব লাগিব নহয়৷ তাতে লগত শাহু আছে৷ নোচোৱালে বা বিয়াখন নাপাতিলে বোলে পিছলে ছোৱালীৰ কাৰণে বেয়া৷ খৰচ পাতিবোৰ আছেই৷ আপোনাৰে ভাল দিয়ক এইবোৰ কৰিবলে মোৰো বৰ মন নাছিল পিছে কি কৰিব আৰু৷ কাইলৈ আহিব যেনেতেনে৷ 
লভিতাৰ মন নাছিল যাবলৈ৷ বৰুৱানীয়ে বেয়া পাব বুলিয়ে তথাপি কথাটো ভাবি চাই ৰাতি শুবৰ সময়ত গিৰিয়েকৰ আগত উলিয়ালে কথাটো৷ তেওঁ এনেকুৱা বিশ্বাসবোৰ একেবাৰেই ভাল নাপায়৷ নিয়ম নীতিত চলে, ভাল নামো গায় ভোৰতাল ঘূৰাই ঘূৰাই গাৱঁৰ ঘৰত কিবা সকাম নিকাম পাতিলে৷ কিন্তু অন্ধবিশ্বাসৰ সদায় প্ৰতিবাদ কৰে৷ তেওঁ ক’লে “কিবা ক’লে মই মানা কৰা বুলি কৈ দিবা৷ কাম নাই আৰু এই বৰুৱাহঁতৰ৷ এজনীয়ে ছোৱালী হ’ব বাৰু ৰাইজক এসাজ খুৱাওক কিন্তু এইটো উপলক্ষেই কিয়? কেলেই তেওঁলোকৰ ল’ৰা দেখোন কলেজ পালেগৈ৷ তাৰ তোলনী হোৱাই নাই নেকি? আকৌ বোলে তুমি কোৱামতে বৰুৱানীয়ে তোমাক কৈছিল তাৰ হেনো গাৰ্লফ্ৰেণ্ডো আছে৷ নে ল’ৰাটোৰ কিবা মেডিকেল সমস্যা আছে?“
“তোমাৰো যে নহয় কি কথাবোৰ কোৱা বাৰু ল’ৰাৰ আকৌ তোলনী বিয়া পাতিব?“
“ময়ো ল’ৰা আছিলো বুজিছা৷ ভণ্টিৰ তোলনী বিয়া কেঞ্চেল কৰাইছিলো ঘৰত যুক্তি দি“ 
“সকলোৱে তোমাৰ দৰে তৰ্ক নকৰে“
“কথা সেইটোৱেই৷ যাৰ যি মন যায় কৰক আমাৰ কি৷ কিন্তু মোৰ দেখোন দাড়ি গজা আৰম্ভ নাইন টেনতে আৰম্ভ হৈছিল৷ ছোৱালীৰ তোলনী পাতে যদি আমাৰ ল’ৰাবোৰৰো কিবা পাতক আকৌ৷ সেই দাড়ি ঠুটিওৱা সময়তে পাতিব লাগে৷ মই বৰুৱাক সুধিম ৰ’বা এই বাবাৰ তোলনী নেপাতিলে নেকি নে তাৰ দাড়ি গজাই নাই এতিয়ালৈকে“
“উহ ৰাম ৰাম হৈছে দিয়া মোৰ এনেয়েও যাবৰ মন নাই৷ পিছে হয় সমাজৰ কিছু নিয়ম আমি সকলোৱে ভাবি চাবৰ হ’ল৷ হয় ছোৱালীজনীক স্বাস্থ্যৰ আৰু শৰীৰৰ লাগতিয়াল পু্ষ্টি তথা খাদ্যৰ অভ্যাসৰ বিষয়ে শিকাওক৷ উপহাৰ কিবা দিব খুজিছে দিয়ক তাইক৷ কিন্তু এইবোৰ ঢোল কিয় বজাব লাগে! ছোৱালীজনীয়েনো এই বয়সত কি বুজিছে দেহি৷ সজাই পৰাই উলিয়াব উপহাৰ কিছুমান পাব তাইতো ভালেই পাব বাৰু৷ কিন্তু ৰভা পৰলা ভোজ ভাত...লাজহে লাগে পাই৷ আমাৰ ইহঁত দুজনীয়ে পিছে আমাক ধন্যবাদহে দিয়ে এইবোৰ হৈ হাল্লা নকৰিলো যে সিহঁতৰ সেইটো সময়ত৷ “

লভিতাই কথাকেইটা কৈ উঠিহে মন কৰিলে সিফালে তেখেত ইতিমধ্যেই লালকাল দিলেই৷ 

Wednesday, December 12, 2018

গল্প

এক মিনিটৰ গল্প৷
“পাছৱৰ্ড“

ঘোৰ কলিযুগৰ দিনৰে কাহিনী৷ শ্ৰীৰাম নাৰায়ন বুলি এজন বৰ ধাৰ্মিক অভিযন্তা আছিল৷ সদায় পুৱা গধূলি ধূপ ধুনা গীতা পাঠ, মুখত হৰিনাম সৰ্বত্ৰ৷ তেওঁ ইমানেই ধাৰ্মিক আছিল যে তেওঁৰ মবাইল, লেপটপ, ক্ৰেডিট কাৰ্ড সকলোতে (তেওঁ কোৱামতে) সদায় ভগৱানৰ নামৰ সৈতে মিল থকা পাছৱৰ্ডহে ব্যৱহাৰ কৰিছিল৷ অফিচৰ পাছৱৰ্ড বোৰ ঘনাই সলাই থাকিব লগা হয়৷ চিকিউৰিটিৰ কথা আছে৷ তেওঁ কয় চিন্তা নাই তেত্ৰিশ কৌটিৰ পৰা যিকোনো এটা নাম আহিয়েই যায় লাইনত৷ মনত ৰাখিবলেও সুবিধা আৰু দৈনিক লগ ইন কৰোতে ভগৱান বা দেৱ দেৱীসকলক স্মৰণ কৰাও হৈ যায় কেইবাৰমান৷ এবাৰ তেওঁ সপৰিয়ালে দুদিনমানৰ বাবে ফুৰিবলৈ গৈছিল৷ এনেতে হঠাৎ তেওঁৰ ঘৰত চোৰ সোমাল৷ লেপটপ, ধন সোণ সকলো বোৰ তেওঁ এটা বিশেষ লকাৰত ঘৰত থৈ যায়৷  লকাৰটো আকৌ ভইচ ৰিকগনিচনত এটা বিশেষ শব্দ পাচৱৰ্ড হিচাপে দিয়া আছে৷ শব্দটো সঠিক নহ’লে লকাৰ খোল নাখায়৷ চোৰে তেওঁৰ সম্পত্তিৰ ওপৰত বহুদিনৰে পৰা চকু দি আছিল৷ অৰ্থাৎ শ্ৰীৰামে যে ভগৱানৰ নামহে পাচৱৰ্ড হিচাপে দিয়ে তাকো জানিছিল৷ লগতে মাত পৰ্যন্ত অনুশীলন কৰিহে আহিছিল৷ তেত্ৰিছকোটিৰ লিস্টখন সমুখত লৈ চোৰে এফালৰ পৰা দৈৱিক নামবোৰ গাই যাবলৈ লাগিল৷ লকাৰ নোখোলেহে নোখোলে৷ কেইঘণ্টামানৰ পিছত চোৰৰ মুখ বিষাল৷ তথাপিও পুৰা তালিকা গাই শেষ কৰিলে৷ তেও লকাৰ কেটকশটেই কৰা নাই! এইবাৰ চোৰৰ উঠিল খং৷ খঙতে অসমীয়া কথিত ক আৰু ব ফলা দুটা একেলগে মাৰি দিলে৷ “কেটেক“! চোৰ অবাক! কাৰণ লকাৰ খোল খাই গ’ল এইবাৰ৷ হয়তো তেত্ৰিশকোটিবাৰ দেৱদেৱীৰ নাম স্মৰণ কৰাৰ কাৰণে ভগৱানে চকু মেলি চালে৷