Thursday, January 6, 2022

২০২২ - স্বাগতম (কবিতা)

 


২০২২ - স্বাগতম! 

==========

© নীলাঞ্জনা মহন্ত, ১২/৩১/২০২১

........

কোন নতুন? কোন পুৰণা?

বছৰটো হেনো নতুন, আৰু আমি পুৰণা হৈ গৈ আছোঁ

হেৰুৱাব বিচাৰোঁ মেদবোৰ

কিন্তু হেৰাই যায় স্মৃতি,

আৰু আত্মীয়, আত্মীয়তাবোৰ৷ 

সাঁচিব বিচাৰোঁ সময়

কিন্তু আহে দুঃসময়৷

আশাত বন্দী নতুন পুৱালৈ,

কেলেণ্ডাৰৰ লগতে কিজানি আহেই?

পেনপেনীয়া বৰষুণ এৰিব,

ৰ’দালিত জিৰাবৰ বৰ মন!

নতুন আশা, দিগন্তত পাখি মেলে৷

আইনাত নাচাওঁ মুখ, চিনি নাপাওঁ তাইক

তাইৰ মনটোক চিনিবলৈ আইনা নালাগে৷

আকাশৰ নীলাতে জিলিকে প্ৰতিবিম্ব৷

No comments:

Post a Comment