Wednesday, February 7, 2018

AEC nostalgia-1

ফ্ৰেচাৰ্চ, কাণগধুৰ বেমাৰ আৰু কিছু ইন্ট্ৰ
----/////-----
আঠ নম্বৰত সোমাইছো মাত্ৰ তেতিয়া৷ কুৱঁলী পৰি থাকোতেই ওলাই যাব লাগে মাৰ্চ পাষ্ট প্ৰেক্টিচলৈ৷ চকুত টোপনিৰ আবেশ থাকেই ক’ত আৰু মনোযোগ দিয়া যায়৷ চিনিয়ৰ বাইদেউ এজনীয়ে সদায় প্ৰথমে চিঞৰএটা মাৰে - ”হস্তিনাপুৰ এক” নে কিবা বুলি৷ তেতিয়াই ঠেং দুটা আগৰজনীক চাই চিধা কৰিব লাগে বুলি জানো৷ পিছৰখিনি টান নহয়৷ আগৰ গৰু যেনি যায় পিছৰবোৰো তেনি যায় মূলমন্ত্ৰৰে ধুনীয়াকে চলি যায়৷ বহুদিন ঢেকী দিয়া টাইপত মাৰ্চ পাষ্ট কৰিলো৷ এদিন বাইদেউ এজনীয়ে কৈয়ে দিলে অ তুমি চিৰা খুন্দিবানেকি হে? ভৰি চিধা কৰা! তাৰ পিছতো বিপদ৷ আন এগৰাকী বাইদেৱে ক’লেহি তুমি ৰাছিয়ান ৰেদগাৰ্ড নেকি অ? আঁঠু আছেনে নাই? পিছত ঠিকহ’ল কিবাকে৷ হস্তিনাপুৰ বুলি কেলৈ কয় কিন্তু বহুদিনলৈ নুবুজিলো৷ আৰু আচৰিত কথা পাইছিলো আন কোনো এজনীয়েও ফিচিঙা ফিচিং কৰা নাই এই চিঞৰটো শুনাৰ লগে লগে৷ মোৰতো পিছলে হাঁহি টিপি থওঁতে অবস্থা কাহিল৷ এদিন বাইদেউগৰাকীক পোনপটীয়াকে গৈ সুধি দিলো- এই হস্তিনাপুৰ আৰু আঠ নম্বৰ হোষ্টেলৰ কানেকচনটো কি! তেখেতে যিটোহে চাৱনি দিলে! তথাপি সেপ ঢুকি আকৌ সুধিলো ৷ এইবাৰ বাইদেৱে ঢেকঢেককৈ হাঁহিলে৷  ”হোষ্টেল নাম্বাৰ এইট” বুলিযে কয় টোপনিৰ জালত সেইটো মই আচলতে সদায় হস্তিনাপুৰ এক বুলিয়ে শুনিলো৷ কাণৰ গণ্ডগোলেই হ’ব৷ 
কাণ যে ঘূণীয়া তাৰ প্ৰমাণ আৰু আছে৷ চিনিয়ৰ দুজনী বাইদেউৰ লগত তৃতীয় নে চতুর্থ সান্মাষিকত থকাৰ কথা৷ এদিন বিৰাট গৰম পৰিছিল৷ বাইদেউ এগৰাকীয়ে আন এগৰাকীক বুজাই আছে কিমান বেছি গৰম পৰিছে এইবাৰ! মই সাধাৰণতে ৰূমত টোপনিৰ ভাও ধৰি চিনিয়ৰবোৰৰ কথা আৰু আড্ডা যিমান পাৰি শুনো আৰু তলৰ মহলাত পৰিণীতা মৌচুমীহঁতৰ ৰূমত আহি পিছত আমাৰ ”ফাইল”ৰ আড্ডা যেতিয়া বহে ৰহণ সানি তাকে কওঁহি৷ যেনে আমাৰ লগৰ কোনজনীক অমুক বাইদেৱে ধুনীয়া দেখে তমুক কাৰণত ইত্যাদি ইত্যাদি৷ যিকি নহওক গৰম পৰিছিল সিদিনা যথেষ্ট৷ আগৰদৰে টোপনিৰ ভাওত মই৷ এজনী বাইদেৱে কৈ উঠিল ইচ ৰাম ৰাজেশ খান্নাৰ যে কিমান গৰম চাগে৷ মই ভাবি ভাবি ওৰ নাপালো ৰাজেশ খান্নাৰ কেচটো কি? মানুহজনৰ চাগে বিৰাট হাইপ্ৰেচাৰ সেইকাৰণে গৰমটো বেচি লাগে৷ জানিবৰ মন গ’ল এনেয়েও ডি ডি ৱানৰ কৃপাত চোৱা চিনেমা কেইখনৰ সূত্ৰৰ বাদে ৰাজেশ খান্না বা আন যিকোনো অভিনেতাৰ বিষয়ে বৰ বেছি নাজানিছিলো৷ পিছত গম পালো যে বাইদেৱে ৰাজস্থানৰ কথাহে কৈছিল৷ 
এই কাণৰ বেমাৰটো পিছে মোৰে অকল নাছিল৷ লগৰ এজনীৰো অলপ ভালকৈয়ে আছিল৷ এবাৰ তাইক গৰমপানী আছে নেকি বুলি সুধোতে মুখখন মেলি অলপ দেৰি ভেবা লাগি চাই থাকিল৷ নাচাবনো কিয়! তাই শুনিছিল বয়ফ্ৰেণ্ড আছে নেকি বুলি৷ মোলৈ এই বেমাৰটো তাইৰ পৰাই সোঁচৰিছিলে যেন পাওঁ৷ নামটো নকওঁ নেকি খাব মোক!
ঘূৰি পুনৰ মাৰ্চ পাষ্টলৈ যাওঁ৷ আমাৰ বহুতৰে সেই বিশেষ ক’লা জোতাযোৰ নাছিল৷ কোনোবাই যদি বাপেকৰ পুৰণা জোতা পিন্ধিলে, কোনোবাই লগৰ এজনীৰ ভায়েক বা ককায়েকৰ জোতা গোটাই লৈছিল৷ মই পিন্ধাজোৰ আছিল ভাইটিৰ লগৰ ল’ৰাৰ ককায়েকৰ৷ মোৰ কাৰণে ডোনাল্ড ডাকে পিন্ধাৰ দৰে হৈছিল চাইজটো৷ তাৰোপৰি পিন্ধাৰ আগতে মকৰাজাল আৰু ঘূগুলা এগাল গুচাইহে পিন্ধিব পাৰিছিলো৷ যিকি নহওক আমাৰ ফ্ৰেচাৰ্চ চচিয়েল বৰ ভালদৰেই গ’ল৷ নবাগত আদৰণিৰ কথা ওলাওঁতে পিছে হুঁচৰিৰ কথাই মন ভৰাই তুলিছেহি আকৌ! ৰূপমৰ বিহুগীত, অলকেশৰ ঢোল, আৰু পৰিণীতা, দিপানীতা, মৌচুমী আমি বিলাক হ’লো নাচনীৰ চেম্পুল৷ চৌকেনদা, সুজিতদা হঁতে শিকায়হে শিকায় আমি ভাগৰত লেবেজান দি যাওঁ নাচি নাচি৷ অনুষ্ঠানটো হৈ যোৱাৰ পিছত হ’লে অলপ দুখ লাগিছিল- এবাৰেই আহে  জীৱনত এনে পৰব! তাৰোপৰি নবাগত আদৰণিৰ লগে লগে ৰেগিং -- উপ্স! ’ইন্ট্ৰডাকচন’ বোৰো শেষ হৈ আহিল৷ সেয়াও আছিল আন একো একোটা অধ্যায়৷ লগৰ এজনীয়ে এবাৰ চিনিয়ৰ দাদা এজনে কিবাকিবি সুধি থাকি মাজতে ’আমাক ভয় কৰিছা নেকি’ বুলি কওঁতে তাই কৈছিল ’কিয় আপোনালোক জন্তু নেকি?’ .... তাৰপিছত কি হ’ল ক’ব নোৱাৰি আৰু ইয়াত! 

আকৌ এবাৰ হোষ্টেলত মই জীৱনত প্ৰথমবাৰৰ বাবে টুইস্ট নাচি দেখুৱালো... চবেই বিচনা-চকীৰ পৰা বাগৰি বাগৰি পৰিবলেহে বাকী! আন এবাৰ হ’ল কি গান গাবলৈ দিলে৷ ভাবিলো কিবা এটা ’অথেন্টিক’ পৰিবেশন কৰো৷ যাতে বৰ ভাল ছোৱালী বুলি ভাবে আৰু বাইদেউসকলে৷ বিয়ানাম এফাকি গালো৷ চবেই ক’লে বৰ ভাল গাইছাদেই৷ ফুলি গ’লো৷ এইবাৰ ইংৰাজী গাবলৈ দিলে৷ ক’লো অভ্যাস নাই৷ আচলতে উই ছেল অভাৰকাম বাদ দি আৰু কিবা গানৰ অআকখ জানিলেহে! এইবাৰ দিলে ’সোণৰ খাৰু নেলাগে’ গাবলৈ৷ গালো৷ আকৌ গাবলৈ ক’লে৷ গালো৷ আকৌ এবাৰ, আকৌ গালো৷ হিচাপ নোহোৱা হ’ল কেইবাৰ৷ ভাবিলো মোৰ ইমান টেলেন্ট আছিল বুলি মই নিজেই নাজানো! গৌৰবত ফুলি থাকোতেই এবাৰ মন কৰিলো ফিচিঙা ফিচিঙি আৰু হাঁহি ৰখাব নোৱাৰি ফোঁহকে যে হাঁহিটো ওলাই আহে তেনেকুৱা অবস্থা বহুতৰে৷ বুজি নেপালো মোকেই হাঁহিছেনে? মইটো যি কৰিবলৈ কৈছে তাকেই কৰি আছো৷ কোনোমতে হাঁহি ৰখাই বাইদেউ এজনীয়ে এবাৰ গান গোৱাৰ মাজতে ৰখাই ক’লে হৌৰা তুমি গান মুখেৰে গাবলৈ কিয় টান পোৱা? চব নাকেদি গাইছা৷ 

সজাৰ চৰাই

সজাৰ চৰাই মই সজাতে ওমলি
এখুজি দুখুজি ওপৰ তলেকৰি
দিন গ’লে আহে ৰাতি
আহে গভীৰ নিশা
আশাৰে চাই ৰওঁ ফেহুঁজালি

তুমি আহি কৈছিলা
মোহিনী মোৰ চাৱনি
তুমি আনি দিছিলা
পাহাৰৰে ফুলৰ কলি
আকৌ আহিবা বুলি
ৰওঁ তিমিৰ হেলাৰঙি
তোমাৰ সজাৰ চৰাইজনী

মাহৰ পিছত মাহদিয়েক
পাখিগজা গাভৰুজনী
ৰৈ ৰৈ বিনাই দুৱাৰত ৰওঁ
দিয়া আহাঁ খুলি
বন্দী নীড় মোৰ অশ্ৰুঅঞ্জলি
চাব খোজো এআকাশ মুকলি
সেই সপোন পৰিছিল ভাঙি

সজাৰ চৰাইজনী সজাতেই থাকিল ওমলি৷

Monday, December 5, 2016

ধুগুণ

ঘৰৰ কিবাকিবি কাম চলি আছে কেইমাহমানৰ পৰা। আমনি লগাত অলপতে কেইবাদিনীয়াকৈ এফালে ফুৰিবলৈ গৈছিলো সপৰিয়ালে৷ য’ত আছিলোগৈ তাৰ ওচৰেপাজৰে আকৌ গোটেইখন কেচিনো আৰু কিছু মানুহৰ অবাধ মুকলিমূৰীয়াকৈ চিগাৰেট খোৱাৰ বাহাৰ৷ যাৰ যি মন যায়- সচৰাচৰ বেআইনী কাৰবাৰ কিছুমানো আইনী এই এলেকাত - এক অৰ্থত সৰু ল’ৰাছোৱালীক লৈ যোৱাতো অলপ দিগদাৰেই৷ পিছে ইহঁত দুজনী অলপ বুজন হৈ আহিছে কথাবোৰ বুজি পোৱাৰো বয়স হৈছেহি বাবে সাহস কৰিলো যাবলৈ তালে৷ দৈনিক আঠ ন মাইল খোজ কাঢ়ি কাঢ়ি হেপাহ পলুৱাই গোটেইবোৰ এফালৰ পৰা তধা লাগি চাইছো আৰু চাইছো৷ মাজে মাজে চেলফি লৈছো বা কোনো বাটৰুৱাক পৰিয়ালৰ ফটো এখন তুলি দিবলৈ অনুৰোধ কৰিছো৷ কেতিয়াবা ওচৰত কোনোবাই চিগাৰেট হুপি থকা দেখিলে আঁতৰাই আনি ইহঁতক কওঁ সেইফালে নাযাবা আকৌ দেখা নাই মানুহজনে কি কৰি আছে? ’কি কৰিছে মানে? স্মক কৰি আছেযে’ ’ইছ্ছছ....স্মক কৰা বুলি ক’লে বুজি পাব নহয়, বেয়া পাব, ধুম্ৰপান কৰা বুলি ক’বা৷ আৰু চিগাৰেটটোক ধুম্ৰদণ্ডিকা বুলি ক’বা৷’ 

তাৰ পিছৰ পৰা ইহঁতেও চিগাৰেট টানি থকা লোকক দেখিলে কয় ’মামি সেইপিনে নাযাবা ধুম্ৰপান কৰি আছে সেইফালে’- ইহঁতৰ মুখত আসঁজা শব্দটো শুনিবলৈ কিবা এটা হাঁহি উঠা ধৰণৰ হৈছিল৷ কথাটো মনে মনে উপভোগো নকৰা নহয় আমি৷ ইটো সিটো ইফালে সিফালে চাই যাওঁতে এবাৰ আমি খোজকাঢ়ি গৈ থকা পদপথতে মানুহ এজনে আপোনমনে এটান দি থকা দেখা পাই ডাঙৰজনীয়ে চিঞৰি উঠিল ’দেতা দেতা সেইপিনে নেযাবা ধুগুণ দি আছে’ তাই মানে ধুম্ৰপান শব্দটো পাহৰি ধুগুণ বুলি ক’লে৷ আমি হাঁহি ৰখাব নোৱাৰিলো৷

Monday, December 14, 2015

বালিচৰৰ বালিয়া বগৰী

বালিচৰৰ বালিয়া বগৰী
-/////----
বৈ বৈ আমনি লাগিছে নেকি তোৰ, বুঢ়ীদিহিং?
তোৰ কোলাতে ডাঙৰ হ’ল চাচনীজনী৷
মাহ হালধি সানি ওলাই যোৱা
মাজুলীৰ বালিচৰত বগৰী খোৱা
তাহানিৰ কলকলনিবোৰ তোৰেই বুকুৱেদি
যেনি তেনি জিলিকিলে মেটেকা ফুলাদি৷

তোৰ পলস পৰা পথাৰৰ হাতীজোক কেইটা
জেবাংকৰিৰ লগত দন লাগি অবশ এতিয়া৷
পথাৰলৈ নাহে তাইহঁত জাকৈ খালৈ লৈ
খেদাখেদি নাই চেঁচু আৰু কেঁহেৰু লৈ
পানীখোৱা ছুটিলৈ আৰু নৰয় কোনো পখিলা
দেওবাৰে নদীত নোধোৱেহি নীলা পাৰি দিয়া মেখেলা৷

নিবিনায় কোনো কেতেকী আজি ৰৈ ৰৈ৷
গুড়ৰ শালৰ কাষেদি কোনো নদৌৰেগৈ৷
ঔ টেঙাৰ বীজে জিলিকোৱা মনত আছেনে চুলিকোচা?
একঁকাল সামৰি চিলনীৰ জীহঁতে বাতিছিলে নতুন গামোচা৷
আমনি লাগিছে নেকি তোৰ বাৰু বৈ বৈ?
সাঁজ লগা বেলা কোনেনো তোক চাব ৰৈ ৰৈ? 

Thursday, December 10, 2015

উত্তৰাউঁসীৰ কোনো এটি আবেলি

•উত্তৰাউঁসীৰ কোনো এটি আবেলি•

কিমান দূৰলৈ চালে মোৰ দৃষ্টিয়ে তোক ঢুকি পাব?
সিমান পৰলৈ কালে মোক অস্থিৰে জানো ধৰি ৰাখিব?

সন্ধিয়া দাবানল গোন্ধোৱাৰ দিনা নজ্বলা চাকিৰ কথা
এতিয়া কোনেও নোগোৱা অচিন পখীৰ বিষাদ-গাথা

কাল-স্ৰোতস্বিনীৰ বুকুত তই যেন শিহুৰ ভুমুকি
মাজুলী বিচাৰি পুনৰ দিশহাৰা হ’ল মোৰ আধাশৰীয়া পংক্তি

হেৰালো, হেৰুৱালো, চা কত কাতিবিহুৰ আবেলি
ভালে থাক, ৰৈ আছো দে ঘাটত পৰদি নিৰিবিলি

এদিন, এনেকৈয়ে কিজানি শুনো অহৰহ তোৰ বিননি
শীতে বলে নোৱাৰা দেশলৈ নাজানো কিয় গুচি গ’লি!

Monday, October 19, 2015

দুজনী কণমানিৰ দুটি সৰু কাহিনী



(১) পাৰু্ল নামৰ এজনী আঠবছৰীয়া ছোৱালী৷ পৰীৰ দেশৰ সাধুকথা পঢ়ি ভাল পায়৷ ভাল পায় দাবা খেলি৷ ভাল পায় গীটাৰ বজাবলৈ শিকি আৰু ভাল পায় অংক কৰিও! ৰূপাঞ্জেলৰ দৰেই দীঘল চুলি একোছাৰ সপোন দেখিছিল তাই সৰুৰে পৰাই৷ জন্মতেই কিছু চুলি গজি অহা, ক্ৰমে পিঠি ঢাক খাই পৰা ডাঠ চুলিকোছালৈ তাই বৰ গৰ্ব অনুভব কৰে৷ লগৰ ছোৱালী বোৰেও ঈৰ্ষাৰে চায় তাইৰ চুলি কোছালৈ৷ কিন্তু স্কুললৈ যাওঁতে, বা সাঁতোৰৰ প্ৰশিক্ষণলৈ যাওঁতে যেতিয়া চুলিকোছা আঁচুৰি থাকোতে বহুত সময় লাগে কেতিয়াবা ঘৰৰ কোনোবা এজনে প্ৰায়ে কয় – ‘এইৰ চুলিকোছা কাটি দিব লাগে দেই ইমান গণ্ডগোলখন লগাই থাকে এই জঁটসোপাই৷’ বা ‘গান্ধীজীৰ চুলিকাটটোৱেই ভাল, কোনো আহুকাল নাই৷’ দেউতাকে আকৌ বুজায় তাইক কেতিয়াবা, ‘চুলি নিজে যেতিয়া চম্ভালিব পাৰিবা তেতিয়া ৰাখিবা৷ এতিয়া ৰাখি কিনো লাভ হ’ব কিমান সময় নষ্ট হৈছে সদায় সদায় দেখিছাই!’ তাই মুখেৰে একো নকয়, চকুলো ওলাই আহে মাত্ৰ৷
সেইজনী ছোৱালীয়ে তাইৰ আঠবছৰৰ জন্মদিনত মাকক ৰাতিপুৱাই ক’লে তাই চুলিখিনি কটোৱাব বিচাৰে, আৰু আন একো জন্মদিনৰ উপহাৰ তাইক এইবাৰ নেলাগে৷ ঘৰৰ সকলো আচৰিত হ’ল যদিও সকলোৱে ভাবিলে হয় তাইৰ চুলিখিনি চম্ভালি আমনি লাগিছে নহ’লে ঘৰত কৈ থকাৰ কাৰণে দুখতেই কটোৱাই পেলাব বিচাৰিছে৷ ৰাতিপুৱাই ভালদৰে শ্বেম্পু কৰি চুলিখনি তাই ধুলে আৰু নিজেই জঁটবোৰ ভাঙিলে৷ বিউটি পাৰ্লাৰলৈ যোৱাৰ পিছত চুলিখিনি প্ৰথমে দীঘল বেণী এডাল গাঠি জুখি লৈহে যেতিয়া তাই কাটিবলৈ দিলে, নাপিতগৰাকীৰ মুখত এটি মিচিকি হাঁহি খেলি গ’ল....কাৰণ খুব কমসংখ্যকে কৰে যদিও তেওঁ জানে এনেকৈ চুলি কটোৱাৰ অৰ্থ কি৷ কাৰণ তাইৰ চুলিখিনি বেণী গুঠাৰ পিছতো প্ৰায় দেৰফুট দীঘল আছিল, এডালো পকা চুলি বা কৃত্ৰিম ৰসায়ন আদিৰ প্ৰভাব তাত নাছিল৷ চুলিখিনি কটাৰ পিছত এটা বিশেষ দীঘল লেফাফাত তাই নিজেই ভৰালে৷ আৰু ওপৰৰ ঠিকনাত লিখিলে লিউকেমিয়া চচাইটিৰ এটি বিশেষ ঠিকনা৷ মাত্ৰ দুদিন আগতে তাই পাইছিল স্থানীয় এখন বাতৰিকাকত এখনত এই বিষয়ে৷
পাৰুলে তাইৰ মৰমৰ দীঘল চুলিখিনি কৰ্কটৰোগত আক্ৰান্ত সেই সকল ৰোগীলৈ বুলি দান কৰিলে যিয়ে কেমোথেৰাপিৰ ফলত মূৰত এদালো চুলি নোহোৱাৰ বাবে হয়তো ক’ৰবালৈ ওলাই যাবলৈ লৈ আইনাত নিজকে চাই এটি হুমুনিয়াহ কাঢ়িছে৷ ডিঙি ওলাই থকা চুটি চুলিখিনিৰে পাৰুলক সেইদিনা আটাইতকৈ সুন্দৰী পৰীগৰাকীৰ দৰেই দেখাইছিল৷ পাৰুলৰ দৰে কোমল অথচ সুন্দৰ মন এটি পৃথিবীৰ সকলোটিয়ে পাওক যেন – মাকে তাকেই প্ৰাৰ্থনা কৰিলে তাইৰ জন্মদিনৰ দিনা!

(২) নিভা, পাৰুলৰ বান্ধবী – দুয়ো একে স্কুললৈকে যায়৷ এদিন সিঁহতক শ্ৰেণীশিক্ষকে কেনেকৈ একোজন সুনাগৰিক হ’ব পাৰি, কেনেকৈ আনৰ কাৰণে ভাবিব লাগে বুজাইছিল৷ আৰু কৈছিল, পিছৰ সপ্তাহত যেন সকলোৱে একোটি উদাহৰণ লৈ আহে সুনাগৰিক হিচাপে জীবনত কৰা কিবা কামৰ৷ নিজে নকৰিলেও চিনি পোৱাতে থকা প্ৰচাৰ নোহোৱা অন্যলোকৰ হ’লেও যিকোনো ভাল কাম৷ হয়তো কোনোৱে ৰাস্তাত পৰি থকা জাবৰ কিছুমানকে সামৰি পেলাই দিছে, কোনোৱে হয়তো গছপুলি ৰুইছে, কোনোৱে হয়তো পুথিভঁৰাললৈ গৈ দুখীয়া ল’ৰাছোৱালী কিছুমানক বিনামূলীয়াকৈ পঢ়া-শুনাকে চাই দিছে ইত্যাদি৷ নিভাৰ মন গ’ল নিজেই কিবা এটা কৰাৰ৷ মাক দেউতাকহঁতে বা তাই চিনি পোৱা সকলোৱেই কিবা নহয় কিবা ভাল কাম কৰিছে বুলি তাইৰ ভাব৷ আনকি দুদিনমানৰ আগতে বান্ধবী ৰিয়াৰ প্ৰথমশ্ৰেণীত পঢ়া ভায়েকে হেনো তাৰ গোটেইবোৰ কিতাপ আৰু সৰু হৈ যোৱা ভাল জোতা কেইজোৰ, কাপোৰ-কানি আৰু খেলনাবোৰ নিজেই আটোমটোকাৰিকৈ বান্ধি দি দেউতাকৰ হাতত দিলে, অলপতে এটি ভূইকঁপত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ সৰু ল’ৰা-ছোৱালীবোৰলৈ দি পঠাবৰ কাৰণে৷ সিহঁতৰ স্কুলত আচলতে কেইদিনমানৰ আগতে পৰিয়াল এটিয়ে আৰম্ভ কৰা সাহায্য অনুস্থান এটাৰ খবৰ পাইছিল সিঁহত সকলোৱে৷ স্কুলৰ অফিচৰ সমুখত এটা বৃহৎ বাকচ থৈ দিয়া হৈছিল এটা নিৰ্দিষ্ট তাৰিখৰ ভিতৰত সামগ্ৰীসমূহ ছাত্ৰ-ছাত্ৰীসকলে দান কৰাৰ বাবে৷ ৰেডক্ৰছৰ সাহায্যত নিৰ্দিষ্ট তাৰিখৰ পিছদিনাই সামগ্ৰীসমূহ বিশেষ উপায়েৰে ক্ষতিগ্ৰস্ত লোক সকললৈ পঠিওৱাৰ দিহা কৰা হৈছিল৷
নিভাই যোৱাবছৰ স্কুলতে হোৱা ৰচনা প্ৰতিযোগিতা এটাত প্ৰথম পুৰষ্কাৰহিচাপে পঞ্চাছ ডলাৰ পাইছিল! বহুদিনৰ পৰাই তাইৰ ইচ্ছা আছিল ডাঙৰ লেগ’চেট এটা কিনিবলৈ৷ লেগ’ চেট সমূহৰ বৰ দাম কাৰণে মাকহঁতে মজলীয়া দুই-এটাহে কিনি দিছিল তেতিয়ালৈকে৷ তাকো জন্মদিন বা তেনে পৰবতহে৷ পঞ্চাছ ডলাৰতো ডাঙৰ লেগ’চেট নেপায় কাৰণে তেতিয়াও তাই ভাবি আছিল আৰু অলপ গোট খালে পছন্দমতে লেগ’ চেট টো কিনিবগৈ এদিন৷ কিন্তু শ্ৰেণীশিক্ষকে ‘কিবা এটা ভাল কাম’ৰ উদাহৰণ দিবলৈ কোৱাত তাই চিন্তা কৰিবলৈ ধৰিলে হয়তো সেইখিনি টকাৰে তাই কাৰোবাৰ মুখত হাঁহি বিৰিঙাব পাৰে৷ পৃথিবীৰ কিছুমান দুৰ্ভিক্ষৰ কথা শুনিছে সিঁহতে, আৰু শুনিছে কিছুমান কেও কিছু নোহোৱা ল’ৰা-ছোৱালীৰ কথা, অনাথ আশ্ৰমৰ কথা৷ সেইদিনা মাকে যেতিয়া তাইক স্কুলৰ পৰা লৈ আহিছিল, মাকে দিনটো কেনেকুৱা গ’ল সোধাত মনৰ কথাটো ব্যক্ত কৰিলে তাই৷ অত্যন্ত উৎসাহেৰে মাকেও কথাটো মনদি শুনাৰ ওপৰিও সেইদিনাই দেউতাকৰ লগত আলোচনা কৰি এটা উপায়ো দিলে৷ পৃথিবীৰ সকলো ঠাইতে দুখীয়া ল’ৰা ছোৱালীৰ কাৰণে অনেক স্কুল আছে৷ কিন্তু তেওঁলোকৰ খৰচ-পাতি সাধাৰনতে অন্যলোকে কৰা দান-বৰঙণিৰ পৰাই সিংহভাগ মিলোৱা হয়৷ নিভাৰ মাক দেউতাকে তেনে এখন স্কুললৈ বৰঙণি আগবঢ়াবলৈ এটি অনুস্থানৰ জৰিয়তে কথা পাতিলে৷ কথা মতেই কাম৷ পুৰষ্কাৰৰ পঞ্চাছ ডলাৰৰ লগত আৰু এটি অংক মিলাই এটি শিশুক সম্পূৰ্ণ এবছৰৰ বাবে খোৱা বোৱাকে ধৰি শিক্ষাৰ বাবে ভাৰতত নুন্যতম যিমানখিনি খৰচ হয় তাৰ বাবে অৰিহণা যোগোৱাৰ পৰিকল্পনা কৰিলে পৰিয়ালটিয়ে৷ দুদিনমানৰ পিছতে দেউতাকৰ কোম্পেনীয়েও বিশেষ আঁচনিৰ দ্বাৰা এই দানৰ ‘মেটচিং ড’নেচন’ হিচাবে (আঁচনিমতে কৰ্মী এজনে দহ ডলাৰ দান কৰিলে কোম্পেনীয়ে আৰু দহ ডলাৰ যোগ দি মুঠ দানৰ পৰিমাণ দুগুণ অৰ্থাৎ বিশ ডলাৰ কৰি দিয়ে) সমান পৰিমাণৰ ধন মোকলাই দিলে৷ ফলত নিভাৰ যৎসামান্য অৱদানটি গৈ গৈ শেষত প্ৰায় কেইবাগুণো হ’লগৈ৷ তাই এখন চিঠিও লিখিলে নাম নজনা এটি শিশুলৈ কিছু অনুপ্ৰেৰণামূলক কথা আৰু লগ পোৱাৰ তথা যোগাযোগ ৰখাৰ প্ৰস্তাবেৰে, আৰু এটি তীব্ৰ আশাৰে যাক হয়তো তাইৰ ক্ষুদ্ৰ অৱদানে লাভান্বিত কৰিবগৈ৷ সেইবাৰৰ গৰমৰ বন্ধত দেউতাকহঁতৰ ঘৰলৈ যাওঁতে সেই স্কুলখনত সোমাই কণকণ শিশুহঁতৰ লগত এবেলা কটোৱাৰ সৌভাগ্যও হ’ল সিহঁতৰ৷ সুন্দৰ স্কুলখনিৰ দেৱশিশু কেইটিমানক তাইৰ স্কুলত কৰা কিছুমান কামকাজৰ নমুনা দেখুওৱাৰ ওপৰিও সিঁহতৰ নাচগানো উপভোগ কৰি আহিলেগৈ, নিজেও কিবা এটা গান গালে৷ শ্ৰেণীশিক্ষক গৰাকীকহে তাই ‘ভাল কাম’ৰ উদাহৰণ টো সময়মতে দিবলৈ দেৰি হৈ গ’ল যদিও ‘ভাল লগা কাম’ এটিয়ে লাহে লাহে গত লোৱাত তাইৰ মনটো বৰ ভাল লাগিল৷

Sunday, September 27, 2015

পিলিঙা

(Draft.. To be edited)

ডেকাৰ মন উৰুঙা
”মন আজি ৰিঙা ৰিঙা
লাহৰীৰ শিৰতে ৰঙা
লোকে দিলে এডোঙা
সপোনজৰী দিলে ছিঙা”
তাইৰ বিয়ালে মহঙা
চাইটা খাটি দৈচুঙা
লগত অৰ্জুনে টেঙা
কান্ধতে লৈ জোলোঙা
আমাৰ ডেকা পিলিঙা
ইফালে সিফালে কৰি বেঙা
পেদেলত দিলে দুঠেঙা
টিলিং টালাং টিলিঙা
বাজিল চাইকেলৰ টিলিঙা
ৰাইজেও কৰে ফিচিঙা
জুপি বেৰৰ জলঙা