জীৱননৌকাৰ গুৰিবঠা ধৰি৷
সময়ো ৰৈ গৈছে ক’ৰবাত
এইয়ো সেই আজলীজনীয়েই৷
নিভাঁজ মৰমত অভিনয় নাথাকে
অগাধ বিশ্বাসত প্ৰতিশোধ নাথাকে
অভিমানবোৰ হয় হেমন্তৰ সৰাপাত৷
জুখি নাথাকিবা বাৰে বাৰে
চকুত মৌচুমী শুকাল বাবেইতো
মলঙি থাকে চিকমিক ৰ’দালি৷
ক্ৰোধ আৰু সহচৰ ৰিপুবোৰ
এলাহ আৰু আনুসঙ্গিক দূৰ্বলতাবোৰ
হেঁচি ধৰা সিহঁতৰ জাক পতা প্ৰাবল্যবোৰ
হয়তো এদিন ফুলনিত জিৰাব
সমাধিৰ শিলত কটা চাই হাঁহিব
কিন্তু জীৱনৰ পঁজা এইপাৰেই যে
— নীলাঞ্জনা, ফেব্ৰুৱাৰী ২০২৫