Tuesday, February 10, 2015

ভাষা কোৱাৰ লাজ



ভাষা কোৱাৰ লাজ

অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ি থাকোতে মাতৃভাষাৰ প্ৰতি অন্ধ-প্ৰেম ইমানেই বেছি আছিল যে ইংৰাজী কাকত বা আলোচনী পালেও নপঢ়িছিলো, যেন ভাব হৈছিল ইংৰাজী দেখোন এনেকুৱা এটা ভাষা, যি গোটেই পৃথিৱীয়ে জানে, পঢ়ে, আৰু লিখে৷ সেয়ে আমাৰ অসমীয়া ভাষাটিহে যিমান পাৰি পঢ়িব লাগে, পঢ়ুৱাব লাগে লোককো পাৰিলে৷ মহাবিদ্যালয়লৈ যোৱাৰ পিছত আকৌ দেখিলো কেইজনমান শিক্ষকে ইংৰাজীৰ বাদে অসমীয়াৰ অ-টোও নকয় তেতিয়াহে নিজৰ অকৰামিখিনি উপলব্ধি কৰিলো৷ পিছে ইংৰাজীত কেঁচা মই অকলে নাছিলো, দেখিছিলো যে লগৰ কেইবাজনীৰো একেই অৱস্থা, আনকি ইংৰাজীত লেটাৰ লৈ অহা দুগৰাকীমানৰো তথৈবচ৷ ঠিক কৰিলো ৰেপিডেক্স ইংলিচ স্পীকিং ক’ৰ্চ কিনি পঢ়িম, ঘৰত চেণ্টিনেলখন উধৰ পৰা মূধলৈকে পঢ়িম পুৱা বা গধূলি যেতিয়াই পাওঁ আৰু আমিকেইজনীমানে মনে মনে ইংৰাজীতে কথা পাতিম৷ এদিনাখনৰ কথা, জুলজীৰ ক্লাচৰ পৰা ফিজিক্সৰ ক্লাচলৈ দৌৰি থাকোতে অসাবধানবশতঃ কিবা এটা সৰু ইংৰাজী বাক্য ইমান ডাঙৰকৈ কৈ পালো যে আগে আগে গৈ থকা ইংৰাজীত ফৰফৰাব পৰা লগৰে দুজনীমানে ৰৈ ঘূৰি চাই দিলে৷ বৰ লাজ পালো৷ ভুল ক’লো যেন লাগিল৷ কিন্তু লগৰ যিগৰাকীক কথাষাৰ কৈ আছিলো তাই আকৌ বুকু ফুলাই ক’লে, দেখিছ, এতিয়া আমিও ইংৰাজী জানো বুলি সিঁহতে গম পাই গ’ল নহয় এতিয়া কিমান পাট্টা পাবি চাই থাক৷ 
জুলজীৰ পৰীক্ষাত এবাৰ কিবা এটাৰ উদাহৰণ উল্লেখ কৰিব লাগে; উত্তৰটো শামুক বুলি জানো, ইংৰাজী প্ৰতিশব্দটো মনত নপৰেহে নপৰে৷ samook বুলি লিখি থৈ আহিলো৷ বহীবোৰ তেতিয়া ঘূৰাই দিছিল, দেখিলো যে বাইদেৱে সেইটোত  যি নম্বৰ পাব লাগে তাকেই দিলে, কটা নাই৷ তাৰ পিছত সাহস কৰি জুলজীৰ বাইদেউক অকলে লগ কৰি এদিন মোৰ ইংৰাজীৰ অৱস্থা কোৱাত বাইদেউৱে মিহলাই লিখিলেও হ’ব বুলি ক’লে৷ আৰু ক’লে যে আমি ভাষাৰ পৰীক্ষা নলওঁ নহয়, তোমালোকে বিষয়টো কিমান জানা সেয়াহে চাম৷ আকৌ একেটা কথাকে ফিজিক্সৰ এজন চাৰক সুধি গালি খালো – এইকণ ইংৰাজী নেজানিলে কেনেকৈ হ’ব?
তাৰ পিছৰ জীৱনত বহুবাৰ ঠেকা খাইছো ইংৰাজীৰ দূৰ্বলতাৰ বাবে৷ এইটো কাৰণতে দুটামান চাকৰিও গ্ৰুপ-দিছকাচনৰ পৰ্যায় পোৱাৰ লগে লগেই শেষ৷ কাৰণ ইংৰাজী নোলায় মুখেৰে৷ এনেকুৱা নহয় যে একেবাৰে নোৱাৰিছিলো, কিন্তু কিবা এটাই জিভাৰ আগত জেওঁৰা দি ৰৈ থাকে যেতিয়াই আকৌ ক’ব লগা হয়৷ কিয় জানো ইংৰাজী কিতাপো পঢ়ি বেছি ভাল নেপাইছিলো দেখোন৷ আগতে বিদ্যালয়ৰ ইংৰাজী দ্ৰুতপাঠবোৰ বুজিবৰ কাৰণে নিজৰ কাৰণে প্ৰথমেই অভিধান চাই চাই অনুবাদ কৰি লৈছিলো৷ তথাপিও নহৈছিল, আৰু মোৰ এটা ডাঙৰ অসুবিধা বহুদিনলৈ আছিল- ঘৰৰ বা চিনাকী মানুহৰ আগত মুখেদি ইংৰাজী মৰি গ’লেও নোলায়! বেমাৰেই নেকি সেইটো!
এদিন এনেকুৱা সময় আহিল ইংৰাজী শুনিবও লাগে, ক’বও লাগে, টাইপিঙো কৰিব লাগে সকলো সময়তে৷ মাতৃভাষাত এষাৰি মাত শুনিবলৈ, এষাৰ কথা পঢ়িবলৈ কেতিয়া পাম পাম যেন লগা সময়তে ইণ্টাৰনেটত এই সকলোখিনি সুবিধা পাবলৈ ধৰিলো৷ পিছে ভাষা কোৱাৰ লাজটো কিয় হয়? লক্ষ্য কৰিছো আজিৰ দিনৰ ল’ৰা-ছোৱালীবোৰ তেনে নহয় দেখোন, আচলতে আমাৰ দিনতো ইমান নাছিল, মোৰ দৰে দুজনীমান ‘গাৱঁলীয়া’ ছোৱালীৰ বাদে৷ অসমীয়া মাধ্যমত পঢ়িছে বুলি কোনেও ইংৰাজীত অসহজ নহয়৷ এয়া হয়তো ইণ্টাৰ্নেটৰ পৰোক্ষ সুফল৷ কিন্তু হয়তো কুফলো আছে- কিছুমান ল’ৰা-ছোৱালীয়ে হেনো অসমীয়া নকৈ ইংৰাজীহে কয়, অসমীয়াত পঢ়ি অহা বুলিও নকয়, সেইটো পিছে অতিপাত তাঁৰ ছিঙা কথা!
অনুভৱ হয় ভাষা যিমানেই জনা যায়, সিমানেই ভাল৷ এতিয়া মোৰ ছোৱালীহঁতক নিয়মীয়া চেকআপত নিওঁতে চিকিৎসকে প্ৰায়ে সোঁৱৰাই দিয়ে, যাতে ঘৰত মাতৃভাষাহে যাতে কওঁ৷ নহ’লে সিহঁতে বুজি পালেও কোৱাৰ লাজ এটাৰ কাৰণে কোনোদিনে পুৰাকৈ নিশিকিব৷ এই যে জানিলেও বা বুজিলেও কোৱাৰ লাজ, অসহজ ভাৱটো কিছুমান মানুহৰ কিয় হয় বাৰু? বহুদিনৰ পৰা ভাবি আছো কিয়, কাৰণ এবাৰ আৰম্ভ কৰিলে অভ্যাসটো ৰাখিলে খোকোজা ভাৱবোৰ আতঁৰি যায়৷ যিকোনো ভাষা শিকাৰ আগ্ৰহ, মাতৃভাষাত কথা কোৱাৰ উৎসাহ যাতে বাঢ়ি যায়, হয়তো ঘৰখনতেই হওক বা আৰু ল’ৰা-ছোৱালীৰ পঢ়াশালিতেই হওক, শিক্ষাগুৰু তথা অভিভাৱক হিচাবে আমাৰ দায়িত্ব বহুত! তথাপি কেতিয়াবা হাৰি যাওঁ দেখোন লাগে৷ মোৰ ছোৱালীহঁতে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ে,  স্বেচ্ছাসেবী দল এটিয়ে ইয়াত কণকণহঁতক অসমীয়া শিকায়, তালৈও পথাওঁ, ঘৰত উধাই মুধাই অসমীয়াই কওঁ, তথাপিও সিহঁতে নিজৰ মাজত ইংৰাজীহে কয়৷ মৰম কৰি সোধো প্ৰায়ে, মই ইংৰাজী ভালকৈ নেজানো, বুজিয়ে নেপাওঁ, কৈ ভালো নেপাওঁ, মোৰ লগত, মোৰ সমুখত সদায় অসমীয়া ক’বাচোন? সিহঁতে কয় সিহঁতৰ হেনো লাজ লাগে, কিজানি ভুল হয় কওঁতে৷ সেয়ে কেতিয়াবা অসমীয়া কয় কেতিয়াবা নকয় দুষ্টকেইজনীয়ে, মনত পেলাই দিব লাগে – অসমীয়াত কোৱাচোন!
মোৰো আছিল এসময়ত, ইংৰাজী কোৱাৰ লাজ, এতিয়া ছোৱালীহঁতৰ অসমীয়া কোৱাৰ লাজ! ভাষা কোৱাৰ লাজ! কিন্তু কিয়?

Wednesday, August 13, 2014

চুটি কবিতা



নিতৌ হাজাৰ কবিয়ে কবিতা ৰচিছিল
আলোচনী-কিতাপত প্ৰকাশো পাইছিল
হয়তো প্ৰথম দুশাৰীও কোনোৱে নপঢ়িছিল
তথাপি কবিয়ে অবিৰাম লিখি গৈছিল৷

তেনেতে এদিন এটি কবিতাই হাঁহিছিল
চাহ খাই খাই কবিয়ে পাঠকলৈ চাইছিল
খন্তেক ৰৈ পাঠকে চাহ আৰু কবিতাৰ জুতিও লৈছিল
বিভোৰ পাঠকে চাহত চেনি কম বুলি গমেই নেপাইছিল৷



Saturday, July 19, 2014

এক আছিল....

"হেৰা কলিতা আহিছেহে, চাহ একাপ আনা" -মহন্তই বাৰাণ্ডাৰ পৰাই লেনিয়া মাতেৰে কোৱা চিৰপৰিচিত মাতষাৰ শুনিয়েই মহন্তনীৰ টিঙিচকৈ খংটো উঠি আহিল৷ বেলতলা বজাৰৰ ওচৰতে তেওঁলোকৰ ঘৰ, সদায় শনিবাৰে ৰাতিয়েই মনত পেলাই দিয়ে তেখেতে, আগফালে তলা এটা লগাই থ'ব ৰাতিপুৱাই৷ নহ'লে পিছদিনা বজাৰ কৰিবলৈ অহা সাক্ষাৎ দামোদৰ সকলৰ পৰা নিস্তাৰ নাপাই চাহ জলপানৰ যোগান ধৰি ধৰি মহন্তনীয়ে৷ কিন্তু ৰাতি অঁ অঁ বুলি শলাগি ৰাতিপুৱাই মহন্তই সকলো পাহৰে৷ বাৰাণ্ডাত ৰৈ থাকেগৈ দামোদৰ ধৰি আনিবলৈ৷ আলিবাটেদি যোৱা চিনাকি কোনো সাৰি নেযায়, মাতি মাতি আনিব৷ " হেঃ হেঃ হেঃ, ৰাতিপুৱাই পাচলিৰ দাম বৰ বাঢ়ি থাকেহে, আহক চাহ একাপকে খাই যাওকহি"৷ গোটেই সপ্তাহটো মহন্তনীৰ ভাগৰ লাগে, চাকৰি বাকৰি, ল'ৰা ছোৱালী, সংসাৰ চলাই দৌৰি ঢাপৰি৷ দেওবাৰৰ ৰাতিপুৱাটো অকণমান জিৰণি ল'ব খোজে, অলপ দেৰিকৈ উঠি৷ কিন্তু বাতৰিকাকত খন দিলেই কিজানি বুলি মহন্তই উঠি গ'ল যি গ'লেই, মহন্তনীয়ে "হেৰা অমুক আহিছেহে, চাহ একাপ আনা" বুলি শুনিলেই আৰু লগতে৷ ভোৰভোৰাই ভোৰভোৰাই উঠি মুখ খন আধা ধোৱাকৈয়ে ওলাই আহে যদিও বহাকোঠালৈ আহোঁতে হাতত চাহকাপ আৰু কিবাকিবি এগালমান প্লেটত লৈহে ওলাই আহে তেখেতে৷ এসময়ত বোন্দী বুলি লগৰবোৰে জোকোৱা ছোৱালীজনীয়ে বিয়াৰ পিছতেই মুখত হাঁহিটো ফেভিকল দি ল'বলৈ শিকিছিল চাহ লৈ আহিলে৷ সেইটো এতিয়া কাপ, কাহীঁ, কেৰাহি, বেলনামাৰি যি হাতত ল'লেও অভ্যাসবশতঃ আপোনাআপোনি ওলাই আহে মিচিককৈ৷ সেইটোৰ বাবেই চুবুৰীত নামো আছে তেওঁৰ সাদৰী বুলি৷ দেওবাৰৰ দিনা কলিতা, পাটোৱাৰী হঁতে ঘৰত বেলেগে চাহ খাই নাহেই আজিকালি যোৱা দহবছৰৰ পৰা৷ ক'ত মহন্তনীৰ ইলাচী দিয়া চাহ আৰু ক'ত ঘৰৰ চেনি-গাখীৰ নিদিয়া আগদিনাৰ চাহকে আকৌ সিজোৱা কেৰেলামাৰ্কাচাহ! যেন মোদী আৰু ৰাগা৷
কিন্তু আজি মহন্তনী নাচোৰবান্দা৷ কালি ৰাতি ব্ৰাজিলে তৃতীয়স্থানো নোপোৱাৰ দুখত ৰাতিপুৱালৈকে মূৰৰ বিষ৷ আজি কোনোপধ্যেই উঠি নাহে তেওঁ৷ তাতে ঘৰত বিস্কুট, ভূজিয়া একোদাল নাই৷ হালদিৰামৰ পেকেট যিমানে লুকুৱাই নথওক, ডাঙৰ ল'ৰাটোৱে বিচাৰি পাবই আৰু গাৰুৰ তলত পেকেট লুকুৱাই লৈ ৰাতিৰ ভিতৰতে শেষ নকৰিলে টোপনিয়ে নাহে তাৰ! সৰুটোৱো কম নহয়৷ তাৰ নাকে সেই বেমাৰীয়ে খোৱা মেৰিগল্ডবোৰ চাউলৰ বৈয়ামৰ মাজত লুকুৱাই থ'লেও ঢুকি পায়৷ শুকুৰবাৰে মহন্তনীয়ে অফিচৰ পৰা আহোঁতে খোজ নেকাঢ়ে, বাচৰ পৰা নামি বাকীখিনি ৰিক্সাত আহে, এসোপামান বিস্কুট বাদাম, মনোহাৰী সামগ্ৰী আদিৰ বজাৰ কৰি মেলি৷ মহন্তৰ সেইবোৰ খবৰ নাই৷ দেওবৰীয়া বজাৰখনৰ পাচলিকেইটা অনাৰ বাদে বাকী গেচৰ চিলিণ্ডাৰলৈকে ঘৰত কি আছে নাই খবৰ ৰাখে মহন্তনীয়েহে৷তাকো বজাৰ কৰিবলৈ ওলাই যাব পেকপেকাই শেষ হোৱাৰ পাছত, ৰাতিপুৱাই যদি কলিতা আহিল, তেখেত যাব বৰুৱাক বাটৰ পৰা ধৰি অনাৰ পিছতহে৷ নাটকখন দুপৰীয়ালৈকে চলি থাকে৷ মহন্তনীৰ চাহৰ কেটলিৰ তলত জুই ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে চলি থাকে যেন থিয়েটাৰৰ পেণ্ডেলৰ কাষৰ চানা-দোকানীজনহে তেখেত৷ বুট-বাদাম ভাজিয়ে আছে ভাজিয়ে আছে, দৰ্শনী শেষ নোহোৱালৈকে৷ শেষত গেলেৰীৰ পৰা "মা, দেউতাই মোনাখন খুজিছে" বুলি ৰিং মৰাৰ পিছতহে কেটলিৰ জ্বৰ কমে৷
"হেৰা কি কৰি আছাহে, বেলি খাওঁ খাওঁকৈ মূৰৰ ওপৰ পালেহি, বৰ পিয়াহ লাগিছে, চাহ একাপ নকৰানেকি"৷ মহন্ত তেতিয়াও বাৰাণ্ডাতে৷ মাজে মাজে কলিতানে পাটোৱাৰী নে দুয়োজনেই ধৰিব নোৱাৰি, ধেক ধেককৈ হাঁহিছে৷ মহন্তনীয়ে বোলো মনতে "হাঁহ যিমান পাৰ৷ ক্ষুদ্ৰান্ত্ৰ-বৃহদান্ত্ৰ আজি সব শুকাই গ'লেও অমুকী উঠাত নাই" ভাৱত বলেৰে চকুমুদি বিচনাতে পৰি থাকিল তেওঁ৷
"মা আজি ফাইনেল আছে নহয়, মোৰ নীলা চেক-চেক লগা চোলাটো ক'ত আছে?"
"মা মোকো নীলা চোলা লাগিব৷ মেছীয়ে হেনো আজি দহটামান গ'ল দিব"
এইকেইটাৰ উৎপাতো কম নহয়৷ ঘৰত ক'ত কি আছে একো গমেই নেপায়৷ মেছী নে কেচীঁ সেইদালে গ'লেই দিয়ে নে চিকেনৰ'লেই দিয়ে তাত তেওঁৰ কি যায়৷ নেইমাৰৰ মুখখন যেন ভাঁহি আহিল সমুখত৷ চকুৰ কোণকেইটা লগে লগে সেমেকি উঠিল৷ ঠিক কৰিছে আজি তেওঁ খেল নেচায়৷ আৰু ঘৰতো কাকো চাবলৈ নিদিয়ে৷ ৰাতি ৰাতি টোপনি খতি কৰাৰ কোনো দৰকাৰ নাই৷ ৰাতিপুৱা 'জাম্প-স্টাৰ্ট কৰিব লাগিব নহ'লে ইহঁতক৷ তাৰ সলনি তেওঁ কেণ্ডী ক্ৰাচকে খেলি থাকিব লাগিলে৷ নিজৰ কপালখনত এনেই হাত দি চালে তেওঁ, জ্বৰ উঠা হ'লেই ভাল আছিল৷ কাৰণ অলপ পিছত নিশ্চয় চাবহি কিয় উঠি অহা নাই বুলি৷ বিচনাৰ কাষতে মূৰৰ বিষ হ'লে ঘঁহা বাম এটা আছিল, তাকে সৰহকৈ গোটেই কপাল, কাণৰ, তালুৰ ওচৰে পাজৰে যিমান পাৰে ঘঁহিলে৷ গোটেই কোঠাটো মলমলাই যোৱাকৈ৷ তাৰ পিছত চকু মুদি ৰৈ থাকিল এইযেন আহিব মহন্তডাঙৰীয়া, সুধিব, "কি হ'ল গা বেয়া নেকি? কিবা দৰব দিম? নে মূৰটো মালিচ কৰি দিম?" বাট চাই আছো তোমালৈ গানটোৱো এবাৰ নে দুবাৰ মনলৈ আহিল৷
পিছে তেনেকুৱা একো নহ'ল পোন্ধৰ মিনিট মানলৈকে৷ বাৰাণ্ডালৈ কাণ উনাই থাকিল, মাজে মাজে জপনাৰ শব্দ হৈছে, ৰক্ষা! এইবাৰ গ'ল চাগে ৰাতিপুৱাৰ দামোদৰসকল৷ তেনেকুৱাতে আকৌ শুনে গিৰ্জনি মৰা শব্দ৷ মাজতে পাকঘৰতো শব্দ শুনা যেন লাগিল৷ চাহ কৰি খাইছে বোধহয়৷ একো নহ'লেও শিকক চাহকণ কৰিবলৈকে৷ মুঠতে আজি উঠি অহাত নাই৷ বাহিৰত সঁচাকৈয়ে ৰ'দে চকুৰঙা কৰি উঠি আহিছে৷ কাৰেণ্টডালো গ'ল এইমাত্ৰ, ফেনখনো বন্ধ! গৰম লাগি আহিল, বিচনাত এই আঠ-নবজালৈকে শুই থাকিবলৈ কি কষ্টহে! অফিচত একেলগে কাম কৰা চলিহানীয়ে আকৌ বোলে সদায় চাৰে ন বজাতহে উঠে (কেনেকৈযে পাৰে), তেখেতৰ আকৌ ঘৰ সৰা মোচা, চাহ-ভাত চম্ভালিবলগীয়া একো কামেই নাই৷ বিয়া নোহোৱা নন্দেকজনী তেখেততকৈ পাঁচবছৰমান ডাঙৰ বয়সত, লগতে থাকে আৰু দিনৰ দিনটো কামকে কৰি থাকে৷ চলিহাও ভাল, এটাই ল'ৰা তেওঁলোকৰ, সিও বাপেকৰ লগতেই থাকিয়েই ভাল পায়! কিছুমানে কি সাধি আহে ঔ মোৰ গোসাঁই!

"হেৰা চাহকাপলৈ ৰৈ আছোহে আমি" - বাৰাণ্ডাৰ পৰা অহা ৰিঙনিটো এইবাৰ তেওঁৰ "আজি অন্তিম নিশাৰ নিবেদন জাৰ্মেনী আৰু আৰ্জেণ্টিনা" ৰ দৰেই শুনা যেন লাগিল৷  কোনো উৎকণ্ঠা নথকা হিৰোবিহীন অৰ্থাৎ নেইমাৰবিহীন আজিৰ নাটকখনলৈ কোনো প্ৰকাৰৰ আগ্ৰহ নাই তেওঁৰ৷

কোনোবা আহিছে সোমাই কোঠাটোলৈ৷ বৰ কষ্টত থকাৰ দৰে মুখখন কৰি টোপনিৰ ভাও জুৰিলে মহন্তনীয়ে৷
"মা দেউতাই ক'বলৈ কৈছে গাখীৰৰ চচপেনটো হেনো পাতি দিছে, চাহৰ কাৰণে৷ তোমাক চাবলৈ কৈছে৷ আৰু চাৰিকাপ চাহ কৰি নিবলৈ কৈছে৷ দাস আংকল আৰু পাটোৱাৰী আংকলহঁতো আহিছে৷"
হে ভগৱান! গাখীৰৰ চচপেন জুইত পাতি থৈ কথাৰ মহলা মাৰি আছেগৈ?
"মা দেউতাই অথনিয়ে ক'লে ক'বলৈ মই পাহৰি থাকিলো৷"
গলকীয়ে পেনাল্টি বচাবলৈ জাপ মৰাদি মহন্তনী একেজাপেই উঠি আহি দেখিলেহি যে গাখীৰ উফন্দি পৰি কেতিয়াবাই শেষ! তেনেতে বাৰাণ্ডাৰ পৰা প্ৰকাণ্ড গিৰ্জনি এটা উফৰি আহিল৷ যেন ৰিঅ' দি জেনেইৰোৰ ষ্টেডিয়ামৰ পৰা গঅ'অ'অ'অ'অ'অ'অ'অ'ল বুলিহে কোনোবাই আৰ্তনাদ কৰিছে৷
000000

Wednesday, June 25, 2014

butterfly song by Kabita-Shruti

Once upon a time
there was a brown butterfly
She had  beautiful wings
with some yellow designs.
And a beautiful wish.
Of flying very high
Up there in the sky
It was her birthday
coming in a day
she had her wish
to fly like no butterfly did before.
She came to her mommy
On my birthday
Mommy I want to fly
Up in the sky
Really very high
Higher than the trees
Over the mountains
Where all the butterflies
Never reached before
How can I do that
gimme some idea
love to touch the sky
and kiss some cool cloudy.
Her mom was not surprised
She had a unique child
Who loved to dream big
As she grows big.
To fly up that high
you have to be something else
butterflies can't fly
higher than rose buddies.
Think again or wish
better something else.
The brown butterfly
thinking again and again
said oh my o my!
I think I can fly.
In the entire garden
she asked everyone and then
the lady from the house
came out with a smile.
There were two sisters
in the lovely family,
Kashru and Shruka
as they called each others.
On her happy birthday
summer fun kicks off
two sisters planning for
to escape to Hawaii.
 The Brown butterfly
became their friends.
And on her birthday
a pet that is a butterfly
was flying up in the sky
inside an aeroplane
with two lovely young ladies
for vacation to Hawaii.
It was a superb dream
And a birthday wish
That happened for real
could not believe she thinks.
Coming back after a week
Summer fun isn't over
in their backyard
they had so much fun
on the rose buddies
on the poppy seeds
flying and dancing
from flowers to flowers
with the two sisters
greatest birthday gift
the brown butterfly had
and best friends forever.