Tuesday, March 11, 2014

অন্য এক অনুভৱ, অন্য এক আশা


অন্য এক অনুভৱ, অন্য এক আশা

হোষ্টেলত থাকোতে আমাৰ তিনিজনীক লগৰবোৰে সন্ধ্যা-ললিতা-কান্তা অহা বুলি কৈছিল৷ কোনো চিনিয়ৰ দাদাই নাম দিছিল খুটি৷ তিনিওজনী পাঁচফুটীয়া আৰু দূৰৰ পৰা দেখিলে হেনো চাহৰ কেটলি পাতিব পৰা তিনিঠেঙীয়া খুটি যেন লাগে৷
চাৰিবছৰৰ সু-সম্বন্ধ কটকটীয়া কৰি ৰখাৰ পণেৰে এদিন তিনিওজনীয়েই কলেজ এৰিলো৷ কৰ্মসংস্থান বা সংসাৰৰ নতুন দায়িত্বৰ সূত্ৰে তিনিওজনী পৃথিবীৰ তিনিটা কোণত আজি প্ৰায় প্ৰতিস্থিত৷ ৰিয়া নুমলীগড়ত, ৰীমা চিডনীত আৰু মই ত্ৰিভূজটোৰ আনটি কোণত৷ ইজনীয়ে সিজনীৰ সুখ-দুখত আগৰ দৰে অবশ্যে ‘সময়মতে’ লগৰী হোৱাৰ দিনবোৰ হেৰাই গ’ল৷ নিজৰ ৰুমালেৰে আনজনীৰ চকুপানী মুচিব নোৱাৰিলেও বা এজনীৰ চামুচেৰে সিজনীৰ প্লেটৰ পৰা খাব নোৱাৰিলে কি হ’ল, ইণ্টাৰনেটৰ আশীৰ্বাদত আমাৰ সম্বন্ধটো ক্ৰমাৎ বৰ লাহে লাহে হেৰাই যোৱাৰ পৰা ঘূৰি আহিবলৈ ধৰিলে৷

"ঐ গম পালিনে নাই ৰিয়া ছোৱালী এজনী হ'ল নহয়?"
"' হয় নেকি? অলপ আগতীয়া হ’ল নেকি? মই আকৌ দুমাহমান তাইৰ একো খবৰেই ল’ব পৰা নাই অ’৷ সব ঠিকে ঠিকে হৈ গ'লনে?"
"দুসপ্তাহ মানেই হ'ল৷ ক'ত আমাৰ ইয়াত নৰ্মেল হ'ব আৰু, আগৰ দৰেই আকৌ অপাৰেচন কৰিব লগীয়া হ'ল"

পিছত খবৰ লৈ গম পালো ৰিয়াক ডাক্টৰগৰাকীয়ে আগতীয়াকৈ তাৰিখ এটা দি থৈছিল হস্পিটাললৈ আহিবলৈ৷ সেই তাৰিখটো আচল দেলিভাৰী দেটতকৈ দুসপ্তাহ আগত৷ কাৰণ তাৰ পিছত প্ৰায় তিনিসপ্তাহলৈ ডাক্টৰগৰাকী নাথাকে গতিকে অপাৰেচনৰ তাৰিখটোও তেখেতৰ "সুবিধামতে" লোৱা হ'ল৷ শেষৰফালে ৰিয়াইও ডাক্টৰ সলাব নুখুজিলে, এতিয়ালৈকে সকলো ঠিকে থাকিলেও নতুন ডাক্টৰে কিজানি তাইৰ 'কেচ'টো ভালদৰে বুজি নেপায়?

হস্পিটাললৈ অহাৰ সময়ত ৰিয়াৰ হেনো সকলো ঠিকেই আছিল৷ চল্লিশ সপ্তাহৰ হিচাপ এটাৰ পৰা সাধাৰণতে কেইদিনমান ইফাল সিফাল হ'লে বিশেষ একো অসুবিধা নহয় বুলি কয়৷ কিন্তু আগতীয়াকৈ শিশুক জন্ম দিয়াব খুজিলে কেতিয়াবা কিছুমান অসুবিধাও হয় যেনে মাকৰ প্ৰাকৃতিকভাবে প্ৰসববেদনা আৰম্ভ নহ'বও পাৰে৷ আৰু বাহ্যিক ঔষধ প্ৰয়োগৰ দ্বাৰা সময়তকৈ আগতে তেনে অৱস্থালৈ মাকক আনিবলৈ হ'লেও মাকৰ লগতে শিশুৰ অনেক কষ্ট হ'ব পাৰে৷ ৰিয়াৰ ক্ষেত্ৰত প্ৰায় তেনেকুৱাই অৱ্স্থা এটা হ'বৰ উপক্ৰম হৈছিল হেনো৷ পিছে প্ৰাকৃতিক ভাবে মাক আৰু সন্তান দুয়ো প্ৰস্তুত নোহোৱাৰ বাবে তাইক হস্পিটালত অহাৰ পিছতেই অপাৰেচনৰ বাবে সাজু কৰা হ'ল৷ কিন্তু ৰিয়াৰ কথাৰ পৰা এনে লাগিল কোনেও যেন ৰিস্ক ল’ব খোজা নাছিল – অৰ্থাৎ অপাৰেচন কৰাতোহে নৰ্মেল হ’ব বুলি সকলোৰে যেন এটা বিশ্বাত পৰিণত হৈছে৷ কিন্তু কিয়? ভগৱানসৃষ্ট প্ৰাকৃতিকভাবে শিশুৰ জন্মৰ প্ৰক্ৰিয়াটোতনো সমস্যা কিহৰ যদিহে মাক-শিশুৰ কোনো অপ্ৰাকৃতিক-গত দু:শ্চিন্তা বিশেষ একো দেখা নেযায়? সচৰাচৰ শুনা থাইৰয়েদ, ডায়েবেটিচ, অতিৰিক্ত বা লগাতকৈ কম ওজন, কম টোপনিত ভূগা, খাবলৈ বিশেষ মন নোযোৱা, আনকি আইৰণজাতীয় মিনেৰেলৰ অভাৱ ধৰণৰ কোনো সমস্যাই আচলতে তাইৰ এইবাৰ হোৱা নাছিল৷ আনকি প্ৰেচাৰ, শিশুৰ হাৰ্ট-বিটকে ধৰি সকলোবোৰেই হস্পিটেলত ভৰ্তি কৰাৰ সময়লৈকে সম্পূৰ্ণ ঠিকে আছিল৷ হয়তো দুই সপ্তাহৰ ভিতৰত যিকোনো সময়তে যেতিয়াই প্ৰকৃতিয়ে নিৰ্ধাৰণ কৰি দিয়া সময় চমু চাপিলহেঁতেন তেতিয়াই স্বাভাৱিকভাবে শিশুটিয়ে জন্ম লভিলহেঁতেন৷ কিন্তু শিশুটিক কেইদিনমানৰ আগতেই নিমন্ত্ৰণ কৰা হ’ল কাৰণ তেনেকৈয়ে সকলোৰে সুবিধা হ’ল!
ৰিয়াক সুধিলো, সেইটো সিদ্ধান্ত জানো ঠিক আছিল? কাৰণ মোৰ ক্ষুদ্ৰ জ্ঞানেৰে ইয়াকেই ভাবি পাইছিলো যে প্ৰাকৃতিকভাবে জন্ম হোৱা শিশুৰ শৰীৰে জীৱন-যুদ্ধৰ কাৰণে প্ৰথম শিক্ষাটোৱো পায় ইয়াৰ দ্বাৰাই৷ ভাবিছিলো এই প্ৰক্ৰিয়াৰ আৰম্ভণিতে কিছু অসুবিধা দেখা পালেহে অপাৰেচন কৰিব লাগে৷

ৰিয়াৰ প্ৰথম সন্তানো তেনেদৰেই অপাৰেচনৰ যোগেদি জন্ম হোৱা৷ তাই সন্তানধাৰণৰ গোটেই সময়চোৱাত অনেক কিতাপ -পত্ৰ পঢ়িছিল, অনলাইন আলোচনী আৰু কিছুমান ৱেবচাইট যেনে আইভিলেজ ডট কম, বেবীচেন্টাৰ ডট কম আদিৰো নিয়মীয়া পাৰ্চনেলাইজদ নিউজলেটাৰ বিলাক পঢ়িছিল৷ সেইবোৰৰ লিংক ময়ে তাইক দিছিলো৷ মোলৈ এতিয়াও আহি থাকে নিউজলেটাৰবোৰ, ইমানযে অনুপ্ৰেৰণামূলক! বিদেশত অকলে অকলে গোটেই প্ৰক্ৰিয়াটোৰ মাজেদি যাওঁতে এয়াই আছিল মোৰ কিবা জনাৰ উৎস৷ মাহঁত হেজাৰ মাইল দূৰত আছিল – মাই সদায় দুখ কৰিছিল এই সময়ত তোৰ ওচৰত কোনোবা থাকিব লাগিছিল কিন্তু মাক ওলোটাই কওঁ এইফালে এনেকৈয়ে কতই দেখোন কিমান কি কৰা নাই৷ ৰিয়াই যিয়ে যেনেকৈ উপদেশ দিছিল সেইমতেই কৰিছিল৷ কোনোৱে কৈছিল আনাৰস, অমিতা নাখাবা, নাখাইছিল তাই৷ কাফেইনযুক্ত খাদ্য, সীহ থাকিব পৰা কিছুমান বিশেষ চালানী মাছ আৰু সাগৰীয় মাছ সম্পূৰ্ণ বাদ দিছিল গোটেই সময়চোৱাত৷দৈনিক এঘণ্টা খোজ কাঢ়িছিল ৰাতিপুৱাই কলনীৰ ইমূৰৰ পৰা সিমূৰলৈ৷ কাৰণ খোজ কাঢ়িলে হেনো অপাৰেচন কৰিব নেলাগে, অতিৰিক্ত ওজনো নহয়৷ বাৰীৰ পিছফালৰ কচুৱনিৰ পৰা অনা কচুথোৰৰ আঞ্জা সপ্তাহত এদিন খাবলৈ পোৱাতোযে তাইৰ ভাগ্যই বুলিম মই৷ শাহুৱেকে তাইক সদায়েই কৈ আছিল ডাঙৰ বোৱাৰী দুজনীয়ে ঘৰতে হস্পিটালৰ মুখ নেদেখাকৈয়ে কেনেকৈ তিনিটা তিনিটা মুঠ ছটা ল'ৰাৰ জন্ম দিলে৷ ডাঙৰ বোৱাৰীয়েকে হেনো দুই নম্বৰটো জন্ম হোৱাৰ আগদিনা কোঁচত ডেৰবছৰীয়া প্ৰথম ল'ৰাটো বান্ধি ৰাতি ন বজালৈকে ঢেকী দিছিল৷ সেয়ে শেষলৈকে ভালদৰেই গৈছিল৷ আনকি যিদিনা ৰিয়াক লৈ যোৱা হৈছিল হস্পিটালত, কোনো আগতীয়া এপইণ্টমেন্ট নোলোৱাকৈ তেতিয়াও তাই প্ৰায় নিশ্চিত আছিল তাইৰ নৰ্মেল ডেলিভাৰী হ'ব৷ কিন্তু বিধিৰ বিপাক৷ চাৰিঘণ্টালৈকে ৰোৱাৰ পিছতেই বিশেষ অগ্ৰগতি নেদেখি ডাক্টৰে তাইক অপাৰেচন কৰিবলৈ সন্মতি বিচাৰে৷ ডাক্টৰৰ কথামতে নকৰাৰ প্ৰশ্নই নুঠে৷ মনে মনে অলপ বেয়া লাগিছিল যদিও কণমানিজনীৰ আগমনত তাই সকলো পাহৰি গ'ল৷

সেইদিনা ৰিয়াৰ লগত বহুত সময় কথা পাতিলো৷ তাইৰ মেটাৰ্নিটী লীভ আৰু চাৰিমাহমান আছে৷ এই ছুটিবোৰো ঠাইভেদে, কোম্পেনীভেদে অদ্ভূতধৰণৰ যদিও ছুটিৰ কাৰণটো একেই! সিহঁতৰ অয়ল কোম্পেনীত প্ৰায় চাৰে চাৰিমাহ মান পায়৷ মোৰ প্ৰথম সন্তান জন্ম হওঁতে য' আছিলো তাত মাত্ৰ বাৰ সপ্তাহ দিয়ে তাকো বিনা দৰমহাৰ৷ আকৌ কানাডাৰ দৰে দেশত এবছৰ পৰ্যন্ত  মেটাৰ্নিটী লীভ পায়৷ আমাৰ ইয়াত হয়তো প্ৰতি দহগৰাকী চাকৰিয়াল সদ্যমাতৃৰ ভিতৰত নগৰাকীয়েই ভাবে চাকৰি এৰি দিওঁ নেকি বুলি৷ কাৰণ বাখ্যা নিস্প্ৰয়োজন৷ ৰিয়াৰ লগত এতিয়া এগৰাকী কামত সহায় কৰা মহিলা থাকে, তায়েই কেঁচুৱাৰ কাপোৰ কানি ধোৱা, গা ধুওৱা ইত্যাদি কৰে৷ অপাৰেচন কৰা হেতু ৰিয়া এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই৷ এইবাৰ শাহুৱেক লগতে আছে যদিও তেওঁলোকৰ হেনো সত্ৰীয়া কিছুমান নিয়ম আছে কেঁচুৱাৰ জন্মৰ এমাহলৈকে অশৌচ নেকি কিবা নিয়মহেতু তেখেতে এতিয়ালৈকে মাক আৰু কেচুঁৱাক স্পৰ্শ কৰা নাই৷ এমাহ মানৰ পিছত এমুঠি প্ৰসাদ আগ কৰি, ৰিয়াই গা পা ধুই ‘শুচি’ হৈ তেখেতক মান ধৰিলেহে হেনো চুব পাৰিব! কথাষাৰ শুনি হাঁহিমেই নে কান্দিম ধৰিব নোৱাৰিলো৷ তাইৰ প্ৰথম সন্তান জন্মৰ সময়ত তাইৰ মাক লগত আছিল, তেখেতো সত্ৰীয়া পৰিয়ালৰে কিন্তু জীয়েকৰ এনেকুৱাত তেখেতে কোনো নিয়ম মনা নাছিল, বনকৰামানুহো ৰখা নাছিল সেইবাৰ৷ ৰিয়াৰ পতিদেৱ এজন ভাল মানুহ কিন্তু এগৰাকী উচ্চপদস্থ বিষয়া হিচাপে গোটেই পৃথিবী ঘূৰি ফুৰিব লাগে৷ শিশুটিৰ জন্মত দুদিন পিছতেই তেখেতে ক’ৰবাত গ’ল কাইলৈহে আহি পাবহি৷

কেতিয়াবা ভাবো, স্থান-কাল, সমাজ-সংস্কৃতি ভেদে নিয়ম বোৰ বেলেগ বেলেগ কিয় হয় বাৰু? মাতৃত্বৰ অভিজ্ঞতা যাৰ হৈছে, সেই মহিলাসকলে তেওঁলোকৰ এই কঠিনতম মূহুৰ্তত কি বিচাৰে কাক বিচাৰে বাৰু? সন্তানৰ বাবে পিতৃ আৰু মাতৃৰ স্থান একে হোৱা উচিত কিন্তু দেখা যায় মাতৃৰ একচেতীয়া দায়িত্ব হৈ পৰে৷ একেটাই নিয়ম প্ৰকৃতিৰ কিন্তু সমাজভেদে তাৰ লগত মানুহৰ আবেগ আৰু সম্পৰ্কৰ আকাশ-পাতাল বিভেদ! মনত পৰিল মোৰ প্ৰথম সন্তানৰ জন্মৰ কাহিনী৷ শিশুটি আমাৰ কোলালৈ অহাৰ এমাহমানৰ পাছত এখেতৰ বন্ধু এজনক এওঁ ফোনক কোৱা শুনিছিলো, “তহঁতৰে ভাগ্য – ঘৰলৈ নতুন আলহী আহিছে, মিঠাইৰ দোকানলৈ যোৱাৰ বাদে তোৰনো আৰু কি কাম৷ মই কি কি কৰিলো এদিন কম বাৰু” ৷ মিছা নহয়৷ এইখন দেশত কোনোৱেই কাৰোৰে পৰা একো আশা নকৰাকৈ সকলো নিজে নিজেই পৰিচালনা কৰে৷

৩১ ডিচেম্বৰ, ২০০৫ চন৷ আমেৰিকাৰ ভিতৰতে ঠাণ্ডা আটাইতকৈ বেছি পৰা বুলি জনাজাত মিনিয়াপলিচৰ প্ৰচণ্ড শীতৰ সময়৷ বতৰে বাৰুকৈয়ে শিক্ষা দি আছে৷ আমি বছৰৰ শেহৰফালে এটা ঘৰ কিনিছিলো কাৰণ আমাৰ পৰিয়ালত সদস্যবৃদ্ধিৰ সময় সমাগত৷ একত্ৰিশ ডিচেম্বৰৰ দিনা এঘৰত ভাতখোৱাৰ নিমন্ত্ৰণো আছিল কিন্তু নতুনঘৰত বহুতো কাম থকাৰ কাৰণে আমি ভাবিলো মোৰ প্ৰিয় দক্ষিণ-ভাৰতীয় ৰেষ্টুৰেণ্টখনতে নিশাৰ আহাৰ গ্ৰহণ কৰি সোনকালে শুই থাকিমগৈ৷ কিন্তু দূৰ্ভাগ্য যে সেইখন সিদিনা বন্ধ আছিল৷ পিছত শুনিছিলো কৰ্ম-ভিছা নথকা লোকক বেআইনীভাবে তাত নিযুক্তি দিয়াৰ অপৰাধত সেইখনত তলা লাগিল৷ ৩১ তাৰিখ বুলি আন বহুতো দোকান পোহাৰ আনকি ৰেষ্টুৰেণ্টবোৰো সেইদিনা সোনকালেই বন্ধ হৈছিল৷ অথচ মোৰ তীব্ৰ আশা ক’ৰবাত দোচা এখন বা ৰুটি এখন খাবলৈ পোৱা হ’লে! নতুন ঘৰত সেই সৰঞ্জাম নাছিল তেতিয়ালৈকে৷ শেষত শুকান বিস্কুট জাতীয় কিবাকিবি খাই ভাগৰত শুই থাকিলোহি৷ ৰাতিপুৱা ঘৰলৈ ফোন লগালো, নতুন  বছৰৰ শুভেচ্ছা দিবলৈ৷ দেউতাৰ কিডনী দুয়োটা বিকল হোৱাত সেই সময়ত তেখেতে ঘনাই ডায়েলাইছিচ কৰি আছিল৷ দেউতাই মোৰ লগত কথা পাতিবলৈ ইচ্ছা নকৰিলে সেইদিনা৷ দুদিনমানৰ আগতে ভাইটিয়ে জনাইছিল চিকিৎসকে আৰু ডায়েলাইছিচলৈ তেখেতক আনিব নেলাগে বুলিয়েই হেনো কৈ দিছে৷ আমাৰ সেই সময়ত গ্ৰীণ কাৰ্ড হোৱা নাছিল৷ গ্ৰীণ কাৰ্ড নেথাকিলে দেশৰ বাহিৰ হ’বলৈ এখন ট্ৰেভেল ডকুমেণ্ট লাগে সেইখন এক্সপায়াৰ হৈ আছিল বাবে তাৰ বাবে আকৌ আবেদন কৰিছিলোহে, আহি পোৱাই নাই নতুনখন৷ দেউতাৰ এই অৱস্থাত এবাৰ দেখা কৰি আহিবলৈ বৰ মন আছিল কিন্তু মোৰ চিকিৎসকে সেই মূহুৰ্তত বাৰহেজাৰ মাইল উৰাজাহাজেদি ভ্ৰমণ কৰাটো একেবাৰতে না কৰিলে৷ ফলত ভগৱানক ধিয়াই থকাৰ বাবে আন উপায় নাছিল৷ ইতিমধ্যে নতুন ঘৰ লোৱাৰ বাবে প্ৰস্তুতি পুৰাদমে চলি আছিল, সেইবাৰৰ মাঘবিহুটো আমাৰ ঘৰতে পতাৰ বাবে স্থানীয় অসমীয়া পৰিয়ালকেইটিৰ লগত কথাও পাতিলো বোলো বিহুও পাতিম, ঘৰ লোৱাও হ’ব, পৰিয়ালৰ সৰ্বাংগীন মংগলৰ বাবে এমুঠি প্ৰসাদৰো আয়োজন কৰিম৷
জানুৱাৰীৰ সাত তাৰিখ, ২০০৬ চন৷ ৰাতিপুৱা মুখ হাত ধুই উঠোতেই ঘৰৰ পৰা ভিনিদেউৱে এওঁলৈ ফোন কৰিলে৷ সকলো মায়া মোহৰ অন্ত পেলাই দেউতাই আমাক এৰি থৈ গ’ল সেইদিনা ভাৰতীয় আবেলি চাৰি বজাৰ সময়ত৷

পৰিয়ালৰ প্ৰিয়জনক হেৰুৱাৰ বেদনা যাৰ হৈছে নুবুজালেও হ’ব সেয়া কেনে এক পৰিস্থিতি আছিল৷ ছমহীয়া জীৱন এটি দেহত আবুৰি লৈ তেনে পৰিস্থিতিতো যাতে ভাগি নপৰো, যি গ’ল গ’লেই, আহিব ধৰাজনৰ কি দোষ জাতীয় মনোভাবেৰে দেউতাৰ খবৰ পোৱাৰ পিছদিনাই অফিচলৈও গ’লো কিজানি কামৰ মাজত ডুব গৈ থাকিলে পাহৰিয়েই থাকো৷ কাৰণ ঘৰত কোনোবাও নাই যে এষাৰ সান্তনাৰ বাণী শুনিম, এবাৰ মাৰ ওচৰলৈ যাবৰ বাবে মনটো কান্দিয়েই আছিল কিন্তু সেয়া আছিল অসম্ভৱ৷
কিবা এটা অজান কাৰণত নে দুখতেই নাজানো দেউতা ঢুকোৱাৰ খবৰ পোৱাৰ দিন ধৰি মোৰ ভালকৈ ৰাতি টোপনি অহা নাছিল৷ দুপৰীয়া এঘূমটি মৰাৰ প্ৰশ্নই নাছিল, অফিচতে দিনটো কটাবলগীয়া হোৱাৰ বাবে৷ চিকিৎসকক কথাটো কওঁতে তেখেতে বুজালে টোপনি অহাটো সেইসময়ত কিমান জৰুৰী – যিকোনো উপায়েৰেই হওক৷ আনকি তেখেতে শ্লিপিং টেবলেট কিছুমানো লিখি দিলে৷ পেছাত চিকিৎসক মোৰ অসমীয়া বান্ধবী কেইগৰাকীমানে কিন্তু কথাটো শুনিয়েই সেই দৰব নেখাবলৈ দঢ়াই দঢ়াই ক’লে৷ ফলত দৰব নেখালো যদিও ক্ৰমে টোপনি অহা হ’ল অলপ অলপ দুই এঘণ্টামান ৰাতি, হয়তো লাহে লাহে পৰিস্থিতিৰ লগত খাপ খাবলৈ কৰা অহৰহ প্ৰচেষ্টাই কিছু কামত দিছিল৷ বিচনাত টোপনি একেবাৰে নাহে বাবে মাজে মাজে ড্ৰয়িংৰূমৰ চোফাতে কলমটিয়াবলৈ চেষ্টা কৰিছিলো৷
দেউতাৰ খবৰটো পোৱাৰ পৰা চাওঁতে চাওঁতে প্ৰায় ডেৰমাহ পাৰ হ’ল৷ বহুত খিনি সহজ হৈছিলোগৈ তেতিয়ালৈ৷ বৃহস্পতিবাৰ আছিল সিদিনা৷ গোটেই ৰাতি চোফাতে পৰি আছিলো৷ ৰাতি ভালদৰে টোপনি হোৱা নাছিল কিয় নাজানো৷ কিবা এটা অশান্তিৰে যেন মনটো আমনি কৰি আছিল৷ দেউতালৈ মনত পৰি তেতিয়াও মাজে মাজে ৰাতি মনে মনে উচুপি থকাটো মোৰ নিত্য-নৈমত্তিক ঘটনা হৈ পৰিছিল৷ আৰু তেনে কৰিলেই প্ৰায়েই টোপনি ভালদৰে নহয়৷ কাহিলীপুৱাতে এক অনাকাংখিত কাৰণত হস্পিটাললৈ ফোন কৰিব লগীয়া হ’ল৷ কিবা বুজি পোৱাৰ আগেয়েই হস্পিটেল কৰ্তৃপক্ষই লক্ষণবোৰ শুনি ততালিকে মাতি পঠিয়ালে৷ আচল তাৰিখটোলৈ তেতিয়াও ছয় সপ্তাহৰো বেছি সময় বাকী গতিকে ভাবিছিলো হয়তো অলপ পৰীক্ষা কৰি ঘৰলৈ পঠাই দিব৷ ৰাষ্টাৰ পৰাই অফিচৰ বচলৈ ফোন কৰিলো, মোৰ ডাইৰেক্টৰ গৰাকী আছিল দুটা চফল ডেকাৰ এগৰাকী সফল মাতৃ৷ লক্ষণবোৰ সোধাত ক’লো৷ তেখেতে কিবা বুজিলে বোধহয়৷ লগে লগেই চিন্তা কৰিবলৈ মানা কৰি ইতিমধ্যে মোৰ কামবোৰ টীমৰ বাকীবোৰক ভগাই দিয়াৰ আশ্বাস দিলে৷ তাৰ পিছৰ সপ্তাহত হস্পিটেলত নতুন পেৰেণ্টচৰ বাবে থকা ক্লাচ এটা বুক কৰি থৈছিলো কিন্তু সেয়া ল’বলৈকে নহ’ল৷ আহি পোৱাৰ লগে লগে হস্পিটেলত মোক এডমিটেই কৰি দিলে, লৰচৰ কৰিব নোৱাৰাকৈ একেখন বেডত পৰি থাকিলো চাৰিদিন৷ এই চাৰিদিনৰ প্ৰতিটো ক্ষণেই গোটেই জীৱনলৈ মনত থাকিব৷ নানান ইঞ্জেকচন, দৰব আদিৰ মেৰপাকত সোমাই থাকি, এফালে চেলাইন আৰু আনফালে কেথাটাৰৰ মাজত আবদ্ধ হৈ কটালো দিনকেইটা৷ পানী আৰু লঘূ ফলৰ ৰসৰ বাদে আন একো খাবলৈ নিদিছিল৷ দিন ৰাতি একাকাৰ কৰি মাথো চাই থাকো বেবীৰ হাৰ্টবীট মনিটৰটোলৈ চকুৰ পতা নজপোৱাকৈ৷ তৃতীয়দিনালৈকে কোনো বাহ্যিক দৰব আৰু কৌশলেও আনিব পৰা নাছিল প্ৰাকৃতিক বেদনা৷ তথাপিও চিকিৎসকসকলে এৰি দিয়া নাছিল চিজাৰিয়ান নকৰে বোলে, নৰ্মেল ডেলিভাৰীয়েই কৰাব৷ তৃতীয়দিনালৈ শিশুৰ হাৰ্টবীট মাজে মাজে কমি একেবাৰে নোহোৱা হৈ যায় আকৌ উঠি আহে, আকৌ নামে, শূণ্য হৈ যায় আকৌ উঠে... মণিটৰত গ্ৰাফডালৰ তেনেকুৱা অৱস্থা আৰু বীটবোৰৰ কম্পনাংকৰ তাৰতম্যবোৰ দেখি পাগলৰ দৰে হৈ পৰিছিলো৷ মাজৰাতি নাৰ্চ আৰু ডাক্টৰে আহি চাই গ’ল বাৰে বাৰে৷ তেওঁলোকে আচলতে লেবাৰৰূমৰ বাহিৰত সকলো সময়তে কম্পিউটাৰত চাই থাকে৷ এবাৰ নাৰ্চ এগৰাকী আহি চহী এটা লৈ গ’ল আৰু ক’লে যে অপাৰেচনৰ বাবে যিকোনো সময়তে সাজু হৈ থাকিবলৈ৷ ভগৱানক প্ৰাৰ্থনা কৰাৰ বাদে আন উপায় নাছিল...এগৰাকী নাৰ্চ তেতিয়ালৈ মোৰ বান্ধবীৰ দৰে হৈ পৰিছিল, তেওঁ এপাকত কৈ গ’ল যে অপাৰেচন কৰিলে খৰচটো বেছি হয় আৰু বীমা পলিচী প্ৰভাইডাৰে অনেক প্ৰশ্ন কৰে কিয় অপাৰেচন কৰিব লগীয়া হ’ল, প্ৰকৃতাৰ্থত বীমা কোম্পেনীয়ে অতিৰিক্ত খৰচ বহন কৰিব নোখোজে আৰু কৈফিয়ৎ বিচাৰে৷ সেয়ে হস্পিটেলত তেওঁলোকে যিমানদূৰ সম্ভব নৰ্মেল ডেলিভাৰীয়েই কৰায় লাগিলে মাক-কেঁচুৱাৰ অলপ অসুবিধাই হওক উপায় নাই৷ এই সকলো উৎকণ্ঠা আৰু ভাগৰৰ মাজেদি দেওবাৰৰ দিনা দুপৰীয়া চাৰে বাৰ বজাত এটি সৰু দেৱশিশুৱে জনম লভি মোৰ কোলাত কান্দিলেহি, অপাৰেচন নোহোৱাকৈ সকলোখিনি সুকলমে হৈ গ’ল যদিও অপৈণত শৰীৰৰ কণমানি দেহাটিক বহুতো পৰীক্ষা নিৰীক্ষা কৰিব লগীয়া হ’ল সময়ৰ বহুত আগতেই আহি পোৱাৰ বাবে৷ সকলো সময়তে শুই থকা কণমানিজনীক এডাল ড্ৰপাৰেৰে এটোপ দুটোপকৈ খাবলৈ দিছিলো প্ৰায় দুসপ্তাহলৈকে৷ তাৰ পিছৰ পৰা এইখিনি আজি কেনেকৈ আহি পাইছো সেয়াও অন্য দীঘলীয়া কাহিনী৷ এই গোটেই সময়চোৱাত লগত আছিল মোৰ সন্তানৰ দেউতাকজন৷ আনকি ডেলিভাৰীৰ সময়ত এগৰাকী নাৰ্চৰ দৰেই সমানেই কাম কৰিছিল তেখেতে লেবাৰ ৰূমত৷ ডাক্টৰে তেওঁলৈ কেঁচীখন আগবঢ়াই দিওঁতে আমি দুয়ো আচৰিত হৈছিলো, কি কৰিব লাগিব এতিয়া বুলি৷ কেচুঁৱাৰ জন্মৰ পিছতে মাতৃৰ সৈতে সংযোগ থকা নাড়ীডাল হেনো বাপেকবোৰে কটাটো নিয়ম! মিনিয়াপলিচৰ মাইনাচ চল্লিশ ডিগ্ৰী ফাৰেনহাইটৰ আবেলি তেখেত ওলাই গ’ল অলপ খাদ্য আনিবলৈ, গাড়ীত তেল ভৰাবলৈ, ঘৰখন অলপ চাফ-চিকুণ কৰি আহিবলৈ৷ চাৰিদিন তেওঁৱো বিশেষ একো খোৱা নাছিল৷ ওচৰৰ অসমীয়া পৰিয়ালকেইটাকো খবৰ দিয়া হোৱা নাছিল এই ঠাণ্ডাত কেনেকৈনো ওলাই আহিব বুলি৷   
ৰিয়াই যেতিয়া কৈছিল তাইৰ জীৱনৰ কঠিন সময়চোৱাত তাইৰ মানুহজনেই লগত দুয়োবাৰ নাছিল দুখ লাগিছিল তাইলৈ৷ নিজৰ মানুহজন সকলো সময়তে থকাটো কিমানযে প্ৰয়োজন৷ আমাৰ চিকিৎসকে কিন্তু সদায়েই প্ৰথমটো চেক-আপৰ পৰাই এখেতক লগত আহিবলৈ কৈছিল৷ আনকি মাজৰ সময়চোৱাত নিয়মীয়া চেক-আপৰ বাবে গ’লে মই অকলে যাব খুজিলেও ডাক্টৰৰ গালি খোৱাৰ ভয়তে এখেতেও গৈছিল প্ৰতিবাৰেই৷ মোক যিমান উপদেশ দিছিল তাতকৈ বেছি পাঠ পঢ়াইছিল তেখেতকহে৷ তেওঁলোকৰ মতে পিতৃয়েও বুজি পোৱা উচিত কি পৰিবৰ্তনৰ মাজেদি মাতৃগৰাকীয়ে গৈ আছে, সন্তান জন্মহোৱাৰ প্ৰক্ৰিয়াটো হেনো কেৱল মাতৃৰে দায়িত্ব নহয়, প্ৰতিটো মূহুৰ্তৰ অভিজ্ঞতাৰে সৈতে জীয়া সম্বন্ধ এটি গঢ় দিবলৈ হ’লে পিতৃয়েও সমান দায়িত্ব পালন কৰিবই লাগিব৷
তেতিয়া মোৰ চাকৰিটো প্ৰায় নতুন আছিল৷ নতুন কোম্পেনীৰ গ্ৰূপ বীমা পলিচীটো লোৱাও এবছৰ হোৱা নাছিল বাবে কিছুমান সুবিধা পোৱা নাছিলো, তেনেকুৱা হ’লে ‘কব্ৰা’ত যোৱা বুলি কয় ইয়াত৷ কব্ৰাত গ’লে বীমা পলিচীটো একে থাকে কিন্তু প্ৰিমিয়াম সম্পূৰ্ণ নিজৰ পকেটৰ পৰা যায়৷  প্ৰায় এসপ্তাহ হস্পিটেলত থকাৰ বাবে খৰচো বহুত হৈছিল আৰু ইঞ্চিউৰেন্সে সিংহভাগেই আদায় দিয়া নাছিল৷ ছুটি পাইছিলো যদিও সেইসময়খিনিত দৰমহা পোৱা নাছিলো৷ সেয়েহে বাৰসপ্তাহৰ সৰ্বাধিক ছুটিকণ উপভোগ কৰি অফিচত জইন কৰিছিলো অনতিপলমেই যাতে বীমা পলিচীটো নিয়মীয়া হয় আৰু চাকৰিটোও অক্ষুণ্ণ থাকে৷ বাৰসপ্তাহৰ পিছতেই কণমানিজনীক অফিচৰ ওচৰত এখন ডে’কেয়াৰত থৈ যাওঁ দিনতীয়াকৈ৷ উপায়ো নাছিল৷ এনেদৰেই নানান সমস্যাৰ মাজেদিয়েই তাই ডাঙৰ হৈ আহিছিল, তাইৰ মুখলৈ চাই প্ৰতিটো দিনেই ভাবো চাকৰিটো এৰি দিওঁ নেকি বুলি৷ তাইৰ প্ৰতি এক অন্যায় কৰাৰ অপৰাধত জ্বলি পুৰি মৰিছিলো দৈনিক কিন্তু বেয়াদিনবোৰ ইতিমধ্যেই পাৰ হৈ গ’ল জাতীয় সান্তনাবাণী যেন কাণত বাজি থাকিছিল অনবৰতে৷
ৰীমাৰ লগত তাইৰ শহুৰ শাহু প্ৰথমৰ পৰাই আছে বাবে তাইৰ আহুকাল একো হোৱা নাছিল৷ ৰিয়ালৈহে দুখ লাগে৷ তাইৰ একমাত্ৰ বায়েকৰ কঠিন সময়চোৱাত হেনো আকৌ ভিনিয়েকে ঘৰত থাকিও একো কৰা নাছিল, কাৰণ সেইটোৱেই হেনো আছিল নিয়ম৷ কেকোজেকোকৈ অনেক কষ্টৰ মাজতো বায়েকেই গোটেইখিনি চম্ভালিছিল প্ৰথম এসপ্তাহলৈকে৷ তাৰ পিছত কিবাকৈ ছুটি অলপ ঠিক কৰি ৰিয়া গৈছিল সহায়ৰ হাত আগবঢ়াবলৈ৷ প্ৰায় তিনিসপ্তাহমান থাকি সহায় কৰিবলৈ মানুহ এগৰাকী ঠিক কৰি দি গুচি আহিছিল৷ আগৰ দিনত, মাহঁতৰ দিনত আৰু তাতোকৈয়ো আগতে তিৰোতাসকলৰ আৰুৱেই ভয়ানক দিন আছিল৷ মাই কোৱামতে, সেই সময়ত ঘৰৰ মতামানুহবোৰ ঘৰৰ পৰা ওলাই যায়, চাব নেপায় বুলি৷ আৰু মাক হ’বলৈ লোৱা তিৰোতাগৰাকীক ৰছী এদাল খুটা এটাত ওপৰৰ ফালে বান্ধি দি টানি থাকিবলৈ দিয়া হয়, যাতে কষ্টখিনি সহ্য কৰিব পাৰে৷ সময় সমাগত হ’লে আন তিৰোতাকেইগৰাকীমান আহি সহায় কৰেহি ‘কামখিনি’ শেষ কৰাত৷ সেয়া পুৰণিদিনৰ কথা৷ কিন্তু এতিয়া বিজ্ঞানৰ যুগ৷ সন্তান জন্ম দিবলৈ মাতৃসকল চিকিৎসালয়লৈ ঠিকেই দৌৰিছে বা তেওঁলোকক দৌৰাোৱা হৈছে কিন্তু বেছিভাগ ক্ষেত্ৰতে দেখা যায় আমাৰ সমাজত পিতৃৰ ভূমিকাৰ বিশেষ পৰিবৰ্তন হোৱা নাই৷ আচৰিত লাগে, যিখিনি গুৰুত্বপূৰ্ণ সময়ত পিতৃৰ দায়িত্ব আটাইতকৈ বেছি হোৱাৰ আবশ্যক সেই সময়খিনিতে তেওঁলোক আঁতৰি থাকে৷ সমাজেও বুজিবৰ হ’ল, চিকিৎসকসকলেও বুজাবৰ হ’ল৷ সকলোকে কোৱা নাই কিন্তু আশাকৰো ৰিয়াৰ নিচিনা হেজাৰজনী মাতৃৰ দায়িত্ব আৰু মনৰ বাতৰি ল’বলৈ ব্যস্ত বা আন অজুহাতত আঁতৰি থকা পতিসকলে এদিন ইয়াৰ গুৰুত্ব বুজিব৷ আশাইতো জীৱনৰ সঞ্জীবনী সুধা৷ জীৱনৰ অন্য এটি নাম৷

oooooo

Monday, March 3, 2014

স্বস্তি

স্বস্তি -  চুটি গল্প
++++++++++++++++
বৰুৱাই কোঠাটোৰ ভিতৰতে পায়চাৰি কৰি থাকিল৷ এবাৰ বিচনাখনত বহে, আকৌ উঠে৷ হিচাপ নাই কিমানবাৰ তেওঁৰ পঢ়ামেজখনত পৰি থকা সৰু কিতাপখনৰ পাত লুটিয়ালে৷ মাজতে বৰুৱানীৰ আলমাৰিটো খুলি চালে, এনেয়ে৷ খোলোতে কেৰেককৈ শব্দ হোৱাত অলপ সজাগ হ'ল তেওঁ, কিজানি কোনোবাই দেখা পাই যায়! ঘৰৰ চোতালত আৰু বাকী কোঠাবোৰত মানুহে অহাযোৱা কৰি আছে৷ বৰুৱানীক বাদ দি ঘৰৰ বাকীবোৰে আৰু ৰাইজে হয়তো এই সময়ত তেওঁৰ উপস্থিতি কামনা নকৰিবও পাৰে কি ঠিক৷ সমাজখন যিহে৷ কেইদিনমানৰ আগতে যি ঘটনা ঘটিল ঘৰখনত তাৰবাবে জগৰীয়া যিহেতু তেৱেঁই৷ কোঠাটোত বৰ্তমান আন কোনো নাই৷ ওলাই যাম বুলি হাজাৰবাৰ ভাবিও তেওঁ বিশেষ কাৰণত আবদ্ধ হৈ থাকিব লগীয়াত পৰিছে৷

বৰুৱানীৰ আলমাৰিৰ ভিতৰত তেওঁৰ ডাড়িখুৰোৱা সৰু আইনাখন আকৌ কেনেকৈ সোমালহি? এইবাৰ এনেই আইনাখন তুলি ল'লে তেওঁ - প্ৰায় ষাঠিবছৰ গৰকা মানুহজনক বাৰু জীৱনযুদ্ধত ভাগৰুৱা যেন লাগেনে মুখখন চালে? নাই তেনেকুৱা একো নাই, আইনাত একোৱেই নেদেখিলে তেওঁ৷

কেৰেককৈ সৰু শব্দ এটা আকৌ হ'ল, আলমাৰিটো বন্ধ কৰি দিলে৷

পুনৰ মেজৰ ওপৰত থকা কিতাপখন তুলি ল'লে এইবাৰ৷ বেয়া হোৱা নাই, ই বুবুলে সৰুকৈ যদিও ভালেই উলিয়াইছে কিতাপখন৷ বুবুল ল'ৰাটো ভাল, তাক লৈ তেওঁৰ চিন্তা নাই তেনেকৈ৷ কিন্তু ডাঙৰ ল'ৰা ৰুবুল? সি পঞ্চমমানত থাকোতেই মৰমৰ আইতাকজনী ঢুকোৱাৰ পৰাই নাস্তিক হৈ পৰিল সি৷ কিযে হ'ব ল'ৰাটোৰ৷নামঘৰলৈ নেযায়৷ ধূপ ডালো নজলায় কেতিয়াও৷ বোলে ধৰ্ম কৰি কি হ'ব? ভগৱান আছে যদি আইতাক ইমান কষ্ট কিয় দিলে? সৰুমাহীৰ গাত কি দোষ আছিল, মহাই মাহীৰ মৃত্যুৰ এবছৰ নহওঁতেই কিয় বিয়া পাতিলে, ভগৱানে তেতিয়া নাক বজাই শুই আছিল নেকি? দেউতাই কথাই কথাই কৃষ্ণ কৃষ্ণ কৰাৰ ফলত লাভ কিনো হৈছে ঘৰখনৰ৷ ইত্যাদি ইত্যাদি৷ চুলিয়ে ডাড়িয়ে চেহেৰাও তাৰ যিটোহে হৈছে পাই৷

সিটো কোঠাত ৰাইজৰ মাত ক্ৰমে কোঢ়াললৈ পৰিবৰ্তন হোৱা যেন লাগিছে৷ তেওঁ ইয়াতে লুকাই আছে বুলি গম পাইছে নেকি বাৰু ৰাইজে? আলমাৰিটোৰ কাষতে কুচিমুচি লুকাবলৈ চেষ্টা কৰিলে, তাৰ পৰা বাহিৰৰ কথাবোৰো প্ৰায় ভালদৰেই শুনিবলৈ পায়৷ কিতাপখন হাততে থাকিল, অন্ততঃ আমনি নেলাগিব এতিয়া, ভালকৈ পঢ়াই নাই এতিয়াও৷

ৰাইজে কিবা এটা কথা বুবুল আৰু ৰুবুলক বৰ জোৰ দি কৈ আছে৷ বুবুলে কিবা অনুনয় বিনয় কৰি থকা যেন লাগিল৷ ঘৰখনলৈ আৰু অমংগল চপাবলৈ তেওঁৰ মন নাই কিন্তু তেওঁযে অবৰূদ্ধ আৰু বৰ নিৰুপায় এতিয়া! বৰুৱানী বোধহয় বেলেগ কোঠাত আছে৷ এইবাৰ কোনোবা অহাযেন পাই অলপ সন্ত্ৰষ্ট হ'ল বৰুৱা৷ ৰুবুল তেওঁ থকা কোঠাটোলৈ আহিল খৰখোজেৰে, পিছে পিছে বুবুল৷ বুবুলে কোঠাত সোমায়েই দুৱাৰখন জপাই দিলে৷ তেওঁ থকা ফালে সিহঁতে চোৱাই নাই, গতিকে দেখাৰ প্ৰশ্নই নুঠে৷ জপৰাচুলিয়া ৰুবুলটোৰ এই কেকটাচৰ নিচিনা হেয়াৰস্টাইলটোৱে কেইদিনমানৰ পৰা তেওঁক বৰ বেছি আমনি কৰিছে দেখোন, কিবা ভাল নেলাগে৷ আগতেও ঘৰৰ সকলোৱে কিমানবাৰ যে ক'লে বোপাই চুলিবোৰ ঠিয় ঠিয়কৈ নেৰাখিবি চোন, কেটেলাপহু নে ভুচুংপহু ধৰিবই নোৱাৰি৷ সি নেমানে৷ বুবুলে কিবা বুজাইছে ককায়েকক৷ একোবত ৰুবুলে কোৱা যেন পালে, "হ'ব দে ঠিক আছে৷তহঁতে সকলোৱে বিচাৰিছ যেতিয়া...."

ভায়েকে কান্ধত লৈ থকা গামোচাখনকে নিজৰ গাত মেৰিয়াই লৈ ৰুবুল কোঠাটোৰ পৰা ওলাই গ'ল৷ বৰুৱাই শুনিলে সি কোৱা- "ৰাইজ দায়দোষ নধৰি ভাতমুঠি ধৰিব আৰু, চুলিখিনি এতিয়াই খুৰাই পেলাম আৰু আপোনালোকে যি কয় তাকেই কৰিম...."৷

কোঠাটোৰ পৰা ওলাই যাব খুজিও সৰু শব্দ এটা শুনি টকলামূৰীয়া বুবুল ৰৈ গ'ল৷ আলমাৰিটোৰ চুকত স্মৰণিকাখন যেন এইমাত্ৰ পৰি গৈছে, সেইখন আকৌ তালৈ গ'ল কেনেকৈ? এচাটি চেঁচা বতাহে দুৱাৰৰ পৰ্দাখনৰ লগতে তাৰো খালি গাটো যেন হঠাতে জোকাৰি গ'ল৷.... +++++++
৩/৩/২০১৪৷

Sunday, January 19, 2014

ভগৱান এটি অনুভূতিৰ নাম

ভগৱান এটি অনুভূতিৰ নাম
~~~~~~~~~~~~~~~~

আপোন কোনোবাজন যেতিয়া হেৰাই যায়
বা‍ঞ্ছিত ন্যায়প্ৰাপ্তিৰ পৰা বঞ্চিতা হৈ
সেই অনুভূতি হেৰুৱায় একোটি অভিমানী মনে।

ভগৱান এটি অনুভূতিৰ নাম

উজাগৰী নিশা হয়তো পুনৰ স্বৰ্গীয় ৰূপ লয়
শুই থকা নিষ্পাপ মুখনি একোখনিৰ আলম লৈ
সপোন আঁকোৱালি যেতিয়া পূজে এটি মাতৃমনে।


ভগৱান কোনো বিতৰ্কৰ মাধ্যম নহয়


বিচাৰিলে আছে, নিবিচাৰিলে নাই 
বিশ্বাসৰ ভেজাত উদিত এটি অনুভূতি
যি নামেৰে যেনেকৈ মাতে যাৰ জীৱনে৷

Thursday, January 9, 2014

পানীটেঙা

পানীটেঙা

--------
অমুকীৰ বিনম্ৰ অনুমান (আচলতে আৱিষ্কাৰেই সৰু-সুৰা) যে টেঙাৰ নাম শুনিলেই মুখলৈ পানী অহাসকলৰ অন্যতম প্ৰিয় খাদ্য পানীটেঙা পাৰে!  আৰু যদি নহয় তেওঁলোকে হয়তো পানীটেঙা  খায়েই পোৱা নাই আৰু জীৱনত কি হেৰুৱাইছে বুজিয়েই পোৱা নাই কিজানি! এইবিধ টেঙা কেৱল বজাৰতেই নহয় জুতি লগাই খাবৰ মন থাকিলে বিশেষ কষ্ট নকৰাকৈ ঘৰতে তৈয়াৰ কৰি ল’ব পাৰি৷ অলপতে মৰমৰ  মাতৃদেৱীয়ে শিকাই থৈ যোৱা এটি সাধাৰণ তত্বৰ প্ৰয়োগ কৰি দুবাৰকৈ পানীটেঙা প্ৰস্তুত কৰি অমুকীয়ে জিভা-ধন্য কৰিছো৷ প্ৰথমবাৰতকৈ দ্বিতীয়বাৰ আৰুয়েই বেছি গদগদ হোৱাৰ পিছত ৰাইজক জনোৱাৰ সাহস কৰিছো৷ এই বিধিমতে তৈয়াৰ কৰি খাই ভাল পাবই, তথাপিও বেয়া পালে অমুকীলৈ নমুনা পঠাই দিব, বিনামূলীয়া গূণগত পৰীক্ষাসহ ফেচবুকত “তামাম” বুলি লিখি ফটো ওলমাই ধন্যবাদ দিয়া হ’ব৷

এতিয়া আহোঁ তত্বগধুৰ মূল কথাখিনিলৈ –
১) ঘৰত সৰিয়হৰ গুটি আছেনে? ক’লাবিধ হ’লে ভাল নাইবা ক’লা – বগা দুয়োবিধেই মিহলাই ল’ব পাৰে৷ এবাতিমান ধুই তিয়াই থওক কেইঘণ্টামান৷ মুখৰ পানী ৰখাব নোৱাৰা সকলে ধুই নথ’লেও হ’ব কেৱল পিছোতে বেছি সময় লাগিব৷
২) ঘৰত টেঙা কি আছে? তেতেলি আছে যদি কথাই নাই৷ গুটি গুছাই লওক কেইটামান ঠেতেলিয়াই৷ নহ’লে থেকেৰা (শুকান হ’লে তিয়াই থওক কেইঘণ্টামান) বা টেঙাআম ও ল’ব পাৰি৷ মোৰ দখলত ইয়াৰে এবিধো নথকাত গোলনেমুৰ ৰসকে উলিয়াই লৈছিলো৷ কামটো কিমান নিষ্ঠাৰে কৰা হয় সেইটোহে আচল কথা বুলি ভাবো৷
৩) ভালদৰে সৰিয়হখিনি, টেঙাখিনি আৰু কেঁচা জলকীয়া কেইটামান একেলগে মিলাই পটাত বা “ব্লেণ্ডাৰ”ত মিহিকৈ পিছক৷ পাকঘৰলৈ কোনোবা সোমাই আহি যদি তেতিয়া কয়ঃ “ওহ নাকত ধৰি গৈছে কি কৰি আছ?” তাৰ মানে অমৃতবিধ গুণগত পৰীক্ষাত প্ৰায় উত্তীৰ্ণ হৈয়ে গ’ল বুলি ধৰিব পাৰে৷
৪) মিশ্ৰণখিনি নিমখ সোৱাদ অনুসাৰে মিহলাই কলপাতত মেৰিয়াই বান্ধি এদিন বা দুদিন থৈ দিয়ক৷ কলপাতখন খাবৰ বাবে নহয় গতিকে পাত নেথাকিলে শুকান পাত্ৰ এটাত ঢাকি থ’লেও হ’ব৷ কলপাতৰ পৰা লৈ খোৱাৰ মজাটো অলপ বেলেগ যেনিবা৷ এতিয়া ভাতৰ লগত অলপ অলপ কাঁহীৰ দাঁতিত লৈ পৰিবেশন কৰক৷
চাব আকৌ তৈয়াৰ কৰোতে যদি অলপো পানী মিহলি হৈছিল, মিশ্ৰণটো তিতা হৈ যাব পাৰে৷ তেতিয়া ঘৰত যদি সৰিয়হৰ শুকান গুড়ি আছে মিহলাই এদিন বা দুদিন থৈ দিলে তিতাভাৱটো নোহোৱা হ’ব লাগে৷
খাই কেনে পালে কষ্ট কৰি জনাব নেলাগে বাৰু, দয়াকৰি অলপ নমুনা পঠাই দিলে নিজেই জানিব পাৰিম৷
বিঃ দ্ৰঃ – পানীটেঙাৰ আচল প্ৰস্তুত-প্ৰণালী ইয়াতকৈ অলপ বেলেগ হ’ব পাৰে কিন্তু এই তত্ত্বই জিভাক নিৰাশ নকৰে বুলি বিশ্বাস৷

ধন্যবাদ৷

Wednesday, October 2, 2013


এটি সৰু অনুভৱ---
===========
ভাদ মাহ প্ৰতিবছৰেই আহে, সৰুৰে পৰাই ভাদমাহত ঢেকীয়াখোৱা বৰনামঘৰলৈ গৈ শৰাই আগবঢ়োৱাৰ কথা মনত পৰে.....বছৰত দুই-তিনিবাৰ নামঘৰলৈ যোৱাটো একপ্ৰকাৰৰ পৰম্পৰাই আছিল আমাৰ পৰিয়ালত৷ কিন্তু বিভিন্ন এৰাবনোৱাৰা কাৰণত সেয়া পিছলৈ সেৰেঙা হৈ আহিছিল৷ আৰু যোৱা এটা দশকত এবাৰো যোৱাৰ সুবিধা কৰিব পৰা নাই, কিন্তু ভাদমাহ বুলিলেই বা কোনো সকাম-নিকামৰ বিষয়ে শুনিলেই যেন বৰকাঁহৰ খৰ চাপৰ কেইটা, খোল-নাগেৰাৰ চেও আৰু নামগোৱাৰ পবিত্ৰ স্মৃতিয়ে বৰকৈ আমনি কৰে৷ অলপদিনৰ আগলৈকে এৰি অহা ঘৰখনিৰ পৰা হেজাৰ মাইল দূৰৈত থাকি ভবা নাছিলো কেতিয়াবা জানো সঁচাকৈয়ে নামগোৱা এভাগি আকৌ দেখিবলৈ পাম? কাতিবিহু, দেউতাৰ শ্ৰাদ্ধ বা ইহঁতৰ জন্মদিনত প্ৰসাদ এমুঠি আগবঢ়াই আহিছো প্ৰতিবছৰে

ই কিন্তু নামগোৱাৰ বাবেযে প্ৰয়োজন ভকত আৰু খোল-তাল বজাব জনা এটি দলৰ! নাম-কীৰ্তনৰ অভাৱ বৰকৈ অনুভৱ কৰি থাকোতেই এদিন নিমন্ত্ৰণ পালো ওচৰৰ এঘৰত নামগোৱা পাতিছে বুলি! মনটো ভাল লাগি গ'ল কিন্তু একে সময়তে আচৰিতো হৈছিলো, নাম গাব কোনে? ভকত আছে জানো এই বিদেশত? আৰু বাদ্যবোৰ একা? অৱশেষত সকলো কৌতূহলৰ অন্ত পৰাই নহয় প্ৰায় পঞ্চাশজন লোকৰ এজন হৈ পবিত্ৰ মনেৰে নামগোৱাতো অংশ ল'লো৷ মুখ্য ভকত আছিল অসমৰে এক সুযোগ্য সন্তান, শুৱালকুচিৰ পৰা আহি স্টেনফৰ্ড বিশ্ববিদ্যালয়ত ষ্টেমচেলৰ ওপৰত গৱেষণা কৰি বিখ্যাত হোৱা চিকিৎসক-বৈজ্ঞানিক ড০ বিকুল দাস৷ তেখেতৰ নিজা বৰকাঁহ এযুৰিৰ লগতে কীৰ্তন-ঘোষা আদিৰে সৈতে এটি বাকচো আছে, বহুত দিনৰ মূৰত এনে ভক্তিভাৱেৰে নাম-কীৰ্তনৰ সোৱাদ ল'বলৈ পাই নিজকে ধন্য মানিছিলো সেইদিনা৷ কীৰ্তন আৰু বৰকাঁহৰ তালে তালে হাতচাপৰি, নাগেৰা আৰু খোলৰ শব্দত পাহৰি গৈছিলো ক'ত আছো, এক পবিত্ৰ অনুভূতিয়ে সকলো ৰাইজক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল ঘণ্টা ঘণ্টা ধৰি৷ ইয়াৰ পিছতে অনুপ্ৰাণিত হৈ আমাৰ নিজা ঘৰতো নামগোৱা এভাগিৰ আয়োজন কৰিবলৈ সাহস কৰিলো আগষ্টৰ শেহৰ ফালে এদিন দুপৰীয়া৷ একেখিনি লোকেই আমাৰ ঘৰতো আন্তৰিকতাৰে নাম গালে, খুব ভাল লাগিছিল সেইদিনা৷ মুখ্য ভকতো আছিল তেখেতেই৷ কেৱল সেয়ে নহয়, ইয়াৰ পিছতেই যোৱা চেপ্তেম্বৰৰ চৈধ্য তাৰিখে ড০ দাসৰ তাগিদাত আৰু নেতৃত্বত এদল অসমীয়াই "ধৰ্ম আৰু যোগ উৎসৱ" নামৰ এটি মহা-আড়ম্বৰপূৰ্ণ অনুষ্ঠানত নাম-কীৰ্তন পৰিবেশনৰ সুবিধা পালে৷ কোনোবাই কোৱা শুনিলো আমেৰিকাৰ বুৰঞ্জীত এনেদৰে ৰাজহুৱাভাৱে অসমীয়া নাম-কীৰ্তন পৰিবেশনৰ উদাহৰণ হেনো সেয়াই প্ৰথম৷ মাত্ৰ দহমিনিট সময়৷ তথাপিও বিশেষ কোনো অনুশীলন নকৰাকৈ পৰিবেশন কৰা আমাৰ অনুষ্ঠানটি অন্যান্য ভক্তিমূলক অনুষ্ঠানৰ তুলনাত যথেষ্ট ভাল হৈছিল বুলি পিছত কৰ্মকৰ্তা সকলেও জানিবলৈ দিছিল৷ তাৰোপৰি নামৰ শেষত আমাৰ পৰম্পৰাগত মাহ-প্ৰসাদৰ বিতৰণেও অনেক ৰাইজক আকৰ্ষণ কৰিছিল, যিয়ে এক অনন্য ৰূপ দিছিল পবিত্ৰ অনুষ্ঠানটিক ৷ মুঠৰ ওপৰত এয়া আছিল আমাৰ বাবে এক বিৰল অভিজ্ঞতা৷ আৰু এয়া হয়তো আৰম্ভনিহে!

Tuesday, July 16, 2013

~~~ গীতি ~~~


হেৰাবলৈ বিচাৰে
হেপাহৰ লাজতে 
হেপাহ বিদাৰে 
হিয়াৰে মাজতে ।

হিয়াই হিয়ালৈ
বাতৰি আনে
বতৰাই সখিলৈ
মিচিকি হাঁহে।

নয়নে নয়নৰ
গঢ়ে চানেকি
আবেলি ৰঙৰ
যেন দুগছা চাকি।

Wednesday, July 3, 2013

কিজানিবা এদিন.....!!


পিছলিবলৈ নিদিওঁ 
সাঁকোৰ সমান্তৰালত, 
পুহমহীয়া সোঁতত
চিলনীসাঁতোৰ দি হ'লেও।
বৰষুণৰ মুষলধাৰত
কান্দোনৰ এৰাসুঁতিক
কেতিয়াও নিদিওঁ
পৰিচয়বিহীন হ'বলৈ।
মৰমৰ চিলাখনি
সদায়ে উৰুৱাম
নতুন বতাহত। 
দূৰদিগন্তলৈ ডিঙি মেলি চাওঁ তথাপিতো
এনেয়ে....
কিজানিবা এদিন.....!!